ইমতিয়াজ আহমেদ/গুৱাহাটী
বয়স কেৱল এটা সংখ্যাহে মাথোঁ, এই কথাষাৰকে যেন পুনৰবাৰ প্ৰমাণ কৰিলে অসমৰ গৌৰৱ, প্ৰসিদ্ধ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই। ৪৪ বছৰ বয়সত যি সময়ত সৰাধাৰণতে মানুহে জিৰণিৰ কথা ভাৱে, সেই সময়ত এলভিছে ৰচনা কৰিছে এক নতুন ইতিহাস। এখন অৱধাৰিত মহাসাগৰ, তীব্ৰ সোঁত, বিশাল ঢৌ, আৰু নিৰন্তৰ ১৩ দিনৰ সংগ্ৰাম। ভাৰতীয় উপদ্বীপৰ পশ্চিম উপকূলত ১৩৩০ কিলোমিটাৰৰ এক ভয়ংকৰ আৰু কষ্টকৰ ৰিলে সাঁতোৰ সফলতাৰে সম্পূৰ্ণ কৰি তেওঁ অসমৰ ক্ৰীড়া ইতিহাসত এক নতুন সোণালী অধ্যায়ৰ সূচনা কৰিলে।
হাজৰিকাকে ধৰি মুঠ চাৰিগৰাকী ভাৰতীয় সাঁতোৰবিদৰ এটা দলে একেৰাহে ১৩ দিন আৰু ১৩ ৰাতি সাঁতুৰি মহাৰাষ্ট্ৰৰ মুম্বাইৰ পৰা কৰ্ণাটকলৈ এই বিপদসংকুল সাগৰীয় অভিযান সম্পূৰ্ণ কৰে। ১৪ নৱেম্বৰৰ নিশা আৰম্ভ হোৱা এই যাত্ৰা নিৰ্ধাৰিত সময়ৰ দুদিন আগতেই অৰ্থাৎ ২৬ নৱেম্বৰৰ সন্ধিয়া সফলতাৰে সমাপ্ত হয়। ইয়াৰ পূৰ্বে এটা আমেৰিকান দলে একেই দূৰত্ব ১৫ দিনত অতিক্ৰম কৰি এক অভিলেখ গঢ়িছিল, যাক এতিয়া এই ভাৰতীয় দলটোৱে ম্লান পেলালে। এই যাত্ৰাপথত দলটোৱে মহাৰাষ্ট্ৰ, গোৱা আৰু কৰ্ণাটক— এই তিনিখন ৰাজ্যৰ উপকূল সামৰি লয়।
সাঁতোৰ সম্পূৰ্ণ কৰাৰ পিছত চিকিৎসাধীন অৱস্থাত এলভিছ
প্ৰতিটো ঢৌৰ সৈতে আছিল একোখন নতুন যুদ্ধ। এলভিছৰ বাবে এই যাত্ৰা আছিল তেওঁৰ জীৱনৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বান। সাগৰৰ বুকুত সাঁতুৰি থকাৰ সময়ত তেওঁ সন্মুখীন হৈছিল বিষাক্ত জেলিফিছ, বিশাল আকাৰৰ সাগৰীয় মাছ আৰু বিভিন্ন মাছৰ আক্ৰমণৰ। ইয়াৰ লগতে আছিল প্ৰখৰ ৰ’দৰ প্ৰকোপ, যাৰ বাবে তেওঁৰ পিঠিখন বেয়াকৈ পুৰি গৈছিল। তীব্ৰ সাগৰীয় যাত্ৰাজনিত অসুস্থতা, অত্যাধিক গৰম, অসহ্যকৰ বিষ, নিদ্ৰাহীন ৰাতি আৰু পৰ্যাপ্ত আহাৰৰ অভাৱে তেওঁ শাৰীৰিক আৰু মানসিকভাৱে কষ্ট অনুভৱ কৰিছিল। এই অভিযানৰ অন্তত তেওঁৰ স্বাস্থ্যৰ ইমানেই অৱনতি ঘটিছিল যে সাঁতোৰ সম্পূৰ্ণ কৰাৰ পিছতেই তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাব লগা হয়।
৪৪ বছৰ বয়সত এই অভিযানৰ বাবে নিজকে সাজু কৰাটো এলভিছৰ বাবে একেবাৰেই সহজ নাছিল। শাৰীৰিকভাৱে নিজকে এই প্ৰত্যাহ্বানৰ উপযোগী কৰি তুলিবলৈ তেওঁ কঠোৰ পৰিশ্ৰমেৰে নিজৰ ওজন ১৮ কিলোগ্ৰাম পৰ্যন্ত হ্ৰাস কৰিছিল।
নিজৰ এই অভূতপূৰ্ব সফলতাৰ পিছত এলভিছ আলী হাজৰিকাই ছ’চিয়েল মিডিয়াত আৱেগিক হৈ পোষ্ট কৰে:“অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে। বহুত পৰিশ্ৰমৰ অন্তত মই অৱশেষত ১৩৩০ কিলোমিটাৰ ৰিলে সাঁতোৰৰ বিশ্ব অভিলেখ সফলতাৰে সম্পূৰ্ণ কৰা প্ৰথমগৰাকী অসমীয়া হৈ পৰিলোঁ। ১৩৩০ কিলোমিটাৰ – মানৱীয় সীমাৰ বাহিৰৰ এক যাত্ৰা!”
