মানৱতা আৰু সম্প্ৰীতিৰ উজ্জ্বল নিদৰ্শন কেৰালাৰ ইছলামিক শিক্ষানুষ্ঠান 'মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স'

Story by  atv | Posted by  Munni Begum • 1 h ago
 ‘মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স’ (MMIC–জামিয়া ৰহিমিয়া)
‘মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স’ (MMIC–জামিয়া ৰহিমিয়া)
 
অনিকা মাহেশ্বৰী / নতুন দিল্লী
 
আধুনিকতাৰ দৌৰত মানুহৰ মাজত যেতিয়া নানা ধৰণৰ দূৰত্ব আৰু বিভাজনৰ সৃষ্টি হৈ আহিছে, ঠিক তেনে সময়তে দক্ষিণ ভাৰতৰ কেৰালাৰ মানৱতা আৰু সম্প্ৰীতিৰ এক হৃদয়স্পৰ্শী ছবি পোহৰলৈ আহিছে। এই ছবিয়ে এফালে যেনেকৈ মানুহৰ হৃদয় গভীৰভাৱে স্পৰ্শ কৰিছে, আনফালে তেনেকৈয়ে মুখত বিৰিঙাই তুলিছে এক প্ৰশান্তিৰ হাঁহি।  
 
কেৰালাৰ পালাক্কাড় জিলাৰ সেউজীয়া প্ৰকৃতিৰে আৱৰা শান্ত পৰিৱেশৰ ৱাণিয়ামকুলম (Vaniyamkulam) অঞ্চলত অৱস্থিত ‘মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স’ (MMIC–জামিয়া ৰহিমিয়া) আজি কেৱল এখন ধৰ্মীয় স্থান তথা শিক্ষানুষ্ঠান হৈ থকা নাই। এই প্ৰতিষ্ঠান দেশৰ বাবে সাম্প্ৰদায়িক সম্প্ৰীতি, পাৰস্পৰিক বিশ্বাস আৰু মানৱীয় ভাতৃত্ববোধৰ এক উজ্জ্বল নিদৰ্শন হৈ উঠিছে। ইয়াত মানুহৰ মাজত ধৰ্মৰ ভিত্তিত গঢ়ি উঠা বিভাজনৰ প্ৰাচীৰ যেন মানৱতাৰ আগত আপোনা-আপুনি খহি পৰে।
 
 
মানৱতা আৰু ভাৰতৰ চিৰপৰিচিত গংগা-যমুনী সংস্কৃতিৰ প্ৰকৃত সৌন্দৰ্য প্ৰকাশ কৰা এক ঘটনাই শেহতীয়াকৈ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। কেৰালাৰ এগৰাকী যুৱতীয়ে যেতিয়া এই মাদ্ৰাছাৰ চৌহদত প্ৰৱেশ কৰিছিল, তেতিয়া তাত দেখা দৃশ্যই তেওঁৰ মনত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল। তেওঁৰ চকুত ভাহি উঠিছিল বিস্ময়, মনত জাগিছিল এক অবিশ্বাস্য অনুভূতি আৰু আবেগেৰে ভৰি পৰিছিল হৃদয়। এনে এক দৃশ্যৰ সন্মুখীন হ'ব বুলি তেওঁ হয়তো কেতিয়াও কল্পনা কৰা নাছিল। 
 
যুৱতীগৰাকীয়ে নিজ চকুৰে দেখিছিল, এখন ধৰ্মীয় শিক্ষানুষ্ঠান কেনেদৰে সকলো ধৰ্মৰ প্ৰতি সমান সন্মান আৰু সদ্ভাৱৰ এক অনন্য কেন্দ্ৰ হৈ উঠিব পাৰে। তাত শ শ মানুহে একেলগে বহি আহাৰ গ্ৰহণ কৰিছিল। বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকে একান্ত আন্তৰিকতাৰে খাদ্য প্ৰস্তুত আৰু পৰিৱেশনৰ কামত অংশ লৈছিল। এই দৃশ্য দেখি যুৱতীগৰাকী গভীৰভাৱে আপ্লুত হৈ পৰিছিল। তেওঁৰ অনুভৱ আছিল যে, মানুহক মানুহৰ পৰা আঁতৰাই ৰখা ঘৃণা আৰু বিভেদৰ যিবোৰ অদৃশ্য প্ৰাচীৰ সমাজত গঢ়ি উঠিছে, এই প্ৰতিষ্ঠানে যেন সেই প্ৰাচীৰবোৰ ভাঙি পেলোৱাৰ এক নীৰৱ প্ৰয়াস চলাই আছে।    
 
