ধৰ্মৰ প্ৰাচীৰ ভাঙি প্ৰেমৰ চাকিৰে আজি আলোকিত হব কেইবাটাও হিন্দু-মুছলমান দম্পতীৰ জীৱন

Story by  Munni Begum | Posted by  Munni Begum • 9 h ago
ধৰ্মৰ প্ৰাচীৰ ভাঙি প্ৰেমৰ চাকিৰে আজি আলোকিত হব কেইবাটাও হিন্দু-মুছলমান দম্পতীৰ জীৱন
ধৰ্মৰ প্ৰাচীৰ ভাঙি প্ৰেমৰ চাকিৰে আজি আলোকিত হব কেইবাটাও হিন্দু-মুছলমান দম্পতীৰ জীৱন
 
মুন্নী বেগম / গুৱাহাটী
 
পোহৰৰ উৎসৱ দীপাৱলী কেৱল চাকি, বন্তি, ৰং-বিৰঙৰ আলোকসজ্জা আৰু আতচবাজীৰ মাজতে সীমাবদ্ধ নহয়। ই হৈছে অন্ধকাৰৰ পৰা পোহৰলৈ, অজ্ঞানতাৰ পৰা জ্ঞানলৈ আৰু বিভেদৰ পৰা সম্প্ৰীতিৰ দিশে আগবঢ়াৰ এক প্ৰতীকী যাত্ৰা। ধৰ্মীয় পৰিচয়ৰ ভিন্নতা থাকিলেও মানুহৰ মাজত থকা প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক সন্মান যে সকলোতকৈ শক্তিশালী, তাৰেই এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে অসমৰ কেইবাটাও পৰিয়ালে। ধৰ্মীয় পৰিচয়ৰ সীমা অতিক্ৰম কৰি একেলগে দীপাৱলী উদযাপন কৰা এই পৰিয়ালসমূহৰ কাহিনীয়ে এই উৎসৱটোক এক সৰ্বজনীন মানৱীয় উৎসৱ হিচাপে প্ৰতিফলিত কৰিছে। 
 
গুৱাহাটীৰ প্ৰসিদ্ধ মূকাভিনয় শিল্পী মইনুল হক আৰু তেওঁৰ পত্নী, ওড়িছী তথা সত্ৰীয়া নৃত্যশিল্পী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ অঞ্জনা ময়ী শইকীয়াৰ পৰিয়াল তেনে এক সুন্দৰ উদাহৰণ। ধৰ্মীয় পৰিচয়ৰ ভিন্নতাই তেওঁলোকৰ দাম্পত্য জীৱনত কেতিয়াও প্ৰাচীৰ হৈ থিয় দিয়া নাই। বৰঞ্চ পাৰস্পৰিক বুজাবুজি, সন্মান আৰু সাংস্কৃতিক উদাৰতাই তেওঁলোকৰ সম্পৰ্কক অধিক সুদৃঢ় কৰি তুলিছে। 
 
প্ৰসিদ্ধ মূকাভিনয় শিল্পী মইনুল হক, তেওঁৰ পত্নী, ওড়িছী তথা সত্ৰীয়া নৃত্যশিল্পী তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসক ডাঃ অঞ্জনা ময়ী শইকীয়া আৰু তেওঁলোকৰ পুত্ৰ
 
মইনুল হক হৈছে অসমৰ এগৰাকী প্ৰসিদ্ধ মূকাভিনয় শিল্পী। ১৯৭০ৰ দশকৰ পৰাই এই কলাৰ সৈতে জড়িত হৈ থকা হকে ১৯৯১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো মূকাভিনয় শিক্ষানুষ্ঠান 'মাইম একাডেমী' প্ৰতিষ্ঠা কৰিছিল। মূকাভিনয়ৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁ ২০০৯ চনত সংগীত নাটক অকাডেমী বঁটা লাভ কৰে। আনহাতে, ড০ অঞ্জনা ময়ী শইকীয়া ওড়িছী আৰু সত্ৰীয়া নৃত্যৰ এগৰাকী সুপৰিচিত শিল্পী। তেওঁ প্ৰখ্যাত গুৰু কেলুচৰণ মহাপাত্ৰৰ পৰা ওড়িছী নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰাৰ লগতে সত্ৰীয়া নৃত্যতো বিশেষ পাৰদৰ্শিতা অৰ্জন কৰিছে। তেওঁ গুৱাহাটীত 'দৰ্পণ ডান্স একাডেমী' প্ৰতিষ্ঠা কৰি নৃত্যৰ প্ৰসাৰতো অৰিহণা যোগাই আহিছে।
 
