VIDEO
সামাজিক সক্ৰিয়তাৰ সৈতে তেওঁৰ প্ৰথম পৰিচয় ক্ৰীড়াৰ জৰিয়তেহে হৈছিল। মুন্তাহাই জনোৱা মতে, তেওঁ টাইকোৱাণ্ডো আৰু অন্যান্য মাৰ্শ্বেল আৰ্টছত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল আৰু পাঁচবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক জয় কৰিছিল। খেলপথাৰখনে তেওঁৰ জীৱনলৈ এক নতুন দিশ কঢ়িয়াই আনিছিল যদিও বয়স বঢ়াৰ লগে লগে পৰিয়াল আৰু সমাজৰ পৰা বিভিন্ন প্ৰশ্নৰো সন্মুখীন হ’বলগীয়া হৈছিল।
দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীত পঢ়ি থকা সময়ত তেওঁক কোৱা হৈছিল যে খেল-ধেমালি কেৱল ল'ৰাৰ বাবেহে, ইয়াত ছোৱালীৰ কোনো ভৱিষ্যত নাই। খেলতকৈ তেওঁক পঢ়া-শুনাত বেছি গুৰুত্ব দিবলৈ কোৱা হৈছিল, যদিওবা তেওঁৰ ধাউতি খেলৰ প্ৰতিহে বেছি আছিল। মুন্তাহাৰ বাবে সেই সময়ছোৱা একেবাৰেই সহজ নাছিল। এফালে তেওঁ খেলত পদক জয় কৰিছিল, আনফালে তেওঁক বুজাবলৈ চেষ্টা কৰা হৈছিল যে ক্ৰীড়াক কেৰিয়াৰ হিচাপে গ্ৰহণ কৰাটো তেওঁৰ বাবে সঠিক বিকল্প নহয়।
কিন্তু তেওঁ হাৰ মনা নাছিল। লাহে লাহে তেওঁ নিজৰ পৰিয়ালক বুজাবলৈ সক্ষম হয় আৰু ক্ৰীড়াৰ যাত্ৰা অব্যাহত ৰাখে। এই সংগ্ৰামখিনিয়েই তেওঁক উপলব্ধি কৰাইছিল যে এগৰাকী ছোৱালীয়ে খেলত আগবাঢ়ি যাবলৈ যদি ইমানবোৰ বাধাৰ সন্মুখীন হ’ব লগা হয়, তেন্তে কাশ্মীৰৰ সেইসকল ছোৱালীৰ অৱস্থা কি হ’ব, যিসকলে সহজে সুযোগ আৰু সঠিক পথ-প্ৰদৰ্শন লাভ নকৰে। ইয়াৰ পৰাই তেওঁৰ জীৱনৰ পৰৱৰ্তী অধ্যায় আৰম্ভ হয়।
মুন্তাহাই নিজৰ একাডেমীৰ সৈতে জড়িত হৈ দুৰ্গম অঞ্চলৰ ছোৱালীসকলৰ বাবে প্ৰশিক্ষণ শিবিৰ আয়োজন কৰিবলৈ আৰম্ভ কৰে। তেওঁ কাশ্মীৰৰ মহিলা আৰু নিজৰ একাডেমীৰ মাজত এখন সাঁকো হিচাপে কাম কৰাৰ প্ৰয়াস কৰে। তেওঁ জনোৱা মতে, কাশ্মীৰৰ বিভিন্ন প্ৰান্তৰ ২৫০ গৰাকীতকৈও অধিক ছোৱালীক তেওঁ টাইকোৱাণ্ডোৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
এই প্ৰশিক্ষণ কাৰ্যসূচীসমূহৰ উদ্দেশ্য কেৱল ক্ৰীড়া প্ৰতিভা বিকাশ কৰাই নাছিল। আত্মৰক্ষাক এনে এক মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল, যাৰ জৰিয়তে পৰিয়ালসমূহক নিজৰ ছোৱালীক প্ৰশিক্ষণলৈ পঠিয়াবলৈ মান্তি কৰাব পাৰি। মুন্তাহাৰ মতে, যেতিয়া কথাটো আত্মৰক্ষাৰ আহে, তেতিয়া পৰিয়ালসমূহৰ বাবে ইয়াক গ্ৰহণ কৰাটো তুলনামূলকভাৱে সহজ হৈ পৰে। ইয়াৰ পাছত ছোৱালীসকলৰ মাজত আত্মবিশ্বাস, স্বাৱলম্বিতা আৰু নিজৰ সিদ্ধান্ত নিজে ল’ব পৰা ক্ষমতা বিকাশৰ দিশত কাম কৰিব পৰা যায়।
