সমাজ, সংবাদ মাধ্যম আৰু মুছলমানৰ প্ৰতিচ্ছবিঃ এক নতুন দিশৰ সন্ধান

Story by  atv | Posted by  Munni Begum • 10 h ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ছৈয়দ আমজাদ আলী
 
ভুক্তভোগী বা নিৰ্যাতিত হোৱাৰ ধাৰণাটো প্ৰাসংগিক আৰু ইয়াৰ প্ৰকৃতি ভিন্ন। এই ভুক্তভোগীৰ প্ৰকৃতি নিৰ্ভৰ কৰে আপোনাৰ জন্মস্থান, আপোনাৰ শ্ৰেণী, আপোনাৰ উত্তৰাধিকাৰ, আপোনাৰ আৰ্থিক অৱস্থা আদিৰ ওপৰত। ইয়াক কেতিয়াও এটা বৃহৎ আৰু অখণ্ড ধাৰণা হিচাপে সংজ্ঞায়িত কৰিব নোৱাৰি। আমাৰ দৰে এখন বৈচিত্ৰ্যময় আৰু বিশাল দেশত, ই সমানেই বৈচিত্ৰ্যপূৰ্ণ আৰু ভিন্ন।
 
মই এগৰাকী বিজ্ঞাপন পেছাদাৰী আৰু মোৰ সমগ্ৰ কৰ্মজীৱনত মই কেতিয়াও কোনো বৈষম্যৰ সন্মুখীন হোৱা নাই বা ধৰ্মৰ নামত কিবা এটা কৰিবলৈ কেতিয়াও হেঁচাৰ সন্মুখীন হোৱা নাই। এইটো এটা সৃষ্টিশীল পেছা আৰু মই দেশৰ একাংশ শ্ৰেষ্ঠ মেধাৱী লোকৰ সৈতে কোনো ব্ৰেণ্ডৰ বাবে অৰ্থপূৰ্ণ আৰু মূল্যৱান কিবা এটা সৃষ্টি কৰিবলৈ কাম কৰোঁ আৰু মই কেতিয়াও আমাৰ জীৱনত ধৰ্মই কোনো ভূমিকা পালন কৰা দেখা নাই।
 
প্ৰতিনিধিত্বমূলক ছবি
 
মোৰ শৈশৱৰ স্মৃতিবোৰ এটা চৰকাৰী পৰিৱেশৰ চৌপাশে ঘূৰি থাকে, য’ত মই ধৰ্মভিত্তিক শূন্য-সংঘাতৰ এক সমজাতীয় পৰিৱেশত ডাঙৰ-দীঘল হৈছিলোঁ। আমাৰ জীৱনটো ১৫ আগষ্ট, ২৬ জানুৱাৰী, দেৱালী-মিলান, ঈদ-মিলান, বৰদিনৰ লগতে কেইবাটাও আঞ্চলিক উৎসৱৰ দৰে ৰাষ্ট্ৰীয় উৎসৱেৰে ভৰি আছিল। মোৰ স্পষ্টকৈ মনত আছে যে ১৫ আগষ্টৰ দিনা পতাকা উত্তোলনৰ পিছত সকলো ল'ৰা-ছোৱালীয়ে তাত উপস্থিত থকাৰ পুৰস্কাৰ স্বৰূপেই যেন চিঙৰা আৰু ৰসগোল্লালৈ আগ্ৰহেৰে বাট চাইছিল। আনকি অন্যান্য উৎসৱবোৰতো কিছুমান নীতি-নিয়মৰ বাহিৰে কেতিয়াও কোনো নিৰ্দিষ্ট ধৰ্মৰ প্ৰাধান্য নাছিল; সেইবোৰ আছিল একেলগ হোৱা আৰু উদযাপন কৰাৰ একোটা কাৰণ আৰু লগতে তাত পৰিৱেশন কৰা সুস্বাদু খাদ্যৰ প্ৰতি থকা আগ্ৰহ।
 
বিহাৰৰ গয়াত যদিও সামাজিক সম্প্ৰীতি আছিল, তথাপি সতৰ্কতামূলক ব্যৱস্থা হিচাপে মহৰম, ৰাম নৱমীৰ দৰে উৎসৱৰ সময়ত জিলা প্ৰশাসনৰ তৰফৰ পৰা কঠোৰ নিৰীক্ষণ কৰা হৈছিল আৰু সেয়া কোনো অঘটনৰ ভয়ত নাছিল। বছৰটোৰ বাকী দিনবোৰ সকলোৰে বাবে, বিশেষকৈ মধ্যবিত্ত শ্ৰেণীৰ বাবে, সমানেই পৰিশ্ৰমৰ আছিল।
 