দীপাৱলী উদযাপনৰ সন্দৰ্ভত মইনুল হকে কয়, "প্ৰতিবছৰে আমাৰ ঘৰত দীপাৱলী উদযাপন কৰা হয়। দীপাৱলীৰ সৈতে কোনো ধৰ্ম জড়িত হৈ নাথাকে। ই হৈছে পোহৰৰ উৎসৱ। আন্ধকাৰ আঁতৰাই আমি পোহৰক আকোৱালি ল'ব লাগে। এই উৎসৱৰ সৈতে আমাৰ জীৱনৰ বহু গভীৰ আদৰ্শ জড়িত হৈ আছে। অজ্ঞানতাৰ পৰা জ্ঞানৰ দিশে আগবঢ়াই নিয়াই হৈছে ইয়াৰ মূল তাৎপৰ্য। দীপাৱলী কেৱল এটি নিৰ্দিষ্ট ধৰ্মালম্বী লোকৰ মাজতে সীমাবদ্ধ কৰি ৰখাটো উচিত নহয়। অৱশ্যে কোনে এই উৎসৱ পালন নকৰিবও পাৰে, সেয়া সম্পূৰ্ণ তেওঁলোকৰ ব্যক্তিগত বিষয়। প্ৰতিবছৰে দীপাৱলীৰ দিনা আমি মোৰ পত্নীৰ পৰিয়াল আৰু আত্মীয়-স্বজনৰ ঘৰলৈ গৈ তেওঁলোকক দিপাৱলী শুভেচ্ছা জ্ঞাপন কৰো, তেওঁলোকলৈ উপহাৰ হিচাপে মিঠাই লৈ যাওঁ আৰু একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰো। ফটকা ফুটাই সম্পূৰ্ণ আনন্দ-উল্লাসৰ মাজেৰে সম্পূৰ্ণ পোহৰৰ উৎসৱৰ নিশাটি পাৰ কৰো।"  
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে, অসমৰ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকায়ো দীপাৱলীৰ শুভেচ্ছা জনাই উৎসৱটোৰ ইতিবাচক দিশসমূহৰ কথা উল্লেখ কৰে। গুৱাহাটীৰ ভৰলুমুখত ডাঙৰ-দীঘল হোৱা এলভিছে অতি কম বয়সৰ পৰাই সাঁতোৰৰ সৈতে জড়িত হৈ পৰিছিল। ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ নাম উজলাই তোলা এইগৰাকী খেলুৱৈয়ে ২০১৯ চনত কেটালিনা চেনেল অতিক্ৰম কৰি বিশেষ কৃতিত্ব অৰ্জন কৰিছিল। 
 
