বেংগালুৰুত ৰাজমিস্ত্ৰীৰ মহানুভৱতাঃ প্ৰয়াত সহকৰ্মীৰ কন্যাৰ নামত কৰি দিলে ১ লাখ ২৯৫ টকাৰ Fixed Deposit

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰয়াত সহকৰ্মীৰ কন্যাৰ নামত কৰি দিলে ১ লাখ ২৯৫ টকাৰ Fixed Deposit
প্ৰয়াত সহকৰ্মীৰ কন্যাৰ নামত কৰি দিলে ১ লাখ ২৯৫ টকাৰ Fixed Deposit
 
তৰুণ নন্দী, কলকাতা
 
মানুহৰ প্ৰকৃত পৰিচয় লুকাই থাকে তেওঁৰ মানৱতাত আৰু সেই মানৱতাৰ বাবে তেজৰ সম্পৰ্কৰ কোনো প্ৰয়োজন নাথাকে। বেংগালুৰুত কৰ্মৰত এদল ৰাজমিস্ত্ৰীৰ এক বিৰল মানৱীয় পদক্ষেপে যেন এই চিৰন্তন সত্যকে পুনৰবাৰ সমাজৰ সন্মুখত দাঙি ধৰিলে। তেজৰ সম্পৰ্ক নথকা সত্ত্বেও কেৱল মানৱতাৰ তাড়নাত এক অসহায় পৰিয়ালৰ কাষত থিয় দিলে কেইজনমান সহকৰ্মী।
 
বেংগালুৰুত অকাল মৃত্যুক সাবটি লোৱা ডোমকলৰ সেণ্টু আনছাৰীৰ কণমানি কন্যাৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ এই ৰাজমিস্ত্ৰীসকলৰ উদ্যোগত বেংকত ১ লাখ ২৯৫ টকাৰ ফিক্সড ডিপজিট কৰি দিয়া হৈছে। তেজৰ বান্ধোন নাথাকিলেও আত্মীয়তাৰ এনাজৰীৰে বান্ধ খাই আছিল তেওঁলোক। সহকৰ্মীৰ মৃত্যুৰ পিছত তেওঁৰ কণমানি কন্যাটিৰ ভৱিষ্যতৰ কথা ভাবি নিজৰ উপাৰ্জনৰ ধন গোটাই এই ফিক্সড ডিপজিট কৰি দিলে ৰাজমিস্ত্ৰীৰ দলটোৱে। সহকৰ্মীক হেৰুওৱাৰ গভীৰ বেদনা বুকুত বান্ধিয়েই তেওঁলোকে গ্ৰহণ কৰা মানৱতাৰ এই অনন্য নিদৰ্শনে এতিয়া সকলোৰে মন চুই যোৱাৰ লগতে সমাজৰ বাবেও এক অনন্য শিক্ষা হৈ থিয় দিছে।
 
 
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মুৰ্ছিদাবাদ জিলাৰ অন্তৰ্গত ডোমকলৰ ফতেপুৰ গাঁৱৰ বাসিন্দা আছিল ৩৪ বছৰীয়া সেণ্টু আনছাৰী। পত্নী, এজন পুত্ৰ আৰু এগৰাকী কন্যাৰে সৈতে আছিল তেওঁৰ এখন সৰু সংসাৰ। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল সেণ্টু। প্ৰব্ৰজিত শ্ৰমিক হিচাপে বেংগালুৰুত ৰাজমিস্ত্ৰীৰ কাম কৰি যি উপাৰ্জন কৰিছিল, তাৰেই চলি আছিল তেওঁৰ সংসাৰখন। কিন্তু হঠাতে হোৱা তেওঁৰ অকাল মৃত্যুৱে পৰিয়ালটোৰ মাজলৈ নমাই আনে ঘোৰ অন্ধকাৰ। মূৰৰ ওপৰৰ পৰা আঁতৰি যায় পৰিয়ালৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তিজনৰ ছাঁ।
 
পত্নী আৰু দুটা সন্তানৰ ভৱিষ্যত অনিশ্চিত হৈ পৰে। পিছে সেণ্টুৰ অকাল বিয়োগৰ এই চৰম দুৰ্দিনতেই চৰ্চালৈ আহিল মানৱতাৰ এক অসাধাৰণ ছবি। সেণ্টুৰ সৈতে বেংগালুৰুত আন কেইবাজনো ৰাজমিস্ত্ৰীয়ে একেলগে কাম কৰিছিল। একেলগে কাম কৰি থাকোঁতে সহকৰ্মীসকলৰ মাজত গঢ় লৈ উঠিছিল আত্মীয়তাৰে ভৰা এক নিবিড় সম্পৰ্ক। সহকৰ্মী সেণ্টুৰ মৃত্যুৰ খবৰে তেওঁলোককো গভীৰভাৱে জোকাৰি গৈছিল। পৰিয়ালটোৰ দৰেই তেওঁলোকো শোকত ম্ৰিয়মাণ হৈ পৰিছিল। কিন্তু কেৱল শোক প্ৰকাশ কৰিয়েই তেওঁলোক ৰৈ নাথাকিল; বৰংএই বিপদৰ সময়ত সেণ্টুৰ পৰিয়ালৰ কাষত থিয় হোৱাৰ দৃঢ় সিদ্ধান্ত ল’লে।
 