মুন্তাহা বাবা তেওঁৰ একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে
দুৰ্গম অঞ্চলসমূহত কাম কৰাৰ সময়ত তেওঁ কেৰন, উৰী, পহলগাম আৰু কাশ্মীৰৰ অন্যান্য অঞ্চলসমূহ ভ্ৰমণ কৰিছিল। তেওঁ কয় যে গ্ৰামাঞ্চলত শিক্ষা আৰু সজাগতাৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিছে যদিও সামাজিক মানসিকতা সলনি হ’বলৈ সময় লাগে। বহু সময়ত ছোৱালীৰ সন্মুখত আটাইতকৈ ডাঙৰ বাধাটো সুযোগৰ অভাৱ নহয়, বৰং 'সমাজে কি ক’ব'— সেই প্ৰশ্নটোহে।
এই অভিজ্ঞতাই মুন্তাহাক খেলপথাৰৰ পৰা সামাজিক সক্ৰিয়তাৰ দিশলৈ লৈ যায়। তেওঁ মহিলাসকলৰ বাবে 'খাতুন' নামৰ এক পদক্ষেপ আৰম্ভ কৰে আৰু মহিলাৰ লগত জড়িত বিষয়সমূহৰ ওপৰত মাত মাতিবলৈ আৰম্ভ কৰে। তেওঁৰ মতে, প্ৰশ্নটো কেৱল এইটোৱেই নাছিল যে এগৰাকী ছোৱালী কিয় খেলুৱৈ হ’ব নোৱাৰে, বৰং এইটোও আছিল যে ল'ৰাই স্বাভাৱিকতে লাভ কৰা স্বাধীনতাবোৰৰ পৰা ছোৱালীক কিয় বঞ্চিত কৰা হয়।
মুন্তাহাই শ্ৰীনগৰত কাশ্মীৰৰ সেইসকল মহিলাক এখন মঞ্চত একত্ৰিত কৰাৰ প্ৰয়াস কৰিছিল, যিসকলে নিজৰ নিজৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। তেওঁৰ উদ্দেশ্য আছিল এনে মহিলাসকলক সন্মুখলৈ অনা, যিসকল আন ছোৱালীৰ বাবে আদৰ্শ হ’ব পাৰে। বাৰ্তা স্পষ্ট আছিল- যদি এগৰাকী মহিলাই কঠিন পৰিস্থিতিৰ মাজতো আগবাঢ়ি যাব পাৰে, তেন্তে আন মহিলাসকলেও নিজৰ সপোন পূৰণৰ বাবে চেষ্টা কৰিব পাৰে।
অৱশ্যে, মুন্তাহাৰ বাবে মহিলাৰ বিষয়সমূহ কেৱল লিংগ বৈষম্যতে আৱদ্ধ নাছিল। কাশ্মীৰৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশে তেওঁৰ কামৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰিলে। তেওঁ সন্ত্ৰাসবাদ, যুৱ সমাজৰ ভৱিষ্যত, নিবনুৱা সমস্যা, আন্তঃগাঁথনি আৰু নীতিগত বিষয়সমূহকো কাশ্মীৰৰ উন্নয়নৰ সৈতে সাঙুৰি চায়।
তেওঁ কয় যে কাশ্মীৰত মহিলাৰ সমস্যাসমূহ বুজিবলৈ হ’লে তাৰ সামগ্ৰিক সামাজিক পৰিৱেশটো বুজাটো প্ৰয়োজনীয়। তেওঁৰ মতে, সন্ত্ৰাসবাদৰ প্ৰভাৱ কেৱল নিৰাপত্তা ব্যৱস্থাতেই আৱদ্ধ নাথাকে, ই পৰিয়াল, শিশু আৰু বিশেষকৈ মহিলাৰ জীৱনৰ ওপৰতো গভীৰ নেতিবাচক প্ৰভাৱ পেলায়।