এলভিছ আলী হাজৰিকাৰ পিতৃ এলবান আলী হাজৰিকা আৰু মাতৃ দীপিকা আলী হাজৰিকাৰ বিবাহো আছিল আন্তঃধৰ্মীয়। এনে এক উদাৰ পাৰিবাৰিক পৰিৱেশত ডাঙৰ-দীঘল হোৱা এলভিছে শৈশৱৰ পৰাই সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ শিক্ষা লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ নিজেও এটি হিন্দু পৰিয়ালৰ কন্যা প্ৰণামীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ সংসাৰত ধৰ্মীয় বিশ্বাসৰ ভিন্নতা কেতিয়াও পাৰস্পৰিক মৰম, বুজাবুজি আৰু সন্মানৰ অন্তৰায় হৈ উঠা নাই। মুছলমান ধৰ্মাৱলম্বী পৰিয়ালত জন্মগ্ৰহণ কৰা এলভিছ আলী হাজৰিকাই ইছলাম ধৰ্মৰ ৰীতি-নীতি পালন কৰাৰ লগতে হিন্দু ধৰ্মীয় পৰম্পৰাৰ প্ৰতিও গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰি আহিছে। তেওঁ ৰমজান মাহত ৰোজা ৰখা, নামাজ পঢ়া আৰু অসহায় লোকক সহায় কৰাৰ দৰে ধৰ্মীয় কৰ্তব্য পালন কৰি আহিছে। একে সময়তে তেওঁ গুৱাহাটীৰ ঐতিহাসিক কামাখ্যা মন্দিৰ আৰু মা বগলামুখী মন্দিৰলৈ গৈ দেৱীৰ আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনাও জনায়। তেওঁৰ সৈতে পত্নী প্ৰণামীয়েও বগলামুখী মন্দিৰত পূজা-যজ্ঞত অংশগ্ৰহণ কৰিছে।   
 
এলভিছ আলী হাজৰিকা আৰু তেওঁৰ পত্নী প্ৰণামী
 
বিশেষকৈ এলভিছৰ পৰিয়ালত ঈদ আৰু দীপাৱলী দুয়োটা উৎসৱেই সমান আন্তৰিকতাৰে উদযাপন কৰা হয়। ঈদৰ আনন্দত পৰিয়ালৰ সকলো সদস্য একত্ৰিত হোৱাৰ লগতে ৰমজান মাহত ইফতাৰৰ আয়োজন কৰা হয়। আনহাতে, দীপাৱলীৰ সময়ত তেওঁলোকৰ ঘৰো পোহৰৰ উৎসৱৰ আনন্দৰে মুখৰিত হৈ পৰে। এনে সহাৱস্থানে এলভিছৰ পৰিয়ালটোক ধৰ্মীয় সম্প্ৰীতি আৰু সাংস্কৃতিক সমন্বয়ৰ এক সুন্দৰ উদাহৰণ হিচাপে তুলি ধৰিছে। 
 
দীপাৱলী উদযাপনৰ সন্দৰ্ভত এলভিছ আলী হাজৰিকাই কয়, "সকলোকে মোৰ ফালৰ পৰা অতি বিশেষ আৰু আনন্দময় দীপাৱলীৰ শুভেচ্ছা জনালোঁ। মই সদায় দীপাৱলীক ভাল পাই আহিছোঁ। এই উৎসৱ যেতিয়াই আহে, তেতিয়াই ই এক বেলেগ ধৰণৰ সুখ আৰু ইতিবাচক বাৰ্তা কঢ়িয়াই আনে। প্ৰতিটো ঘৰতে লাইটেৰে ধুনীয়াকৈ পোহৰাই তোলা হয় আৰু সমগ্ৰ পৰিৱেশটো এক বিশেষ অনুভূতিৰে ভৰি পৰে।" 
 
প্ৰতিনিধিত্বমূলক ছবি
 
তেওঁৰ মতে, দীপাৱলীৰ আটাইতকৈ সুন্দৰ দিশটো হৈছে পৰিয়ালৰ সকলো সদস্যৰ একত্ৰিত হোৱা। পিতৃ-মাতৃ, ককা-আইতা, সন্তান, আত্মীয়-স্বজন আৰু বন্ধুবৰ্গক একত্ৰিত কৰি তোলা এই উৎসৱে মানুহৰ মাজত সম্পৰ্কৰ বান্ধোন অধিক শক্তিশালী কৰে। ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা এই উৎসৱে সকলোৰে জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য আৰু সমৃদ্ধি কঢ়িয়াই আনক বুলিও তেওঁ কামনা কৰে। লগতে তেওঁ আতচবাজী উপভোগ কৰাৰ সময়ত সুৰক্ষা আৰু দায়িত্বশীলতাৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়। নিজৰ স্বাস্থ্যৰ লগতে চৌপাশৰ মানুহৰ যত্ন ল'বলৈও তেওঁ সকলোকে অনুৰোধ জনায়।
 
