দৰগাহত দীপাৱলী উদযাপনৰ পৰম্পৰা: সুফী সাধকসকলৰ হাতত গঢ় লৈ উঠিছিল গংগা-যমুনী সংস্কৃতিৰ এই অনন্য নিদৰ্শন

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
ডঃ ফিৰদৌছ খান
 
ভাৰতৰ গংগা-যমুনী সংস্কৃতিত বিভিন্ন ধৰ্মৰ উৎসৱ-পাৰ্বণসমূহ একেলগে মিলিজুলি উদযাপন কৰাৰ এক দীৰ্ঘদিনীয়া পৰম্পৰা আছে। দীপাৱলীৰ সময়ত মন্দিৰৰ লগতে দৰগাহসমূহতো বন্তি প্ৰজ্বলন কৰাৰ পৰম্পৰা ইয়াৰ এক সুন্দৰ নিদৰ্শন। দৰগাহসমূহত দীপাৱলী উদযাপনৰ এই পৰম্পৰাৰ আৰম্ভণি কৰিছিল সুফী সাধকসকলে।
 
সুফী দৰ্শনত ‘নূৰ’ অৰ্থাৎ পোহৰক এক বিশেষ উচ্চ স্থান দিয়া হৈছে। সুফী বিশ্বাস অনুসৰি, সমগ্ৰ সৃষ্টিৰ উৎপত্তি হৈছে এক নূৰৰ পৰাই। ত্ৰয়োদশ আৰু চতুৰ্দশ শতিকাৰ সময়ছোৱাত বিশেষকৈ চিষ্টিয়া সম্প্ৰদায়ৰ সুফী সাধক হজৰত নিজামুদ্দিন আউলিয়া (ৰহমতুল্লাহ আলাইহি) আৰু তেওঁৰ প্ৰিয় শিষ্য হজৰত আমিৰ খুছৰো (ৰহমতুল্লাহ আলাইহি)-এ ভাৰতীয় লোক-সংস্কৃতি, ৰীতি-নীতি আৰু পৰম্পৰাক উদাৰচিত্তে আঁকোৱালি লৈছিল। তেওঁলোকৰ এনে উদাৰ দৃষ্টিভংগীৰ ফলতেই দেশত গংগা-যমুনী সংস্কৃতিৰ এক শান্ত আৰু সৌহাৰ্দ্যপূৰ্ণ ধাৰা প্ৰৱাহিত হৈছিল। এই উমৈহতীয়া সংস্কৃতিয়ে হিন্দু আৰু মুছলমানসকলক পৰস্পৰৰ অধিক কাষ চপাই আনিছিল। লগতে এজনে আনজনৰ ধৰ্মীয় বিশ্বাস, সংস্কৃতি আৰু পৰম্পৰাক জানিবলৈ তথা বুজিবলৈ সুযোগ লাভ কৰিছিল।
 
 
সুফী সাধকসকলক সন্মান আৰু শ্ৰদ্ধা কৰা ৰজাসকলেও ভাৰতীয় লোক-সংস্কৃতিক আদৰি লৈছিল। মুছলমান শাসনকালত দীপাৱলীক পোহৰৰ উৎসৱ হিচাপে উদযাপন কৰা হৈছিল। এই উৎসৱক ‘জশ্ন-এ-চিৰাগ’ নামেৰে জনা গৈছিল। শাসকৰ নিৰ্দেশ অনুসৰি ৰাজপ্ৰাসাদ, দুৰ্গ, দৰগাহ আৰু ৰাজহুৱা স্থানসমূহত অসংখ্য চাকি জ্বলোৱা হৈছিল।
 
সুফী সাধকসকলৰ খানকাহ আৰু দৰগাহলৈ অহা ভক্তসকলে নিজৰ শ্ৰদ্ধা আৰু ভক্তি প্ৰকাশৰ বাবে তাত চাকি জ্বলোৱাৰ লগতে ধূপ জ্বলোৱা, ফুল আৰু চাদৰ অৰ্পণ কৰাৰ দৰে পৰম্পৰা পালন কৰিছিল। তদুপৰি তবৰুক হিচাপে হালোৱা, খীৰ আৰু বিভিন্ন মিঠাই বিতৰণ কৰিছিল। সুফী সাধকসকলেও ভক্তসকলৰ এই শ্ৰদ্ধা-ভক্তিক আন্তৰিকতাৰে গ্ৰহণ কৰিছিল। সময়ৰ সোঁতত এই সকলোবোৰ পৰম্পৰা সুফী সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। সুফী সাধকসকলৰ দৰগাহসমূহত চলি অহা লংগৰৰ পৰম্পৰাও জনসেৱা আৰু ভক্তসকলৰ শ্ৰদ্ধাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত। বহু সময়ত ভক্তসকলে নিজৰ মনোকামনা পূৰণ হোৱাৰ পাছত দৰগাহসমূহত লংগৰৰ আয়োজন কৰে।
 
