ঘৰত পোহা হৈছিল চিতা বাঘ! জয়পুৰৰ ‘চিতাৱালান মহল্লা’ৰ ৰোমাঞ্চকৰ ইতিহাস

Story by  atv | Posted by  [email protected] • 1 h ago
চিতাৱালান মহল্লা’ৰ দৃশ্য
চিতাৱালান মহল্লা’ৰ দৃশ্য
 
ফাৰহান ইজৰাইলী / জয়পুৰ
 
জয়পুৰৰ পুৰণি দেৱালেৰে আৱৰা চহৰখনৰ ভিতৰত অৱস্থিত ৰামগঞ্জ বজাৰ বৰ্তমান নিজৰ ঘন জনবসতি, হস্তশিল্প আৰু ব্যৱসায়িক ব্যস্ততাৰ বাবে পৰিচিত। এই অঞ্চলৰে এটা ঠেক গলিৰ নাম হৈছে 'চিতাৱালান মহল্লা'। এই নামটোৰ আঁৰত এনে এক অনন্য ইতিহাস লুকাই আছে, যি এতিয়া প্ৰায় কাহিনীলৈ পৰ্যবসিত হৈছে। এশ বছৰ আগতে এই মহল্লাৰ ঘৰবোৰৰ বাহিৰত খুঁটাত গৰু, ম'হ বা ছাগলী নহয়, ভয়ংকৰ চিতা বাঘহে বান্ধি থোৱা হৈছিল।
 
মানুহে ইহঁতক পোহনীয়া কুকুৰৰ দৰে ডিঙিত পঘা পিন্ধাই গলিৰ মাজেৰে খোজ কঢ়াই লৈ ফুৰিছিল। সময়ৰ লগে লগে চিতা বাঘ বিলুপ্ত হৈ গ'ল যদিও এই পৰিয়ালটোৰ ইতিহাস আজিও চৰকাৰী নথিপত্ৰ, ডাক-ঠিকনা আৰু পুৰণি অট্টালিকাবোৰত সম্পূৰ্ণৰূপে লিপিৱদ্ধ হৈ আছে।
 
ৰামগঞ্জৰ গলিত অৱস্থিত নিজাম মহল এই সমগ্ৰ পৰম্পৰাৰ কেন্দ্ৰবিন্দু আছিল। এই ঐতিহাসিক অট্টালিকাটোত বসবাস কৰা জহিৰুদ্দিনে কয় যে তেওঁৰ পিতৃ আজিজুদ্দিন, ককা নিজামুদ্দিন আৰু আজোককা ছামছুদ্দিন জয়পুৰ দৰবাৰৰ চৰকাৰী চিতা ৰখীয়া আছিল।
 
বাঘৰ লগত খেলা মুহূৰ্তত
 
বৰ্তমানৰ প্ৰজন্মই নিজে কেতিয়াও চিতা বাঘ দেখা নাই, কিন্তু নিজৰ জ্যেষ্ঠসকলৰ পৰা শুনা কথাবোৰ তেওঁলোকৰ সম্পূৰ্ণকৈ মনত আছে। জহিৰুদ্দিনৰ মতে, তেওঁৰ ককাৰ দিনত ঘৰৰ মুকলি চোতাল আৰু কোঠাবোৰত চাৰি-পাঁচটাকৈ চিতা বাঘ একেলগে ৰখা হৈছিল। সিহঁতে একেবাৰে নিৰ্ভয়ে ঘূৰি ফুৰিছিল। সেই সময়ৰ জয়পুৰ ৰাজপৰিয়ালে এই চিতাবোৰৰ চোৱা-চিতা, খাদ্য আৰু থকাৰ সম্পূৰ্ণ খৰচ চৰকাৰী ৰাজকোষৰ পৰা বহন কৰিছিল।
 
ৰাজকীয় পৃষ্ঠপোষকতা আৰু চিকাৰৰ পৰম্পৰা

জয়পুৰ ৰাজ্যৰ সেই সময়ত চিতা পোহা কোনো সাধাৰণ কথা নাছিল। ইয়াৰ বাবে জয়পুৰ দৰবাৰৰ ফালৰ পৰা বিশেষ অনুজ্ঞাপত্ৰ আৰু চৰকাৰী অনুমতি প্ৰদান কৰা হৈছিল। ৰাজপৰিয়ালৰ লোকসকল নিজে নিজাম মহললৈ আহ-যাহ কৰিছিল।
 
