চাকৰিৰ পিছত দৌৰাৰ পৰিৱৰ্তে সুন্দৰবনত বিশাল ‘সাম্ৰাজ্য’ গঢ়ি নিবনুৱা যুৱক-যুৱতীক স্বাৱলম্বী কৰি তুলিছে হাফিজুলে
তৰুণ নন্দী / কলকাতা
চাকৰিৰ পাছত দৌৰাৰ পৰিৱৰ্তে আনক চাকৰি দিয়াৰ সপোন দেখিছে সুন্দৰবনৰ শিক্ষিত যুৱক হাফিজুল চৰ্দাৰে। আত্মবিশ্বাসক মূলধন হিচাপে লৈ ৩৫০ টা ভেড়া আৰু ছাগলীৰ এখন ফাৰ্ম গঢ়ি তুলি তেওঁ নিজে এক উন্নত উপাৰ্জন কৰাৰ লগতে আনকো উৎসাহিত কৰিছে। নিজে স্বাৱলম্বী হোৱাৰ সমান্তৰালকৈ তেওঁ আনকো স্বাৱলম্বিতাৰ পথ দেখুৱাইছে। বৰ্তমান সময়ত চাকৰিৰ বজাৰত তীব্ৰ প্ৰতিযোগিতা চলিছে। জীৱনৰ মোৰ সলনি কৰিবলৈ শিক্ষিত যুৱক-যুৱতীসকলে চাকৰিৰ বাবে দীৰ্ঘদিন অপেক্ষা কৰা দেখা যায়।
নিশ্চিত উপাৰ্জনৰ পথ বাছি লোৱাৰ সপোন লৈ চৰকাৰী-বেচৰকাৰী চাকৰিৰ আশাত বহুতেই বছৰৰ পিছত বছৰ পাৰ কৰি দিয়ে। কিন্তু বাস্তৱৰ এই চিনাকি পথেৰে খোজ নিদি একেবাৰেই এক সুকীয়া সপোন দেখিছিল সুন্দৰবনৰ প্ৰত্যন্ত অঞ্চলৰ যুৱক হাফিজুলে। তেওঁ উপলব্ধি কৰিছিল যে, চাকৰি বিচৰাৰ সলনি তেওঁ আনৰ বাবেহে সংস্থাপনৰ পথ সৃষ্টি কৰিব। তেওঁৰ এই কঠোৰ পৰিশ্ৰম আৰু ইচ্ছাশক্তিয়েই আজি তেওঁক সফলতাৰ এক অনন্য উচ্চতাত উপনীত কৰাইছে।
গৌড়েশ্বৰ নদীৰ পাৰৰ হিংগলগঞ্জৰ চাৰি নম্বৰ চেণ্ডেলবিল গাঁৱৰ বাসিন্দা হাফিজুল চৰ্দাৰ। দুৰ্গম গাঁৱত থকাৰ পাছতো পশুপালনৰ ওপৰত তেওঁৰ B.Sc ডিগ্ৰী আছে। উচ্চশিক্ষা সম্পূৰ্ণ কৰাৰ পিছত ভৱিষ্যত গঢ়িবলৈ হাফিজুলে চাকৰিৰ পাছত ঢাপলি মেলা নাছিল। আনৰ দৰে গতানুগতিক পথত খোজ নিদি নিজৰ পঢ়াশুনা আৰু প্ৰশিক্ষণক বাস্তৱ জীৱনত প্ৰয়োগ কৰি তেওঁ গঢ়ি তুলিছে এখন অত্যাধুনিক মানৰ বহুমুখী (মাল্টিপাৰ্পাচ) ভেড়া আৰু ছাগলীৰ ফাৰ্ম।
হাফিজুলৰ সৈতে কথা পাতি জানিব পৰা গৈছে যে, তেওঁৰ এই ফাৰ্মখনৰ আৰম্ভণি অৱশ্যে ইমান ডাঙৰ পৰিসৰত হোৱা নাছিল। কিন্তু নিজৰ ভৰিত থিয় দিয়াৰ অদম্য আত্মবিশ্বাস তেওঁৰ আছিল। সপোন পূৰণ কৰিবলৈ নিজৰ এডোখৰ মাটিতেই কেইটামান পোহনীয়া জন্তু আনি তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু সপোন দেখিছিল বহুত ডাঙৰ। সঠিক নীতি-নিয়ম মানি চলি নিজৰ পৰিশ্ৰম আৰু পৰিকল্পনাৰ সহায়ত আজি এই ফাৰ্মখন গঢ় লৈ উঠিছে। সঠিক যতন আৰু পৰিচৰ্যাৰ ফলত আজি তেওঁৰ ফাৰ্মত প্ৰায় ৩৫০ টা ভেড়া আৰু ছাগলী আছে। আগন্তুক দিনত নিজৰ ফাৰ্মত এই সংখ্যা ১০০০ লৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে তেওঁ আগবাঢ়িছে। কেৱল নিজৰ মাজতেই আৱদ্ধ নাথাকি হাফিজুলৰ এই ফাৰ্মখনে আজি আনৰ বাবেও উপাৰ্জনৰ নতুন দুৱাৰ মুকলি কৰিছে।
