মূৰত হিজাব, বুকুত সপোনঃ পিতৃ বিয়োগৰ পাছতো হাৰ মনা নাই অন্তৰা খাতুনে; খেলপথাৰলৈ প্ৰত্যাৱৰ্তন

Story by  atv | Posted by  Munni Begum • 1 d ago
 অন্তৰা খাতুন
অন্তৰা খাতুন
 
শান্তিপ্ৰিয় ৰয় চৌধুৰী, পশ্চিম বৰ্ধমান
 
সপোনৰ পথত বাৰে বাৰে সন্মুখীন হ’বলগীয়া হৈছে বাধাৰ। কেতিয়াবা সমাজৰ ককৰ্থনা, কেতিয়াবা দাৰিদ্ৰ্যৰ সৈতে যুঁজ আৰু কেতিয়াবা আকৌ পিতৃক হেৰুওৱাৰ গভীৰ শোক। এসময়ত ফুটবলৰ খেলপথাৰ এৰি জীৱিকাৰ সন্ধানত কাপোৰৰ দোকানতো কাম কৰিবলগীয়া হৈছিল তেওঁ। কিন্তু ফুটবলৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা আৰু মনৰ দুৰন্ত সাহসে তেওঁক পুনৰাই খেলপথাৰলৈ ঘূৰাই আনিছে। তেওঁ হৈছে পশ্চিম বৰ্ধমানৰ শংকৰপুৰৰ উখৰা পূজাৰী ফুটবল ক’চিং কেম্পৰ সম্ভাৱনাময় ফুটবল খেলুৱৈ অন্তৰা খাতুন। কঠিন পৰিস্থিতিৰ সৈতে যুঁজি তেওঁৰ এই প্ৰত্যাৱৰ্তনে আজিও বহু তৰুণীক সপোন দেখাৰ সাহস যোগাব পাৰে।
 
সৰুৰে পৰাই ফুটবলৰ প্ৰতি অন্তৰাৰ আছিল প্ৰবল আকৰ্ষণ। ক’চ তীৰ্থ চেটাৰ্জীৰ ওচৰত অতি কম বয়সৰ পৰাই তেওঁ প্ৰশিক্ষণ ল’বলৈ আৰম্ভ কৰে। অনুশীলনৰ প্ৰতি থকা একাগ্রতা, কঠোৰ পৰিশ্ৰম আৰু নিজৰ লক্ষ্যৰ প্ৰতি স্পষ্ট ধাৰণা- এই সকলোবোৰে ক’চৰ দৃষ্টি আকৰ্ষণ কৰিছিল। কিন্তু এগৰাকী ফুটবল খেলুৱৈ হৈ উঠাৰ পথটো তেওঁৰ বাবে কেতিয়াও ইমান সহজ নাছিল।
 
অন্তৰা খাতুন তেওঁৰ দলৰ সৈতে
 
ছোৱালী হৈ ফুটবল খেলাৰ বাবে তেওঁ সমাজৰ নানা ককৰ্থনা শুনিবলগীয়া হৈছিল। চুবুৰীয়াৰ একাংশই প্ৰশ্ন তুলিছিল, দৰিদ্ৰ পৰিয়ালৰ ছোৱালী হৈ পথাৰত দৌৰি ফুৰাৰ নো কি প্ৰয়োজন! অন্তৰাৰ মাক-দেউতাককো ছোৱালীক বিয়া দি দিয়াৰ পৰামৰ্শ দিয়া হৈছিল। তেওঁলোকৰ ধাৰণা আছিল যে, ফুটবল কেৱল ল’ৰাৰ খেল; ছোৱালী তাত যোৱাৰ কোনো প্ৰয়োজন নাই। বোৰ্খা আৰু হিজাব পৰিধান কৰা এগৰাকী ছোৱালীয়ে ফুটবল খেলিবলৈ যোৱাটোক লৈয়ো মানুহৰ নানা আপত্তি আছিল।
 
