কৰ্ণাটকৰ যক্ষগানঃ মুছলমান শিল্পী আৰ্ছিয়া খানে ৰূপায়ণ কৰিলে দেৱীৰ চৰিত্ৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
মুছলমান শিল্পী আৰ্ছিয়া খান
মুছলমান শিল্পী আৰ্ছিয়া খান
 
শিৰীষ খড়ে
 
মেংগালুৰুৰ কদৰী মঞ্জুনাথ মন্দিৰত 'দেৱী মাহাত্ম্য'ৰ এক প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। আঠখন হাত থকা শ্ৰীদেৱীৰ মুকুট পিন্ধি অভিনয় কৰিছিল আৰ্ছিয়া খানে, যাক যক্ষগানৰ জগতখনত 'তানু ভিটলা' নামেৰে জনা যায়। তেওঁ এগৰাকী মুছলমান মহিলা আৰু তেওঁ যিগৰাকী দেৱীৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল, তেওঁ হিন্দু বিশ্বাসৰ আৰাধ্য দেৱী। এই প্ৰদৰ্শনীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। কিন্তু ইয়াক কেৱল এক ব্যতিক্ৰমী ঘটনা বুলি গণ্য কৰি আগবাঢ়ি গ'লে যক্ষগানৰ মূল সত্তাটোক আওকাণ কৰা হ'ব। এই কলাবিধে সম্প্ৰদায়বোৰক কোনো বিশেষ ঘোষণাৰে একত্ৰিত নকৰে। ই প্ৰতিগৰাকী ব্যক্তিক কিবা নহয় কিবা এটা কাম দিয়ে: কাৰোবাক চৰিত্ৰ, কাৰোবাক তাল, আকৌ কাৰোবাক চোতালত বহি উপভোগ কৰাৰ স্থান।
 
যক্ষগানৰ কাহিনীবোৰ ৰামায়ণ, মহাভাৰত আৰু পুৰাণৰ পৰা লোৱা হয়। ইয়াৰ মঞ্চত দেৱতা, অসুৰ, ৰজা আৰু যোদ্ধাই প্ৰৱেশ কৰে। কিন্তু এই কাহিনীবোৰ পৰিৱেশন কৰা শিল্পী আৰু দৰ্শকৰ পৰিচয় কেতিয়াও একে নহয়। কোনোবাই সৰুতে বিদ্যালয়ৰ বাৰ্ষিক অনুষ্ঠানৰ জৰিয়তে এই কলাৰ সৈতে পৰিচিত হয়, কোনোবাই উপাৰ্জনৰ বাবে বিদেশলৈ গৈয়ো ইয়াৰ টানত উভতি আহে, আৰু কোনো পৰিয়ালে আকৌ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নিজৰ ঘৰত ইয়াৰ প্ৰদৰ্শনী পাতি আহিছে। পথবোৰ বেলেগ হ'ব পাৰে, কিন্তু এই তিনিওখন ক্ষেত্ৰতে হিন্দু, মুছলমান আৰু খ্ৰীষ্টান - এই তিনিওটা সম্প্ৰদায়ৰ উপস্থিতি বিদ্যমান।
কুন্দাপুৰৰ সমীপৱৰ্তী কভ্ৰাডীৰ মহম্মদ গৌছে যোৱা পাঁচ দশক ধৰি যক্ষগান পৰিৱেশন কৰি আহিছে। পৰিয়ালে তেওঁক কামৰ সন্ধানত ছৌদি আৰৱলৈ পঠিয়াইছিল। তাত সাত বছৰ কটোৱাৰ পিছতো এই কলাৰ প্ৰতি তেওঁৰ টান অকণো কমা নাছিল। তেওঁ উভতি আহি পুনৰ যক্ষগানত সক্ৰিয় হৈ পৰে।
 
