এহছান ফাজিলি / শ্ৰীনগৰ
সাহিত্য আৰু ভাষাৰ জৰিয়তে সমাজৰ নিভাঁজ চিত্ৰ এখন তুলি ধৰা কাশ্মীৰৰ এগৰাকী প্ৰতিভাৱান নৃতাত্ত্বিক, লেখিকা তথা অনুবাদক হৈছে ওনাইজা দ্ৰাবু। বিগত সময়ছোৱাৰ কাশ্মীৰী সাহিত্যৰাজিক একত্ৰিত কৰি শেহতীয়াকৈ তেওঁ প্ৰকাশ কৰি উলিওৱা 'দ্য বিগ বুক অৱ কাশ্মীৰী লিটাৰেচাৰ' নামৰ গ্ৰন্থখনে এতিয়া সাহিত্যিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। কবিতা, গীত, নাটক আৰু গল্পৰে সমৃদ্ধ এই বৃহৎ সংকলনটিয়ে কেৱল কাশ্মীৰৰ চহকী লোককলা আৰু সাহিত্যকেই প্ৰতিফলিত কৰা নাই, বৰঞ্চ এগৰাকী যুৱ লেখিকাৰ নিজৰ শিপাৰ প্ৰতি থকা গভীৰ অনুৰাগ আৰু সাহিত্য সাধনাক এক সুন্দৰ ৰূপত বিশ্বৰ দৰবাৰলৈ লৈ গৈছে।
ওনাইজা দ্ৰাবুৰ শেহতীয়া গ্ৰন্থ 'দ্য বিগ বুক অৱ কাশ্মীৰী লিটাৰেচাৰ' যোৱা মাহত শ্ৰীনগৰত উন্মোচন কৰা হয়। এইখন বিগত সাত শতিকাৰ ৩০খন কাশ্মীৰী সাহিত্য কৰ্মৰ এক সংকলন। কাশ্মীৰী ভাষাৰ সাহিত্যকৰ্মৰ এই সংকলনটিয়ে যুৱ লেখিকা আৰু গ্ৰন্থকাৰগৰাকীলৈ প্ৰশংসা কঢ়িয়াই আনিছে, যিগৰাকী লেখিকাই বিগত দুটা দশকত কেইবাখনো গ্ৰন্থ আৰু প্ৰবন্ধ লিখি উলিয়াইছে। শতিকা জুৰি লিখা কাশ্মীৰী ভাষাৰ এই সাহিত্যকৰ্মসমূহৰ ভিতৰত কবিতা, গীত, নাটক আৰু গল্প অন্তৰ্ভুক্ত আছে।
ওনাইজা দ্ৰাবু
নিজৰ কৰ্মৰাজিৰ জৰিয়তে ওনাইজা দ্ৰাবুৱে ভাষা আৰু সাহিত্যৰ যোগেদি তেওঁৰ "চাৰিওফালৰ পৃথিৱীখনক বুজিবলৈ চেষ্টা কৰে"। তেওঁৰ প্ৰথমখন গ্ৰন্থ, কাশ্মীৰী লোককথাৰ পুনৰ্কথন 'দ্য লিজেণ্ড অৱ হিমাল নাগৰাই', ২০১৯ চনত 'স্পিকিং টাইগাৰ' নামৰ প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত হৈছিল। এই গ্ৰন্থখনে কাশ্মীৰী সংস্কৃতিক প্ৰতিফলিত কৰে যিয়ে তেওঁক আটাইতকৈ বেছি আকৰ্ষিত কৰে। 'হিমাল আৰু নাগৰাই' হৈছে এজন অমৰ সৰ্প ৰাজকুমাৰ আৰু এগৰাকী মানৱ ৰাজকুমাৰীৰ বিষয়ে প্ৰচলিত এক ধ্ৰুপদী কাশ্মীৰী লোককথা।
