আছহাৰ আলম
কিছুমান উৎসৱ সেইসকল মানুহৰ বাবে বিশেষ হৈ পৰে, যিসকলে আমাক আপোনজনৰ দৰে অনুভৱ কৰায়। দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াত ছাত্ৰাৱস্থাত ময়ো ঠিক তেনে এক অভিজ্ঞতাৰ সাক্ষী হৈছিলো। বন্ধু বালমুকুন্দ ঠাকুৰৰ সৈতে দীপাৱলী উদযাপনৰ সেই মুহূৰ্ত আজিও মোৰ জীৱনৰ এক অমূল্য স্মৃতি।
স্নাতক পৰ্যায়ত পঢ়ি থকাৰ সময়ত মোৰ বহু সহপাঠী আছিল। কিন্তু বালমুকুন্দৰ সৈতে, যাক মই মৰমতে মুকুন্দ বুলি মাতিছিলো, মোৰ বন্ধুত্ব আছিল অলপ বেলেগ ধৰণৰ। আমাৰ মাজত আছিল এক বিশেষ বন্ধন। ক্লাছৰ পিছত ঘণ্টাৰ পিছত ঘণ্টা আমি একেলগে সময় কটাইছিলো। দৈনন্দিন জীৱনৰ নানা বিষয়ৰ পৰা আৰম্ভ কৰি সমাজ, সংস্কৃতি আৰু জীৱনৰ বিষয়ে আমি কিমান যে আলোচনা কৰিছিলো! কিছুমান বিষয়ত আমাৰ মতানৈক্যও আছিল। কিন্তু সেই মতৰ অমিলবোৰে কেতিয়াও আমাৰ বন্ধুত্বত দূৰত্বৰ সৃষ্টি কৰা নাছিল। বৰং এই বন্ধুত্বই মোক শিকাইছিল যে মানুহৰ মাজত মতানৈক্য থাকিলেও যে দূৰত্বৰ সৃষ্টি হ’ব, তেনে কোনো কথা নাই।
প্ৰতিনিধিত্বমূলক ছবি
২০১৯ চনৰ কথা, দীপাৱলী সমাগত। সেই সময়ত মুকুন্দ এক অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈছিল। বিশ্ববিদ্যালয়ৰ বন্ধ আছিল মাত্ৰ কেইদিনমানৰ। ফলস্বৰূপে তাৰ বাবে ঘৰলৈ উভতি যোৱাটো সম্ভৱপৰ নাছিল। সি দিল্লীতে থাকি যোৱাৰ সিদ্ধান্ত ল’লে। আনহাতে, বেছিভাগ ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া পৰিয়ালৰ সৈতে উৎসৱ উদযাপনৰ প্ৰস্তুতি চলাইছিল, তেতিয়া মুকুন্দৰ সন্মুখত আছিল আপোনজনৰ পৰা আঁতৰত অকলশৰে দীপাৱলী কটোৱাৰ নিৰ্মম বাস্তৱ।
এদিন সন্ধিয়া তাৰ ৰূমলৈ লগ কৰিবলৈ গৈ বুজি পালোঁ যে কিবা এটা কথাই তাক আমনি কৰিছে। কিছু সময় কথা পতাৰ পিছত তাৰ মন বেয়াৰ কাৰণ জানিবলৈ বিচাৰিলোঁ। মোৰ ফালে চাই মুকুন্দই ক’লে, “বন্ধু, এইবাৰ মই অকলশৰেই দীপাৱলী উদযাপন কৰিব লাগিব।”
কথাবোৰ শুনি মই কিছু সময় নিমাত হৈ ৰ’লোঁ। তাৰ পিছত এক মুহূৰ্তও পলম নকৰাকৈ ক’লোঁ, “অকলশৰে কিয়? মই আছোঁ নহয়। তোমাৰ লগত ময়ো দীপাৱলী উদযাপন কৰিম।”