ইয়াৰ পিছতেই মৃত সহকৰ্মীজনৰ পৰিয়ালৰ বাবে দাস্তান আনছাৰী, জাহিদুল আৰু ৰকিবহঁতৰ উদ্যোগত আৰম্ভ হয় অৰ্থ সংগ্ৰহৰ কাম। সহকৰ্মীসকলৰ পৰা নিজা সামৰ্থ্য অনুসৰি ধন গোটাবলৈ আৰম্ভ কৰে তেওঁলোকে। কোনোবাই হয়তো অলপ কমকৈ, কোনোবাই আকৌ কিছু বেছিকৈ- কোনোবাই যদি ১,০০০ টকা দিছে, আন কোনোবাই আকৌ দিছে ৫,০০০ টকা। এনেদৰেই লাহে লাহে সকলোৰে সহযোগিতাত জমা হয় মুঠ ১ লাখ ২৯৫ টকা।
 
সংগৃহীত এই ধনখিনি কেৱল এককালীন সাহায্য হিচাপে পৰিয়ালটোৰ হাতত তুলি দিয়াৰ পৰিৱৰ্তে তেওঁলোকে অলপ অন্যধৰণে চিন্তা কৰিলে। সেণ্টুৰ কণমানি কন্যাটিৰ ভৱিষ্যতৰ কথা ভাবি তাইৰ নামতেই ১০ বছৰৰ বাবে বেংকত ফিক্সড ডিপজিট কৰি দিলে সহকৰ্মীসকলে। যিজন মানুহ আজি এই পৃথিৱীত নাই, তেওঁৰ সন্তানৰ আগন্তুক দিনৰ সপোনবোৰ যাতে অলপ হ’লেও সুৰক্ষিত হৈ থাকে, সেই দায়িত্বৰ সামান্য অংশ নিজৰ কান্ধত তুলি ল’লে সেণ্টুৰ সৈতে কামত জড়িত থকা এই ৰাজমিস্ত্ৰীসকলে।
 
ভাবিলে আচৰিত লাগে যে তেওঁলোক নিজেও শ্ৰমজীৱী মানুহ। তাৰ পিছতো নিজৰ সীমিত সামৰ্থ্যৰ মাজৰ পৰাই বন্ধুৰ কন্যাৰ ভৱিষ্যতৰ বাবে তেওঁলোকে এনে সঞ্চয়ৰ ব্যৱস্থা কৰি দিলে। এই ধন হয়তো বহু ডাঙৰ অংক নহ’ব পাৰে, কিন্তু এটি অসহায় পৰিয়ালৰ বাবে ইয়াৰ মূল্য অপৰিসীম। পিতৃক হেৰুওৱাৰ শূন্যতা যে কোনো ধন-সম্পত্তিৰে পূৰণ কৰা সম্ভৱ নহয়, সেই কথা সেণ্টুৰ পৰিয়ালেও ভালদৰেই জানে।
 
কিন্তু কণমানি ছোৱালীজনী ডাঙৰ হৈ যেতিয়া জানিব পাৰিব যে তাইৰ দেউতাকৰ সহকৰ্মীসকলে নিজৰ কষ্টোপাৰ্জিত ধন গোটাই তাইৰ ভৱিষ্যতৰ বাবে সাঁচি থৈ গৈছিল, তেতিয়া হয়তো তাই উপলব্ধি কৰিব- তাইৰ দেউতাক কেৱল তেজৰ সম্পৰ্কৰ মানুহবোৰৰ মাজতেই জীয়াই থকা নাই, জীয়াই আছে তেওঁৰ সহকৰ্মীসকলৰ নিঃস্বাৰ্থ মৰম-ভালপোৱা আৰু দায়িত্ববোধৰ মাজতো। ক’বলৈ গ’লে, বেংগালুৰুত কৰ্মৰত সেণ্টুৰ এই ৰাজমিস্ত্ৰী সহকৰ্মীসকলে বুজাই দিলে যে মানুহৰ কাষত থিয় হ’বলৈ ধনী হোৱাৰ প্ৰয়োজন নাই, প্ৰয়োজন মাথোঁ এখন বিশাল হৃদয়ৰ।
 
পিতৃহীনা কণমানিজনীৰ জীৱনত এই মানুহকেইজন আজি হৈ ৰ’ল এক অন্যধৰণৰ অভিভাৱক। এই লোকসকলে দেখুৱাই দিলে যে পৃথিৱীত এতিয়াও মানৱতা জীয়াই আছে। সেই মানৱতাৰ আটাইতকৈ সুন্দৰ আৰু উজ্জ্বল পৰিচয় কেতিয়াবা সাধাৰণ মানুহৰ এনে অসাধাৰণ কৰ্মৰ মাজতেই বিচাৰি পোৱা যায়।