তেওঁক 'দ্য বিগ বুক অৱ কাশ্মীৰী লিটাৰেচাৰ' লিখাৰ আঁৰৰ ধাৰণাটোৰ বিষয়ে সোধাত, ওনাইজা দ্ৰাবুৱে 'আৱাজ দ্য ভইচ'ক কৈছিল যে "কাশ্মীৰী সাহিত্য পঢ়ি সময় কটাবলৈ আগ্ৰহী" হোৱাৰ বাবেই এয়া তেওঁৰ বাবে এক ডাঙৰ সুযোগ আছিল। তেওঁ লগতে কয় যে, লেখক বশ্বাৰত পীৰৰ পৰামৰ্শক্ৰমে তেওঁৰ সম্পাদক মৌটুশী মুখাৰ্জীয়ে ইয়াক সংকলন কৰাৰ ধাৰণাটো আগবঢ়াইছিল। তেওঁ কয়, “কাশ্মীৰী সাহিত্যৰ বাবে মই মোৰ জ্ঞান আৰু দৃষ্টিভংগীৰ ওপৰত ভিত্তি কৰি ইয়াৰ গাঁথনি নিৰ্ধাৰণ কৰিছিলো। প্ৰথমে মই এজন পাঠক হিচাপে যিটো পঢ়ি ভাল পাম তাৰ ওপৰত ভিত্তি কৰি কিতাপখনৰ সূচীপত্ৰ প্ৰস্তুত কৰিছিলো, লগতে এগৰাকী সম্পাদক হিচাপেও মোৰ কিছুমান লক্ষ্য আছিল।” ওনাইজাই লগতে কয় যে তেওঁ ভাষাটোৰ অন্তৰ্নিহিত কবিতা আৰু ছন্দক ইয়াৰ কেন্দ্ৰবিন্দুত ৰাখিব বিচাৰিছিল। “মই বিচাৰিছিলো সকলো ধৰণৰ ধাৰাই ইয়াত স্থান পাওক। মই বিচাৰিছিলো যে পৰম্পৰাগত প্ৰকাশন ব্যৱস্থাৰ ভিতৰত আৰু তাৰ বাহিৰত প্ৰকাশ কৰা বিভিন্ন লেখকৰ লেখাই ইয়াত স্থান পাওক। মই বিভিন্ন ধৰণৰ অনুবাদক আৰু অনুবাদৰ শৈলীও বিচাৰিছিলো। গতিকে এইখন হৈছে অনুবাদক আৰু বিভিন্ন সাহিত্যিক ধাৰাৰ এক সংমিশ্ৰণ,” তেওঁ কয়।
এই কামৰ সময়ত সন্মুখীন হোৱা প্ৰত্যাহ্বান সন্দৰ্ভত ওনাইজাই কয় যে, “ৰচনাসমূহ সংগ্ৰহ কৰাটো সহজ কাম আছিল যদিও যোৱা কেইবছৰমানৰ পৰা এইবোৰ সংকলন কৰাৰ বাবে কাম কৰি আছিলোঁ আৰু তাৰ বাবে মই বহুত পৰিশ্ৰম কৰিছিলোঁ।" তেওঁ লগতে কয় যে কাশ্মীৰী, ইংৰাজী আৰু উৰ্দু ভাষাত লিখা সাহিত্যৰ ইতিহাস পঢ়াৰ পৰাই ইয়াৰ আৰম্ভণি কৰা হৈছিল। তাৰ পিছত অনুবাদকসকল জড়িত হৈছিল আৰু তেওঁ অধ্যাপক নীৰজা মট্টুৰ দৰে পথপ্ৰদৰ্শক লাভ কৰাৰ সৌভাগ্য পাইছিল আৰু প্ৰয়োজনত তেওঁৰ পৰামৰ্শ লাভ কৰিছিল। তেওঁ কয়, “যিহেতু মই বহু বছৰ ধৰি পঢ়ি আছিলো, সেয়ে মোৰ হাতত এনে কিছুমান কিতাপ জমা আছিল যিবোৰৰ পৰা মই কাম আৰম্ভ কৰিব পৰিছিলোঁ। মই কালচাৰেল একাডেমী, কাশ্মীৰ বিশ্ববিদ্যালয়, শ্ৰীনগৰৰ ৰাজহুৱা পুথিভঁৰাল, সাহিত্য অকাডেমিৰ লগতে অন্যান্য ব্যক্তিগত সংগ্ৰহসমূহো ব্যৱহাৰ কৰিছিলো। মই বহু মানুহৰ লগত কথা পাতিছিলো যিসকলে মোক বিভিন্ন সমলৰ উৎসৰ সন্ধান দিছিল।”
ওনাইজা দ্ৰাবু