যুৱতীগৰাকীৰ মুখৰ অভিব্যক্তি আৰু চকুৰ আবেগে যেন এটা কথাই কৈ গৈছিল, মানুহৰ হৃদয়ত যদি মৰম আৰু ভালপোৱা থাকে, তেন্তে ধৰ্ম, ভাষা আৰু সংস্কৃতিৰ ভিন্নতাই দূৰত্বৰ সৃষ্টি কৰিব নোৱৰে। বৰং সেই ভিন্নতাই সকলোকে এক বৃহৎ পৰিয়ালৰ দৰে একত্ৰিত কৰিব পাৰে।
 
এই উল্লেখযোগ্য শিক্ষানুষ্ঠানখন ১৯৮৯ চনত স্থাপন কৰা হৈছিল। কেৰালাৰ বিশিষ্ট ইছলামিক পণ্ডিত, সমাজ সংস্কাৰক আৰু শিক্ষাবিদ কে টি  মানু মুছলিয়াৰৰ আদৰ্শ আৰু স্মৃতিক সন্মান জনাই ইয়াৰ পৰিকল্পনা আৰু প্ৰতিষ্ঠাৰ ভেটি স্থাপন কৰা হৈছিল। কে টি মানু মুছলিয়াৰে জীৱনকালত কেৰালাৰ সুপৰিচিত সংগঠন ‘সমস্ত কেৰালা ইছলাম মতা বিদ্যাভ্যাস ব'ৰ্ড’ৰ সাধাৰণ সম্পাদক হিচাপে উল্লেখযোগ্য সেৱা আগবঢ়াইছিল। তেওঁৰ বিশ্বাস আছিল যে, শিক্ষাৰ উদ্দেশ্য কেৱল শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰাই নহয়। প্ৰকৃত শিক্ষাই মানুহৰ অন্তৰত নৈতিক মূল্যবোধ, সু-চৰিত্ৰ, সহমৰ্মিতা আৰু পাৰস্পৰিক ভাতৃত্ববোধৰ বীজ ৰোপণ কৰিব লাগে। ইছলামিক শিক্ষাত এই নৈতিক আৰু চৰিত্ৰ গঠনৰ প্ৰক্ৰিয়াক ‘তৰবিয়ত’ (Tharbiyyah) বুলি কোৱা হয়। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আজি এই শিক্ষানুষ্ঠানখনৰ চৌহদৰ প্ৰতিটো দিশতে যেন তেওঁৰ সেই দূৰদৰ্শী চিন্তাৰ প্ৰতিফলন দেখা যায়। মিলিজুলি ৰন্ধা-বঢ়া, একেলগে আহাৰ বিতৰণ কৰা, যিয়ে সম্প্ৰীতিৰ এক অনন্য উৎসৱৰ প্ৰতিফলিত কৰি আহিছে। ভাৰতৰ গংগা-যমুনী সংস্কৃতিৰ মূল সৌন্দৰ্য হৈছে বিভিন্ন ধৰ্মৰ মানুহে পৰস্পৰৰ উৎসৱ-পাৰ্বণ, সুখ-দুখ আৰু আনন্দৰ মুহূৰ্তবোৰত একেলগে অংশগ্ৰহণ কৰা। কেৰালাৰ এই প্ৰতিষ্ঠানখনে সেই সমন্বয়ৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰিছে। ইয়াত চলি থকা বৃহৎ সামূহিক ৰান্ধনীঘৰ আৰু বিনামূলীয়া আহাৰ বিতৰণৰ ব্যৱস্থাই বহুতৰে হৃদয় জয় কৰিছে। এই ৰান্ধনীঘৰত কাৰো ধৰ্মৰ বিষয়ে সোধা নহয়। কোনো মানুহক জাতি বা সম্প্ৰদায়ৰ ভিত্তিত পৃথক কৰি ৰখা নহয়। ইয়াত হিন্দু, মুছলমান আৰু খ্ৰীষ্টান তিনিওটা প্ৰধান সম্প্ৰদায়ৰ লোকে কান্ধত কান্ধ মিলাই, সম্পূৰ্ণ আন্তৰিকতা আৰু আনন্দেৰে একেলগে খাদ্য প্ৰস্তুত কৰে। ৰন্ধা-বঢ়া শেষ হোৱাৰ পাছত বিভিন্ন ধৰ্মীয় আৰু সামাজিক পটভূমিৰ স্বেচ্ছাসেৱকসকলে হাঁহিমুখে সকলোকে আহাৰ পৰিৱেশন কৰে।
 