অন্তৰাৰ পিতৃ শেখ আলীয়ে এটা সৰু বেচৰকাৰী সংস্থাত কাম কৰিছিল আৰু মাতৃ আছিল এগৰাকী গৃহিণী। পৰিয়ালটোৰ আৰ্থিক অৱস্থাও বৰ টনকিয়াল নাছিল। ফুটবল খেলিবলৈ প্ৰয়োজনীয় জোতাযোৰো সদায় অন্তৰাৰ ভাগ্যত আছিল বুলি ক’ব নোৱাৰি। স্কুলৰ পোছাকৰ তলত ট্ৰেক পেণ্ট পিন্ধি, ভায়েকৰ পুৰণি ফটা জোতাযোৰ ভৰিত সুমুৱায়েই তেওঁ খেলপথাৰলৈ দৌৰিছিল। বহু সময়ত লুকাই-চুৰকৈ তেওঁ অনুশীলনলৈ যাবলগীয়া হৈছিল।
 
তথাপি নিজৰ বিশ্বাস আৰু সপোনৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰিব বিচৰা নাছিল অন্তৰাই। হিজাব পিন্ধি ফুটবল খেলাক লৈ প্ৰশ্ন উঠিলে তেওঁৰ উত্তৰ আছিল, “হিজাব মোৰ মূৰতহে আছে, ভৰিত নাই। মোক ভৰিৰে খেলিবলৈ দিয়ক।” তেওঁৰ এই কথাষাৰতেই স্পষ্ট হৈ পৰিছিল যে, পোছাক বা সামাজিক বাধাৰে নহয়, নিজৰ দক্ষতাৰেহে তেওঁ পৰিচিত হ’ব বিচাৰে।
 
ৰমজান মাহতো তেওঁৰ অনুশীলন স্তব্ধ হোৱা নাছিল। গোটেই দিন ৰোজা ৰাখি ইফটাৰৰ পিছত সন্ধিয়া পথাৰত উপস্থিত হৈছিলগৈ অন্তৰা। ৰোজা ৰাখি খেলাটো কঠিন হ’ব বুলি ক’চে সতৰ্ক কৰি দিয়াৰ পাছতো নিজৰ জেদ আৰু প্ৰত্যয়ৰ পৰা তেওঁ আঁতৰি অহা নাছিল। ফুটবলক লৈ থকা তেওঁৰ এই নিষ্ঠায়েই লাহে লাহে তেওঁক সফলতাৰ পথত আগুৱাই লৈ যায়।
 
২০২৩ চনত উখৰা কুঞ্জবিহাৰী হাইস্কুলৰ হৈ অনূৰ্ধ্ব-১৭ শাখাত সুব্ৰত কাপ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে অন্তৰাই। পশ্চিম বৰ্ধমান জিলা চেম্পিয়ন হোৱা দলটোৰ ছাইড বেক অৰ্থাৎ ৰক্ষণভাগৰ খেলুৱৈ আছিল তেওঁ। ২০২৪ চনত হলদিয়াত আয়োজিত অনূৰ্ধ্ব-১৭ প্ৰতিযোগিতাত পশ্চিম বৰ্ধমান জিলাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ লগতে দুৰ্গাপুৰ লীগতো খেলিছিল তেওঁ। বিভিন্ন স্থানত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে তেওঁ পুৰস্কাৰো লাভ কৰিছে।
 
অন্তৰা খাতুন তেওঁৰ দলৰ সৈতে
 
কিন্তু যেতিয়া ফুটবলৰ জগতখনত আৰু অধিক আগুৱাই যোৱাৰ সপোন দেখিছিল অন্তৰাই, ঠিক তেতিয়াই নামি আহে এক ডাঙৰ বিপৰ্যয়। পিতৃৰ মৃত্যুত পোৱা মানসিক আঘাতৰ লগতে সংসাৰৰ আৰ্থিক দায়িত্বও কঠিন হৈ পৰে। তেওঁৰ ভায়েকে গেৰেজত কাম কৰি সামান্য উপাৰ্জন কৰিছিল। পৰিয়ালটোৰ কাষত থিয় দিবলৈ গৈ ফুটবল এৰি উপাৰ্জনৰ পথ বাছি লোৱাৰ সিদ্ধান্ত লয় অন্তৰাই। স্থানীয় এখন কাপোৰৰ দোকানত তেওঁ কামো আৰম্ভ কৰে।
 