ওনাইজা দ্ৰাবুৱে কয় যে, "ৰচনাসমূহ বিচাৰি উলিওৱাতকৈও অধিক কঠিন কাম আছিল কপিৰাইট থকা লোকসকলক বিচাৰি উলিওৱা আৰু তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰি কথা পতাটো। ৰোমাঞ্চ আৰু নিজা কাহিনীৰে ভৰা এই প্ৰক্ৰিয়াটোত, মই যোৱা কেইবছৰমানৰ ভিতৰত লেখকসকলৰ পৰিয়ালৰ সৈতে ভাল বন্ধুত্ব গঢ়ি তুলিছো। কিছু ক্ষেত্ৰত লেখকৰ নাতি-নাতিনীসকলৰ সৈতেও চিনাকি হৈছো, যিসকলে এতিয়া জীৱনত প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ককা-আইতাৰ ৰচনাসমূহ ইংৰাজীত পঢ়িবলৈ পাইছে।"
ওনাইজাৰ সাহিত্যিক কৰ্মৰাজিৰ ভিতৰত টিল্টেড এক্সিছ প্ৰেছৰ দ্বাৰা প্ৰকাশিত 'ভায়োলেণ্ট ফেনোমেনা: ২১ এছেজ অন ট্ৰেন্সলেচন' নামৰ গ্ৰন্থখনলৈ আগবঢ়োৱা এখন ৰচনাও অন্তৰ্ভুক্ত। তেওঁৰ লেখাসমূহ এচিম্পট'ট জাৰ্নেল, গুৱেৰ্নিকা, ইনভাৰ্ছ জাৰ্নেল আদিকে ধৰি বিভিন্ন আলোচনীত প্ৰকাশ পাইছে। তেওঁ দক্ষিণ এছিয়াৰ সাহিত্য আৰু শিল্পৰ ওপৰত আধাৰিত 'ডাক' নামৰ এখন নিউজলেটাৰৰো সহ-সম্পাদনা কৰে। তেওঁ ব্যৱসায়ৰ বাবে নৃতত্ত্বৰ প্ৰয়োগ কৰা এটা পৰামৰ্শদাতা প্ৰতিষ্ঠান চলায় আৰু শ্ৰীনগৰ তথা লক্ষ্ণৌত থাকি অফিচলৈ নোযোৱাকৈ কাম কৰে।
"মই সদায় এগৰাকী আগ্ৰহী পাঠক আছিলো আৰু সৰুৰে পৰা পঢ় ভাল পাইছিলোঁ। সেয়ে মই সদায় লিখিব বিচাৰিছিলো", তেওঁ আৱাজ দ্য ভইচক কয়। স্কুলত পঢ়ি থকা সময়ৰ স্মৃতি সুঁৱৰি ওনাইজাই কয়, "মই মাত্ৰ ১৬ বছৰ বয়সতে মোৰ প্ৰথমটো প্ৰবন্ধ 'গ্ৰেটাৰ কাশ্মীৰ'ত প্ৰকাশ কৰিছিলো।" তেওঁৰ মতে, সেয়াই আছিল আৰম্ভণি আৰু তাৰ পিছতে তেওঁ নিজৰ কামৰ সমান্তৰালভাৱে আন প্ৰকাশনৰ বাবেও মাজে মাজে লিখিবলৈ লৈছিল বুলি তেওঁ লগতে কয়। "বহু পলমকৈ মোৰ ২০ৰ দশকৰ শেষৰ ফালেহে কাশ্মীৰী লোককথাৰ পুনৰ্কথন কৰাৰ এটা সুযোগ মোৰ সন্মুখলৈ আহিছিল। আৰু এইদৰেই এটাৰ পিছত এটাকৈ সুযোগ মিলি গৈছিল," ওনাইজাই মন্তব্য কৰে।
ওনাইজা দ্ৰাবু
শ্ৰীনগৰৰ চিকিৎসক, অভিযন্তা আদিকে ধৰি পেছাদাৰী থকা সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা এই যুৱ লেখিকাগৰাকীয়ে প্ৰেজেণ্টেশ্যন কনভেণ্টত স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পৰাই দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। মেট্ৰিকৰ পিছত তেওঁ দিল্লীলৈ গৈ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। লেখা-মেলাৰ প্ৰতি আগ্ৰহী ওনাইজাই ইংলেণ্ডৰ পৰা নৃতত্ত্বত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ স্নাতক পৰ্যায়ত ব্যৱসায় অধ্যয়ন আৰু স্নাতকোত্তৰ পৰ্যায়ত নৃতত্ত্ব অধ্যয়ন কৰিছিল।
কাশ্মীৰৰ যুৱক-যুৱতীসকলৰ মাজত লেখাৰ কলাটোৰ বিকাশ সাধন কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে সোধাত ওনাইজা দ্ৰাবুৱে কয়: "মই ভাবো কেৱল কাশ্মীৰী যুৱক-যুৱতীয়েই নহয়, বৰঞ্চ বিশ্বৰ সকলো যুৱ প্ৰজন্মই কৃত্ৰিম বুদ্ধিমত্তাৰ যুগত নিজৰ সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ দুগুণ পৰিশ্ৰম কৰিব লাগিব! নিজৰ লেখাবোৰ চিকুণাবলৈ ChatGPT-ৰ দৰে সঁজুলিৰ আশ্ৰয় লোৱাটো লোভনীয়, কিন্তু আমি সেয়া নকৰি কঠিন পৰিশ্ৰমৰ জৰিয়তেহে নিজৰ দক্ষতা বৃদ্ধি কৰাৰ প্ৰয়োজন আছে।" কাশ্মীৰৰ যুৱ প্ৰজন্মৰ প্ৰতি দিয়া বাৰ্তাত তেওঁ কয়: "মই নাজানো মই তেওঁলোকক বাৰ্তা দিয়াৰ যোগ্য হয় নে নহয়! কিন্তু ছ’চিয়েল মিডিয়াত মই যি দেখিবলৈ পাইছো আৰু তেওঁলোকৰ সৈতে হোৱা বাৰ্তালাপৰ পৰা মই ভাবো যে আমাৰ ভৱিষ্যত সুৰক্ষিত হাতত আছে!"।
ওনাইজা দ্ৰাবু
তেওঁৰ লক্ষ্যক এক দিশ প্ৰদান কৰাত পিতৃ-মাতৃৰ ভূমিকাৰ সন্দৰ্ভত ওনাইজাই কয় যে, "মই কি কাম কৰো সেয়া মোৰ পিতৃ-মাতৃয়ে কেতিয়াও বুজি পোৱা নাছিল, কিন্তু তথাপিও তেওঁলোকে মোক সদায় সমৰ্থন কৰিছিল। মই পেছাদাৰী লোকৰ পৰিয়ালৰ পৰা আহিছো, আৰু মোৰ এই অগতানুগতিক কেৰিয়াৰ বাছনিৰ কথা আনক বুজাবলৈ তেওঁলোকৰ বাবে সদায় কঠিন হৈ পৰিছিল। তথাপিও মই ইয়াৰ কৃতিত্ব তেওঁলোকক দিওঁ, কাৰণ তেওঁলোকেই এই সিদ্ধান্তসমূহ লোৱাৰ পৰিৱেশ সৃষ্টি কৰি দিছিল, বিশেষকৈ মোৰ আইতাই।"
ওনাইজা ইংৰাজী, উৰ্দু আৰু কাশ্মীৰী ভাষাত পাকৈত, অৱশ্যে তেওঁ বহু পিছত অৰ্থাৎ কলেজত পঢ়ি থকা সময়তহে কাশ্মীৰী পঢ়িবলৈ আৰু লিখিবলৈ শিকিছিল। জীৱনৰ যিকোনো ক্ষেত্ৰতে আগুৱাই যাবলৈ আৰু পাৰদৰ্শিতা দেখুৱাবলৈ আৰম্ভণিতে তেওঁৰ পৰিয়ালৰ মূল গুৰুত্ব আছিল তেওঁক ইংৰাজী ভাষা শিকাটোৰ ওপৰত।