যোৱা কেইটামান দহকত, ভাৰতীয় মুছলমানসকলৰ প্ৰতিচ্ছবি মূলতঃ ছবিত ৰূপায়ণ কৰা চৰিত্ৰসমূহৰ জৰিয়তে গঢ় লৈ উঠিছে। তেওঁলোকৰ এই চিত্ৰায়ণ উদ্বেগ আৰু আলোচনাৰ বিষয় হৈ পৰিছে। কেতিয়াবা তেওঁলোকক চোৰাংচোৱা, কেতিয়াবা সন্ত্ৰাসবাদী, কেতিয়াবা আকৌ বেয়া আৰক্ষী আদি হিচাপে দেখুওৱা হয়। তেওঁলোকৰ এই চিত্ৰায়ণ বেছিভাগেই নেতিবাচক চৰিত্ৰৰ প্ৰতি ঢাল খোৱা, যিয়ে সমাজত সম্প্ৰদায়টোৰ বিষয়ে এক নেতিবাচক ধাৰণাৰ সৃষ্টি কৰে। ই সমাজৰ বহুখিনি ক্ষতিসাধন কৰিছে, কাৰণ চলচ্চিত্ৰই অতি সূক্ষ্মভাৱে সমাজত এক গভীৰ প্ৰভাৱ পেলায়। তাৰ পিছত নব্বৈৰ দশকত এনে এক সময় আহিছিল যেতিয়া ভাৰতীয় মূলসুঁতিত মুছলমানসকলৰ অংশগ্ৰহণ নকৰাৰ বিষয়ে বহু কথা লিখা হৈছিল। তেওঁলোকক একাষৰীয়া সম্প্ৰদায় বা আৱদ্ধ এলেকাত বিচ্ছিন্নভাৱে বাস কৰা বুলি ধৰা হৈছিল। সেই কথাও সম্প্ৰদায়টোক নেতিবাচকভাৱে উপস্থাপন কৰিছিল। সময়ৰ লগে লগে মুছলমান সম্প্ৰদায়ৰ ভাৱমূৰ্তিত প্ৰভাৱ পেলোৱা এনে একাধিক কাৰক জড়িত হৈ আছে।
 
আজি আমি যি সময়ত বাস কৰিছোঁ সেয়া একেবাৰেই বেলেগ আৰু এতিয়া আমি এক অত্যন্ত সংযুক্ত পৃথিৱী অৰ্থাৎ ছ’চিয়েল মিডিয়াত বাস কৰোঁ। চলচ্চিত্ৰই কৰা চিত্ৰায়ণৰ উপৰি, আজি ছ’চিয়েল মিডিয়া এক 'প্ৰয়োজনীয় বেয়া' বস্তুত পৰিণত হৈছে। লগতে, শ শ নিউজ চেনেলে তেওঁলোকৰ দৰ্শক ধৰি ৰাখিবলৈ, TRP বঢ়াবলৈ আৰু নিজৰ এজেণ্ডা চলাবলৈ মুছলমানসকলক এক নিৰ্দিষ্ট ৰূপত উপস্থাপন কৰাত অংশগ্ৰহণ কৰে। আজিৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ আৰু ৪০ বছৰ আগতে এখন সৰু চহৰ গয়াত আমি কটোৱা সময়ৰ সৈতে ইয়াৰ আকাশ-পাতাল পাৰ্থক্য আছে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
১৪০ কোটি জনবসতিৰ এখন দেশত, প্ৰতিজন মানুহৰ হাততে ফোন আছে আৰু যিকোনো মুহূৰ্ততে এটা ভিডিঅ' বনাই লগে লগে আপল'ড কৰিব পাৰে, যিটো আমাৰ সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজত ভাইৰেল হৈ পৰে। যদিও ঘটনাবোৰ সঁচা হ'ব পাৰে, ইয়াৰ প্ৰসাৰ বা প্ৰচাৰ এশ গুণ বেছি হয়। অধিক TRP-ৰ বাবে নিজৰ নীতি চলোৱা নিউজ চেনেলসমূহৰ ক্ষেত্ৰতো একেটাই কথা। মুহূৰ্তৰ বাবে, যদি আপুনি ধৰি লয় যে আজি কোনো ছ’চিয়েল মিডিয়া নাই, তেন্তে একেটা সমস্যাকেই হয়তো কম ডাঙৰ যেন লাগিব, হয়তো ই ক’ৰবাত লুকাই থকা সৰু ঠাই এখনহে পাব। সমস্যাটো এতিয়াও আছে, কিন্তু ইয়াৰ প্ৰচাৰ যথেষ্ট হ্ৰাস পালেহেঁতেন আৰু লগতে বৈষম্যও হ্ৰাস পালেহেঁতেন। মূল কথাটো হ’ল যে সংখ্যালঘুসকলে সদায় প্ৰত্যাহ্বানৰ সন্মুখীন হৈ আহিছে আৰু ই কেৱল ভাৰতৰ বাবেই প্ৰযোজ্য নহয় (আমেৰিকা, ব্ৰিটেইন আদি তথাকথিত সভ্য দেশবোৰলৈ চাওক), কেতিয়াবা ই সমানেই অযুক্তিকৰ আৰু বৰ্বৰ আৰু তেওঁলোকৰ অধিকাৰৰ ক্ষেত্ৰত ই হাস্যকৰ।
 