আটাইতকৈ মন চুই যোৱা দৃশ্যটো দেখা যায় সেই সময়ত, যেতিয়া শিশু, যুৱক-যুৱতী, বৃদ্ধ-বৃদ্ধাকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ মানুহে কোনো ভেদাভেদ নৰখাকৈ একেলগে বহি আহাৰ গ্ৰহণ কৰে। কোনো মানুহ ডাঙৰ নহয়, কোনো মানুহ সৰু নহয়। সকলোৰে পৰিচয় যেন এটাই, সকলো মানুহ, সকলো সমান। যুৱতীগৰাকীয়ে যেতিয়া এই দৃশ্য নিজ চকুৰে প্ৰত্যক্ষ কৰিছিল, তেতিয়া তেওঁ উপলব্ধি কৰিছিল যে, এয়া কেৱল ভোক নিবাৰণৰ বাবে কৰা এক আয়োজন নহয়। ই হৈছে মানুহৰ হৃদয়ক হৃদয়ৰ সৈতে সংযোগ কৰা মৰম, বিশ্বাস আৰু ভাতৃত্ববোধৰ এক পৱিত্ৰ উৎসৱ। এনে অনুভূতিৰ সৌন্দৰ্য ভাষাৰে সম্পূৰ্ণৰূপে প্ৰকাশ কৰাটোও কঠিন। 
 
অক্টোবৰ ২০২৬ৰ ঐতিহাসিক সন্মিলন : একতা আৰু শান্তিৰ বাৰ্তা 
 
এই শিক্ষানুষ্ঠানখনৰ বছৰেকীয়া অনুষ্ঠানসমূহেও ইয়াৰ ঐতিহ্য আৰু সামাজিক ভূমিকা অধিক সুদৃঢ় কৰি আহিছে। ২০২৬ চনৰ অক্টোবৰ মাহত এই চৌহদত ৩৭সংখ্যক বাৰ্ষিক উৎসৱ আৰু ১৩সংখ্যক দীক্ষান্ত সন্মিলন যথেষ্ট আড়ম্বৰ আৰু মৰ্যাদাৰে অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ আটাইতকৈ উল্লেখযোগ্য দিশ আছিল যে, ইয়াত কেৱল এটা ধৰ্ম বা সম্প্ৰদায়ৰ লোকেই অংশগ্ৰহণ কৰা নাছিল। বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক আৰু সামাজিক ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি, চিন্তাবিদ আৰু নেতাসকলেও অনুষ্ঠানত অংশ লৈছিল। অনুষ্ঠানৰ মঞ্চৰ পৰা শান্তি, পাৰস্পৰিক বিশ্বাস, একতা আৰু সামাজিক সম্প্ৰীতিৰ বাৰ্তা প্ৰচাৰ কৰা হৈছিল।
 
প্ৰতিগৰাকী বক্তাৰ বক্তব্যত সমাজত শান্তি আৰু ভাতৃত্ববোধৰ বান্ধোন অধিক শক্তিশালী কৰাৰ আহ্বান প্ৰতিধ্বনিত হৈছিল। এই আয়োজনে সমগ্ৰ অঞ্চলটোত যেন মৰম আৰু সদ্ভাৱৰ এক নতুন পৰিৱেশ সৃষ্টি কৰিছিল। ‘মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স’ৰ কাৰ্যকলাপ কেৱল সামূহিক আহাৰ বা সামাজিক মিলনতে সীমাবদ্ধ নহয়। ইয়াৰ অন্যতম প্ৰধান শক্তি হৈছে এক সুসংগঠিত আৰু সামগ্ৰিক শিক্ষা ব্যৱস্থা। বিশেষকৈ অনাথ, আশ্ৰয়হীন আৰু আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ শিশুসকলৰ বাবে এই প্ৰতিষ্ঠান আশাৰ এক নতুন ঠিকনা হৈ উঠিছে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
নৈতিকতা আৰু আধুনিক শিক্ষাৰ সমন্বয়: ইয়াত শিশুসকলক আধুনিক শিক্ষাৰ লগতে উচ্চ নৈতিক মূল্যবোধ আৰু তৰবিয়তৰ শিক্ষাও প্ৰদান কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে শিক্ষাৰ্থীসকলক ভৱিষ্যতে সমাজৰ দায়িত্বশীল, সংবেদনশীল আৰু সৎ নাগৰিক হিচাপে গঢ়ি তোলা।  
 
বিভিন্ন স্তৰৰ শিক্ষাৰ সুবিধা: প্ৰতিষ্ঠানখনৰ চৌহদত প্ৰাথমিক মাদ্ৰাছাৰ পৰা আৰম্ভ কৰি পৱিত্ৰ কোৰাণ মুখস্থ কৰাৰ শিক্ষা প্ৰদান কৰা ‘হিফজুল কোৰাণ কলেজ’ আৰু উচ্চ ইছলামিক অধ্যয়নৰ বাবে ‘জামিয়া ৰহিমিয়া আৰবী কলেজ’ পৰিচালিত হৈ আহিছে। 
 
