বিশ্বজুৰি দ্ৰুতগতিত বৃদ্ধি পাব মুছলমান জনসংখ্যাঃ কিন্তু ব্যতিক্ৰম ভাৰত; হ্ৰাস পাইছে প্ৰজননৰ হাৰ

Story by  atv | Posted by  Munni Begum • 4 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
বিদুশী গৌৰ / নতুন দিল্লী
 
অহা পাঁচটা দশকত বিশ্বৰ জনগাঁথনিত এক বৃহৎ পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। বিশ্বখ্যাত গৱেষণা সংস্থা ‘পিউ ৰিচাৰ্চ চেণ্টাৰ’-ৰ এক নতুন প্ৰতিবেদন অনুসৰি, অহা ৫০ বছৰত সমগ্ৰ বিশ্বতে আন যিকোনো প্ৰধান ধৰ্মীয় সম্প্ৰদায়তকৈ মুছলমান জনসংখ্যা অধিক দ্ৰুতগতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। কিন্তু এই গোলকীয় প্ৰৱণতাৰ বিপৰীতে ভাৰতৰ জনগাঁথনিয়ে এক অধিক সূক্ষ্ম আৰু তাৎপৰ্যপূৰ্ণ ছবিহে দাঙি ধৰিছে- য’ত মুছলমান সম্প্ৰদায়ৰ মাজত প্ৰজননৰ হাৰ হ্ৰাস পোৱাৰ লগতে জনসংখ্যা বৃদ্ধিৰ গতিও ক্ৰমাৎ মন্থৰ হৈ পৰিছে।
 
২০২৬ চনৰ ১৮ নৱেম্বৰত প্ৰকাশিত ‘দ্য ফিউচাৰ অৱ ৱৰ্ল্ড ৰিলিজিয়নছ: পপুলেচন গ্ৰ’থ প্ৰজেকচনছ, ২০২০-২০৭০’ শীৰ্ষক প্ৰতিবেদনখনত অনুমান কৰা হৈছে যে ২০২০ চনৰ পৰা ২০৭০ চনৰ ভিতৰত বিশ্বৰ মুছলমান জনসংখ্যা ৮০ শতাংশ বৃদ্ধি পাব। একে সময়ছোৱাত অমুছলমান জনসংখ্যা ১১ শতাংশ বৃদ্ধি পাব বুলি পূৰ্বানুমান কৰা হৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
যদিহে এই ধাৰা অব্যাহত থাকে, তেন্তে ২০৭০ চনৰ ভিতৰত বিশ্বত মুছলমান লোকৰ সংখ্যা প্ৰায় ৩৬০ কোটি হ’বগৈ, যি বিশ্বৰ মুঠ জনসংখ্যাৰ ৩৬ শতাংশ হ’ব। উল্লেখ্য যে ২০২০ চনত এই অংশীদাৰিত্ব আছিল প্ৰায় ২৬ শতাংশ। প্ৰতিবেদনখনত এইটোও পূৰ্বানুমান কৰা হৈছে যে ২০৩৫ চনৰ ভিতৰত খ্ৰীষ্টান ধৰ্মক অতিক্ৰম কৰি ইছলাম বিশ্বৰ সৰ্ববৃহৎ ধৰ্মীয় গোষ্ঠীত পৰিণত হ’ব পাৰে।
 
পিউ ৰিচাৰ্চৰ মতে, ছাব-ছাহাৰান আফ্ৰিকাত মুছলমান জনসংখ্যাৰ বৃদ্ধি বিশেষভাৱে লক্ষণীয় হ’ব। এই অঞ্চলটোত মুছলমান লোকৰ সংখ্যা ২০২০ চনৰ ৩৬.৯ কোটিৰ পৰা ২০৭০ চনত প্ৰায় ৯৮ কোটিলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।
 
২০৭০ চনৰ ভিতৰত বিশ্বৰ মুঠ মুছলমান জনসংখ্যাৰ ২৭ শতাংশ কেৱল এই অঞ্চলটোতেই থাকিব বুলি আশা কৰা হৈছে, যি ২০২০ চনত ১৮ শতাংশ আছিল। এই পৰিৱৰ্তনে আফ্ৰিকাক মুছলমান জনসংখ্যা বৃদ্ধিৰ এক ক্ৰমবৰ্ধমান গুৰুত্বপূৰ্ণ কেন্দ্ৰ কৰি তুলিব।
 