মদনক্কী বীৰভদ্ৰেশ্বৰ যক্ষগান মণ্ডলীৰ সৈতে তেওঁ অৰ্জুন আৰু ভস্মাসুৰৰ দৰে চৰিত্ৰ ৰূপায়ণ কৰিছে। এফালে মহাভাৰতৰ শ্ৰেষ্ঠ ধনুৰ্ধৰ আৰু আনফালে সেই অসুৰ যাৰ পতন কাহিনীৰ মূল আধাৰ। তেওঁ উপকূলীয় কৰ্ণাটকত প্ৰচলিত যক্ষগানৰ দুয়োটা প্ৰধান শৈলী, 'তেংকুতিট্টু' আৰু 'বডগুটিট্টু'-ত অভিনয় কৰিছে। দুয়োটা শৈলীতে দক্ষতা অৰ্জন কৰাটোৱেই প্ৰমাণ কৰে যে এই সম্পৰ্ক কেৱল কেইটামান প্ৰদৰ্শনীৰ নহয়, বৰং সমগ্ৰ জীৱনৰ।
 
অৱশ্যে এই আন্তৰিকতাৰ মূল্যও তেওঁ ভৰিবলগীয়া হৈছিল। গৌছৰ মতে, যক্ষগানৰ সৈতে থকা তেওঁৰ সম্পৰ্কৰ বাবে একাংশ আত্মীয়ই তেওঁৰ পৰা দূৰত্ব বজাই ৰাখিছিল আৰু ইয়াৰ প্ৰভাৱ তেওঁৰ পৰিয়ালৰ ওপৰতো পৰিছিল। তথাপি তেওঁ এই কলা এৰি নিদিলে। তেওঁ কয়, "জাতি আৰু ধৰ্ম মানুহে সৃষ্টি কৰা।" তেওঁ শেষ নিশ্বাসলৈকে যক্ষগানৰ সৈতে জড়িত হৈ থাকিব বিচাৰে। এই কথা কোনো বাহিৰা দৰ্শকৰ নহয়, বৰং প্ৰশিক্ষণ, প্ৰদৰ্শন আৰু বহুতো ঘাট-প্ৰতিঘাতৰ মাজেৰে জীৱন অতিবাহিত কৰা এজন ব্যক্তিৰ অন্তৰৰ অনুভৱ।
 
মুছলমান শিল্পী আৰ্ছিয়া খানে ৰূপায়ণ কৰিলে দেৱীৰ চৰিত্ৰ 
 
আনহাতে, আৰ্ছিয়াৰ আৰম্ভণি আছিল কিছু সুকীয়া ধৰণৰ। ভিটলাৰ ওচৰৰ মাডাত শৈশৱত নিজৰ এলেকাত যক্ষগানৰ প্ৰদৰ্শনী দেখি তেওঁ ইয়াৰ প্ৰতি আকৰ্ষিত হৈছিল। প্ৰায় দহ বছৰ বয়সতে এজন বিদ্যালয়ৰ শিক্ষকে বাৰ্ষিক অনুষ্ঠানৰ বাবে তেওঁক এই কলা শিকাইছিল। অৰ্থাৎ, তেওঁৰ বাবে যক্ষগানৰ প্ৰথমখন দুৱাৰ কোনো মন্দিৰ বা কলা-ঘৰানাৰ নাছিল, আছিল এখন বিদ্যালয়ৰ। পৰৱৰ্তী সময়ত তেওঁ মেংগালুৰুৰ কদলী কলা কেন্দ্ৰত প্ৰশিক্ষণ লয় আৰু 'তানু ভিটলা' নামেৰে মঞ্চত নিজৰ পৰিচয় গঢ়ি তোলে।
 
তেওঁৰ সকলোতকৈ প্ৰিয় আছিল 'বন্নদা বেশা', অৰ্থাৎ ৰঙীন সাজ-পোছাক পিন্ধা অসুৰ আৰু খলনায়কৰ চৰিত্ৰসমূহ। তেওঁ মহিষাসুৰ, শুম্ভ-নিশুম্ভ আৰু ৰক্তবীজৰ দৰে চৰিত্ৰ নিখুঁতভাৱে ৰূপায়ণ কৰিছিল। তেওঁ 'চেণ্ডে' নামৰ তালবাদ্যবিধো শিকিব বিচাৰিছিল। অৰ্থাৎ, তেওঁ কেৱল মঞ্চৰ জিলিকি থকা অংশটোতেই নহয়, নেপথ্যৰ কঠোৰ পৰিশ্ৰমৰ মাজতো নিজৰ স্থান বিচাৰিছিল।
 
