ভাৰতীয় সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাটো দেশৰ যুৱপ্ৰজন্মৰ বাবে এক পৱিত্ৰ কৰ্তব্যৰ আহ্বান

Story by  atv | Posted by  Munni Begum • 2 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
মহম্মদ আলী শ্বাহ
 
কিছুমান বৃত্তিয়ে আমাক ধন উপাৰ্জনৰ সুযোগ দিয়ে, আন কিছুমান বৃত্তিয়ে সমাজত সন্মান আৰু প্ৰতিষ্ঠা আনি দিয়ে। কিন্তু এনে কিছুমান বিৰল বৃত্তিও আছে, যিয়ে আমাৰ জীৱনক এক গভীৰ অৰ্থ আৰু উদ্দেশ্য প্ৰদান কৰে। ভাৰতীয় সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱাটো তেনে এক মহান বৃত্তি।
 
মই এনে এটা পৰিয়ালৰ পৰা আহিছোঁ, য’ত সৈনিক হিচাপে দেশসেৱা কৰাটো এক দীৰ্ঘদিনীয়া পৰম্পৰা। মোৰ পিতৃ মেজৰ জেনেৰেল জমেৰুদ্দিন শ্বাহে লেফটেনেণ্ট জেনেৰেল পদবীলৈ উন্নীত হৈ ভাৰতীয় সেনাবাহিনীৰ উপ-সেনাপ্ৰধান হিচাপে অৱসৰ গ্ৰহণ কৰিছিল। এই পদ আছিল দেশৰ সেনাবাহিনীৰ দ্বিতীয় সৰ্বোচ্চ পদ। 
 
এয়াৰ চিফ মাৰ্শ্বাল লতিফ
 
ময়ো গৌৰৱেৰে ভাৰতীয় সেনাবাহিনীত স্বল্পকালীন সেৱা (Short Service Commission) সন্মানসহকাৰে সম্পূৰ্ণ কৰিছোঁ। মোৰ খুৰাসকলো সেনাবাহিনীত কৰ্মৰত আছিল। মোৰ ভগ্নীৰ স্বামী কমোডৰ ৰিজৱান আলী শ্বাহে কেইমাহমান পূৰ্বে ভাৰতীয় নৌসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। মোৰ এগৰাকী সম্পৰ্কীয় ভগ্নীৰ স্বামী বৰ্তমান ভাৰতীয় বায়ুসেনাত কৰ্মৰত।
 
এই অভিজ্ঞতাৰ আধাৰত মই আমাৰ দেশৰ মুছলমান যুৱপ্ৰজন্মক এটা সৰু পৰামৰ্শ দিব বিচাৰোঁ। সামৰিক বাহিনীত সেৱা আগবঢ়োৱাটো কেৱল এটা চাকৰি বা বৃত্তি নহয়। এয়া দেশৰ প্ৰতি এক গভীৰ দায়বদ্ধতা, লাখ লাখ মানুহৰ জীৱন সুৰক্ষিত কৰি ৰখাৰ এক প্ৰতিশ্ৰুতি আৰু এনে এক জীৱনযাত্ৰা, যিয়ে সাধাৰণ যুৱক-যুৱতীসকলক সাহস, ত্যাগ আৰু সন্মানৰ প্ৰতীকলৈ ৰূপান্তৰিত কৰে। 
 
আজিৰ ভাৰতীয় যুৱপ্ৰজন্মৰ বাবে, বিশেষকৈ অনিশ্চয়তা, চাপ আৰু বিভ্ৰান্তিৰে ভৰা পৃথিৱীখনত, সশস্ত্ৰ বাহিনীয়ে এনে এটা অমূল্য বস্তু প্ৰদান কৰে, যিটো হৈছে জীৱনৰ এক স্পষ্ট উদ্দেশ্য। ভাৰতীয় স্থলসেনা, নৌসেনা আৰু বায়ুসেনাই কেৱল সৈনিক গঢ়ি নোতোলে। এই বাহিনীসমূহে মানুহৰ চৰিত্ৰও গঢ়ি তোলে। ইয়াত শিকোৱা হয় শৃংখলাবদ্ধতা, প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ সাহস, আত্মসন্মান আৰু নেতৃত্বৰ গুণ। ই যুৱক-যুৱতীসকলক ভয়ৰ ঊৰ্ধ্বলৈ উঠি আহিবলৈ আৰু জীৱনৰ আটাইতকৈ কঠিন মুহূৰ্ততো দৃঢ়তাৰে থিয় দিবলৈ শিকায়। 
 