কিন্তু ফুটবল খেলপথাৰৰ সৈতে তেওঁৰ সম্পৰ্ক যে ইমান সহজেই শেষ হ’বলগীয়া নহয়, সেয়া বুজি উঠিছিল ক’চ তীৰ্থ চেটাৰ্জীয়ে। অন্তৰাক পুনৰ অনুশীলনলৈ ঘূৰাই অনাৰ উদ্যোগ লয় তেওঁ। দোকানৰ মালিকৰ সৈতে কথা পাতি প্ৰতিদিনে দুঘণ্টা অনুশীলনৰ সময় উলিয়াই দিয়াৰ ব্যৱস্থা কৰে। দোকানৰ মালিকেও সেই প্ৰস্তাৱত সন্মতি জনায়। ফলস্বৰূপে কামৰ সমান্তৰালকৈ পুনৰ খেলপথাৰলৈ উভতি অহাৰ সুযোগ পায় অন্তৰাই।
 
এই প্ৰত্যাৱৰ্তন কেৱল এগৰাকী ফুটবল খেলুৱৈৰ অনুশীলনলৈ ঘূৰি অহাই নহয়, বৰং কঠিন পৰিস্থিতিৰ মাজতো নিজৰ সপোনটোক জীয়াই ৰখাৰ এক নিদৰ্শন। যিগৰাকী ছোৱালীয়ে এসময়ত পৰিয়ালৰ আৰ্থিক সংকটৰ বাবে ফুটবল এৰিবলৈ বাধ্য হৈছিল, সেইগৰাকী ছোৱালীয়েই এতিয়া পুনৰ নতুনকৈ নিজৰ স্থান গঢ়াৰ চেষ্টা চলাইছে।
 
অন্তৰাৰ সম্ভাৱনাক লৈ আজিও আশাবাদী ক’চ তীৰ্থ চেটাৰ্জী। তেওঁৰ বিশ্বাস, নিয়মীয়া অনুশীলনৰ সুযোগ পালে অন্তৰা পুনৰ এক সুন্দৰ পৰ্যায়ত উপনীত হ’ব পাৰিব। আৰু অন্তৰাৰ নিজৰ কথাটো সেই প্ৰত্যয় ফুটি উঠিছে। তেওঁ কয়, “ছাৰে মোক পুনৰ খেলপথাৰলৈ ঘূৰাই আনিছে। মোৰ মনত সাহস আছে, কিবা এটা কৰাৰ। চাওঁচোন, শেষ পৰ্যন্ত কিমান দূৰ আগবাঢ়িব পাৰোঁ।”
 
অন্তৰাৰ সন্মুখৰ পথ এতিয়াও দীঘলীয়া। তথাপি তেওঁৰ সংগ্ৰামে শিকায় যে, প্ৰতিভা থাকিলেও সদায় পথ মসৃণ নহয়; কেতিয়াবা কেতিয়াবা সপোনক জীয়াই ৰাখিবলৈ পৰিয়াল, সমাজ আৰু এগৰাকী সহমৰ্মী মানুহৰ সমৰ্থনৰ প্ৰয়োজন হয়। ক’চ তীৰ্থ চেটাৰ্জীৰ হাতত ধৰিয়েই সেই নতুন আৰম্ভণিৰ পথত আগবাঢ়িছে অন্তৰা খাতুন।
 
অদম্য ইচ্ছা শক্তি থাকিলে যে কোনো বাধাই হেঙাৰ হ'ব নোৱাৰে, তাৰেই এক জ্বলন্ত উদাহৰণ হৈছে অন্তৰা খাতুন। অন্তৰাৰ বাবে এতিয়া আটাইতকৈ জৰুৰী হৈছে নিয়মীয়া অনুশীলনৰ সুযোগ, আৰ্থিক স্থিৰতা আৰু প্ৰতিভা বিকাশৰ উপযুক্ত পৰিৱেশ। তেওঁৰ এই অপৰাজেয় সংগ্ৰামৰ কাহিনীয়ে অনাগত দিনত আৰু বহু ছোৱালীক বাধাৰ প্ৰাচীৰ ভাঙি ফুটবলৰ খেলপথাৰলৈ অহাৰ সাহস যোগাওক- এয়াই প্ৰত্যাশা।


শেহতীয়া খবৰ