অনিকা মহেশ্বৰী / নতুন দিল্লী
সাহিত্য আৰু সমাজত যেতিয়াই মাতৃত্বৰ কথা আহে, প্ৰায়েই ইয়াৰ এক আদৰ্শগত আৰু নিখুঁত ছবি দাঙি ধৰা হয়। কিন্তু লেখিকা, কবি তথা স্বতন্ত্ৰ সাংবাদিক জেহৰা নাকভিয়ে এই পৰম্পৰাগত গাঁথনিক প্ৰত্যাহ্বান জনাই নিৰ্ভীকভাৱে নিজৰ মত প্ৰকাশ কৰে। তেওঁ স্পষ্টভাৱে বিশ্বাস কৰে যে সমাজে মহিলাসকলক সকলোতকৈ ওপৰত এগৰাকী 'মাতৃ' বুলি মানি ল'বলৈ বাধ্য কৰে, অথচ তেওঁলোকৰ প্ৰথম আৰু প্ৰকৃত পৰিচয় হৈছে এগৰাকী স্বাধীন ব্যক্তি। যোৱা এক দশকতকৈও অধিক সময় ধৰি লিংগ বৈষম্য, সাহিত্য আৰু সামাজিক-ৰাজনৈতিক বিষয়ত ধাৰাবাহিকভাৱে লিখি অহা জেহৰা নাকভিৰ লেখনিসমূহে মহিলাক কেৱল কন্যা, পত্নী বা মাতৃৰ ৰূপত আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে তেওঁলোকৰ সাৰ্বিক মানৱীয় পৰিচয়ৰে সৈতে বুজি পোৱাৰ সপক্ষে তীব্ৰ যুক্তি আগবঢ়ায়।
জেহৰাৰ নাকভিৰ সৃষ্টিশীল আৰু শৈক্ষিক যাত্ৰাৰ এক বৃহৎ অংশ আলিগড় মুছলিম বিশ্ববিদ্যালয় (AMU)ৰ সৈতে জড়িত হৈ আছে, য’ত তেওঁ সাংবাদিকতাত উৎকৃষ্ট প্ৰদৰ্শন কৰি চাৰিটাকৈ সোণৰ পদক অৰ্জন কৰিছিল। অৱশ্যে, আলিগড় তেওঁৰ বাবে কেৱল ডিগ্ৰী অৰ্জনৰ কেন্দ্ৰ নাছিল, ই আছিল তেওঁৰ চিন্তাধাৰাক সম্প্ৰসাৰিত কৰা আৰু সৃষ্টিশীলতাক এক মুক্ত আকাশ প্ৰদান কৰা এখন মঞ্চ। স্কুলীয়া দিনৰ পৰাই কবিতা লিখা নাকভিয়ে বিশ্ববিদ্যালয়ত নাটক, সংগীত আৰু সৃষ্টিশীল লেখনিৰ প্ৰতি গভীৰ আগ্ৰহ প্ৰদৰ্শন কৰিছিল। ফ্ৰেচাৰ্চ পাৰ্টিত পাঠ কৰা তেওঁৰ কবিতা ‘অ’ আব্দুল্লা’ আজিও তেওঁৰ প্ৰাৰম্ভিক সৃষ্টিশীলতাৰ নিদৰ্শন হিচাপে স্মৰণ কৰা হয়। উইমেনছ কলেজৰ স্মৃতি সুঁৱৰি তেওঁ শিক্ষক আৰু ছাত্ৰীসকলৰ মাজৰ আন্তৰিক সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু বিশ্বাস কৰে যে শিক্ষাৰ প্ৰকৃত উদ্দেশ্য কেৱল সংস্থাপন পোৱাই নহয়, বৰং স্বাধীনভাৱে চিন্তা কৰা আৰু পৃথিৱীখনক নিজৰ দৃষ্টিভংগীৰে বুজিব পৰা ক্ষমতা বিকশিত কৰাহে।
জেহৰা নাকভি
জেহৰাৰ লিখন শৈলীৰ এক অন্যতম বৈশিষ্ট্য হ’ল তেওঁ মাজনিশাৰ পৰা পুৱাৰ প্ৰথম কিৰণলৈকে লিখিবলৈ পছন্দ কৰে। এগৰাকী মাতৃ হিচাপে দিনটোৰ ব্যস্ততাৰ অন্তত নিশাৰ এই শান্ত মুহূৰ্তবোৰেই তেওঁক মানসিক প্ৰশান্তি দিয়ে। তেওঁ দিনটোৰ মনলৈ অহা ভাবনাবোৰ ম'বাইলৰ নোটপেডত টুকি ৰাখে আৰু যেতিয়া লিখিবলৈ বহে, তেতিয়া বাহিৰা পৃথিৱীৰ পৰা বিচ্ছিন্ন হৈ নিজৰ লেখনিত সম্পূৰ্ণৰূপে হেৰাই যায়। তেওঁৰ লেখনিৰ মূল উদ্দেশ্য হৈছে সত্যৰ অন্বেষণ কৰা আৰু কোনো দ্বিধা নোহোৱাকৈ তাক প্ৰকাশ কৰা। তেওঁৰ প্ৰবন্ধ আৰু কলমসমূহ ‘ইণ্ডিয়ান এক্সপ্ৰেছ’, ‘দ্য হিন্দু’, ‘ৰিডাৰ্ছ ডাইজেষ্ট’, ‘দ্য ৱায়াৰ’, ‘আউটলুক’, ‘দ্য কুইণ্ট’, ‘ফাইনেন্সিয়েল ক্ৰনিকল’, ‘চাইল্ড মেগাজিন’ আৰু ‘ৱিমেনছ ৱেব’ৰ দৰে সন্মানীয় ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰকাশনত ধাৰাবাহিকভাৱে প্ৰকাশ পাই আহিছে।