যেতিয়াই ৰজা বা তেওঁৰ বিদেশী আলহীৰ চিকাৰলৈ যোৱাৰ কাৰ্যসূচী প্ৰস্তুত হৈছিল, তেতিয়াই চিতাবোৰক বিশেষ পুৰণি গাড়ীত বোজাই কৰি জংঘললৈ নিয়া হৈছিল। এই গাড়ীবোৰক স্থানীয় ভাষাত 'ছগড়' বুলি কোৱা হৈছিল। এইবোৰ কাঠৰ ডাঙৰ চকাযুক্ত মজবুত গৰু-গাড়ী আছিল।
 
চিতা বাঘক পোহনীয়া কৰাৰ কৌশলটোও বৰ আমোদজনক আছিল। জহিৰুদ্দিনে কয় যে দহ-পোন্ধৰ দিন বা এমহীয়া চিতাৰ পোৱালি এটা ঘৰলৈ আনি পোহা বৰ সহজ আছিল। সি মানুহৰ মাজত থাকি সম্পূৰ্ণৰূপে মিলি গৈছিল। আনহাতে, পূৰ্ণবয়স্ক বা ডাঙৰ চিতা বাঘক বশ কৰাটো অত্যন্ত কঠিন আছিল। সেয়েহে, ৰাজপৰিয়ালে গোৱালিয়ৰ, কলিকতা আৰু অন্যান্য ৰাজ্যৰ পৰা চিতাৰ সৰু পোৱালি কিনি আনি এই পৰিয়ালটোক গতাই দিছিল।
 
বিষয়াতকৈ অধিক দৰমহা আৰু ৰাজকীয় ভোজন
 
আজিজুদ্দিনৰ কনিষ্ঠ কন্যা শ্বাহীন চুলতানে নিজৰ পূৰ্বপুৰুষৰ গৌৰৱ সুঁৱৰি কয় যে মহাৰাজা ছাৱাই মাধো সিঙৰ ৰাজত্বকালত তেওঁৰ ককা নিজামুদ্দিনে চিতা বাঘৰ চোৱা-চিতা কৰাৰ বাবে মাহে এশ টকা পাইছিল। ১৮৯২ চনৰ আশে-পাশে এশ টকাৰ পৰিমাণ কোনো প্ৰশাসনিক বিষয়াৰ দৰমহাতকৈও বহুত বেছি আছিল।
 
জহিৰুদ্দিন আৰু তেওঁৰ পৰিয়াল
 
চিতা বাঘৰ খোৱা-বোৱা আৰু চোৱা-চিতা সম্পূৰ্ণ ৰাজকীয় শৈলীত কৰা হৈছিল। চিতাৰ বাবে দৈনিক সতেজ মঙহ আহিছিল। ইয়াৰ উপৰি ইহঁতক খাবলৈ বিশুদ্ধ পনীৰ আৰু গোলাপৰ গুলকন্দ দিয়া হৈছিল। মঙহৰ দুৰ্গন্ধ আঁতৰাবলৈ আৰু চৌপাশ সুগন্ধি কৰি ৰাখিবলৈ 'খছ'ৰ আত্তৰ ব্যৱহাৰ কৰা হৈছিল।
 
চিতা বাঘৰ লগতে 'চিয়াহগোছ' অৰ্থাৎ কেৰাকল নামৰ বনৰীয়া মেকুৰী বিধকো বশ কৰা হৈছিল। চিকাৰলৈ নিয়াৰ সময়ত চিতাৰ মুখ আৰু চকুত চামৰাৰ বিশেষ ঢাকনি বা পটি বান্ধি দিয়া হৈছিল, যাতে চিতা বাঘে বাটত মানুহৰ ওপৰত আক্ৰমণ কৰিব নোৱাৰে।
 
ওস্তাদী কলা আৰু প্ৰশিক্ষণৰ কঠোৰ নিয়ম

উকীল মুজাফফৰুদ্দিনে তেওঁৰ ককা আজিজুদ্দিনৰ ১৯৮৭ চনৰ এক পুৰণি সাক্ষাৎকাৰৰ উদ্ধৃতি দি কয় যে চিতা বাঘক চিকাৰৰ বাবে প্ৰস্তুত কৰাটো এক অত্যন্ত জটিল কৌশল আছিল। সেই যুগত ইয়াক 'ওস্তাদী' বুলি কোৱা হৈছিল। চিকাৰৰ সময়ত চিতাৰ সন্মুখৰ পৰা যেতিয়া ক'লা বাকচ বা পটিটো আঁতৰাই দিয়া হৈছিল, তেতিয়া সি কেৱল নিজৰ লক্ষ্যটোহে দেখিছিল। চিতা বাঘে মূলতঃ কৃষ্ণসাৰ পহুৰ চিকাৰ কৰিছিল।
 