বহু ঠাইত মুছলমান সুফী সাধক আৰু হিন্দু সাধকসকলৰ মাজত গভীৰ বন্ধুত্ব আৰু আন্তৰিক সম্পৰ্ক আছিল। তেওঁলোকে পৰস্পৰৰ উৎসৱ-পাৰ্বণত অংশগ্ৰহণ কৰিছিল। সেই সুফী সাধকসকলৰ সময়ত আৰম্ভ হোৱা বহু পৰম্পৰা শতিকাৰ পাছতো তেওঁলোকৰ দৰগাহ আৰু আস্থানসমূহত একেদৰেই চলি আহিছে।
 
দীপাৱলীৰ দিনা সন্ধিয়া নামি অহাৰ লগে লগে দৰগাহৰ চৌহদত মাটিৰ চাকিৰ পোহৰে এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। এটাৰ পাছত এটাকৈ চাকি জ্বলি উঠাৰ লগে লগে সেইবোৰৰ কঁপি থকা পোহৰে সমগ্ৰ পৰিৱেশটো অধিক আনন্দময় আৰু আকৰ্ষণীয় কৰি তোলে। ইয়াৰ লগতে গোলাপ, বেলি আদি সুগন্ধি ফুলেৰে মজাৰসমূহ সজাই তোলা হয়। লোবান আৰু ধূপ জ্বলোৱাৰ ফলত সমগ্ৰ দৰগাহৰ চৌহদ সুগন্ধিৰে আমোলমোলাই থাকে। এই বিশেষ উপলক্ষে ভক্তসকলৰ মাজত মিঠাই বিতৰণ কৰা হয় আৰু সকলোৱে পৰস্পৰক দীপাৱলীৰ শুভেচ্ছা জনায়। দৰগাহৰ চৌহদত কাৱালী অনুষ্ঠানৰো আয়োজন কৰা হয়। কাৱালীৰ সুৰ আৰু ছন্দত ভক্তসকল আনন্দত মতলীয়া হৈ পৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
এয়া কেৱল এটা উৎসৱ উদযাপনৰ পৰম্পৰা নহয়, বৰং ধৰ্মীয় ভিন্নতাৰ মাজতো মানৱীয় সম্প্ৰীতি, পাৰস্পৰিক সন্মান আৰু ভাৰতৰ বহুত্ববাদী সংস্কৃতিৰ এক সুন্দৰ প্ৰতিফলন।
 
হজৰত নিজামুদ্দিন আউলিয়া
 
দেশৰ ৰাজধানী দিল্লীত অৱস্থিত হজৰত নিজামুদ্দিন আউলিয়া (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহত শতিকাজুৰি দীপাৱলী উদযাপন কৰি অহা হৈছে। দীপাৱলীৰ উপলক্ষে দৰগাহৰ চৌহদ বিভিন্ন ৰঙৰ বৈদ্যুতিক আলোকসজ্জাৰে সজাই তোলা হয়। দীপাৱলীৰ নিশা মাটিৰ চাকি জ্বলোৱা হয়। হজৰত নিজামুদ্দিন আউলিয়া (ৰহমতুল্লাহ আলাইহি)-ৰ হিন্দু মুৰিদসকলে এই নিশা মাটিৰ চাকি জ্বলাই উৎসৱ উদযাপন কৰে। এই পৰম্পৰাক ‘ঈদ-এ-চিৰাগাঁ’ বুলি কোৱা হয়, অৰ্থাৎ আনন্দৰ বন্তি। ইয়াৰ পাছত তেওঁলোকে মিঠাই বিতৰণ কৰাৰ লগতে পৰস্পৰক দীপাৱলীৰ শুভেচ্ছা জনায়।
 