ইউৰোপতো মুছলমান জনসংখ্যাৰ অনুপাত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ইউৰোপৰ মুঠ জনসংখ্যাত মুছলমানসকলৰ অংশ ২০২০ চনৰ ৬ শতাংশৰ পৰা ২০৭০ চনত ১৩ শতাংশলৈ বৃদ্ধি পাব পাৰে। আনহাতে, উত্তৰ আমেৰিকাত মুছলমান জনসংখ্যা তিনিগুণতকৈও অধিক বৃদ্ধি পাই প্ৰায় ৬০ লাখৰ পৰা ২ কোটি হ’ব বুলি অনুমান কৰা হৈছে।
 
বিশেষকৈ ইউৰোপ আৰু উত্তৰ আমেৰিকাত হ’বলগীয়া এই পৰিৱৰ্তনসমূহত প্ৰব্ৰজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। অৱশ্যে পিউ ৰিচাৰ্চে এই সম্ভাব্য বৃদ্ধিৰ আঁৰত দুটা প্ৰধান জনগাঁথনিগত কাৰক চিনাক্ত কৰিছেঃ তুলনামূলকভাৱে কম বয়সীয়া জনসংখ্যা আৰু উচ্চ প্ৰজননৰ হাৰ।
 
২০২০ চনত বিশ্বজুৰি প্ৰতি ১০ জন মুছলমানৰ ভিতৰত প্ৰায় ৬ জনৰে বয়স আছিল ৩০ বছৰৰ তলত। এই কম বয়সীয়া জনগাঁথনিৰ অৰ্থ হ’ল- সম্প্ৰদায়টোৰ এক বৃহৎ অংশ সন্তান জন্ম দিয়াৰ উপযুক্ত বয়সত উপনীত হৈছে বা হোৱাৰ পথত আছে, যিয়ে জনসংখ্যা বৃদ্ধিত অৰিহণা যোগাইছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
২০২০-২০২৫ বৰ্ষৰ বাবে মুছলমানসকলৰ মাজত গোলকীয় প্ৰজননৰ হাৰ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে ৩.১ টা সন্তান বুলি অনুমান কৰা হৈছে, যাৰ বিপৰীতে অমুছলমানসকলৰ মাজত এই হাৰ ২.০ টা। ছাব-ছাহাৰান আফ্ৰিকাত এই পাৰ্থক্য বিশেষভাৱে স্পষ্ট, য’ত মুছলমান মহিলাসকলৰ আনুমানিক প্ৰজননৰ হাৰ হৈছে ৫.১ টা সন্তান।
 
প্ৰতিবেদনখনত এইটোও উল্লেখ কৰা হৈছে যে ধৰ্ম পৰিৱৰ্তনে সামগ্ৰিক মুছলমান জনসংখ্যাত তুলনামূলকভাৱে সামান্য প্ৰভাৱহে পেলায়। আনুমানিক ৯৯ শতাংশ লোকেই, যিসকল মুছলমান হিচাপে ডাঙৰ-দীঘল হৈছে, প্ৰাপ্তবয়স্ক অৱস্থাতো ইছলাম ধৰ্মৰ পৰিচয়েই বহন কৰি আহিছে।
 
গোলকীয় ছবিখনে য’ত দ্ৰুত বৃদ্ধিৰ ইংগিত দিছে, তাত ভাৰতৰ মুছলমান জনসংখ্যাক লৈ চলা আলোচনাসমূহে প্ৰায়ে এক ভিন্ন প্ৰৱণতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে- আৰু সেয়া হৈছে জনসংখ্যা বৃদ্ধিৰ হাৰ ক্ৰমাৎ হ্ৰাস পোৱা।
 
ইয়াত জনসংখ্যা হ্ৰাস পোৱা আৰু জনসংখ্যা বৃদ্ধিৰ হাৰ হ্ৰাস পোৱাৰ মাজৰ পাৰ্থক্যটো বুজি পোৱাটো জৰুৰী। সংখ্যাগতভাৱে ভাৰতৰ মুছলমান জনসংখ্যা হ্ৰাস পোৱা নাই; বৰং পৰৱৰ্তী দশকসমূহত ইয়াৰ বৃদ্ধিৰ হাৰ যথেষ্ট মন্থৰ হৈ পৰিছে।
 
২০১১ চনৰ লোকপিয়ল অনুসৰি, ভাৰতৰ মুছলমান জনসংখ্যা আছিল প্ৰায় ১৭.২ কোটি, যি দেশৰ মুঠ জনসংখ্যাৰ ১৪.২ শতাংশ। ২০০১ চনত এই পৰিসংখ্যা আছিল ১৩.৪ শতাংশ।
 
