ইবাদতৰ প্ৰকৃত অৰ্থ: মুছলমান সমাজৰ দান-বৰঙণি সমাজ নিৰ্মাণত নে কেৱল ধৰ্মীয় আচাৰত?

Story by  atv | Posted by  Munni Begum • 50 m ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
  মহম্মদ ফাহাদ
 
"মানুহৰ মাজত সৰ্বশ্ৰেষ্ঠ সেইজনেই, যিজনে আনৰ বাবে আটাইতকৈ বেছি উপকাৰী।" – হজৰত মহম্মদ (ছাঃ)
 
ইছলামী জীৱন দৰ্শনৰ মূল আধাৰতেই জাকাত, ছদকা, ৱাকফ আৰু নিঃস্বাৰ্থ ব্যক্তিগত দানৰ দৰে পৰোপকাৰী প্ৰমূল্যসমূহ গভীৰভাৱে নিহিত হৈ আছে। কিন্তু এক বিড়ম্বনাৰ বিষয় যে দান-বৰঙণিৰ এনে এক মহান সংস্কৃতি থকাৰ পিছতো, ভাৰতীয় মুছলমানসকল শিক্ষা, স্বাস্থ্যসেৱা, আনুষ্ঠানিক সংস্থাপন, উদ্যোগশীলতা, কৰ্মক্ষেত্ৰত মহিলাৰ অংশগ্ৰহণ আৰু উচ্চ শিক্ষাৰ দৰে প্ৰায় প্ৰতিটো আৰ্থ-সামাজিক মাপকাঠিতে আজিও ধাৰাবাহিকভাৱে পিছপৰি আছে।
 
 
প্ৰতি বছৰে ৰমজান মাহত সমগ্ৰ ভাৰতবৰ্ষতে হেজাৰ হেজাৰ কোটি টকা দান হিচাপে বিতৰণ কৰা হয়। মছজিদসমূহত অতি সহজেই বৰঙণি সংগ্ৰহ হয়, ধৰ্মীয় কাম-কাজৰ বাবে কৰা সহায়ৰ আহ্বানত তাৎক্ষণিক সঁহাৰি পোৱা যায় আৰু যেতিয়াই কোনো দুৰ্যোগ আহে, তেতিয়াই মুছলমানসকলক আগশাৰীৰ সহায়ক হিচাপে দেখা যায়।
 
এই বিৰোধাভাসৰ ওপৰত অতি সততাৰে চিন্তা কৰাৰ প্ৰয়োজন আছে। সমস্যাটো এইটো নহয় যে মুছলমানসকলে কম দান কৰে। প্ৰকৃত সমস্যাটো হ'ল, পৰোপকাৰৰ নামত ব্যয় হোৱা ধনৰ এক বৃহৎ অংশ সমাজ নিৰ্মাণৰ পৰিৱৰ্তে ধৰ্মীয় আচাৰ-অনুষ্ঠান আৰু উপভোজনৰ ক্ষেত্ৰতহে অধিক ব্যৱহাৰ হৈছে।
 
সময় বাগৰাৰ লগে লগে ধনৰ ব্যৱহাৰ সঘনাই কৰা স্বেচ্ছামূলক তীৰ্থযাত্ৰা (উমৰাহ), প্ৰয়োজনতকৈ অধিক ধৰ্মীয় প্ৰতিষ্ঠান থকা ঠাইত নতুনকৈ নিৰ্মাণ কাৰ্য, আড়ম্বৰপূৰ্ণ ধৰ্মীয় অনুষ্ঠান আৰু আনক দেখুৱাবৰ বাবে কৰা খৰচৰ ক্ষেত্ৰত বৃদ্ধি পাইছে। ইয়াৰ বিপৰীতে স্কুল, কলেজ, চিকিৎসালয়, গৱেষণা প্ৰতিষ্ঠান, বৃত্তি, দক্ষতা বিকাশ কেন্দ্ৰ আৰু অৰ্থনৈতিক সৱলীকৰণৰ ক্ষেত্ৰত কৰা বিনিয়োগ যিকোনো গুণগত প্ৰচেষ্টাৰ তুলনাত তেনেই নগণ্য।
 
