নতুন দিল্লী
ভাৰতীয় অলিম্পিক সন্থা (IOA)ৰ ‘অসাধাৰণ কৃতিত্বসম্পন্ন ক্ৰীড়াবিদ’ (SOM) নিৰ্বাচনৰ মহিলা শাখাত সোমবাৰে পৰাজিত হয় সন্থাৰ সভানেত্ৰী পি টি ঊষা। আনহাতে, অলিম্পিক পদকজয়ী ছাইনা নেহৱাল আৰু প্ৰাক্তন ক্ৰীড়াবিদ অঞ্জু ববী জৰ্জ, ৰাণী ৰামপাল তথা দোলা বেনাৰ্জী নিৰ্বাচিত হয়।
মহিলা SOMৰ চাৰিটা পদৰ বাবে অনুষ্ঠিত প্ৰতিদ্বন্দ্বিতাত এসময়ৰ ‘স্প্ৰিণ্ট কুইন’ ঊষা আৰু আনগৰাকী প্ৰাৰ্থী অনিতা পল ডুৰাইক পৰাস্ত কৰি এই চাৰিগৰাকী নিৰ্বাচিত হয়।
অঞ্জু ববী জৰ্জে সৰ্বাধিক ৫৩টা বৈধ ভোট লাভ কৰে। তেওঁৰ পাছতে ৰাণী ৰামপালে ৫০টা, দোলা বেনাৰ্জীয়ে ৪৫টা আৰু ছাইনা নেহৱালে ৪৩টা ভোট লাভ কৰে। ‘পায়োলি এক্সপ্ৰেছ’ নামেৰেও পৰিচিত পি টি ঊষাই ৪০টা ভোট লাভ কৰাৰ বিপৰীতে অনিতা পল ডুৰাইয়ে লাভ কৰে ছটা ভোট। মহিলা SOM শাখাত মুঠ ৮০টা ভোটদান হয়।
এই ফলাফল ঊষাৰ বাবে এক আঘাত হিচাপে বিবেচিত হৈছে। ২০২২ চনৰ ডিচেম্বৰত সভানেত্ৰী হিচাপে নিৰ্বাচিত হৈ তেওঁ IOAৰ নেতৃত্ব দিয়া প্ৰথমগৰাকী মহিলা হৈছিল। ২০২৬-২০৩০ কাৰ্যকালৰ বাবে IOAৰ কাৰ্যনিৰ্বাহক পৰিষদ নিৰ্বাচন কৰিবলৈ অহা ৫ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোটগ্ৰহণৰ পূৰ্বে SOM নিৰ্বাচনত তেওঁ এই পৰাজয়ৰ সন্মুখীন হয়।
পুৰুষ শাখাত ১২গৰাকী প্ৰতিদ্বন্দ্বীৰ ভিতৰত আঠগৰাকীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাৰ পাছত ইতিমধ্যে চাৰিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। অলিম্পিক পদকজয়ী গগন নাৰং, যোগেশ্বৰ দত্ত আৰু বিজেন্দৰ সিঙৰ লগতে প্ৰাক্তন টেবুল টেনিছ খেলুৱৈ কমলেশ মেহতাই পুৰুষ SOM প্ৰতিনিধি হিচাপে স্থান নিশ্চিত কৰিছে।
SOM প্ৰতিনিধিসকল IOAৰ সাধাৰণ সভাৰ সদস্য হ’ব আৰু ৫ ডিচেম্বৰৰ কাৰ্যনিৰ্বাহক পৰিষদৰ নিৰ্বাচনত ভোটদান তথা প্ৰতিদ্বন্দ্বিতা কৰাৰ যোগ্যতা লাভ কৰিব। এজন পুৰুষ আৰু এগৰাকী মহিলা SOM প্ৰতিনিধিয়েও কাৰ্যনিৰ্বাহক পৰিষদত স্থান লাভ কৰিব। ইয়াৰ জৰিয়তে নিৰ্বাচিত সদস্যসকলে সন্থাৰ পৰিচালন ব্যৱস্থাত প্ৰত্যক্ষ ভূমিকা পালন কৰাৰ সুযোগ পাব।
সোমবাৰৰ মহিলা শাখাৰ নিৰ্বাচনৰ ফলাফলে IOAৰ নেতৃত্বৰ প্ৰতিদ্বন্দ্বিতাত এক নতুন মাত্ৰা যোগ কৰিছে। এতিয়া সকলোৰে দৃষ্টি ৫ ডিচেম্বৰৰ নিৰ্বাচনৰ ওপৰত নিবদ্ধ হৈছে। এই নিৰ্বাচনেই দেশৰ অলিম্পিক সংস্থাটোৰ পৰৱৰ্তী নেতৃত্ব নিৰ্ধাৰণ কৰিব।