সম্প্ৰীতিৰ অনন্য নিদৰ্শনঃ হাইলাকান্দিৰ ভাটিৰকুপা গাঁৱত হিন্দু-মুছলমানৰ যৌথ উদ্যোগত দুৰ্গাপূজাৰ আয়োজন

Story by  atv | Posted by   Imtiaz Ahmed • 48 m ago
ভাটিৰকুপা গাঁৱত অনুষ্ঠিত দুৰ্গা পূজা
ভাটিৰকুপা গাঁৱত অনুষ্ঠিত দুৰ্গা পূজা
শতানন্দ ভট্টাচাৰ্য / হাইলাকান্দি

বৰ্তমান সময়ত হিন্দু-মুছলমানক লৈ একাংশ স্বাৰ্থান্বেষী মহলে ৰাজনীতি কৰি মুনাফা আদায় কৰাত তৎপৰ হৈ থকাৰ সময়তে দুয়ো সম্প্ৰদায়ৰ লোকে মিলি দুৰ্গাপূজাৰ আয়োজন কৰি সম্প্ৰীতিৰ এক অনন্য নিদৰ্শন দাঙি ধৰিলে অসমৰ হাইলাকান্দি জিলাৰ ভাটিৰকুপা গাঁৱৰ বাসিন্দাসকলে। 

হাইলাকান্দি চহৰৰ পৰা প্ৰায় ১০ কিলোমিটাৰ দূৰত অৱস্থিত ভাটিৰকুপা প্ৰথম খণ্ড গাঁৱত এইবাৰেই প্ৰথমবাৰৰ বাবে দুৰ্গাপূজাৰ আয়োজন কৰা হয়। দুৰ্গাপূজাৰ লগতে তেওঁলোকে এই গাঁৱৰে সন্তান লিটন শুক্লবৈদ্যকো স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। অসম আৰক্ষীৰ জোৱান লিটন শুক্লবৈদ্যই ২০২১ চনৰ জুলাই মাহত কাছাৰ জিলাৰ অসম-মিজোৰাম সীমান্তত অনুপ্ৰৱেশ আৰু অবৈধ কাৰ্যকলাপ ৰোধ কৰিবলৈ গৈ আন পাঁচজন আৰক্ষী জোৱানৰ সৈতে মিজো আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছিল।

ভাটিৰকুপা গাঁৱত দুৰ্গা পূজাৰ এখন পোষ্টাৰ
 
ভাটিৰকুপা প্ৰথম খণ্ড সাৰ্বজনীন দুৰ্গাপূজা সমিতিৰ সভাপতি সাগৰ শুক্লবৈদ্যই জনায় যে এই গাঁৱত পূৰ্বে কেতিয়াও দুৰ্গাপূজাৰ আয়োজন কৰা হোৱা নাছিল। সেয়েহে গাঁওখনৰ প্ৰায় ৩,০০০ হিন্দু-মুছলমান বাসিন্দাই মিলি এইবাৰ দুৰ্গাপূজা আয়োজন কৰাৰ সিদ্ধান্ত লয়। পূজা পৰিচালনাৰ বাবে গঠন কৰা সমিতিত মুছলমান সম্প্ৰদায়ৰ ১৩জন লোকক অন্তৰ্ভুক্ত কৰা হয়। ধৰ্ম নিৰ্বিশেষে সকলোৱে আনন্দেৰে পূজাৰ আয়োজন কৰে। পূজাৰ প্ৰতিদিনেই গাঁৱৰ মুছলমান বাসিন্দাসকলে হিন্দুসকলৰ সৈতে একেলগে প্ৰসাদ গ্ৰহণ কৰি উৎসৱৰ আনন্দত মতলীয়া হয় বুলিও সভাপতিগৰাকীয়ে জনায়।

অঞ্চলটোৰ প্ৰাক্তন গাঁও পঞ্চায়ত সভাপতি ৰিজৱাৰ হুছেইন চৌধুৰীয়ে জনায় যে তেওঁ নিজেও পূজাৰ আয়োজনৰ তদাৰক কৰি আছে আৰু সহযোগিতা আগবঢ়াইছে। গাঁওখনৰ হিন্দু আৰু মুছলমান সম্প্ৰদায়ৰ মাজৰ সম্প্ৰীতি নজিৰবিহীন বুলি তেওঁ উল্লেখ কৰে। 

তদুপৰি এই পূজাৰ আয়োজনৰ জৰিয়তে কাৰ্গিলৰ শ্বহীদসকল, মিজো আৰক্ষীৰ গুলীত নিহত শ্বহীদ লিটন শুক্লবৈদ্য আৰু পুলৱামা অঞ্চলত উগ্ৰপন্থীৰ গুলীত নিহতসকলকো শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে বুলি চৌধুৰীয়ে জনায়।