দিল্লীত বঁটা গ্ৰহণ কৰি থকা অৱস্থাত মুনন্তাহা বাবা
মুন্তাহাই নিজৰ কামক এতিয়া কেৱল মহিলাৰ মাজতেই সীমাবদ্ধ ৰখা নাই। তেওঁৰ মতে, কাশ্মীৰৰ পুৰুষ আৰু যুৱকসকলকো এই পৰিৱৰ্তনৰ অংশ কৰাটো অতি প্ৰয়োজনীয়। তেওঁ বিশেষকৈ যুৱ সমাজৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, কিয়নো দীৰ্ঘদিনীয়া হিংসা আৰু উগ্ৰ চিন্তাধাৰাই নতুন প্ৰজন্মৰ মানসিকতাত প্ৰভাৱ পেলাব পাৰে বুলি তেওঁ বিশ্বাস কৰে।
সন্ত্ৰাসবাদৰ বিৰুদ্ধে তেওঁৰ স্থিতি অতি স্পষ্ট। তেওঁ নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি কয় যে তেওঁ এনে কিছুমান লোকৰ সৈতেও বাৰ্তালাপ কৰিছে যিসকল অতীতত সন্ত্ৰাসবাদ বা তাৰ লগত জড়িত নেটৱৰ্কৰ অংশ আছিল আৰু পাছলৈ তাৰ পৰা ওলাই অহাৰ চেষ্টা কৰি আছিল। তেওঁৰ মতে, কিছুমান যুৱকক কম বয়সতে এনে আদৰ্শৰে প্ৰভাৱিত কৰা হয়, যাৰ ফল তেওঁলোকে গোটেই জীৱন ভোগ কৰিবলগীয়া হয়।
তেওঁ এনে এজন যুৱকৰ উদাহৰণো দাঙি ধৰে যিয়ে হিংসাত্মক কাৰ্যকলাপত জড়িত থকাৰ বাবে কাৰাগাৰলৈ যাবলগীয়া হৈছিল আৰু ইয়াৰ ফলত তেওঁৰ মেডিকেল প্ৰৱেশ পৰীক্ষা (NEET)ৰ সৈতে জড়িত ভৱিষ্যতৰ সম্ভাৱনাসমূহো প্ৰভাৱিত হৈছিল। মুন্তাহাৰ মতে, পাছলৈ সেই যুৱকজনে সামাজিক আৰু ব্যক্তিগত স্তৰতো গভীৰ সংকটৰ সন্মুখীন হ’বলগীয়া হৈছিল। এনে কাহিনীবোৰে তেওঁক এই কথা সোঁৱৰাই দিয়ে যে যুৱ প্ৰজন্মক হিংসাৰ পথলৈ যোৱাৰ আগতেই সঠিক দিশ, সুযোগ আৰু আশা প্ৰদান কৰাটো অতি গুৰুত্বপূৰ্ণ।
মুন্তাহাই বিশ্বাস কৰে যে দশকৰ পাছত দশক ধৰি গঢ় লৈ উঠা সামাজিক আৰু মানসিক ধাৰণাসমূহ মাত্ৰ কেইটামান বছৰতে সলনি কৰাটো সম্ভৱ নহয়। তেওঁৰ মতে, শান্তি এবাৰতে লাভ কৰিব পৰা কোনো গন্তব্যস্থান নহয়, ই এক নিৰন্তৰ চলি থকা প্ৰক্ৰিয়া। ইয়াৰ আৰম্ভণি ব্যক্তিৰ নিজৰ মনৰ পৰা হয় আৰু তাৰ পাছতহে ই পৰিয়াল, সমাজ আৰু সম্প্ৰদায়লৈ বিয়পি পৰে।