হাজী আলী
 
মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইৰ ৱৰ্লি উপকূলৰ সমীপৰ এটা দ্বীপত অৱস্থিত ছৈয়দ হাজী আলী শ্বাহ বুখাৰী (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহতো দীপাৱলীৰ সময়ত ব্যাপক আলোকসজ্জা কৰা হয়। তেওঁ হাজী আলী নামেৰেও পৰিচিত। তেওঁ আল্লাহৰ শেষ ৰাছুল হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ বংশধৰসকলৰ অন্যতম। দীপাৱলীৰ সময়ত দৰগাহখনৰ সৌন্দৰ্য বিশেষভাৱে দৃষ্টিনন্দন হৈ পৰে। দৰগাহৰ বগা ৰঙৰ মছজিদটোও আলোকসজ্জাৰ পোহৰত উজলি উঠে।
 
শ্বেখ ছালাউদ্দিন চিষ্টি
 
মহাৰাষ্ট্ৰৰ পুনেত অৱস্থিত হজৰত শ্বেখ ছালাউদ্দিন চিষ্টি (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহতো দীপাৱলীৰ সময়ত চাকি জ্বলোৱাৰ পৰম্পৰা আছে। হিন্দু ভক্তসকলে ইয়াত চাকি জ্বলাই নিজৰ মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে। লগতে মিঠাইও বিতৰণ কৰে। এই দৰগাহখনো সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ এক অন্যতম প্ৰতীক।

খাজা মইনুদ্দিন হাছান চিষ্টি
 
ৰাজস্থানৰ আজমেৰত অৱস্থিত হজৰত খাজা মইনুদ্দিন হাছান চিষ্টি (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহতো দীপাৱলীৰ সময়ত চাকি জ্বলোৱাৰ এক পুৰণি পৰম্পৰা চলি আহিছে। তেৱোঁ আল্লাহৰ শেষ ৰাছুল হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ বংশধৰসকলৰ অন্যতম। তেওঁ ভাৰতত সুফীসকলৰ চিষ্টিয়া পৰম্পৰাৰ প্ৰসাৰ ঘটাইছিল। উল্লেখযোগ্য যে, ইৰাণৰ চষ্ট নামৰ চহৰৰ বাসিন্দা হজৰত ইছহাক শ্বামী (ৰহমতুল্লাহ আলাইহি)-এ এই সুফী পৰম্পৰাৰ আৰম্ভণি কৰিছিল। পৰৱৰ্তী সময়ত এই পৰম্পৰা সমগ্ৰ বিশ্বতে বিস্তাৰ লাভ কৰে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
কামৰুদ্দিন শ্বাহ 
 
ৰাজস্থানৰ ঝুনঝুনু জিলাত অৱস্থিত হজৰত কামৰুদ্দিন শ্বাহ (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহৰ চৌহদতো দীপাৱলীৰ সময়ত চাকি জ্বলোৱাৰ পৰম্পৰা আছে। এই দৰগাহখনো গংগা-যমুনী সংস্কৃতিৰ এক অনন্য নিদৰ্শন। স্থানীয় লোকসকলৰ মতে, হজৰত কামৰুদ্দিন শ্বাহ (ৰহমতুল্লাহ আলাইহি)-ৰ সৈতে চঞ্চলনাথ টিলাৰ সাধক চঞ্চলনাথৰ গভীৰ বন্ধুত্ব আছিল। দুয়োগৰাকীয়ে মিলিজুলি ইজনে সিজনৰ উৎসৱ-পাৰ্বণ উদযাপন কৰিছিল। আজিও এই অঞ্চলত সকলো ধৰ্মৰ লোকেই মিলাপ্ৰীতিৰে বিভিন্ন উৎসৱ-পাৰ্বণ উদযাপন কৰি আহিছে।
 
দেৱা শ্বৰীফ
 
উত্তৰ প্ৰদেশৰ বাৰাবাংকি জিলাৰ দেৱা নামৰ এখন চহৰত অৱস্থিত দেৱা শ্বৰীফ দৰগাহতো দীপাৱলীৰ সময়ত ব্যাপক আলোকসজ্জা কৰা হয়। এইখন হজৰত হাজী ৱাৰিছ আলী শ্বাহ (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহ। তেৱোঁ আল্লাহৰ শেষ ৰাছুল হজৰত মহম্মদ (ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম)-ৰ বংশধৰসকলৰ অন্যতম। তেওঁৰ পিতৃ কুৰবান আলী শ্বাহ (ৰহমতুল্লাহ আলাইহি) এগৰাকী সুপৰিচিত অলী তথা সুফী সাধক আছিল।
 