মোৰ কথা শুনি মুহূৰ্তৰ ভিতৰতে তাৰ মুখত হাঁহি বিৰিঙি উঠিল। এক মিনিটৰ আগতেও তাৰ মুখত যি বিষণ্ণতাৰ ছাঁ পৰিছিল, সেয়া যেন নিমিষতে নোহোৱা হৈ গ’ল। মোৰ ফালে চাই সি ক’লে, “বন্ধু, তোমাৰ কথাষাৰ শুনি এনে লাগিছে যেন মই নতুনকৈ প্ৰাণ ঘূৰাই পালোঁ। এতিয়া মই জানো, মোৰ কাষত মোৰ বন্ধু আছে।”
প্ৰতিনিধিত্বমূলক ছবি
তাৰ কথাবোৰে মোক উপলব্ধি কৰাইছিল যে কেতিয়াবা কাৰোবাক দিয়া আটাইতকৈ ডাঙৰ উপহাৰটোৱেই হ’ল নিজৰ উপস্থিতি। মই মাত্ৰ এটা সৰু প্ৰতিশ্ৰুতিহে দিছিলো। কিন্তু মুকুন্দৰ বাবে ইয়াৰ অৰ্থ আছিল বহুত ডাঙৰ- এইবাৰ সি আৰু অকলশৰে উৎসৱ কটাব নালাগে।
আমি একেলগে দীপাৱলী উদযাপনৰ সিদ্ধান্ত ল’লোঁ আৰু ওচৰৰ বজাৰলৈ ওলাই গ’লোঁ। তাৰ পৰা আমি মাটিৰ চাকি, দীপাৱলীৰ সামগ্ৰী, মিঠাই আৰু পূজাৰ প্ৰয়োজনীয় বস্তুবোৰ কিনিলোঁ। সাধাৰণ এটা সন্ধিয়া ক্ৰমান্বয়ে এনে এক উৎসৱৰ প্ৰস্তুতিলৈ পৰিণত হ’ল, যিয়ে আমাৰ দুই বন্ধুৰ সম্পৰ্কক আৰু অধিক গভীৰ কৰি তুলিলে।
পিছদিনা সন্ধিয়া সাজু হৈ মই মুকুন্দৰ ৰূমলৈ গ’লোঁ। আমি দুয়ো মিলি চাকি জ্বলালোঁ আৰু একেলগে পূজাত অংশগ্ৰহণ কৰিলোঁ। চাকিৰ স্নিগ্ধ পোহৰ, উৎসৱমুখী পৰিৱেশ আৰু একেলগে থকাৰ নিভাঁজ আনন্দই বিশ্ববিদ্যালয়ৰ সেই সৰু কোঠাটোকেই যেন আমাৰ আপোন ঘৰ কৰি তুলিছিল।
প্ৰাৰ্থনা শেষ হোৱাৰ পিছত আমি মিঠাই ভগাই খালোঁ আৰু ইজনে সিজনক উৎসৱৰ শুভেচ্ছা জনালোঁ। তাত কোনো জাকজমকীয়া আয়োজন নাছিল, নাছিল কোনো বিশাল উদযাপনৰ আড়ম্বৰ। কিন্তু সেই সন্ধিয়াৰ আনন্দ টকাৰে কিনিব পৰা সকলো বস্তুৰ ঊৰ্ধ্বত আছিল। উদযাপন শেষ হোৱাৰ আগতে আমি প্ৰাৰ্থনা কৰিছিলো, আমাৰ বন্ধুত্বৰ চাকিগছি যেন এনেকৈয়ে জ্বলি থাকে আৰু প্ৰতিবছৰে আৰু অধিক উজ্জ্বল হৈ উঠে।
আজি পিছলৈ উভতি চালে এনে লাগে যেন সেই সন্ধিয়াটো এটা উৎসৱ উদযাপনতকৈয়ো বহুত ডাঙৰ কিবা এটাৰ প্ৰতীক আছিল। দীপাৱলী হিন্দু ধৰ্মৰ সাংস্কৃতিক আৰু ধৰ্মীয় ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত এটা উৎসৱ। অন্ধকাৰৰ ওপৰত পোহৰৰ জয় আৰু অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয়ৰ প্ৰতীক এই উৎসৱ। অৱশ্যে ইয়াৰ মাজত নিহিত হৈ থকা আশা, মৰম, সহমৰ্মিতা আৰু একাত্মতাৰ বাৰ্তাই ভিন্ন সম্প্ৰদায় আৰু ভিন্ন সাংস্কৃতিক পটভূমিৰ মানুহৰ হৃদয়কো স্পৰ্শ কৰিব পাৰে।