বিশেষকৈ মুছলমান যুৱপ্ৰজন্মৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ এক গভীৰ তাৎপৰ্য আছে। ই আমাক সোঁৱৰাই দিয়ে যে, দেশপ্ৰেমৰ কোনো ধৰ্ম নাই। এবাৰ সামৰিক পোছাক পৰিধান কৰাৰ পিছত তাত কোনো হিন্দু, মুছলমান, শিখ বা খ্ৰীষ্টান নাথাকে। সকলোৰে থাকে মাথোঁ এটা উমৈহতীয়া পৰিচয়— ভাৰতীয়।
 
ভাৰতীয় সামৰিক বাহিনী সদায় বৈচিত্ৰ্যৰ মাজত ঐক্যৰ এক উজ্জ্বল নিদৰ্শন হৈ আহিছে। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা অহা যুৱক-যুৱতীসকলে একেলগে প্ৰশিক্ষণ গ্ৰহণ কৰে, একেলগে আহাৰ গ্ৰহণ কৰে, একেলগে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিয়ে আৰু প্ৰয়োজন হ’লে একেলগে দেশৰ বাবে নিজৰ প্ৰাণো উৎসৰ্গা কৰে। আটাইতকৈ কঠিন পৰিস্থিতিত এজন মানুহৰ ধৰ্ম বা উপাধিৰ কোনো গুৰুত্ব নাথাকে। তাত গুৰুত্বপূৰ্ণ হৈ উঠে আনুগত্য, সাহস আৰু ভাতৃত্ববোধ। 
 
লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) জামেৰ উদ্দিন শ্বাহ
 
যি সময়ত সমাজত বিভাজনৰ কথাবোৰ প্ৰায়ে অধিককৈ চৰ্চিত হয়, সেই সময়তো সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ প্ৰকৃত চেতনাক প্ৰতিফলিত কৰি আহিছে। এই বাহিনীয়ে প্ৰমাণ কৰে যে, দেশৰ জনসাধাৰণে একত্ৰিত হৈ থিয় দিলেহে ভাৰত আটাইতকৈ শক্তিশালী হৈ উঠে। মুছলমান যুৱক-যুৱতীসকলৰ বাবে সশস্ত্ৰ বাহিনীত যোগদান কৰাটো কেৱল এটা সন্মানজনক আৰু সুস্থিৰ কৰ্মজীৱন গঢ়াৰ সুযোগ নহয়। এয়া দেশৰ প্ৰতি গৌৰৱেৰে অৱদান আগবঢ়োৱাৰ লগতে আমাৰ মহান দেশ ভাৰতৰ সেই আদৰ্শক অধিক শক্তিশালী কৰাৰো এক সুযোগ, য’ত প্ৰতিগৰাকী নাগৰিক সমান অধিকাৰ আৰু মৰ্যাদাৰ অধিকাৰী। 
 
সামৰিক পোছাক পৰিধান কৰাৰ মাজত এক অসাধাৰণ গৌৰৱ আৰু মৰ্যাদা নিহিত হৈ আছে। সৈনিকসকলে সমাজত লাভ কৰা সন্মানৰ তুলনা আন একোৰে সৈতে কৰিব নোৱাৰি। যেতিয়া এগৰাকী সৈনিকে সামৰিক পোছাক পৰিধান কৰি খোজ কাঢ়ে, তেতিয়া মানুহে তেওঁৰ ধন-সম্পত্তি বা সামাজিক প্ৰতিপত্তি নাচায়। তেওঁলোকে সেই সৈনিকগৰাকীৰ মাজত ত্যাগৰ প্ৰতিচ্ছবি দেখে। দেখে শৃংখলাবদ্ধতা আৰু ব্যক্তিগত সুখ-স্বাচ্ছন্দ্যতকৈ দেশক অধিক গুৰুত্ব দিবলৈ সাজু থকা এগৰাকী ব্যক্তিক। 
 
এনে সন্মান ধনেৰে কিনিব নোৱাৰি। এই সন্মান দেশসেৱা আৰু সাহসৰ জৰিয়তেহে অৰ্জন কৰিব পাৰি। সশস্ত্ৰ বাহিনীয়ে যুৱক-যুৱতীসকলক এনে বহু সুযোগ প্ৰদান কৰে, যিবোৰে তেওঁলোকৰ সমগ্ৰ ভৱিষ্যৎ গঢ় দিয়াত সহায় কৰে। ইয়াত আছে আৰ্থিক নিৰাপত্তা, বিশ্বমানৰ প্ৰশিক্ষণ, স্বাস্থ্যসেৱা, শিক্ষাৰ সুযোগ আৰু নতুন অভিজ্ঞতা তথা ব্যক্তিগত বিকাশেৰে ভৰা এক জীৱন।
 
