পৰিয়ালৰ জ্যেষ্ঠসকলৰ মতে, ৰাখালদাস কৰ আৰু ঠাকুৰদাস কৰৰ হাত ধৰিয়েই এই পূজাৰ সূচনা হৈছিল। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি একেদৰেই চলি আহিছে এই পূজা। সীমান্তৱৰ্তী এই অঞ্চলত সিপাৰ (বাংলাদেশৰ)ৰ বহু মানুহো আজিও এই পূজাৰ টানত উপস্থিত হয়হি। তেওঁলোকৰ বাবে কৰবাৰীৰ ঠাকুৰদালান কেৱল এটা পূজামণ্ডপেই নহয়, নিজৰ শিপাৰ সৈতে যোগসূত্ৰ স্থাপনৰ এক অন্যতম স্থান।
বছিৰহাটৰ ২৬৯ বছৰীয়া দুৰ্গাপূজা
কৰবাৰীৰ দুৰ্গাপূজাৰ সৈতে জড়িত হৈ আছে এক অনন্য পৰম্পৰা। এসময়ত বাবুঘাটৰ গংগাৰ পৰা মাটিৰ কলহত কৰি নাৱেৰে পানী অনা হৈছিল। সেই পানী ইছামতী নদীৰ পথ অতিক্ৰম কৰি কৰবাৰীত গৈ উপস্থিত হৈছিলগৈ। ঘৰৰ পূজাকে ধৰি গোটেই বছৰটোৰ বিভিন্ন আচাৰ-অনুষ্ঠানত সেই গংগাজল ব্যৱহাৰ কৰা হৈছিল। সময় সলনি হৈছে, সেয়ে এতিয়া নাৱৰ সলনি গাড়ীত কৰি বছৰত এবাৰ বাবুঘাটৰ পৰা গংগাজল লৈ অহা হয়। সেই পানী গোটেই বছৰ ধৰি পূজাৰ কামত ব্যৱহাৰ কৰা হয়।
ঐতিহ্যৰ সোঁতটো কিন্তু একেই ৰৈ গ'ল। কৰবাৰীৰ ইতিহাসৰ সৈতে জড়িত হৈ আছে আন এক লোকবিশ্বাস। পৰিয়ালৰ সদস্যসকলৰ পৰা জানিব পৰা মতে, এসময়ত সপোনৰ বাৰ্তা লাভ কৰাৰ পিছত ঘৰৰ পুখুৰীৰ পৰা উদ্ধাৰ হৈছিল এটি শিলা। পৰৱৰ্তী সময়ত সেয়াই নাৰায়ণ শিলা হিচাপে প্ৰতিষ্ঠিত হয়। তেতিয়াৰ পৰাই নাৰায়ণ শিলাৰ নিত্যপূজা চলি আহিছে।