প্ৰতিনিধিত্বমূলক ছবি
মুকুন্দৰ সৈতে মোৰ দীপাৱলী উদযাপনৰ উদ্দেশ্য কেতিয়াও একে ধৰ্মীয় ঐতিহ্যৰ অংশ হোৱা নাছিল। বৰং তাৰ বিশ্বাসক সন্মান জনোৱা, তাৰ আনন্দৰ অংশীদাৰ হোৱা আৰু যিটো দিন তাৰ বাবে ইমান গুৰুত্বপূৰ্ণ, সেই দিনটোত তাক অকলশৰীয়া অনুভৱ কৰিবলৈ নিদিয়াটোৱেই আছিল মোৰ বাবে আটাইতকৈ ডাঙৰ কথা। আমাৰ বন্ধুত্ব ধৰ্মীয় বা সাংস্কৃতিক পৰিচয়ৰ পাৰ্থক্যৰে নিৰ্ধাৰিত হোৱা নাছিল। বৰং ই গঢ় লৈ উঠিছিল পাৰস্পৰিক মৰম, স্নেহ আৰু বুজাবুজিৰ ওপৰত।
ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্য আটাইতকৈ বেছি প্ৰতিফলিত হয় দেশৰ বিভিন্ন উৎসৱ, ভাষা, খাদ্য আৰু ঐতিহ্যৰ মাজত। কিন্তু এই বৈচিত্ৰ্যৰ আটাইতকৈ সুন্দৰ প্ৰকাশ হয়তো দেখা যায় সেই সাধাৰণ মুহূৰ্তবোৰত, যেতিয়া ভিন্ন সম্প্ৰদায়ৰ মানুহে ইজনে সিজনৰ সুখ-দুখ ভগাই লোৱাৰ চেষ্টা কৰে। এনে সৰু সৰু পদক্ষেপবোৰে হয়তো বাতৰিৰ শিৰোনাম দখল নকৰে, কিন্তু নীৰৱে সমাজৰ বান্ধোনক আৰু অধিক মজবুত কৰি তোলে।
সেই দীপাৱলীৰ পিছত বহু বছৰ পাৰ হৈ গ’ল। কিন্তু সেই স্মৃতি আজিও সৰু সৰু মাটিৰ চাকিৰ পোহৰৰ দৰেই উজ্জ্বল হৈ আছে। সেইদিনাৰ প্ৰতিটো কথা-বতৰা হয়তো মোৰ মনত নাই, কিন্তু মুকুন্দৰ মুখত জিলিকি উঠা সেই আনন্দৰ হাঁহি মই কোনো দিন পাহৰিব নোৱাৰিম। যেতিয়া সি বুজিব পাৰিছিল যে এইবাৰ সি আৰু অকলশৰে দীপাৱলী কটাব নালাগে, সেই মুহূৰ্তৰ আনন্দ আজিও মোৰ মনত সজীৱ হৈ আছে।
সেইদিনা আমি কেইগছিমান মাটিৰ চাকিহে জ্বলাইছিলো সঁচা, কিন্তু সেই চাকিৰ উত্তাপ বিশ্ববিদ্যালয়ৰ কোঠাটোৰ চাৰিবেৰৰ মাজতে আৱদ্ধ নাথাকি বাহিৰলৈকো বিয়পি পৰিছিল। সেই অভিজ্ঞতাই মোক সোঁৱৰাই দিছিল যে উৎসৱ তেতিয়াহে প্ৰকৃততে সুন্দৰ হৈ উঠে, যেতিয়া ই মানুহক আৰু অধিক কাষ চপাই আনে। আৰু বন্ধুত্বও এগছি চাকিৰ দৰেই, যিয়ে জীৱনৰ আটাইতকৈ অকলশৰীয়া চুকটোকো পোহৰৰ সন্ধান দিব পাৰে। কিছুমান চাকিয়ে ঘৰ আলোকিত কৰে আৰু কিছুমান বন্ধুত্বই পোহৰ বিলায় হৃদয়ত।