অক্লান্ত পৰিশ্ৰম আৰু যন্ত্ৰণাৰ কথা স্বীকাৰ কৰি তেওঁ কয়, "এনে কিছুমান মুহূৰ্ত আহিছিল যেতিয়া পৰিস্থিতি ইমানেই কঠিন হৈ পৰিছিল যে মই নিজেই বুজি পোৱা নাছিলো মই কেনেকৈ আগবাঢ়ি গৈ আছোঁ। কিন্তু অসমৰ ৰাইজৰ মৰম, আশীৰ্বাদ আৰু সমৰ্থনেই মোক আগুৱাই নিছিল। মই মোৰ এই কৃতিত্ব অসমৰ ৰাইজৰ নামত উছৰ্গা কৰিছোঁ।" লগতে তেওঁ এই যাত্ৰাক কেৱল এক অভিলেখ নহয়, বৰঞ্চ দৃঢ়তা, সাহস, ত্যাগ আৰু দেশৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই অনাৰ এক নিদৰ্শন বুলি অভিহিত কৰে। এই কৃতিত্বক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ বাবে তেওঁ গিনিজ বুক অৱ ৰেকৰ্ডছ আৰু লিমকা বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ চলাই আছে।
মাত্ৰ ৯ বছৰ বয়সৰ পৰাই ভাৰতক প্ৰতিনিধিত্ব কৰি অহা এলভিছৰ প্ৰতিযোগিতামূলক সাঁতোৰ কেৰিয়াৰত ৬৮ টা পদক আৰু ২৩ টা সাঁতোৰৰ অভিলেখ আছে। কিন্তু নিজৰ কেৰিয়াৰৰ শীৰ্ষ সময়ত তেওঁতকৈ কম কৃতিত্ব থকা সতীৰ্থসকলে অৰ্জুন বঁটা লাভ কৰাৰ বিপৰীতে তেওঁ এই সন্মানৰ পৰা বঞ্চিত হ’বলগীয়া হৈছিল। এই ঘটনাই তেওঁক নিৰাশ কৰাৰ পৰিৱৰ্তে সাঁতোৰৰ ইতিহাসত নিজৰ নাম চিৰকালৰ বাবে খোদিত কৰিবলৈ এক আজীৱন লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ প্ৰেৰণা যোগালে।
ইয়াৰ পূৰ্বেও ২০২৫ চনৰ নৱেম্বৰ মাহত তেওঁ আৰৱ সাগৰত মাণ্ডৱীৰ পৰা জুৱাৰী দলঙলৈ ৬৪ কিলোমিটাৰ মুম্বাই উপকূল সাঁতুৰি পাৰ হৈছিল। তেওঁৰ আন্তঃৰাষ্ট্ৰীয় কৃতিত্বৰ তালিকাত আছে আমেৰিকাৰ কাটালিনা চেনেল আৰু ইউৰোপৰ নৰ্থ চেনেল সাঁতুৰি পাৰ হোৱাৰ অভিলেখ। ২০১৮ চনত ইংলিছ চেনেল সাঁতোৰাৰ প্ৰথম প্ৰচেষ্টাত বিফল হোৱাৰ পাছত, হাৰ নমনা এলভিছে ২০২৩ চনৰ জুলাই মাহত একেটা চেনেলতে ৩১ ঘণ্টাত ৭৮ কিলোমিটাৰ দূৰত্বৰ ইংলেণ্ডৰ পৰা ফ্ৰান্সলৈ 'টু-ৱে ৰিলে' সফলতাৰে সম্পূৰ্ণ কৰে। তদুপৰি, ২০২৪ চনৰ আগষ্ট মাহত পোলেণ্ডৰ বাল্টিক সাগৰৰ গাল্ফ অৱ পাকত সাঁতোৰা তেওঁ অসমৰ প্ৰথমগৰাকী ব্যক্তি।
আৰৱ সাগৰৰ এই ভয়ংকৰ ঢৌ জয় কৰাৰ পিছত, অদম্য এলভিছৰ পৰৱৰ্তী লক্ষ্য এতিয়া এন্টাৰ্কটিক মহাসাগৰৰ বৰফাবৃত জলৰাশি।