প্ৰশ্নটো হ’ল, এখন মেৰুবিভাজিত পৃথিৱীত মুছলমানসকল কেনেকৈ আগবাঢ়ি যাব? ভাৰতীয় মুছলমানসকল সমাজৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। যদিও বৰ্তমানৰ প্ৰত্যাহ্বানসমূহক আওকাণ কৰিব নোৱাৰি, তথাপি আমি বুজিব লাগিব যে কোনো কথাই চিৰদিনৰ বাবে নাথাকে। সমাজত বহুতো ভাল লগা দিশো আছে। উদাহৰণস্বৰূপে, ভাৰতীয় মুছলমান আৰু আন সকলো সংখ্যালঘুৱে চৰকাৰী কল্যাণমূলক আঁচনি, প্ৰধানমন্ত্ৰী আৱাস যোজনা, চৰকাৰী আৰু বেচৰকাৰী জলপানী, প্ৰযোজ্য ক্ষেত্ৰত ৰাজসাহায্য, ব্যৱসায় কৰাৰ বাবে ডিজিটেল পেমেণ্টৰ সুবিধাসমূহৰ সমান লাভালাভ উপভোগ কৰে। সৰুৱেই হওক বা ডাঙৰেই হওক, সকলো চৰকাৰী সুবিধাৰ ক্ষেত্ৰত তেওঁলোক সমানেই অংশগ্ৰহণকাৰী। মই আগতেই কোৱাৰ দৰে, বৈষম্য আগতেও আছিল, আজি আৰু কাইলৈও থাকিব। কিন্তু প্ৰকৃততে গুৰুত্বপূৰ্ণ কথাটো হ'ল আপুনি ইয়াক কেনেকৈ গ্ৰহণ কৰে আৰু নিজৰ বাবে কেনেকৈ ইয়াৰ সমাধান উলিয়ায়। সমাজৰ ভাল দিশবোৰৰ প্ৰতি আপুনি কিমান ইতিবাচক আৰু নিৰ্দিষ্ট এজন ব্যক্তি হিচাপে আপুনি ইয়াক কিমান দূৰ মুখামুখিকৈ মোকাবিলা কৰিব পাৰে, সেয়াহে আচল কথা।
 
যদিও বিভিন্ন প্ৰত্যাহ্বান আছে, মুছলমানসকলেও সামাজিকভাৱে নিজৰ ভাৱমূৰ্তি উন্নত কৰিবলৈ কাম কৰিব লাগিব। আৰম্ভণিতে, সকলো সম্প্ৰদায়ৰ সৈতে মত বিনিময় কৰাটো অতি গুৰুত্বপূৰ্ণ। সক্ৰিয় পাৰস্পৰিক ক্ৰিয়া-কলাপ বা মত বিনিময়ে ক্ৰমান্বয়ে এক ইতিবাচক পৰিৱৰ্তন আনিব। যেতিয়াই সুযোগ পায় তেতিয়াই তেওঁলোকে মত বিনিময় কৰা উচিত। মাত্ৰ 'নমস্কাৰ' বুলি জনোৱা সৰু সম্ভাষণ এটাও এক ডাঙৰ পৰিৱৰ্তনৰ কাৰক হ'ব পাৰে।
 