তেওঁ এই কথাও বিশ্বাস কৰে যে কাশ্মীৰৰ মহিলাসকল আগৰ পৰাই মানসিকভাৱে শক্তিশালী। তেওঁৰ মতে, এতিয়া প্ৰয়োজন তেওঁলোকক নতুনকৈ আত্মবিশ্বাস দিয়াৰ নহয়, তেওঁলোকৰ মাজত থকা আত্মবিশ্বাসক আগুৱাই নিয়াৰহে। যিসকল মহিলাই ব্যক্তিগত ট্ৰেজেডী আৰু কঠিন পৰিস্থিতিৰ মাজতো নিজৰ পৰিয়ালক সুকলমে চম্ভালি আহিছে, তেওঁলোকৰ মাজত সংগ্ৰাম কৰাৰ ক্ষমতা আগৰ পৰাই আছে। সৰু সৰু প্ৰচেষ্টাই সেই ক্ষমতাক পোহৰলৈ অনাত সহায় কৰিব পাৰে।
মুন্তাহাৰ সন্মুখত প্ৰত্যাহ্বান কেৱল পৰম্পৰাগত চিন্তাধাৰাতে আৱদ্ধ নহয়। তেওঁ জনোৱা মতে, ৰাজহুৱা জীৱনত সক্ৰিয় মহিলাসকলে বহু সময়ত সমালোচনা, বদনাম আৰু ব্যক্তিগত আক্ৰমণৰো বলি হ’ব লগা হয়। তেওঁৰ মতে, যেতিয়া এগৰাকী মহিলা আগবাঢ়ি যায়, তেতিয়া তেওঁক ৰখাবলৈ চৰিত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন কৰা হ’ব পাৰে বা বিভিন্ন নাম দি ককৰ্থনা কৰা হ’ব পাৰে। কিন্তু এনে চাপৰ সন্মুখত হাৰ মানি ৰৈ যোৱাটো কোনো সমস্যাৰ সমাধান নহয় বুলি তেওঁ দৃঢ়তাৰে বিশ্বাস কৰে।
জম্মু আৰু কাশ্মীৰত বঁটা গ্ৰহণ কৰি থকা মুনন্তাহা বাবা
তেওঁৰ ভাষাত, "যদি এগৰাকী মহিলা ৰৈ যায়, তেন্তে সেয়া তেওঁৰ বাবেই এক প্ৰত্যাহ্বান হৈ পৰে; কিন্তু যদি তেওঁ আগবাঢ়ি গৈ থাকে, তেন্তে প্ৰত্যাহ্বান সেইসকল লোকৰ বাবেহে হয় যিসকলে তেওঁক বাধা দিব বিচাৰে।" ছ’চিয়েল মিডিয়াও মুন্তাহাৰ বাবে এই সংগ্ৰামৰ এক গুৰুত্বপূৰ্ণ মাধ্যম হৈ পৰিছে। তেওঁ দীৰ্ঘদিন ধৰি কাশ্মীৰৰ বিভিন্ন বিষয়ৰ ওপৰত লিখা-মেলা আৰু মত প্ৰকাশ কৰি আহিছে। তেওঁৰ মতে, ছ’চিয়েল মিডিয়াই কাশ্মীৰৰ সেই কাহিনীবোৰ দেশৰ আন প্ৰান্তলৈ লৈ যোৱাৰ সুযোগ দিছে, যিবোৰে সাধাৰণতে ব্যাপক ৰাজহুৱা আলোচনাত স্থান নাপায়।
এগৰাকী খেলুৱৈ হিচাপে তেওঁৰ যাত্ৰা আৰম্ভ হৈছিল যদিও এতিয়া তেওঁ খেলপথাৰৰ গণ্ডী অতিক্ৰম কৰি বহুদূৰ আগুৱাই গৈছে। টাইকোৱাণ্ডোৰ মেটত পদক জয় কৰা এইগৰাকী ছোৱালীয়ে এতিয়া মহিলা, যুৱ সমাজ আৰু শান্তিৰ সৈতে জড়িত প্ৰশ্নসমূহৰ ওপৰত মাত মাতিবলৈ আৰম্ভ কৰিছে। ব্যক্তিগত সংগ্ৰাম কিদৰে এক বৃহৎ সামাজিক উদ্দেশ্যলৈ ৰূপান্তৰিত হ’ব পাৰে, তেওঁৰ কাহিনীয়েই তাৰ এক উৎকৃষ্ট উদাহৰণ।
মুন্তাহা বাবাৰ নেতৃত্বত পৰিচালিত 'খাতুন ইনিচিয়েটিভ'-এ মহিলা সৱলীকৰণ, দক্ষতা বিকাশ আৰু শান্তিপ্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মহিলাসকলৰ আত্মবিশ্বাস বৃদ্ধি, ব্যৱহাৰিক দক্ষতা আহৰণ আৰু নিজৰ সম্প্ৰদায়ৰ মাজত সক্ৰিয় অৱদানকাৰী হিচাপে গঢ়ি উঠাৰ সুযোগ সৃষ্টি কৰে। এই পদক্ষেপৰ জৰিয়তে তেওঁ সামাজিক দায়িত্ববোধ, মহিলাৰ নেতৃত্ব আৰু সমাজৰ মাজত অৰ্থপূৰ্ণ আলোচনাৰ বিষয়ে সজাগতা সৃষ্টিৰ কাম কৰি আহিছে।