অসমৰ সৈতে গভীৰ সম্পৰ্ক থকা আন এগৰাকী বিশিষ্ট শিল্পী হৈছে সৰোদবাদক উস্তাদ আমজাদ আলী খান। তেওঁৰ পত্নী শুভলক্ষ্মী বৰুৱা খান অসমৰ এক সম্ভ্ৰান্ত বৰুৱা পৰিয়ালৰ সন্তান আৰু ভাৰতনাট্যমৰ এগৰাকী প্ৰতিষ্ঠিত নৃত্যশিল্পী। তেওঁ চেন্নাইৰ কলাক্ষেত্ৰত প্ৰখ্যাত নৃত্যগুৰু ৰুক্মিণী দেৱী অৰুণ্ডেলৰ অধীনত প্ৰায় ১৫ বছৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। আনহাতে, উস্তাদ আমজাদ আলী খান ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী বিশ্ববিখ্যাত সৰোদবাদক আৰু পদ্মশ্ৰী, পদ্মভূষণ তথা পদ্মবিভূষণ সন্মানেৰে সন্মানিত।
 
বিশিষ্ট সৰোদবাদক উস্তাদ আমজাদ আলী খান আৰু তেওঁৰ পত্নী শুভলক্ষ্মী বৰুৱা খান
 
দুয়োগৰাকীৰ ধৰ্মীয় পৰিচয় পৃথক হ'লেও তেওঁলোকৰ দাম্পত্য জীৱনত ধৰ্ম কেতিয়াও বাধা হৈ পৰা নাই। সংগীত আৰু নৃত্যৰ প্ৰতি থকা একেধৰণৰ অনুৰাগে তেওঁলোকক ওচৰ চপাই আনিছিল। উস্তাদ আমজাদ আলী খানে ঈদৰ দৰে দীপাৱলীও পৰিয়ালৰ সৈতে আনন্দ-উল্লাসেৰে উদযাপন কৰি আহিছে। শুভলক্ষ্মী বৰুৱাই কয় যে, এইবাৰ শাৰীৰিকভাৱে কিছু অসুস্থ হৈ থাকিলেও তেওঁৰ ঘৰত আগৰ দৰেই দীপাৱলী উদযাপন কৰা হ'ব। তেওঁৰ মতে, উৎসৱৰ আনন্দ আৰু পৰিয়ালৰ একত্ৰিত হোৱাৰ অনুভূতিয়ে মানুহৰ জীৱনলৈ বিশেষ সুখ কঢ়িয়াই আনে। 
 
এই প্ৰসংগত উস্তাদ আমজাদ আলী খান আৰু শুভলক্ষ্মী বৰুৱা খানৰ দাম্পত্য জীৱন ভাৰতীয় সমাজৰ ধৰ্মীয় সম্প্ৰীতিৰ এক উল্লেখযোগ্য উদাহৰণ। দুয়োগৰাকীয়ে বিভিন্ন সময়ত ধৰ্মৰ ঊৰ্ধ্বত মানৱতা, প্ৰেম আৰু পাৰস্পৰিক সন্মানৰ গুৰুত্বৰ কথা প্ৰকাশ কৰি আহিছে। দুয়োগৰাকীৰ জীৱন কাহিনীয়ে দেখুৱাইছে যে, বিবাহ কেৱল দুজন ব্যক্তিৰ মিলনেই নহয়, ই দুটা পৰিয়াল, দুটা সংস্কৃতি আৰু দুটা পৰম্পৰাৰো এক মিলন।  
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফিজিঅ'থেৰাপিষ্ট শ্বেহনাজ আৰু তেওঁৰ স্বামী ৰাহুলৰ বাবেও দীপাৱলী এইবাৰ বিশেষ। হিন্দু ধৰ্মাৱলম্বী যুৱক ৰাহুল আৰু মুছলমান ধৰ্মাৱলম্বী যুৱতী শ্বেহনাজে যোৱা বছৰ বিবাহপাশত আবদ্ধ হৈছিল। বিবাহৰ সময়ত দুয়োটা পৰিয়ালৰ মাজত কিছু অসন্মতি থাকিলেও সময়ৰ লগে লগে সেই দূৰত্ব হ্ৰাস পাইছে। দম্পতীহালে কয়, "আমি দুয়োগৰাকীয়েই কৰ্মব্যস্ত জীৱন কটাওঁ। সেইবাবে এইবাৰ দীপাৱলী আমাৰ বাবে এক বিশেষ বিৰতিৰ দৰে আহিছে। এইবাৰ প্ৰথমবাৰৰ বাবে আমি একেলগে নিজৰ ঘৰত দীপাৱলী উদযাপন কৰিম। আত্মীয়-স্বজন আৰু ঘনিষ্ঠ বন্ধুসকলক ঘৰলৈ নিমন্ত্ৰণ জনাই উলহ-মালহেৰে এই পোহৰৰ উৎসৱটি পালন কৰাৰ পৰিকল্পনা কৰিছোঁ।"  
 