এয়া ইছলাম বা ধৰ্মীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে থিয় কৰোৱা কোনো যুক্তি নহয়। যিসকলে আন্তৰিকতাৰে উমৰাহ পালন কৰে বা মছজিদ আৰু মাদ্ৰাছাত বৰঙণি আগবঢ়ায়, এয়া তেওঁলোকৰ সমালোচনাও নহয়। বৰং, এয়া হৈছে এক প্ৰাচীন ইছলামিক পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ এক আহ্বান- এনে এক পৰম্পৰা যিয়ে শিক্ষা, স্বাস্থ্যসেৱা, বৈজ্ঞানিক গৱেষণা আৰু জনকল্যাণক কেৱল আনুষ্ঠানিক উপাসনাতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ ইবাদত বুলি গণ্য কৰা নাছিল।
 
দান-বৰঙণিত চহকী, কিন্তু প্ৰতিষ্ঠানৰ ক্ষেত্ৰত দুখীয়া
 
ছচাৰ সমিতিৰ প্ৰতিবেদনে (২০০৬) ভাৰতত মুছলমানসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ এক উদ্বেগজনক চিত্ৰ দাঙি ধৰিছিল। তাত পোহৰলৈ আহিছিল যে উচ্চ শিক্ষা, চৰকাৰী চাকৰি, বেংকিং সেৱা লাভ আৰু সংগঠিত খণ্ডৰ সংস্থাপনত মুছলমানসকলৰ প্ৰতিনিধিত্ব অতিশয় পুতৌলগা।
 
ইয়াৰ পিছত ৰাষ্ট্ৰীয় নমুনা জৰীপ (NSSO) আৰু পৰ্যায়ক্ৰমিক শ্ৰম শক্তি জৰীপ (PLFS) ৰ তথ্যই কিছুমান ক্ষেত্ৰত উন্নত হোৱা দেখুৱাইছে যদিও, ৰাষ্ট্ৰীয় গড়ৰ তুলনাত এতিয়াও শৈক্ষিক আৰু অৰ্থনৈতিক ব্যৱধান স্পষ্টভাৱে প্ৰতিফলিত হৈ আছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
উত্তৰ ভাৰতৰ বহু মুছলমান অধ্যুষিত এলেকাত ভ্ৰমণ কৰিলে দেখা যায় যে প্ৰায়ে এক সৰু পৰিসৰৰ ভিতৰতে বহু মছজিদ, এটাৰ কামত আনটোৱে হস্তক্ষেপ কৰা কেইবাখনো মাদ্ৰাছা আৰু অতিৰিক্ত ধৰ্মীয় আন্তঃগাঁথনিৰ বাবে সঘনাই চলি থকা চান্দা সংগ্ৰহৰ অভিযান চকুত পৰে।
 
কিন্তু একেখন চুবুৰীতে হয়তো এখন ভাল ইংৰাজী মাধ্যমৰ বিদ্যালয়, এটা ৰাজহুৱা পুথিভঁৰাল, প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে কোনো প্ৰশিক্ষণ কেন্দ্ৰ, এটা বৃত্তিমূলক প্ৰশিক্ষণ প্ৰতিষ্ঠান আনকি এটা উন্নত মানৰ স্বাস্থ্য কেন্দ্ৰও নাথাকিব পাৰে। এই ভাৰসাম্যহীনতাক আওকাণ কৰাটো কঠিন। তেতিয়া প্ৰশ্ন উত্থাপন হয় যে- আমি আমাৰ নিজা অগ্ৰাধিকাৰসমূহ সঠিকভাৱে নিৰ্ধাৰণ কৰিব পাৰিছোঁনে?
 
সঘনাই উমৰাহ পালন কৰাৰ সংস্কৃতি
 
যোৱা দুটামান দশকত বৃদ্ধি পোৱা আয় আৰু সহজ আন্তৰ্জাতিক যাত্ৰাৰ সুবিধাৰ বাবে মধ্যবিত্ত আৰু উচ্চ-মধ্যবিত্ত মুছলমানসকলৰ বাবে উমৰাহ কৰাটো যথেষ্ট সহজলভ্য হৈ পৰিছে। যিগৰাকী ব্যক্তিয়ে কেতিয়াও পৱিত্ৰ চহৰ দুখন ভ্ৰমণ কৰা নাই, তেওঁৰ মনত উমৰাহ কৰাৰ ইচ্ছা জাগ্ৰত হোৱাটো সম্পূৰ্ণ স্বাভাৱিক। এয়া এক অতি গভীৰ আৰু আধ্যাত্মিক অভিজ্ঞতা।
 