ইয়াত এটা কথা মন কৰিবলগীয়া। দেৱী মাহাত্ম্যৰ কাহিনীত মহিষাসুৰ, নিশুম্ভ আৰু ৰক্তবীজ হ'ল দেৱীৰ প্ৰধান শত্ৰু। আৰ্ছিয়াও এই অসুৰবোৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল আৰু এতিয়া দেৱীৰ ৰূপতো মঞ্চত অৱতীৰ্ণ হৈছে।
 
যক্ষগানত দেৱতা আৰু অসুৰ, দুয়োটা চৰিত্ৰকে কোনোবা নহয় কোনোবা শিল্পীয়ে ফুটাই তোলে আৰু এই সাধনাৰ একমাত্ৰ চৰ্ত হ'ল কঠোৰ অনুশীলন (ৰেৱাজ), শিল্পীগৰাকীৰ ধৰ্মীয় পৰিচয় নহয়। পিছে মঞ্চৰ বাহিৰত এই যাত্ৰা সদায় সহজ নাছিল। আৰ্ছিয়াই নিজৰ সম্প্ৰদায়ৰ কিছু লোকৰ আপত্তিৰ সন্মুখীন হ'বলগীয়া হৈছিল, অৱশ্যে পৰিয়ালে তেওঁক পূৰ্ণ সমৰ্থন দিছিল। যক্ষগানত মহিলাৰ অংশগ্ৰহণ সাধাৰণতে সীমিত, সেয়েহে তেওঁৰ সন্মুখত ধৰ্মৰ লগতে লিংগ বৈষম্যৰো প্ৰত্যাহ্বান আছিল।
 
মুছলমান শিল্পী আৰ্ছিয়া খানে ৰূপায়ণ কৰিলে দেৱীৰ চৰিত্ৰ 
 
যক্ষগানৰ এই সম্পৰ্ক কেৱল শিল্পীসকলৰ মাজতেই আৱদ্ধ নহয়। উডুপিৰ মালপে এলেকাত 'বাদনিডিয়ুৰ গণজন যক্ষগান কলা সংঘ'ৰ চিম্মেলা মণ্ডলীয়ে নৱৰাত্ৰিৰ সময়ত বিভিন্ন পৰিয়ালৰ আমন্ত্ৰণমৰ্মে তেওঁলোকৰ ঘৰত গৈ প্ৰদৰ্শনী কৰে। এই পৰম্পৰা ছয় দশকতকৈও পুৰণি। এই মণ্ডলীটো হিন্দু পৰিয়ালৰ লগতে মুছলমান আৰু খ্ৰীষ্টান পৰিয়ালৰ ঘৰলৈকো যায়। ইয়াতেই যক্ষগান কেৱল মঞ্চত আৱদ্ধ নাথাকি মানুহৰ ঘৰৰ চোতাললৈ গতি কৰে।
 
ৱাডাভাণ্ডেশ্বৰৰ ছৰফৰাজে এই পৰম্পৰাৰ বিষয়ে কয়, "আমাৰ পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি যক্ষগান উপভোগ কৰি আহিছে।" তেওঁৰ মতে, গণজন যক্ষগান মণ্ডলীয়ে তেওঁৰ ককাকৰ দিনৰ পৰাই প্ৰদৰ্শনী কৰি আহিছে আৰু পৰিয়ালৰ সকলোৱে একেলগে বহি চিম্মেলা উপভোগ কৰে।
 
এই প্ৰসংগৰ আটাইতকৈ বিশেষ কথাটো হ'ল ইয়াৰ সৰলতা। ইয়াত কোনেও উমৈহতীয়া সংস্কৃতিৰ শ্ল’গান দিয়া নাই বা কোনো অভিযান চলোৱা নাই। এফালে আমন্ত্ৰণ আহে, আনফালে মণ্ডলী উপস্থিত হয়গৈ। যি সম্পৰ্ক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি গঢ় লৈ উঠে, তাক ককাকৰ দিনৰ উদাহৰণ দিহে বুজাব পাৰি, কোনো বিশেষ আদৰ্শৰ দোহাই দি নহয়।
 