দ্বিতীয়তে, আগৰ দৰেই উৎসৱসমূহেই হৈছে পাৰস্পৰিক সম্পৰ্ক আৰু আদান-প্ৰদানৰ আটাইতকৈ শ্ৰেষ্ঠ সুযোগ। ই দুয়োটা সম্প্ৰদায়ক সাংস্কৃতিকভাৱে একত্ৰিত কৰে। আনকি আজিও, শ শ বছৰ ধৰি একেলগে থকাৰ পিছতো, ইজনে সিজনৰ ধৰ্ম, সংস্কৃতি, খাদ্যাভ্যাস আদি বুজি পোৱাত বহু ব্যৱধান আছে। ইয়াক সমাধান কৰাৰ অন্যতম শ্ৰেষ্ঠ উপায় হ’ল ৰাষ্ট্ৰীয় উৎসৱসমূহত ইজনে সিজনৰ সৈতে মিলি যোৱা।
 
প্ৰতিনিধিত্বমূলক ছবি
 
গুৰুত্বপূৰ্ণ কথাটো হ'ল, সম্প্ৰদায়টোৰ ভাৱমূৰ্তি উন্নত কৰাটো বহু পৰিমাণে শৈক্ষিক সৱলীকৰণৰ ওপৰত নিৰ্ভৰ কৰে আৰু তাৰ লগতে অৰ্থনৈতিক স্বতন্ত্ৰতা, নাগৰিক অংশগ্ৰহণ আৰু অৱশ্যে সামাজিক প্ৰসাৰৰ ওপৰতো নিৰ্ভৰশীল। লগতে, জাতি গঠনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আৰু মুকলি আলোচনাৰ পোষকতা কৰি ভাৰতীয় মুছলমানসকলে প্ৰচলিত ভুল ধাৰণাসমূহ ভাঙি শক্তিশালী, সমন্বিত সম্প্ৰদায় গঢ়ি তুলিব পাৰে। তেওঁলোকে শিক্ষা আৰু দক্ষতা বিকাশত অগ্ৰাধিকাৰ দিব লাগিব, লগতে উচ্চ শিক্ষাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিব লাগিব। আধুনিক কৰ্মক্ষেত্ৰত ফলপ্ৰসূভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ বৃত্তিমূলক ডিগ্ৰী আৰু আধুনিক শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব।
 
কন্যা শিশু আৰু মহিলাসকলক সহায় কৰাটো অতি গুৰুত্বপূৰ্ণ। মহিলাসকলক শিক্ষিত কৰিলে ই এক বহুগুণ প্ৰভাৱৰ সৃষ্টি কৰে, যাৰ ফলত পৰিয়ালবোৰে দৰিদ্ৰতাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আৰু পৰৱৰ্তী প্ৰজন্মক যথেষ্ট পৰিমাণে সৱলীকৰণ কৰে। ইয়াৰ উপৰি, আধাতে শিক্ষা এৰা শিক্ষাৰ্থীৰ হাৰ হ্ৰাস কৰিবলৈ সংখ্যালঘু সম্প্ৰদায়ৰ বাবে প্ৰস্তুত কৰা চৰকাৰী বা বেচৰকাৰী যিকোনো জলপানিৰ সুবিধা গ্ৰহণ কৰিব লাগে।
 
সামাজিক সম্প্ৰসাৰণ আৰু আন্তঃধৰ্মীয় আলোচনা গঢ়ি তোলাটোও সমানেই জৰুৰী। উৎসৱ বা নিৰ্দিষ্ট অনুষ্ঠানৰ সময়ত সাধাৰণ ৰাইজৰ বাবে সম্প্ৰদায়ৰ কেন্দ্ৰ বা মছজিদ মুকলি কৰি পাৰস্পৰিক সম্পৰ্কৰ সাঁকো গঢ়ি তোলক আৰু উমৈহতীয়া সাংস্কৃতিক ইতিহাসৰ ওপৰত গুৰুত্ব দিয়ক। আৰু মই নিশ্চিত যে, সম্পৰ্ক আৰু বান্ধোন কটকটীয়া কৰিবলৈ আৰু বহু উপায় থাকিব।
 
শেষত, যিহেতু ইমানবোৰ পৰিৱৰ্তন ঘটি আছে আৰু মুছলমানসকলে দুৰ্ভোগ ভুগি থকা যেন দেখা গৈছে, এনে অৱস্থাত আপুনি য’তেই নাথাকক কিয়, যিয়েই নকৰক কিয়, সকলো কথাৰ প্ৰতি ইতিবাচক চিন্তা কৰাটো অতিশয় গুৰুত্বপূৰ্ণ।


শেহতীয়া খবৰ