অৱশ্যে, ইয়াৰ লগতে নীৰৱে এক নতুন প্ৰৱণতাও গঢ় লৈ উঠিছে। বৰ্তমান অৰ্থনৈতিকভাৱে সক্ষম বহু মুছলমানে সঘনাই উমৰাহ কৰিবলৈ লৈছে- প্ৰতিটো ৰমজানত, প্ৰতি দুবছৰৰ মূৰে মূৰে বা একেটা বছৰতে কেইবাবাৰো। ছ’চিয়েল মিডিয়াই এই সংস্কৃতিক অধিক প্ৰসাৰিত কৰিছে, য'ত মক্কা আৰু মদিনাৰ ছবিসমূহ প্ৰায়ে ধৰ্মীয় মৰ্যাদাৰ প্ৰতীক হৈ পৰিছে।
 
বৰ্তমান ভাৰতৰ পৰা এক সাধাৰণ উমৰাহ পেকেজৰ মূল্য জনমূৰি কেইবালাখ টকা হ'ব পাৰে। চাৰিজনীয়া এটা পৰিয়ালৰ বাবে এই খৰচ অনায়াসে দহ লাখ টকা পৰ্যন্ত হ'ব পাৰে। 
 
এই যাত্ৰাসমূহৰ উদ্দেশ্যৰ ওপৰত কোনেও প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। কিন্তু যুক্তিগতভাৱে কোনোবাই এই প্ৰশ্ন সুধিব নোৱাৰেনে যে: চতুৰ্থ বা পঞ্চমবাৰৰ বাবে স্বেচ্ছামূলক উমৰাহলৈ যোৱাৰ পৰিৱৰ্তে যদি কোনো ব্যক্তিয়ে পাঁচজন দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ বিশ্ববিদ্যালয়ৰ পঢ়া-শুনাৰ খৰচ বহন কৰে, তেন্তে আল্লাহ বাৰু কম সন্তুষ্ট হ'বনে? সেই সিদ্ধান্তৰ নৈতিক প্ৰভাৱ দানকৰ্তাৰ জীৱনকালৰ বহু পিছলৈকেও অনুভৱ নহ'বনে?
 
প্ৰতিনিধিত্বমূলক ছবি
 
ইছলামে বাধ্যতামূলক আৰু স্বেচ্ছামূলক কৰ্মৰ মাজত স্পষ্ট পাৰ্থক্য দাঙি ধৰিছে। এবাৰ বাধ্যতামূলক কৰ্তব্যসমূহ পূৰণ কৰাৰ পিছত, এই পৰম্পৰাই বিশ্বাসীসকলক সমাজৰ বাবে আটাইতকৈ উপকাৰী কামটো কি হ'ব পাৰে সেই সম্পৰ্কে চিন্তা কৰিবলৈ অনুপ্ৰাণিত কৰে। বহু সমসাময়িক পণ্ডিতে যুক্তি দৰ্শাইছে যে য'ত গভীৰ সামাজিক প্ৰয়োজনীয়তা আছে, তেনে অৱস্থাত সঘনাই স্বেচ্ছামূলক তীৰ্থযাত্ৰা কৰাতকৈ শিক্ষা, স্বাস্থ্যসেৱা বা মানুহৰ দুৰ্দশা দূৰ কৰাত সহায় কৰিলে সমাজৰ অধিক লাভ হ'ব পাৰে।
 
অধিক মাদ্ৰাছা নিৰ্মাণ নে উন্নতমানৰ বিদ্যালয়?
 
শিক্ষাৰ বাদে আন কোনো বিষয়তেই হয়তো অগ্ৰাধিকাৰৰ এই ক্ৰুটি ইমান স্পষ্টকৈ প্ৰতিফলিত নহয়। ঐতিহাসিকভাৱে মাদ্ৰাছাসমূহে ইছলামিক জ্ঞান সংৰক্ষণ কৰি আহিছে আৰু আজিও গুৰুত্বপূৰ্ণ ধৰ্মীয় ভূমিকা পালন কৰি আছে। বিশেষকৈ অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ হাজাৰ হাজাৰ শিশুক তেওঁলোকে শিক্ষিত কৰিছে আৰু সময়ৰ লগে লগে বহু মাদ্ৰাছাই নিজৰ পাঠ্যক্ৰমৰ পৰিসৰো বৃদ্ধি কৰিছে।
 