কোনোবাই বিশেষ বাহিনী, কাৰিকৰী শাখা, শিক্ষা বিভাগ, বিমান পৰিবহণ, চিকিৎসা বা ন্যায়িক শাখাত যোগদান কৰক, সামৰিক বাহিনীয়ে সকলো ক্ষেত্ৰতে শিক্ষা আহৰণ, নেতৃত্বৰ গুণ বিকাশ আৰু উৎকৰ্ষ সাধনৰ নতুন দুৱাৰ মুকলি কৰে। কিন্তু সশস্ত্ৰ বাহিনীয়ে মানুহক প্ৰদান কৰা আটাইতকৈ ডাঙৰ উপহাৰটো হয়তো হৈছে মানসিক শক্তি।
 
আজিৰ সময়ত বহু যুৱক-যুৱতীয়ে মনৰ ভিতৰতে আত্মসন্দেহ, নিঃসংগতা আৰু জীৱনৰ সঠিক দিশ বিচাৰি নোপোৱাৰ সমস্যাৰ সৈতে সংগ্ৰাম কৰি আছে। বিভিন্ন সাফল্য লাভ কৰাৰ পিছতো বহুতে জীৱনত নিজকে দিশহাৰা যেন অনুভৱ কৰে। সামৰিক জীৱনে এই পৰিস্থিতি সলনি কৰিব পাৰে। ই মানুহক নিজৰ সামৰ্থ্যৰ সীমা অতিক্ৰম কৰিবলৈ প্ৰেৰণা যোগায়। মানুহে যিবোৰ কাম নিজৰ বাবে অসম্ভৱ বুলি ভাবিছিল, সেইবোৰো সম্পন্ন কৰিবলৈ উৎসাহিত কৰে।
 
বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) চৈয়দ আতা হাছনাইন
 
ই মানুহক নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ, ব্যক্তিগত স্বাৰ্থতকৈ বৃহত্তৰ উদ্দেশ্যৰ বাবে কাম কৰিবলৈ আৰু সাহসেৰে জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ শিকায়। ভাৰতৰ ইতিহাসতো এনে বহু বীৰ মুছলমান সৈনিকৰ গৌৰৱোজ্জ্বল কাহিনী আছে, যিসকলে অসাধাৰণ সাহস আৰু বীৰত্বৰে দেশসেৱা আগবঢ়াইছে।
 
যুদ্ধক্ষেত্ৰৰ পৰা আৰম্ভ কৰি শান্তিৰক্ষা অভিযানলৈকে অসংখ্য মুছলমান সৈনিক আৰু বিষয়াই সন্মান আৰু নিষ্ঠাৰে দেশক সুৰক্ষা প্ৰদান কৰিছে। তেওঁলোকৰ জীৱন কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে, মাতৃভূমিৰ প্ৰতি থকা প্ৰেম সকলো বাধা আৰু বিভাজনৰ ঊৰ্ধ্বত। তেওঁলোকৰ ত্যাগ ভাৰতৰ আত্মা আৰু ইতিহাসৰ সৈতে চিৰদিনৰ বাবে জড়িত হৈ থাকিব। কোম্পানী কোৱাৰ্টাৰ মাষ্টাৰ হাবিলদাৰ মীৰ আব্দুল হামিদ (পৰমবীৰ চক্ৰ), ব্ৰিগেডিয়াৰ উছমান, লেফটেনেণ্ট হানিফ উদ্দিন (বীৰ চক্ৰ)— এনে বীৰসকলৰ তালিকা অন্তহীন।
 
যিসকলে ভাবে যে, সশস্ত্ৰ বাহিনীত মুছলমান বিষয়াসকলৰ প্ৰতি পক্ষপাতিত্ব কৰা হয়, তেওঁলোকক মই ক’ব বিচাৰোঁ যে, মোৰ দৃষ্টিত সশস্ত্ৰ বাহিনী হৈছে দেশৰ এনে এক নিৰ্মল ধৰ্মনিৰপেক্ষ অনুষ্ঠান, য’ত কাৰো ধৰ্মৰ ভিত্তিত পৰিচয় বিচাৰ কৰা নহয়। এই ক্ষেত্ৰত আমি দেশৰ কেইবাগৰাকীও বিশিষ্ট আৰু উচ্চপদস্থ সামৰিক বিষয়াৰ উদাহৰণ দিব পাৰোঁ।
 