এই তিনিওটা কাহিনী একেলগ কৰিলে এটা সুন্দৰ চিত্ৰ ফুটি উঠে। মঞ্চত গৌছে চৰিত্ৰ ফুটাই তুলিব লাগে, আৰ্ছিয়াই তাল আৰু অভিনয়ৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু ছৰফৰাজৰ পৰিয়ালে কেৱল একেলগে বহি উপভোগ কৰিব লাগে। প্ৰতিখন ঠাইতে দাবী কেৱল কলাৰ, পৰিচয়ৰ প্ৰমাণ-পত্ৰৰ প্ৰয়োজন ক'তো নাই। যেতিয়া প্ৰথম অগ্ৰাধিকাৰ কলাৰ হয়, তেতিয়া হিন্দু, মুছলমান আৰু খ্ৰীষ্টান— সকলো একেটা পৰম্পৰাৰ অংশীদাৰ হ'ব পাৰে; সেয়া লাগিলে কোনোবা শিল্পী হিচাপে জড়িত হওক, কোনোবাই মণ্ডলী আমন্ত্ৰণ কৰক বা কোনোবাই প্ৰজন্ম ধৰি পৰিয়ালৰ সৈতে বহি উপভোগ কৰক।
 
মুছলমান শিল্পী আৰ্ছিয়া খানে ৰূপায়ণ কৰিলে দেৱীৰ চৰিত্ৰ 
 
তথাপি, যক্ষগানক এনে এখন পৃথিৱী হিচাপে উপস্থাপন কৰাটো ভুল হ'ব য'ত ধৰ্ম আৰু সম্প্ৰদায়ৰ প্ৰশ্ন কেতিয়াও নুঠে। গৌছ আৰু আৰ্ছিয়া দুয়োৱে বিৰোধিতাৰ সন্মুখীন হৈছে। কোনো এক পৰম্পৰাৰ সৈতে জড়িত হোৱাৰ ইচ্ছা আৰু নিজৰ সমাজত ইয়াৰ গ্ৰহণযোগ্যতা সদায় একেলগে নাযায়। কিন্তু তেওঁলোকৰ অভিজ্ঞতাই এই কথাও প্ৰমাণ কৰে যে ধৰ্মীয় পৰিচয় সদায় শেষ সীমা বা প্ৰাচীৰ হৈ নাথাকে।
 
যক্ষগানৰ প্ৰকৃত শক্তি এইটো নহয় যে ই নিজৰ কাহিনী বা শিপা সলনি কৰি পেলায়। কাহিনীবোৰ একেই থাকে, দেৱতাও একেই, অসুৰো একেই। ইয়াৰ আচল শক্তি হ'ল- সেই একেবোৰ কাহিনীকে মঞ্চত উপস্থাপন কৰা, চোৱা আৰু নিজৰ ঘৰলৈ আমন্ত্ৰণ জনোৱা লোকসকল বিভিন্ন সম্প্ৰদায়ৰ হ'ব পাৰে। পৰিচয় কেতিয়াও মচ নাখায়, কিন্তু সকলোৰে মাজত এখন উমৈহতীয়া মিলনভূমি গঢ় লৈ উঠে। যক্ষগানৰ প্ৰকৃত সামাজিক গুৰুত্ব ইয়াতেই নিহিত হৈ আছে।
 
(শিৰীষ খড়ে এজন ফ্ৰীলান্স লেখক আৰু সাংবাদিক। তেওঁ গ্ৰাম্য ভাৰত, সামাজিক জীৱন, গ্ৰাম্য জীৱিকা, প্ৰব্ৰজন আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ সৈতে জড়িত বিষয়ত লেখা-মেলা কৰে। তেওঁৰ প্ৰকাশিত হিন্দী গ্ৰন্থসমূহৰ ভিতৰত 'এক দেশ বাৰহ দুনিয়া' আৰু গল্প সংকলন 'নদী সিন্দূৰী' অন্যতম।)


শেহতীয়া খবৰ