বৰ্তমান এই ভেড়া আৰু ছাগলীৰ ফাৰ্মখনত চাৰিজন নিবনুৱা যুৱক-যুৱতীয়ে কৰ্মসংস্থাপনৰ সুবিধা লাভ কৰিছে। ক’বলৈ গ’লে, হাফিজুলৰ এই বিশাল প্ৰচেষ্টাই সুন্দৰবন অঞ্চলৰ কেইবাটাও পৰিয়ালৰ জীৱনলৈ পৰিৱৰ্তন আনিছে। নিজৰ এই ব্যৱসায়টোক আৰু অধিক সম্প্ৰসাৰিত কৰি ২০ ৰ পৰা ২৫ জন লোকৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰাটোৱেই তেওঁৰ লক্ষ্য। সুন্দৰবনৰ দৰে প্ৰত্যন্ত অঞ্চলৰ বহু যুৱক-যুৱতীয়ে যেতিয়া কামৰ সন্ধানত দূৰৈৰ চহৰলৈ যাবলৈ বাধ্য হয়, তেনে সময়ত নিজৰ গাঁৱতেই কৰ্মসংস্থাপনৰ পৰিৱেশ সৃষ্টি কৰাৰ সপোন দেখিছে হাফিজুলে।
ফাৰ্মৰ পশুসমূহ
হাফিজুলে জনায় যে, নিজৰ এই প্ৰচেষ্টাক আধুনিক আৰু বিজ্ঞানসন্মত উপায়েৰে আৰু অধিক পৰিসৰত আগবঢ়াই নিবলৈ তেওঁ হায়দৰাবাদৰ এটা প্ৰতিষ্ঠানৰ পৰা বিশেষ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। ইয়াৰ লগতে তেওঁ পশু চিকিৎসাৰ ওপৰত ডিপ্ল’মাও কৰিছে। ভেড়া আৰু ছাগলীৰ বিভিন্ন ঋতুকালীন ৰোগ, চিকিৎসা আৰু সঠিক পৰিচৰ্যা সম্পৰ্কে তেওঁ বিশেষ জ্ঞান অৰ্জন কৰিছে। এই বিশেষ প্ৰশিক্ষণ লোৱাৰ ফলত এতিয়া তেওঁ নিজেই ফাৰ্মৰ পশুসমূহৰ স্বাস্থ্যৰ চোৱাচিতা আৰু পৰিচৰ্যাৰ কাম চম্ভালি ল'ব পাৰে। সুন্দৰবনৰ বুকুত এই ফাৰ্ম হাউচ গঢ়ি তুলি হাফিজুলে কয়, "বৰ্তমান সময়ত খেতি-বাতি বা পশুপালন কোনো সৰু কাম নহয়। এইটো শিক্ষিত মানুহৰো কাম। নিজকে নিবনুৱা বুলি ভাবি বহি নাথাকি নিজৰ সামৰ্থ্য আৰু ইচ্ছাশক্তিক কামত লগাব পাৰিলে সফলতা নিশ্চিতভাৱে আহিব।"
প্ৰকৃততে, হাফিজুলে নিজৰ প্ৰসংগ উত্থাপন কৰি বৰ্তমানৰ যুৱপ্ৰজন্মলৈ স্বাৱলম্বী হোৱাৰ এক বৃহৎ বাৰ্তা প্ৰেৰণ কৰিলে। হাতত ডিগ্ৰী লৈ কেৱল চাকৰিৰ বিজ্ঞাপনলৈ অপেক্ষা কৰি বহি থকাৰ পৰিৱৰ্তে নিজৰ দক্ষতাক কামত লগাই যে নতুন কিবা এটা সৃষ্টি কৰিব পাৰি, সেয়া হাফিজুলে প্ৰমাণ কৰি দেখুৱাইছে। সুন্দৰবনৰ মাটিত গঢ় লৈ উঠা এই ফাৰ্মখন আজি বহু নিবনুৱা যুৱকৰ সপোনৰ ঠিকনা হৈ পৰিছে। কাৰণ, হাফিজুল যিদৰে নিজে স্বাৱলম্বী হৈছে, ঠিক একেদৰে গাঁৱৰ কেইবাজনো লোকৰ ঘৰলৈ উপাৰ্জনৰ সুযোগ কঢ়িয়াই নিছে। সঁচাকৈয়ে, চাকৰিৰ শাৰীত থিয় হৈ থকাৰ সলনি তেওঁ উপাৰ্জনৰ এক নতুন পথ দেখুৱাইছে।
নিৰাশা আৰু নিবনুৱা সমস্যাৰে জৰ্জৰিত বৰ্তমানৰ সমাজখনত হাফিজুল চৰ্দাৰ নিসন্দেহে এক উজ্জ্বল নক্ষত্ৰ। তেওঁৰ এই যাত্ৰাই কেৱল সুন্দৰবনৰ যুৱক-যুৱতীসকলকেই নহয়, সমগ্ৰ সমাজৰ নৱপ্ৰজন্মক এক নতুন দিশ দেখুৱাবলৈ সক্ষম হৈছে।