বহুভাষিক শিক্ষা আৰু আধুনিক সা-সুবিধা: শিক্ষাৰ্থীসকলক আৰবী, ইংৰাজী, উৰ্দু আৰু মালয়ালম আদি ভাষাৰ জ্ঞান প্ৰদান কৰা হয়। ইয়াৰ উপৰি প্ৰতিষ্ঠানখনত আধুনিক শ্ৰেণীকোঠা, বিজ্ঞান আৰু তথ্য-প্ৰযুক্তিৰ পৰীক্ষাগাৰ, খেলপথাৰ, বৃহৎ মছজিদ আৰু হাজাৰ হাজাৰ মূল্যৱান তথা দুষ্প্ৰাপ্য গ্ৰন্থৰে সমৃদ্ধ এটা পুথিভঁৰালো আছে। 
 
সক্ৰিয় ছাত্ৰ সংগঠন: শিক্ষাৰ্থীসকলৰ নেতৃত্ব প্ৰদানৰ দক্ষতা আৰু সামাজিক দায়িত্ববোধ বিকশিত কৰাৰ উদ্দেশ্যে ‘মদানুল ফুছৱাহা ছাত্ৰ সন্থা’ (MFSA) নামৰ ছাত্ৰ সংগঠনটোৱে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। একেদৰে প্ৰাক্তন শিক্ষাৰ্থীসকলৰ সংগঠন ‘অল্ড ষ্টুডেণ্টছ ফেডাৰেচন’ (OSF)-এও শিক্ষা আৰু সমাজকল্যাণমূলক কামত সক্ৰিয় ভূমিকা পালন কৰি আহিছে।
 
এই সকলো প্ৰচেষ্টাই প্ৰতিষ্ঠানখনক কেৱল পাঠ্যপুথিৰ শিক্ষা প্ৰদান কৰা এখন কেন্দ্ৰ হিচাপে নহয়, বৰং মানুহ গঢ়াৰ এক সুন্দৰ পৰিৱেশ হিচাপে প্ৰতিষ্ঠা কৰিছে।
 
মানৱতাৰ এক চিৰস্মৰণীয় নিদৰ্শন: আজিৰ পৃথিৱীৰ বহু ঠাইত যেতিয়া মানুহৰ মাজত বিভেদ, অবিশ্বাস আৰু তিক্ততাৰ প্ৰাচীৰ গঢ়ি উঠিছে, তেনে সময়তে কেৰালাৰ পালাক্কাড় জিলাত অৱস্থিত ‘মানু মুছলিয়াৰ ইছলামিক কমপ্লেক্স’ (MMIC–জামিয়া ৰহিমিয়া) মানৱতা আৰু সম্প্ৰীতিৰ এক উজ্জ্বল আলোকস্তম্ভ হৈ থিয় দিছে। 
 
এই প্ৰতিষ্ঠানে যেন এক সহজ অথচ গভীৰ সত্যৰ শিক্ষা দিয়ে, মানৱতাৰ ঊৰ্ধ্বত একো নহয়। ধৰ্মৰ প্ৰকৃত সৌন্দৰ্য বিভেদত নহয়, মৰম, সহমৰ্মিতা আৰু পৰস্পৰৰ প্ৰতি সন্মানতহে প্ৰকাশ পায়।
 
সেই যুৱতীগৰাকীৰ বিস্ময়ভৰা চকু আৰু তাত উপস্থিত মানুহবোৰৰ নিভাঁজ আন্তৰিকতাই এটা কথাই প্ৰমাণ কৰে যে, ভাৰতৰ প্ৰকৃত শক্তি ইয়াৰ বৈচিত্ৰ্যৰ মাজত থকা ঐক্য। ভিন্ন ধৰ্ম, ভিন্ন ভাষা, ভিন্ন সংস্কৃতি আৰু ভিন্ন পৰম্পৰাৰ মানুহে যেতিয়া একেখন সমাজৰ সদস্য হিচাপে পৰস্পৰৰ সুখ-দুখৰ অংশীদাৰ হয়, তেতিয়াই গঢ়ি উঠে প্ৰকৃত মানৱীয় সম্পৰ্ক।
 
কেৰালাৰ এই শিক্ষানুষ্ঠানখনে সেই আদৰ্শক কেৱল কথাৰে প্ৰকাশ কৰা নাই, দৈনন্দিন কাম-কাজ আৰু আচৰণৰ মাজেৰেও বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস চলাই আহিছে। মানুহক মানুহ হিচাপে ভাল পাব জনাটোৱেই যে, সকলোতকৈ ডাঙৰ শিক্ষা আৰু মৰম-ভাতৃত্ববোধেই যে সমাজক একত্ৰিত কৰি ৰখাৰ আটাইতকৈ শক্তিশালী বান্ধোন, কেৰালাৰ এই প্ৰতিষ্ঠানখনৰ কাহিনীয়ে পুনৰবাৰ সেই কথাই সোঁৱৰাই দিছে।


শেহতীয়া খবৰ