বাঘ পোহা সময়ৰ দৃশ্য
 
চিতাৰ প্ৰশিক্ষণৰ নিয়মসমূহ অত্যন্ত কঠোৰ আৰু শৃংখলাবদ্ধ আছিল। চিতা বাঘে জংঘলত চিকাৰ কৰাৰ পিছত তাক নিজে কেতিয়াও নাখাইছিল। সি পোনে পোনে নিজৰ প্ৰশিক্ষক অৰ্থাৎ ওস্তাদৰ ওচৰলৈ চিকাৰটো লৈ আহিছিল। ওস্তাদে তাৰ পৰা চিতাৰ ভাগটো তাক দিছিল আৰু বাকী থকা চিকাৰখিনি ৰজা বা দৰবাৰীসকলৰ মাজত বিতৰণ কৰা হৈছিল। ৰজা-মহাৰাজাসকলেও প্ৰশিক্ষকজনক বৰ সন্মানেৰে 'ওস্তাদ' বুলিয়েই মাতিছিল। নিজামুদ্দিন ওস্তাদৰ চিতাবোৰৰ ওপৰত এনে এক নিয়ন্ত্ৰণ আছিল যে মাত্ৰ এটা মাততেই জন্তুটো ৰৈ গৈছিল।
 
প্ৰশিক্ষণৰ সময়ত স্তব্ধ হৈ পৰিছিল সমগ্ৰ মহল্লা

নিজাম মহলৰ চৌপাশৰ সমগ্ৰ অঞ্চলটোৱেই আছিল চিতাৰ কাৰ্যকলাপৰ কেন্দ্ৰ। মুজাফফৰুদ্দিনে কয় যে যেতিয়া ওস্তাদে গলিত চিতাবোৰক প্ৰশিক্ষণ দিছিল, তেতিয়া সুৰক্ষাৰ খাতিৰত সমগ্ৰ মহল্লাটোতে নীৰৱতা বিৰাজ কৰিছিল। মানুহে নিজৰ ঘৰৰ দুৱাৰবোৰ বন্ধ কৰি লৈছিল আৰু খিৰিকী তথা চালৰ পৰা জুমি জুমি প্ৰশিক্ষণ চাইছিল।
 
ঘৰৰ একেবাৰে সন্মুখত অৱস্থিত মছজিদ আৰু তাৰ ওচৰৰ কুঁৱাটোও এই পৰিয়ালৰ ইতিহাসৰ সৈতে জড়িত। নামাজ পঢ়িবৰ বাবে পৰিয়ালটোৱে নিজৰ মাটি দান কৰিছিল। পিছলৈ এই মছজিদটোৰ নাম চৰকাৰী ৰেকৰ্ডত 'চিতে ৱালোঁ কী মছজিদ' হিচাপে লিপিৱদ্ধ হৈ পৰিল।
 
গ্ৰন্থ আৰু নথিপত্ৰত লিপিৱদ্ধ স্পষ্ট প্ৰমাণ

এই পৰিয়ালটোৰ আন এজন সদস্য আৰু পেছাত উকীল শ্বাৰিফ আহমেদে কয় যে সৰুতে যেতিয়া তেওঁ স্কুলত নিজৰ বন্ধুবৰ্গক কৈছিল যে তেওঁলোকৰ পূৰ্বপুৰুষসকলে চিতা বাঘ পুহিছিল, তেতিয়া কোনেও বিশ্বাস কৰা নাছিল। তেতিয়া তেওঁ ঘৰৰ পৰা পুৰণি ফটো, বাতৰি কাকতৰ টুকুৰা আৰু নথিপত্ৰ লৈ স্কুললৈ গৈছিল।
 