‘হে হাউচ’ৰ দ্বাৰা প্ৰকাশিত তেওঁৰ প্ৰথমখন সংকলন তথা আত্মজীৱনীমূলক গ্ৰন্থ ‘The Reluctant Mother: A Story No One Wants to Tell’-এ মাতৃত্বৰ এনে এক ৰূপ পোহৰলৈ আনিছে যিটো দিশৰ পৰা সমাজে প্ৰায়ে চকু আঁতৰাই ৰাখিবলৈ বিচাৰে। এই কিতাপখন তেওঁৰ জীৱনৰ তিনি বছৰৰ অভিজ্ঞতাৰ ওপৰত আধাৰিত, য’ত সন্তান গৰ্ভত ধাৰণ কৰাৰ পৰা আৰম্ভ কৰি প্ৰাৰম্ভিক মাতৃত্বলৈকে যাত্ৰাপথৰ কথা লিপিবদ্ধ কৰা হৈছে। এইখন এগৰাকী এনে যুৱতীৰ আত্মলিপি যিয়ে নিজৰ নতুন দায়িত্ব আৰু ব্যক্তিগত সপোনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ অহৰহ চেষ্টা কৰে। সমাজে এগৰাকী মাতৃৰ পৰা সকলো ত্যাগ আশা কৰে, কিন্তু জেহৰাই এই কথাটো আঙুলিয়াই দিছে যে মাতৃ হোৱাৰ অনুভৱত মৰমৰ লগতে ভাগৰ, বিৰক্তি, মানসিক চাপ, নিসংগতা আৰু নিজৰ পৰিচয় হেৰুৱাৰ ভয়ো অন্তৰ্নিহিত হৈ থাকে। এই আৱেগবোৰ অনুভৱ কৰিলে কোনো এগৰাকী মহিলা বেয়া মাতৃ হৈ নাযায়, কাৰণ মাতৃও অৱশেষত এগৰাকী মানুহহে, যাৰ নিজা কিছুমান সীমাবদ্ধতা আৰু ইচ্ছা থাকে।
জেহৰা নাকভি
জেহৰা নাকভিৰ স্পষ্ট মত যে সন্তান জন্মৰ পিছত কোনো মহিলাৰ নিজা পৃথিৱীখন শেষ হৈ যাব নালাগে। তেওঁ বিবাহ, অন্তৰংগতা, অৰ্থনৈতিক স্বাধীনতা আৰু মহিলাৰ কেৰিয়াৰৰ বিষয়ে মুকলিকৈ লিখে। তেওঁৰ মতে, কেৰিয়াৰ কেৱল উপাৰ্জনৰ মাধ্যম নহয়, বৰং ই আত্মসন্মান আৰু পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ মাধ্যম। ঠিক একেদৰে, তেওঁ শিক্ষাক কেৱল ডিগ্ৰীৰ মাজত সীমাবদ্ধ নাৰাখি ইয়াক আত্মনিয়ন্ত্ৰণৰ স্বাধীনতা বুলি গণ্য কৰে। সমাজৰ বিকাশ কেৱল GDP বা প্ৰযুক্তিৰ জৰিয়তে মূল্যায়ন কৰাৰ পৰিৱৰ্তে লিংগ সমতা আৰু সামাজিক ন্যায়ৰ ভিত্তিত কৰিবলৈ তেওঁ সমাজক আহ্বান জনায়।
তেওঁৰ এই দায়বদ্ধতা আৰু উৎকৃষ্ট লেখনিৰ বাবে তেওঁক বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি প্ৰদান কৰা হৈছে। ২০২০ আৰু ২০২১ বৰ্ষৰ বাবে তেওঁক ‘I.N.S.P.I.R.E ৰাইটাৰ অফ দ্য ইয়েৰ’ বঁটাৰে সন্মানিত কৰা হয়। ইয়াৰ উপৰি, উত্তৰ প্ৰদেশৰ ১০০ গৰাকী আটাইতকৈ প্ৰেৰণাদায়ক মুছলমান মহিলাৰ RBTC তালিকাত তেওঁৰ নাম অন্তৰ্ভুক্ত হৈছিল আৰু ৰাজ্যখনৰ সফল মহিলাসকলক লৈ নিৰ্মাণ কৰা ৰাজ্যসভা টিভিৰ এখন তথ্যচিত্ৰৰো তেওঁ এক অংশ আছিল।
জেহৰা নাকভি
জেহৰা নাকভিৰ জীৱন আৰু লেখনিয়ে সমাজৰ বিবেকলৈ এটা অতি মৌলিক প্ৰশ্ন উপস্থাপন কৰিছে- আমি বাৰু মহিলাসকলক তেওঁলোকৰ প্ৰকৃত পৰিচয়ৰ সৈতে আঁকোৱালি ল'বলৈ সঁচাকৈয়ে প্ৰস্তুত নে? যিটো পৰিচয় তেওঁলোকে নিজৰ শব্দ আৰু সংগ্ৰামেৰে নিজেই গঢ়ি তোলে।