শিল্পী ছফিকুল ইছলামৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কেদাৰনাথ ধাম, বাৰাণসীৰ ঘাটৰ আৰ্হিৰ খাৰুপেটীয়া দুৰ্গাপূজা

Story by  Munni Begum | Posted by  Munni Begum • 1 h ago
শিল্পী ছফিকুল ইছলামৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে খাৰুপেটীয়া দুৰ্গাপূজা
শিল্পী ছফিকুল ইছলামৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে খাৰুপেটীয়া দুৰ্গাপূজা
 
মুন্নী বেগম / গুৱাহাটী  
 
ধৰ্মৰ পৰিচয়ে মানুহক পৃথক কৰিব পাৰে, কিন্তু শিল্প-সংস্কৃতি আৰু সৃষ্টিশীলতাই মানুহৰ মাজত গঢ়ি তোলে একতাৰ এক অন্য সেতু। ইয়াৰে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে দৰং জিলাৰ খাৰুপেটীয়াৰ এগৰাকী মুছলমান শিল্পীয়ে। নাম তেওঁৰ ছফিকুল ইছলাম।
 
ধৰ্মীয় বিভেদৰ ঊৰ্ধ্বত গৈ এইগৰাকী মুছলমান শিল্পীয়ে নিজৰ দহগৰাকী মুছলমান সহযোগীক লগত লৈ নিৰ্মাণ কৰিছে হিন্দু ধৰ্মাৱলম্বী লোকৰ অন্যতম বৃহৎ উৎসৱ দুৰ্গাপূজাৰ দুটাকৈ আকৰ্ষণীয় পূজামণ্ডপ। তেওঁলোকৰ নিপুণ হাতৰ পৰশত প্ৰাণ পাই উঠিছে কেদাৰনাথ ধাম, কৈলাস পৰ্বত, শিৱলিংগৰ লগতে বাৰাণসীৰ ঘাটৰ মনোমোহা প্ৰতিচ্ছবি। শিল্পী ছফিকুল আৰু তেওঁৰ সহযোগীসকলৰ এই প্ৰচেষ্টাই পুনৰ এবাৰ প্ৰতিফলিত কৰিছে অসমীয়াৰ চিৰপৰিচিত সমন্বয় আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ ঐতিহ্য। 
 
খাৰুপেটীয়া দুৰ্গাপূজাৰ কেদাৰনাথ ধাম
 
আৱাজ-দ্য ভইচ'ৰ সৈতে হোৱা এক বাৰ্তালাপত নিজৰ কামৰ বিষয়ে উল্লেখ কৰি শিল্পী ছফিকুল ইছলামে কয়, "মই ২০১২ চনৰ পৰাই দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মাণৰ কামৰ সৈতে জড়িত হৈ আছো। প্ৰতিবছৰে মই ৩/৪ খন পূজাৰ মণ্ডপ নিৰ্মান কৰো, যদিও এইবাৰ খাৰুপেটীয়াত দুখন বৃহৎ পূজামণ্ডপ নিৰ্মাণৰ দায়িত্ব গ্ৰহণ কৰিছো। দুয়োটা মণ্ডপতে বিশেষ আকৰ্ষণ হিচাপে থাকিব পৰ্বত, গুহা, জলপ্ৰপাত আৰু বিভিন্ন ধৰ্মীয় স্থাপত্যৰ আৰ্হি। ইয়াৰে এটা মণ্ডপত ৪০ ফুট ওখ ডম্বৰুৰ লগতে এটা শিৱলিংগ নিৰ্মাণ কৰিছোঁ। শিৱলিংগটোক পঞ্চনাগে মেৰিয়াই ধৰা অৱস্থাত দেখুওৱা হৈছে। ইয়াৰ কাষতে এটা কৃত্ৰিম গুহা নিৰ্মাণ কৰা হৈছে। গুহাটোৰ ভিতৰত থাকিব ১৮ ফুট উচ্চতাৰ দেৱীৰ প্ৰতিমা। আনহাতে, খাৰুপেটীয়াৰ হনুমান মন্দিৰ প্ৰাংগণত নিৰ্মাণ কৰা দ্বিতীয়টো পূজামণ্ডপতো থাকিব বিশেষ চমক। ইয়াত কেদাৰনাথ ধামৰ আৰ্হিত প্ৰায় ৫০ ফুট উচ্চতাৰ মন্দিৰ নিৰ্মাণৰ লগতে ৩০ ফুট উচ্চতাৰ কৈলাস পৰ্বতৰ আৰ্হি প্ৰস্তুত কৰা হৈছে। ইয়াৰ পিছফালে থাকিব ৪০ ফুট উচ্চতাৰ ভগৱান শিৱৰ বিশাল প্ৰতিমূৰ্তি। শিৱৰ মূৰৰ পৰা বৈ অহা পানীৰে সৃষ্টি কৰা হ'ব দুটাকৈ প্ৰাকৃতিক জলপ্ৰপাতৰ দৰে দৃশ্য।" 
 