যোৱা কেইটামান বছৰত মুন্তাহা বাবাই শান্তি শিক্ষা, ঋতুস্ৰাৱৰ স্বাস্থ্য সজাগতা, মানসিক স্বাস্থ্য আৰু নিচা-বিৰোধী অভিযানৰ দৰে গুৰুত্বপূৰ্ণ সামাজিক বিষয়সমূহক লৈ আয়োজিত কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ আৰু কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।
সৰু সৰু কণ্ঠইও যে, সমাজত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব পাৰে, সেই বিশ্বাসৰ সৈতে মুন্তাহাই সম্প্ৰদায়সমূহৰ মাজত সত্য, দায়বদ্ধতা আৰু সহানুভূতি গঢ়ি তুলিবলৈ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ সক্ৰিয়ভাৱে ব্যৱহাৰ কৰি আহিছে। মুন্তাহাৰ মূল লক্ষ্য হৈছে মানুহক, বিশেষকৈ যুৱ সমাজ আৰু মহিলাসকলক শান্তি, নেতৃত্ব আৰু ইতিবাচক সামাজিক পৰিৱৰ্তনৰ বাহক হ’বলৈ অনুপ্ৰাণিত কৰা।
মুন্তাহাৰ বাবে পৰিৱৰ্তন কেতিয়াও মাত্ৰ এটা ভাষণ, এটা কাৰ্যসূচী বা এটা অভিযানৰ জৰিয়তে নাহে। ইয়াৰ বাবে প্ৰয়োজন নিৰন্তৰ প্ৰয়াসৰ- ছোৱালীক আগবাঢ়ি যোৱাৰ সুযোগ দিয়াৰ পৰা আৰম্ভ কৰি যুৱ প্ৰজন্মক এক সুন্দৰ ভৱিষ্যতৰ পথ দেখুওৱালৈকে, সমাজৰ পুৰণি ধাৰণাসমূহক প্ৰত্যাহ্বান জনোৱাৰ পৰা হিংসাৰ বিৰুদ্ধে এক সুস্থ পৰিৱেশ গঢ়ি তোলালৈকে।
তেওঁৰ চকুত ধৰা পৰা কাশ্মীৰৰ ছবিত নিশ্চয়কৈ বহু বাধা আছে, কিন্তু তাৰ সমান্তৰালভাৱে আশাও সমানেই স্পষ্ট। তেওঁ স্বীকাৰ কৰে যে পৰিৱৰ্তনৰ প্ৰক্ৰিয়া লেহেমীয়া হ’ব পাৰে, পুৰণি ঘাঁ শুকাবলৈ সময় লাগিব পাৰে আৰু শান্তিৰ পথ দীঘলীয়া হ’ব পাৰে; কিন্তু তাৰ অৰ্থ এইটো নহয় যে প্ৰচেষ্টা আধাতে এৰি দিব লাগিব।
সেয়েহে, মুন্তাহাৰ এই যাত্ৰা কেৱল এগৰাকী খেলুৱৈ বা সমাজ কৰ্মীৰ ব্যক্তিগত জীৱন-কাহিনী হৈ থকা নাই। ই হৈ পৰিছে এক সমগ্ৰ প্ৰজন্মৰ কাহিনী, যি প্ৰজন্মই নিজৰ অতীতৰ কণ্টকময় পথক স্বীকাৰ কৰি ভৱিষ্যতক এক নতুন আৰু সুন্দৰ দিশলৈ লৈ যোৱাৰ সংগ্ৰাম কৰিছে। আৰু এই সমগ্ৰ প্ৰচেষ্টাৰ কেন্দ্ৰবিন্দুত নিহিত হৈ আছে এক শক্তিশালী বাৰ্তা- "কাশ্মীৰৰ কন্যাসকল অপ্ৰতিৰোধ্য।"