তেওঁলোকৰ অস্তিত্বক লৈ কোনো চিন্তা নাই। চিন্তাৰ কাৰণ হৈছে এই ধাৰণাটো যে সদায় আৰু এখন নতুন মাদ্ৰাছা নিৰ্মাণ কৰাটোৱেই হৈছে আটাইতকৈ জৰুৰী শৈক্ষিক প্ৰয়োজনীয়তা। বহু জিলাত চান্দা সংগ্ৰহৰ অভিযানৰ জৰিয়তে নতুন ধৰ্মীয় শিক্ষানুষ্ঠান সহজেই গঢ়ি উঠে, অথচ ওচৰৰে চৰকাৰী বিদ্যালয়সমূহ দুৰ্বল আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ আৰু সীমিত বিজ্ঞান শিক্ষাৰ দৰে সমস্যাৰে যুঁজি থাকিবলগীয়া হয়।
 
এবাৰ কল্পনা কৰকচোন, যদি সেই দান-বৰঙণিৰ এক সৰু অংশও বিজ্ঞান গৱেষণাগাৰ (ছায়েন্স লেব), ডিজিটেল শ্ৰেণীকোঠা, অসামৰিক সেৱাৰ প্ৰশিক্ষণ, নাৰ্ছিং মহাবিদ্যালয়, শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠান, কৃত্ৰিম বুদ্ধিমত্তা (AI) আৰু ক'ডিং কেন্দ্ৰ, গৱেষণা বৃত্তি আদিৰ দৰে সুবিধাসমূহৰ দিশলৈ আগবঢ়াই দিয়া হয়, তেন্তে মাত্ৰ এটা প্ৰজন্মৰ ভিতৰতে সমাজখনৰ শৈক্ষিক প্ৰেক্ষাপট সলনি হৈ যাব পাৰে।
 
কোৰানৰ একেবাৰে প্ৰথম বাৰ্তাটোৱেই আছিল "ইকৰা", যাৰ অৰ্থ হৈছে 'পঢ়া' বা 'অধ্যয়ন কৰা'। এয়া কেৱল সাক্ষৰতাৰ বাবেই নহয়, পৃথিৱীৰ সৈতে বৌদ্ধিকভাৱে জড়িত হোৱাৰ এক আহ্বান আছিল। এসময়ত ইছলামিক সভ্যতাই গণিতজ্ঞ, জ্যোতিৰ্বিজ্ঞানী, চিকিৎসক, দাৰ্শনিক, অভিযন্তা, আইনজ্ঞ, ভাষাবিদ আৰু ইতিহাসবিদৰ জন্ম দিছিল। সেই সাফল্যবোৰ এই কাৰণেই সম্ভৱ হৈছিল যে পৰোপকাৰী শক্তিয়ে কেৱল ধৰ্মীয় শিক্ষাতেই নহয়, বৰং মানৱ অনুসন্ধিৎসাৰ প্ৰতিটো শাখাতে, অৰ্থাৎ জ্ঞানৰ অন্বেষণত বিনিয়োগ কৰিছিল।
 
ৱাকফৰ উপেক্ষিত প্ৰতিষ্ঠান
 
ভাৰতবৰ্ষ হৈছে বিশ্বৰ ভিতৰতে ৱাকফ সম্পত্তিৰ অন্যতম বৃহৎ ভাণ্ডাৰ। চৰকাৰী হিচাপ অনুসৰি, সমগ্ৰ দেশতে বিয়পি থকা লাখ লাখ সম্পত্তি ৱাকফ ব'ৰ্ডে সামূহিকভাৱে পৰিচালনা কৰে। কাগজ-পত্ৰৰ হিচাপত এই সম্পত্তিসমূহ বিশাল অৰ্থনৈতিক সম্ভাৱনাৰ উৎস। তথাপি ইয়াৰে বহু সম্পত্তি হয়তো সঠিকভাৱে ব্যৱহাৰ হোৱা নাই, নতুবা ইয়াৰ পৰিচালনা দুৰ্বল, অথবা আইনী পাকচক্ৰত সোমাই পৰিছে।
 
কল্পনা কৰক, যদি ৱাকফ প্ৰতিষ্ঠানসমূহে ধাৰাবাহিকভাৱে এনেকুৱা এক উপাৰ্জন সৃষ্টি কৰে যিটো আধুনিক বিশ্ববিদ্যালয়, চিকিৎসালয়, সুলভ মূল্যৰ বাসস্থান, অনাথৰ যত্ন আৰু দিব্যাংগসকলৰ সেৱাৰ বাবে ব্যৱহাৰ কৰিব পৰা যায়!
 