কেৱল সেয়াই নহয় বুলি উল্লেখ কৰি শিল্পী ছফিকুল ইছলামে লগতে কয় যে, এই পূজামণ্ডপত বাৰাণসীৰ বিখ্যাত ঘাটৰ আৰ্হিও নিৰ্মাণ কৰা হৈছে। ঘাটটোৰ চাৰিওফালে থাকিব কেইবাটাও সৰু-বৰ মন্দিৰ। পৰ্বত, গুহা, মন্দিৰ আৰু বৈ থকা পানীৰ সমাহাৰে সমগ্ৰ পূজামণ্ডপটোক এক আধ্যাত্মিক পৰিৱেশ প্ৰদান কৰাৰ চেষ্টা চলাইছে শিল্পীসকলে। 
 
অৱশ্যে, এই বিশাল আয়োজনৰ আটাইতকৈ উল্লেখযোগ্য দিশটো হ'ল ইয়াৰ আঁৰত থকা শিল্পীসকলৰ ধৰ্মীয় পৰিচয়। ছফিকুল ইছলামৰ লগতে তেওঁৰ দহগৰাকী সহযোগীও ইছলাম ধৰ্মাৱলম্বীৰ লোক। খাৰুপেটীয়াৰ বেছিমাৰী নগাঁৱৰ স্থানীয় কাৰিকৰসকলক লগত লৈ তেওঁ সম্পূৰ্ণ নিষ্ঠা আৰু আন্তৰিকতাৰে সাজি উলিয়াইছে হিন্দু ধৰ্মীয় বিশ্বাসৰ সৈতে জড়িত বিভিন্ন প্ৰতিমা আৰু মন্দিৰৰ আৰ্হি।
 
খাৰুপেটীয়া দুৰ্গাপূজাৰ মণ্ডপ নিৰ্মান কৰি থকা অৱস্থাৰ এক দৃশ্য
 
শিল্পী ছফিকুলে জনোৱা অনুসৰি, ১ ছেপ্টেম্বৰৰ পৰাই তেওঁলোকৰ দলে পূজাৰ মণ্ডপ নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। মণ্ডপ দুটাৰ বাবে নিৰ্ধাৰণ কৰা বাজেট হৈছে ক্ৰমে ১০ লাখ আৰু ৭ লাখ টকা। মণ্ডপ নিৰ্মাণত থলুৱা সামগ্ৰী ব্যৱহাৰ কৰাত বিশেষ গুৰুত্ব দিছে শিল্পীগৰাকীয়ে। তেওঁলোকে গাঁৱতে উপলদ্ধ বাঁহ, বস্তা, প্লাইউড আদি সামগ্ৰীৰ সহায়ত নিৰ্মাণ কৰি উলিয়াইছে বিশাল পৰ্বত, গুহা আৰু মন্দিৰৰ আৰ্হি। বিশেষকৈ কৃত্ৰিম গুহা নিৰ্মাণত বস্তাৰ বহুল ব্যৱহাৰ কৰা হৈছে।  
 
এই সন্দৰ্ভত ছফিকুলে কয়, "মই মণ্ডপ নিৰ্মাণত যিমান পাৰি থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিছোঁ। কিয়নো ইয়াৰ জৰিয়তে মই গাঁৱৰ মানুহৰ বাবেও উপাৰ্জনৰ বাট এটাও মুকলি কৰিব বিচাৰিছিলোঁ। স্থানীয় কাৰিকৰসকলেও যাতে কাম কৰাৰ সুযোগ লাভ কৰে, মই ইয়াৰ ওপৰতো গুৰুত্ব দিছোঁ।"
 
ইফালে, এনে ব্যতিক্ৰমী পূজামণ্ডপ নিৰ্মাণৰ আঁৰৰ উদ্দেশ্যৰ কথা প্ৰকাশ কৰিছে শিল্পীগৰাকীয়ে। তেওঁ কয়, "খাৰুপেটীয়াৰ আশে-পাশে পৰ্বত, প্ৰাকৃতিক জলপ্ৰপাত তথা গুহাৰ দৰে দৃশ্য দেখিবলৈ পোৱা নাযায়। এনে দৃশ্য উপভোগ কৰিবলৈ গাওঁখনৰ মানুহে বহু দূৰলৈ যাবলগীয়া হয়। কিন্তু আৰ্থিক বা অন্যান্য অসুবিধাৰ বাবে বহু গ্ৰামাঞ্চলৰ লোকে জীৱনত এবাৰো এনে স্থানলৈ যোৱাৰ সুযোগ নাপায়। সেইবাবে মই বিচাৰিছিলো যে, তেওঁলোকে যাতে ইয়ালৈ আহিয়েই সেই সকলোবোৰৰ আভাস পাব পাৰে। পূজামণ্ডপলৈ আহি মানুহে যেন তেওঁলোকৰ কল্পনাৰ বাহিৰৰ এক পৰিৱেশ অনুভৱ কৰিব পাৰে।"  
 
খাৰুপেটীয়া দুৰ্গাপূজাৰ শিৱ লিংগ আৰু গুহা 
 
দৰ্শনাৰ্থীক এক বাস্তৱসন্মত অভিজ্ঞতা প্ৰদান কৰিবলৈ পূজামণ্ডপসমূহত ব্যৱহাৰ কৰা হৈছে অত্যাধুনিক থ্ৰী-ডি ইফেক্ট। লগতে প্ৰাচীন যুগৰ মশ্বালৰ দৰে আলোকসজ্জা আৰু প্ৰকৃত পানীৰে কৃত্ৰিম জলপ্ৰবাহৰ ব্যৱস্থাও কৰা হৈছে। ইয়াৰ ফলত মন্দিৰ, গুহা আৰু পৰ্বতৰ দৃশ্যসমূহ অধিক জীৱন্ত হৈ উঠিব বুলি আশা কৰিছে শিল্পীগৰাকীয়ে। 
 
পেছাত এগৰাকী শিল্পী হোৱাৰ লগতে ছফিকুল ইছলাম সংগীতৰ প্ৰতিও বিশেষ আগ্ৰহী। তেওঁ নিজেও গান গায়। অৱশ্যে দুৰ্গাপূজাৰ সময়ছোৱাত পূজাৰ মণ্ডপ নিৰ্মাণৰ কামতেই অধিক ব্যস্ত হৈ পৰে তেওঁ।
 
ইফালে, পূজামণ্ডপ পৰিদৰ্শন কৰিবলৈ অহা ভক্ত আৰু দৰ্শনাৰ্থীৰ নিৰাপত্তাৰ বিষয়টো পূজা সমিতি আৰু স্থানীয় প্ৰশাসনে চোৱাচিতা কৰিব বুলি জানিবলৈ দিছে শিল্পী ছফিকুলে। সকলো লোকে যাতে সুকলমে মণ্ডপ পৰিদৰ্শন কৰিব পাৰে, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
 
খাৰুপেটীয়া দুৰ্গাপূজাৰ কৈলাশ পৰ্বত 
 
ধৰ্মত মুছলমান হ'লেও ছফিকুল ইছলাম আৰু তেওঁৰ সহযোগীসকলৰ শিল্পীসত্তা কোনো ধৰ্মীয় পৰিসীমাত আবদ্ধ নহয়। তেওঁলোকৰ হাতৰ পৰশত নিৰ্মিত হিন্দু দেৱ-দেৱীৰ প্ৰতীমা আৰু পূজামণ্ডপসমূহে কঢ়িয়াই আনিছে ভাতৃত্ববোধ, পাৰস্পৰিক সন্মান আৰু সহাৱস্থানৰ এক সুন্দৰ বাৰ্তা। 
 
ধৰ্মীয় বিভাজনৰ নানা চৰ্চাৰ মাজতে খাৰুপেটীয়াৰ এই দহগৰাকী মুছলমান কাৰিকৰ আৰু ছফিকুল ইছলামৰ প্ৰচেষ্টাই যেন পুনৰ এবাৰ সোঁৱৰাই দিছে, শিল্পৰ কোনো ধৰ্ম নাই, সম্প্ৰীতিৰ কোনো সীমা নাই। দুৰ্গাপূজাৰ এই মণ্ডপ দুটা সেয়ে কেৱল উৎসৱৰ আকৰ্ষণ নহয়, বৰং হিন্দু-মুছলমানৰ ঐক্য আৰু অসমৰ সমন্বয়ৰ সংস্কৃতিৰ এক জীৱন্ত প্ৰতীক।