নতুন দিল্লী
শীতকালৰ বাবে বুধবাৰে পুৱা ৮ বাজি ৩০ মিনিটত আনুষ্ঠানিকভাৱে বন্ধ কৰা হয় পবিত্ৰ কেদাৰনাথ ধামৰ দুৱাৰ। বৈদিক মন্ত্ৰোচ্চাৰণ, পৰম্পৰাগত পূজা-অৰ্চনা আৰু সেনাবাহিনীৰ বেণ্ডৰ সুৰৰ মাজেৰে সম্পন্ন হয় এই বিশেষ ধৰ্মীয় অনুষ্ঠান। চলিত বৰ্ষৰ তীৰ্থযাত্ৰাৰ সময়ছোৱাত ১৯ লাখ ২০ হাজাৰতকৈও অধিক ভক্তই হিমালয়ৰ বুকুত অৱস্থিত এই পবিত্ৰ ধাম দৰ্শন কৰে।
বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ (BKTC) অধ্যক্ষ হেমন্ত দ্বিবেদীয়ে এই কথা জানিবলৈ দিয়ে। শীতকালৰ বাবে মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ পূৰ্বে ভগৱান শিৱৰ অন্তিম দৰ্শন লাভ কৰিবলৈ কেদাৰনাথ ধামত বৃহৎসংখ্যক ভক্তৰ সমাগম ঘটে।
সংবাদ সংস্থা এএনআইৰ সৈতে হোৱা বাৰ্তালাপত দ্বিবেদীয়ে এই মুহূৰ্তক এক আৱেগিক আৰু আধ্যাত্মিক ক্ষণ হিচাপে অভিহিত কৰে। তেওঁ কয় যে, যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি সকলো ধৰ্মীয় ৰীতি-নীতি সফলতাৰে সম্পন্ন কৰা হৈছে।
তেওঁ কয়, "আজি সেই আৱেগিক মুহূৰ্তটো আহি উপস্থিত হৈছে। এয়া এক প্ৰাচীন পৰম্পৰা, য'ত ছমাহ নৰৰ আৰু ছমাহ নাৰায়ণৰ পূজা কৰা হয়। আজি ১১ নৱেম্বৰৰ পুৱা ৮ বাজি ৩০ মিনিটত মন্দিৰৰ দুৱাৰ বন্ধ কৰা হৈছে। অৱশ্যে মই ইয়াক কেৱল দুৱাৰ বন্ধ কৰা বুলি ক'ব নিবিচাৰোঁ, বৰং এয়া দুৱাৰৰ 'মংগলম' অনুষ্ঠান। আজি ইয়াত সকলো ধৰ্মীয় ৰীতি-নীতিৰ প্ৰথম পৰ্যায় সফলতাৰে সম্পন্ন হৈছে।"
চলিত বৰ্ষত কেদাৰনাথ ধামলৈ অহা ভক্তৰ সংখ্যা সন্দৰ্ভতো সন্তুষ্টি প্ৰকাশ কৰে মন্দিৰ সমিতিৰ অধ্যক্ষগৰাকীয়ে। তেওঁ কয় যে, এইবাৰ তীৰ্থযাত্ৰীৰ সংখ্যাই এক নতুন অভিলেখ গঢ়িছে। দেশ-বিদেশৰ প্ৰায় ১৯ লাখ ৫০ হাজাৰ ভক্তই বাবা কেদাৰৰ আশীৰ্বাদ গ্ৰহণ কৰিছে।
তীৰ্থযাত্ৰা সুচাৰুৰূপে সম্পন্ন কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা কেদাৰ সভা, তীৰ্থ পুৰোহিত, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (NDRF), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF), আৰক্ষী আৰু জিলা প্ৰশাসনৰ সকলো বিষয়া-কৰ্মচাৰীৰ প্ৰতিও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।
দ্বিবেদীয়ে জানিবলৈ দিয়ে যে, কেদাৰনাথ ধামৰ দুৱাৰ বন্ধ হোৱাৰ পাছত এতিয়া তীৰ্থযাত্ৰাৰ দ্বিতীয় পৰ্যায় আৰম্ভ হ'ব। পৰম্পৰা অনুসৰি বাবা কেদাৰৰ পবিত্ৰ ডোলী শোভাযাত্ৰাৰে উখীমঠৰ ওংকাৰেশ্বৰ মন্দিৰলৈ লৈ যোৱা হ'ব। এই মন্দিৰতে শীতকালৰ ছমাহ বাবা কেদাৰৰ পূজা-অৰ্চনা অব্যাহত থাকিব।
যিসকল ভক্তই এইবাৰ কেদাৰনাথ ধাম দৰ্শন কৰিবলৈ সক্ষম নহ'ল, তেওঁলোকক উখীমঠৰ ওংকাৰেশ্বৰ মন্দিৰত উপস্থিত হৈ বাবা কেদাৰৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈও তেওঁ আহ্বান জনায়।
ইফালে, ৰুদ্ৰপ্ৰয়াগৰ জিলা দণ্ডাধীশ বিশাল মিশ্ৰই জানিবলৈ দিয়ে যে, বুধবাৰে পুৱা ৪ বজাৰ পৰাই মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ ধৰ্মীয় ৰীতি-নীতি আৰম্ভ হৈছিল। এই অনুষ্ঠানত প্ৰশাসনিক বিষয়া, বদ্ৰীনাথ-কেদাৰনাথ মন্দিৰ সমিতিৰ প্ৰতিনিধি, তীৰ্থ পুৰোহিত আৰু কেদাৰ সভাৰ সদস্যসকল উপস্থিত আছিল।
মিশ্ৰই কয়, "২২ এপ্ৰিলত ভক্তসকলৰ বাবে মুকলি কৰা শ্ৰী কেদাৰনাথ ধামৰ দুৱাৰ আজি বন্ধ কৰা হৈছে। চলিত বৰ্ষত ১৯ লাখ ২০ হাজাৰতকৈও অধিক ভক্তই এই পবিত্ৰ ধাম দৰ্শন কৰিছে।"
তেওঁ লগতে জনায় যে, মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ পাছত বাবা কেদাৰৰ পবিত্ৰ ডোলী উখীমঠৰ ওংকাৰেশ্বৰ মন্দিৰ অভিমুখে যাত্ৰা কৰিব। শীতকালৰ সময়ছোৱাত তাতেই নিয়মীয়াকৈ বাবা কেদাৰৰ পূজা-অৰ্চনা অনুষ্ঠিত হ’ব।
ইয়াৰ লগে লগে চলিত বৰ্ষৰ কেদাৰনাথ ধামৰ বাৰ্ষিক তীৰ্থযাত্ৰাৰ সামৰণি পৰে। অহা বৰ্ষত অক্ষয় তৃতীয়াৰ আশে-পাশে পুনৰ ভক্তসকলৰ বাবে কেদাৰনাথ ধামৰ দুৱাৰ মুকলি কৰাৰ সম্ভাৱনা আছে।