প্ৰতিনিধিত্বমূলক ছবি
 
এনে পৰিৱৰ্তনৰ বাবে ইছলামৰ অন্যতম শ্ৰেষ্ঠ সভ্যতাগত আৱিষ্কাৰ- জনকল্যাণৰ বাবে সমৰ্পিত পৰোপকাৰী পুঁজিৰ ধাৰণালৈ ঘূৰি যাব লাগিব। ঐতিহাসিকভাৱে, ৱাকফ প্ৰতিষ্ঠানসমূহে সমগ্ৰ মুছলমান বিশ্বতে চিকিৎসালয়, পুথিভঁৰাল, বিশ্ববিদ্যালয়, জিৰণি চ'ৰা (ছৰাই), অনাথ আশ্ৰম, পানীৰ ব্যৱস্থা আৰু সামূহিক পাকঘৰক (লংগৰ) অৰ্থসাহায্য প্ৰদান কৰিছিল। প্ৰশ্নটো এইটো নহয় যে এই আৰ্হিটোৱে কাম কৰেনে নকৰে। ইতিহাসে ইয়াৰ উত্তৰ ইতিমধ্যে দিছে।
 
ছাৰ চৈয়দ আহমেদ খানৰ শিক্ষা
 
ছাৰ চৈয়দ আহমেদ খানতকৈ ইয়াক হয়তো আন কোনো ভাৰতীয় মুছলমানে ইমান ভালদৰে বুজি পোৱা নাছিল। ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত, যেতিয়া বহু মুছলমান অভিজাত লোকে আধুনিক শিক্ষাক লৈ সন্দেহ প্ৰকাশ কৰিছিল, তেতিয়া ছাৰ চৈয়দে যুক্তি দিছিল যে বৈজ্ঞানিক জ্ঞান, ইংৰাজী শিক্ষা আৰু প্ৰতিষ্ঠানিক বিকাশৰ অবিহনে সমাজখন ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে সদায় প্ৰান্তীয় হৈয়েই ৰ'ব।
 
তেওঁৰ অহোপুৰুষাৰ্থৰ ফলশ্ৰুতিত অৱশেষত 'মহমেডান এংলো-অৰিয়েণ্টেল কলেজ' স্থাপন হৈছিল, যি পৰৱৰ্তী সময়ত 'আলিগড় মুছলিম বিশ্ববিদ্যালয়' হিচাপে পৰিচিত হয়। তেওঁ যি বিৰোধিতাৰ সন্মুখীন হৈছিল, সেয়া আজিৰ প্ৰেক্ষাপটতো যথেষ্ট চিনাকি যেনেই লাগে। বহুতেই পাশ্চাত্য শিক্ষাক বিপজ্জনক বুলি গণ্য কৰিছিল। আন একাংশই ভাবিছিল যে কেৱল ধৰ্মীয় শিক্ষাই যথেষ্ট। পিছে, ইতিহাসৰ ৰায় ইয়াৰ সম্পূৰ্ণ বিপৰীত আছিল।
 
আলিগড়ে প্ৰশাসক, অধিবক্তা, বিজ্ঞানী, শিক্ষক, লেখক, কূটনীতিবিদ আৰু ৰাজহুৱা বুদ্ধিজীৱীৰ এনে কেইবাটাও প্ৰজন্মৰ সৃষ্টি কৰিলে যিসকলে আধুনিক ভাৰতৰ ভেটি গঢ়ি তুলিছিল।
 
বিয়া-বাৰু আৰু ধৰ্মীয় মৰ্যাদা
 
এই আলোচনা কেৱল প্ৰতিষ্ঠানিক পৰোপকাৰৰ মাজতেই আৱদ্ধ নহয়। বহু মুছলমান সমাজত বিবাহ অনুষ্ঠানসমূহ এতিয়া ধনৰ আড়ম্বৰপূৰ্ণ প্ৰদৰ্শনৰ মাধ্যমত পৰিণত হৈছে। পৰিয়ালসমূহে বেংকোৱেট হল, ডিজাইনাৰ কাপোৰ, আটকধুনীয়া সজ্জা, বিলাসী কেটাৰিং, ফটোগ্ৰাফী, আ-অলংকাৰ আৰু সামাজিক আভিজাত্য দেখুৱাবলৈ লাখ লাখ টকা খৰচ কৰে। পৰিতাপৰ কথাটো হ'ল, ইছলামিক শিক্ষাই ধাৰাবাহিকভাৱে বিবাহৰ ক্ষেত্ৰত সৰলতা অৱলম্বন কৰাতহে গুৰুত্ব আৰোপ কৰি আহিছে।
 