কিছৌছা শ্বৰীফ দৰগাহ 
 
উত্তৰ প্ৰদেশৰ আম্বেদকাৰ নগৰ জিলাৰ আশ্বৰফপুৰ কিছৌছা নামৰ চহৰখনত অৱস্থিত চুলতান ছৈয়দ মখদুম আশ্ৰফ জাহাংগীৰ ছেমানী (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহৰ চৌহদতো দীপাৱলীৰ সময়ত চাকি জ্বলোৱা হয়। তেওঁৰ জন্ম ইৰাণৰ ছেমান চহৰত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ ভাৰতত চিষ্টিয়া সুফী পৰম্পৰাৰ প্ৰচাৰ আৰু প্ৰসাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
 
ছাবিৰ পাক
 
উত্তৰাখণ্ডৰ ৰুৰকীৰ কলিয়ৰ শ্বৰীফত অৱস্থিত হজৰত মখদুম আলাউদ্দিন আলী আহমদ (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহতো দীপাৱলীৰ সময়ত আলোকসজ্জা কৰা হয়। তেওঁ ছাবিৰ পাক আৰু ছাবিৰ পিয়া কলিয়ৰি নামেৰেও পৰিচিত। দীপাৱলীৰ নিশা দৰগাহটি অসংখ্য বন্তিৰ পোহৰত উজলি উঠে।
 
প্ৰতিনিধিত্বমূলক ছবি
 
দাৱাল শ্বাহ ৱলী
 
মধ্যপ্ৰদেশৰ ইন্দোৰত অৱস্থিত হজৰত দাৱাল শ্বাহ ৱলী (ৰহমতুল্লাহ আলাইহি)-ৰ দৰগাহৰ চৌহদতো দীপাৱলীৰ সময়ত চাকি জ্বলোৱা হয়। তেওঁৰ হিন্দু ভক্তসকলে দীপাৱলীৰ নিশা ইয়াত চাকি জ্বলাই নিজৰ মনোকামনা পূৰণৰ বাবে প্ৰাৰ্থনা কৰে। লগতে মিঠাইও বিতৰণ কৰে। দেশৰ বিভিন্ন প্ৰান্তত এনে অসংখ্য দৰগাহ আছে, যিবোৰ দীপাৱলীৰ সময়ত চাকিৰ পোহৰত উজলি উঠে। লোবান আৰু ধূপৰ সুগন্ধিৰে আমোলমোলাই থকা এই দৰগাহসমূহ ভাৰতৰ উমৈহতীয়া সংস্কৃতিৰ এক জীৱন্ত নিদৰ্শন। 
 
সুফী সাধকসকলে মানুহক প্ৰেম, ভাতৃত্ববোধ, সম্প্ৰীতি আৰু সমতাৰ বাৰ্তা প্ৰদান কৰিছিল। তেওঁলোকৰ শিষ্যসকলৰ মাজত সকলো ধৰ্মৰ লোকেই অন্তৰ্ভুক্ত আছিল। নিজ নিজ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰা অনুসৰি তেওঁলোকে সুফী সাধকসকলৰ ওচৰলৈ আহিছিল আৰু সকলোৰে সৈতে নিজৰ আনন্দ-উল্লাস ভাগ-বতৰা কৰিছিল। দীপাৱলীৰ সময়ত তেওঁলোকে খানকাহসমূহত মাটিৰ চাকি জ্বলাই উৎসৱ উদযাপন কৰিছিল। সেই সময়ৰ পৰাই দৰগাহসমূহত দীপাৱলীৰ দিনা  চাকি জ্বলোৱাৰ এই পৰম্পৰা চলি আহিছে।
 
(ডঃ ফিৰদৌছ খান এগৰাকী ইছলামীক পণ্ডিত, কবি, গল্পকাৰ, লেখিকা, চিত্ৰনাট্যকাৰ, প্ৰবন্ধকাৰ, সাংবাদিক, সম্পাদক আৰু অনুবাদক।)