শ্বাৰিফ আহমেদৰ ওচৰত দিব্যভানু সিঙৰ দ্বাৰা লিখিত বিখ্যাত গ্ৰন্থ 'দ্য এণ্ড অৱ এ ট্ৰেইল: দ্য চিতা ইন ইণ্ডিয়া'ৰ এটা মূল কপি মজুত আছে। এই কিতাপখনৰ জয়পুৰৰ অধ্যায়টোত তেওঁলোকৰ পূৰ্বপুৰুষৰ নাম উল্লেখ আছে আৰু ঐতিহাসিক ফটোও ছপা হৈছে। ১৯৯৬ চনত এই কিতাপখনৰ লেখকে নিজেই শ্বাৰিফৰ আইতাক জেবুন্নিছা বেগমক এই কিতাপখন উপহাৰ দিছিল।
 
মহাৰাজা ছাৱাই মাধো সিঙৰ সময়ৰ সেই ৰচিদসমূহ আৰু ব্ৰিটিছ ৰেচিডেণ্টৰ মোহৰ লগোৱা নথিপত্ৰ আজিও পৰিয়ালটোৰ ওচৰত সুৰক্ষিত হৈ আছে, য'ত কলিকতাৰ পৰা চিতা কিনাৰ লিখিত অনুমতি দিয়া হৈছিল। যেতিয়া ভাৰত চৰকাৰে দক্ষিণ আফ্ৰিকা আৰু নামিবিয়াৰ পৰা চিতা বাঘবোৰ পুনৰ ভাৰতলৈ আনিছিল, তেতিয়া সমগ্ৰ দেশৰ সংবাদ মাধ্যমে জয়পুৰৰ এই নিজাম মহলৰ ইতিহাসক গুৰুত্বসহকাৰে প্ৰকাশ কৰিছিল।
 
আলমাৰীত চিতা আৰু অতীতৰ দেৱাল
 
আজিও নিজাম মহলৰ কোঠাবোৰত অতীতৰ সেই নিদৰ্শন স্পষ্টকৈ দেখা পোৱা যায়। ঘৰৰ মূল কোঠাটোত এটা পুৰণি কাঠৰ আলমাৰীৰ গাঁথনি আজিও বিদ্যমান। ১৯৯১ চনৰ এখন প্ৰতিষ্ঠিত বাতৰি কাকতত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, এই ঘৰটোৰ আলমাৰীসমূহৰ ভিতৰত চিতাবোৰ বহিছিল। আলমাৰীৰ পিছফালে থকা দ ঠাইখিনিত চিতা বাঘে নিজৰ ঠেং মেলি আৰাম কৰিছিল।
 

ইতিহাসবিদসকলৰ মতে, জয়পুৰত চিতা পোহাৰ এই কলা মোগল যুগৰ পৰাই আৰম্ভ হৈছিল। আকবৰৰ ৰাজত্বকালত তেওঁৰ হাতত প্ৰায় এহেজাৰ চিতা বাঘ আছিল। মোগল সম্ৰাট ঔৰংজেৱৰ সময়ত এই পৰম্পৰা আলোৱাৰ ৰাজপৰিয়ালৰ মাজেৰে জয়পুৰ পাইছিলহি। মোগলৰ সময়ত ৱাজিদ খান নামৰ এজন চিতা পালক আফগানিস্তানৰ পৰা দিল্লীলৈ আহিছিল। পৰৱৰ্তী সময়ত জয়পুৰৰ মহাৰাজা জগত সিঙে চিতা পালক নিজামুদ্দিনৰ পূৰ্বপুৰুষসকলক সন্মানেৰে জয়পুৰলৈ মাতি আনি ৰামগঞ্জত সংস্থাপন দিছিল।
 
আজি হয়তো ৰামগঞ্জৰ এই ব্যস্ত গলিবোৰৰ পৰা চিতা বাঘ চিৰদিনৰ বাবে হেৰাই গৈছে, কিন্তু এই মহল্লাটোৰ পৰিচয়ত অতীতৰ সেই শিহৰণকাৰী ইতিহাস আজিও সম্পূৰ্ণৰূপে জীৱন্ত হৈ আছে। 'চিতাৱালান মহল্লা' নামটো কেৱল এটা ঠিকনাহে নহয়, ই হৈছে ভাৰতৰ সেই সোণালী বন্যপ্ৰাণী ইতিহাসৰ এক জীৱন্ত প্ৰমাণ, য'ত মানুহ আৰু ভয়ংকৰ বন্যজন্তু একেখন চালিৰ তলত অত্যন্ত শৃংখলা আৰু নিয়মৰ মাজেৰে একেলগে বাস কৰিছিল।