পিউ ৰিচাৰ্চৰ শেহতীয়া অনুমান মতে, ২০২০ চনত ভাৰতৰ মুছলমান জনসংখ্যা প্ৰায় ২১.৩ কোটি। সংস্থাটোৰ পূৰ্বানুমান অনুসৰি ২০৭০ চনৰ ভিতৰত এই সংখ্যা ৩৩.৪ কোটিত উপনীত হ’ব পাৰে, যাৰ ফলত পাকিস্তানৰ পাছতেই ভাৰত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ মুছলমান জনসংখ্যা থকা দেশত পৰিণত হ’ব।
 
ভাৰতৰ মুঠ জনসংখ্যাত মুছলমানসকলৰ অংশীদাৰিত্বও ২০২০ চনৰ ১৫.২ শতাংশৰ পৰা ২০৭০ চনত প্ৰায় ১৯.৬ শতাংশলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। অৱশ্যে প্ৰায় ৭৬ শতাংশ জনসংখ্যাৰে হিন্দুসকলেই দেশৰ সৰ্ববৃহৎ ধৰ্মীয় সম্প্ৰদায় হৈ থাকিব বুলি আশা কৰা হৈছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
ভাৰতত ঘটা অন্যতম গুৰুত্বপূৰ্ণ পৰিৱৰ্তনটো হ’ল যে সকলো ধৰ্মীয় সম্প্ৰদায়ৰ মাজতেই প্ৰজননৰ হাৰ হ্ৰাস পাইছে আৰু দীৰ্ঘম্যাদীভাৱে আটাইতকৈ তীব্ৰ হ্ৰাস মুছলমানসকলৰ মাজতেই নথিভুক্ত কৰা হৈছে।
 
ভাৰতৰ ধৰ্মীয় গাঁথনিৰ ওপৰত পিউ ৰিচাৰ্চে চলোৱা ২০২১ চনৰ এক অধ্যয়নত দেখা গৈছিল যে প্ৰতিগৰাকী মুছলমান মহিলাৰ গড় সন্তানৰ সংখ্যা ১৯৯২ চনৰ ৪.৪ ৰ পৰা ২০১৫ চনত ২.৬ লৈ হ্ৰাস পাইছে।
 
ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ-৫ (২০১৯-২১)-ত এই হাৰ অধিক হ্ৰাস পোৱাটো নথিভুক্ত কৰা হৈছে, য’ত মুছলমানসকলৰ প্ৰজননৰ হাৰ প্ৰতিগৰাকী মহিলাৰ বিপৰীতে ২.৩ টা সন্তানলৈ নামি আহিছে। ইয়াৰ বিপৰীতে হিন্দুসকলৰ মাজত এই হাৰ আছিল ১.৯৪, আনহাতে ভাৰতৰ সামগ্ৰিক প্ৰজননৰ হাৰ প্ৰায় ২.০ লৈ হ্ৰাস পাইছিল।
 
এই ক্ৰমবৰ্ধমান সামঞ্জস্যই ইংগিত দিয়ে যে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত প্ৰজননৰ হাৰৰ পাৰ্থক্য ক্ৰমে কমি আহিছে। শিক্ষাৰ প্ৰসাৰ, স্বাস্থ্যসেৱাৰ সুবিধা, পৰিয়াল পৰিকল্পনা আৰু নগৰীয়া সা-সুবিধাসমূহৰ অধিক উপলব্ধতা এই বৃহত্তৰ জনগাঁথনিগত পৰিৱৰ্তনৰ সৈতে জড়িত অন্যতম প্ৰধান কাৰক।
 
প্ৰজননৰ হাৰ উল্লেখনীয়ভাৱে হ্ৰাস হোৱাৰ ফলত দেশত মুছলমান আৰু হিন্দু সম্প্ৰদায়ৰ জনসংখ্যা বৃদ্ধিৰ হাৰৰ মাজৰ ব্যৱধানো যথেষ্ট হ্ৰাস পাইছে। লোকপিয়লৰ তথ্যই ইয়াৰ স্পষ্ট ছবি দাঙি ধৰেঃ ১৯৯১-২০০১ দশকত ২৯.৩ শতাংশ থকা মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ২০০১-২০১১ দশকত ২৪.৭ শতাংশলৈ হ্ৰাস পাইছে।