একেদৰে এসময়ৰ গুৱাহাটীৰ মাছখোৱাৰ বাসিন্দা আফছানা বেগম আৰু তেওঁৰ প্ৰয়াত স্বামী শৈলেন্দ্ৰ কোঁৱৰ দত্তৰ পৰিয়ালতো প্ৰতি বছৰে দীপাৱলী উদযাপন কৰা হয়। শৈশৱৰ পৰাই দীপাৱলী পালন কৰি অহা আফছানাই বিবাহৰ পিছত এই উৎসৱৰ সৈতে আৰু অধিক নিবিড়ভাৱে জড়িত হৈ পৰে। আফছানাই কয়, "মই শৈশৱৰ পৰাই দীপাৱলী পালন কৰি আহিছোঁ। বিবাহৰ পিছত হিন্দু পৰিয়ালৰ বোৱাৰী পিছত আগতকৈ অধিক আগ্ৰহ আৰু উলহ-মালহেৰে এই উৎসৱ পালন কৰিবলৈ ধৰিলো। মোৰ স্বামীয়েও দীপাৱলী উদযাপন কৰি খুব ভাল পাইছিল। যদিও তেওঁ এতিয়া আমাৰ মাজত নাই, তথাপি তেওঁৰ স্মৃতি আৰু পৰম্পৰা অটুট ৰাখি এইবাৰো একেদৰে উৎসাহেৰে আমি দীপাৱলী পালন কৰিম। আশা কৰোঁ, এই উৎসৱে আমাৰ মাজত থকা সকলো আসুৰিক শক্তিৰ বিনাশ কৰি পোহৰ, জ্ঞান আৰু ইতিবাচকতাৰে জীৱন উপচাই তুলিব।"     
 
আফছানা বেগম আৰু তেওঁৰ প্ৰয়াত স্বামী শৈলেন্দ্ৰ কোঁৱৰ দত্ত তেওঁলোকৰ দুই পুত্ৰ
 
প্ৰকৃততে, দীপাৱলীৰ পোহৰ কেৱল ঘৰ-দুৱাৰ আলোকিত কৰাতেই সীমাবদ্ধ নহয়। ই মানুহৰ হৃদয়ৰ অন্ধকাৰ, সংকীৰ্ণতা আৰু বিভেদ আঁতৰাই পাৰস্পৰিক বিশ্বাস আৰু ভালপোৱাৰ বাট মুকলি কৰাৰো এক প্ৰতীক। ধৰ্ম বেলেগ হ'ব পাৰে, উপাসনাৰ পদ্ধতি বেলেগ হ'ব পাৰে, কিন্তু মানুহৰ সুখ-দুখ, প্ৰেম আৰু সম্পৰ্কৰ অনুভূতি একেই থাকে। সেয়ে দীপাৱলীৰ প্ৰকৃত অৰ্থ হয়তো ইয়াতেই অন্তৰ্নিহিত হৈ আছে যে, নিজৰ ঘৰৰ লগতে আনৰ জীৱনতো পোহৰ বিলাই দিয়া।