তেওঁলোকৰ ভিতৰত আছে ভাৰতীয় বায়ুসেনাৰ প্ৰাক্তন মুৰব্বী এয়াৰ চীফ মাৰ্শ্বাল লতিফ, জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল এম এ জাকী, লেফটেনেণ্ট জেনেৰেল ছামী খান, লেফটেনেণ্ট জেনেৰেল জামিল মেহমুদ, ভাৰতীয় সেনাবাহিনীৰ প্ৰাক্তন উপ-সেনাপ্ৰধান তথা আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য লেফটেনেণ্ট জেনেৰেল জমেৰুদ্দিন শ্বাহ আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনেইন আদি। 
 
এনে বহু ব্যক্তিত্ব আছে, যিসকলে ভাৰতীয় সশস্ত্ৰ বাহিনীত উচ্চ পদবীত অধিষ্ঠিত হৈ দেশৰ প্ৰতি নিষ্ঠা আৰু দক্ষতাৰে সেৱা আগবঢ়াইছে। ভাৰতীয় সশস্ত্ৰ বাহিনী কেৱল দেশৰ প্ৰতিৰক্ষাৰ দায়িত্ব বহন কৰা অনুষ্ঠান নহয়। ই হৈছে দেশপ্ৰেম, শৃংখলাবদ্ধতা আৰু মানৱতাৰ শিক্ষা প্ৰদান কৰা এক মহান প্ৰতিষ্ঠান। ই আমাক সোঁৱৰাই দিয়ে যে এখন দেশৰ প্ৰকৃত শক্তি তাৰ নাগৰিকসকলৰ মাজত থকা বিভাজনত নহয়, বৰং তেওঁলোকৰ ঐক্যতহে নিহিত হৈ থাকে।
 
লেফটেনেণ্ট জেনেৰেল (অৱসৰপ্ৰাপ্ত) এম এ জাকি
 
শেষত ক’ব বিচাৰোঁ যে, সশস্ত্ৰ বাহিনীত যোগদান কৰাৰ অৰ্থ কেৱল এটা বৃত্তি বাছি লোৱা নহয়। ইয়াৰ অৰ্থ হৈছে এক অৰ্থপূৰ্ণ জীৱন বাছি লোৱা। ইয়াৰ অৰ্থ হৈছে প্ৰতিদিনে পুৱা এই বিশ্বাসেৰে সাৰ পোৱা যে নিজৰ জীৱনটো কেৱল ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, বৰং এক বৃহত্তৰ উদ্দেশ্য পূৰণৰ বাবে উৎসৰ্গিত। ইয়াৰ অৰ্থ হৈছে নিজতকৈও ডাঙৰ এক আদৰ্শ আৰু উদ্দেশ্যৰ অংশীদাৰ হোৱা।
 
ভাৰতৰ যুৱপ্ৰজন্মৰ বাবে, বিশেষকৈ যিসকলে নিজৰ পৰিচয়, মৰ্যাদা আৰু জীৱনৰ উদ্দেশ্যৰ সন্ধান কৰি আছে, তেওঁলোকৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনীত যোগদান কৰাটো আজিও অন্যতম মহান আৰু সন্মানজনক পথ। কাৰণ কিছুমান মানুহে কেৱল নিজৰ বাবে জীৱন কটায়, আন কিছুমানে আকৌ দেশৰ বাবে জীয়াই থকাৰ পথ বাছি লয়। আৰু দেশৰ বাবে জীয়াই থকাৰ সেই সিদ্ধান্তই এটা সাধাৰণ জীৱনকো অসাধাৰণ অৰ্থ আৰু মৰ্যাদা প্ৰদান কৰে।
 
(মেজৰ (অৱসৰপ্ৰাপ্ত) মহম্মদ আলী শ্বাহ ভাৰতীয় সেনাবাহিনীৰ এগৰাকী প্ৰাক্তন বিষয়া, অভিনেতা, প্ৰেৰণাদায়ক বক্তা আৰু প্ৰতিৰক্ষা বিষয়ক বিশ্লেষক।)


শেহতীয়া খবৰ