আৰ্থিক প্ৰত্যাশা অত্যাধিক বৃদ্ধি পোৱাৰ বাবেই বহু যুৱকে বিয়া পাতিবলৈ পলম কৰে। মাত্ৰ এটা সন্ধিয়াৰ অনুষ্ঠানৰ বাবে পিতৃ-মাতৃয়ে নিজৰ গোটেই জীৱনৰ উপাৰ্জন শেষ কৰি পেলায়। কল্পনা কৰকচোন, যদি এই খৰচৰ মাত্ৰ ২০ শতাংশও নৱবিবাহিত দম্পতীহালৰ উচ্চ শিক্ষা বা উদ্যোগ স্থাপনৰ কামত লগোৱা হয়! তেনে বিনিয়োগে বিবাহৰ প্ৰকৃত আদৰ্শ আৰু পৰিয়ালটোৰ ভৱিষ্যত- দুয়োটাকে সন্মানিত কৰিব।
 
ইছলামৰ প্ৰাৰম্ভিক সভ্যতা কেৱল বৃহৎ সংখ্যক ধৰ্মীয় অট্টালিকা নিৰ্মাণ কৰাৰ বাবেই মহান হোৱা নাছিল, বৰং তেওঁলোকে এনেকুৱা জ্ঞানৰ প্ৰতিষ্ঠান গঢ়ি তুলিছিল যিয়ে সমগ্ৰ বিশ্বকে আলোকিত কৰিছিল।
 
গভীৰ প্ৰত্যাহ্বানৰ আঁৰত লুকাই থকা বিশাল সম্ভাৱনা
 
ভাৰতৰ মুছলমানসকলৰ সন্মুখত নিশ্চয়কৈ গভীৰ প্ৰত্যাহ্বান আছে, কিন্তু তেওঁলোকৰ মাজত পৰোপকাৰৰ অপাৰ সম্ভাৱনাও আছে। জাকাত, ছদকা, ৱাকফৰ উপাৰ্জন আৰু ব্যক্তিগত দান-বৰঙণিৰ বাৰ্ষিক সোঁত সমাজৰ অন্যতম বৃহৎ অব্যৱহৃত সম্পদ। যদি সেই ধনৰ এক সৰু অংশও শিক্ষা, স্বাস্থ্যসেৱা, বৈজ্ঞানিক গৱেষণা, মহিলা সৱলীকৰণ আৰু অৰ্থনৈতিক সুযোগ-সুবিধাৰ দিশলৈ ঢাল খুৱাই দিয়া যায়, তেন্তে এটা প্ৰজন্মৰ ভিতৰতে সমাজখনৰ ভৱিষ্যত সম্পূৰ্ণৰূপে সলনি হৈ যাব পাৰে।
 
সমাজ পৰিৱৰ্তনৰ এই যাত্ৰাত হয়তো পৰৱৰ্তী অনুদানৰ চেকখন লিখাৰ আগতে প্ৰতিগৰাকী দানকৰ্তাই নিজকে কেৱল এইটো সুধিব নালাগে যে, "ইয়াৰ পৰা মই আধ্যাত্মিক পূণ্য লাভ কৰিমনে?" বৰং তেওঁ এই বুলিও চিন্তা কৰা উচিত, "মোৰ এই ক্ষুদ্ৰ দানে কাৰোবাৰ জীৱনৰ আন্ধাৰ দূৰ কৰিব পাৰিবনে?" যদি উত্তৰটো 'হয়' হয়, তেন্তে নিশ্চিতভাৱে সেই দানে কেৱল আধ্যাত্মিক পৱিত্ৰতাই বহন নকৰে, সমাজ এখনৰ উত্তৰণ ঘটোৱাৰো মহাশক্তি হিচাপে কাম কৰে। কাৰণ মানৱ কল্যাণেই হৈছে প্ৰকৃততে সৰ্বশ্ৰেষ্ঠ ইবাদত।
 
(লেখক জয়পুৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক)