বিনাপাৰাৰ উন্নয়ন কেৱল পঞ্চায়ত সচিবালয়তে সীমাবদ্ধ হৈ থকা নাই। গাঁওখনক এখন আধুনিক আৰু স্বাৱলম্বী গাঁও হিচাপে গঢ়ি তুলিবলৈ বিভিন্ন উন্নয়নমূলক কাম হাতত লোৱা হৈছে। ইতিমধ্যে গাঁওখনত সৌৰশক্তিচালিত ২৮টা ষ্ট্ৰীট লাইট স্থাপন কৰাৰ লগতে বাসিন্দাসকলৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ বাবে একাধিক সা-সুবিধা গঢ়ি তোলা হৈছে।
পঞ্চায়তৰ ভিতৰৰ দৃশ্য
গাঁওখনত ‘অন্নপূৰ্ণা ভৱন’ নামেৰে এটা ৰাজহুৱা বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। ইয়াৰ লগতে বৰষুণৰ পানী সংৰক্ষণৰ ব্যৱস্থা, শিশুসকলৰ বাবে ডিজিটেল শিক্ষণৰ সুবিধাসম্পন্ন আধুনিক পুথিভঁৰাল আৰু সামূহিক সভা-সমিতি অনুষ্ঠিত কৰাৰ বাবে এটা কেন্দ্ৰও গঢ়ি তোলা হৈছে।
শিক্ষাৰ ক্ষেত্ৰখনক অধিক উন্নত কৰাৰ উদ্দেশ্যে গাঁওখনত এখন আদৰ্শ বিদ্যালয় আৰু এটা অংগনৱাড়ী ভৱনৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰি ৰাজহুৱা শৌচাগাৰ, খেলপথাৰ, পকী পথ, ইণ্টাৰলকিং পথ, নলা-নৰ্দমাৰ সুসংগঠিত ব্যৱস্থা আৰু ঘৰে ঘৰে ব্যক্তিগত শৌচাগাৰৰ সুবিধা উপলব্ধ কৰা হৈছে।
পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰতো বিনাপাৰাই বিশেষ গুৰুত্ব দিছে। চহৰাঞ্চলৰ আৰ্হিত গাঁওখনৰ প্ৰতিটো ঘৰৰ পৰা আৱৰ্জনা সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে। আনহাতে, গাঁওবাসীৰ নিৰাপত্তাৰ দিশটো মনত ৰাখি এটা আৰক্ষী বিট কক্ষও স্থাপন কৰা হৈছে। বিশেষভাৱে উল্লেখযোগ্য যে, আধুনিক পঞ্চায়ত সচিবালয়টোও সৌৰশক্তিৰ সহায়ত পৰিচালিত হয়। ইয়াৰ জৰিয়তে গাঁওখনে কেৱল আধুনিক সুবিধা প্ৰদানতে নহয়, পৰিৱেশ অনুকূল আৰু বহনক্ষম উন্নয়নৰ দিশতো এক ইতিবাচক বাৰ্তা আগবঢ়াইছে।
অষ্টম শ্ৰেণীলৈকে পঢ়া আছলাম খানৰ উন্নয়নৰ সপোন
বিনাপাৰাৰ এই পৰিৱৰ্তনৰ আঁৰৰ মানুহজন, গাঁওপ্ৰধান আছলাম খানৰ জীৱনযাত্ৰাও যথেষ্ট প্ৰেৰণাদায়ক। এসময়ত পুৰণি সামগ্ৰী আৰু পেলনীয়া লোহা-লক্কৰৰ ব্যৱসায়ৰ সৈতে জড়িত আছলাম খানে মাত্ৰ অষ্টম শ্ৰেণীলৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু সীমিত শিক্ষাগত অৰ্হতাই তেওঁৰ চিন্তা বা সপোনক সীমাবদ্ধ কৰি ৰাখিব পৰা নাছিল। আছলাম খানৰ মতে, নিজৰ গাঁওখনৰ প্ৰতি থকা গভীৰ মৰম আৰু দায়বদ্ধতাই তেওঁক উন্নয়নৰ কামত আত্মনিয়োগ কৰিবলৈ অনুপ্ৰাণিত কৰিছে।
নিজে উচ্চশিক্ষা গ্ৰহণ কৰাৰ সুযোগ নাপালেও গাঁওখনৰ শিশুসকলে যাতে উন্নত শিক্ষাৰ সুযোগ লাভ কৰিব পাৰে, তাৰ বাবে তেওঁ এখন আধুনিক পুথিভঁৰাল স্থাপন কৰিছে। ডিজিটেল শিক্ষণৰ সুবিধাৰে সমৃদ্ধ এই পুথিভঁৰালটোৱে শিশুসকলৰ জ্ঞান আহৰণৰ পথ অধিক প্ৰশস্ত কৰিব বুলি আশা কৰা হৈছে। তেওঁৰ মূল লক্ষ্য হৈছে, গাঁওখনৰ প্ৰতিগৰাকী বাসিন্দাৰ বাবে শিক্ষা, চৰকাৰী সেৱা আৰু অন্যান্য অত্যাৱশ্যকীয় সা-সুবিধা সহজলভ্য কৰি তোলা।
অৱশ্যে ইমানখিনি উন্নয়ন সাধন কৰিও আছলাম খান সন্তুষ্ট হৈ ৰোৱা নাই। তেওঁৰ মতে, গাঁওখনৰ উন্নয়নৰ যাত্ৰা এতিয়াও সম্পূৰ্ণ হোৱা নাই। ভৱিষ্যতে সচিবালয় চৌহদত এটা ব্যায়ামাগাৰ আৰু এখন ক্ষুদ্ৰ ষ্টেডিয়াম নিৰ্মাণ কৰাৰ পৰিকল্পনাও তেওঁৰ আছে। এই সপোনসমূহ বাস্তৱায়িত কৰিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিছে।
বিনাপাৰা গাঁৱত ৰূপায়ণ কৰা উন্নয়নমূলক কাম-কাজে আজমগড় জিলাৰ মুখ্য উন্নয়ন বিষয়া (চিডিঅ’) পৰীক্ষিত খাটানাৰেও প্ৰশংসা লাভ কৰিছে। তেওঁ গাঁওখনৰ উন্নয়নৰ আৰ্হিক আদৰণি জনাই কয় যে, জিলাখনৰ আন গাঁও পঞ্চায়তসমূহতো অনুৰূপ ব্যৱস্থা গঢ়ি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব। লগতে তেওঁ আন গাঁওপ্ৰধানসকলকো বিনাপাৰাৰ পৰা অনুপ্ৰেৰণা লৈ নিজ নিজ অঞ্চলত আধুনিক গাঁও সচিবালয় স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে।
চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সেৱা, ডিজিটেল সুবিধা, আধুনিক শিক্ষাৰ ব্যৱস্থা আৰু সামূহিক আন্তঃগাঁথনি একেটা পৰিসৰৰ ভিতৰত সন্নিৱিষ্ট কৰি বিনাপাৰাই গ্ৰামোন্নয়নৰ এক নতুন দিশ উন্মোচন কৰিছে। গাঁওখনে দেখুৱাই দিছে যে, এখন পঞ্চায়ত সচিবালয় কেৱল প্ৰশাসনিক কাম-কাজ চলোৱা কাৰ্যালয়তেই সীমাবদ্ধ থাকিব নালাগে। সঠিক পৰিকল্পনা, আন্তৰিকতা আৰু দূৰদৰ্শী নেতৃত্ব থাকিলে ই গাঁওবাসীৰ দৈনন্দিন প্ৰয়োজন পূৰণৰ লগতে সামগ্ৰিক উন্নয়নৰ এক প্ৰাণকেন্দ্ৰলৈ ৰূপান্তৰিত হ’ব পাৰে।
বিনাপাৰাৰ এই সফলতাই যেন এক কথাই সোঁৱৰাই দিছে, উন্নয়নৰ বাবে কেৱল বৃহৎ চহৰ বা বিপুল সম্পদৰ প্ৰয়োজন নহয়; প্ৰয়োজন মাথোঁ সদিচ্ছা, সঠিক পৰিকল্পনা আৰু নিজৰ সমাজখনৰ প্ৰতি গভীৰ দায়বদ্ধতা।