শ্বিলং
মেঘালয়ৰ মাওছমাই গুহাত পোৱা এটা গুহাস্তম্ভত সংৰক্ষিত প্ৰায় ৬ হাজাৰ বছৰীয়া জলবায়ুৰ তথ্যৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত মৌচুমী বৰষুণৰ তীব্ৰতাৰ দীৰ্ঘম্যাদী পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ প্ৰমাণ লাভ কৰিছে গৱেষকসকলে। এই গৱেষণাৰ জৰিয়তে প্ৰাচীন কালৰ বৰষুণৰ ধৰণ, বিশ্ব জলবায়ু ব্যৱস্থা আৰু সূৰ্যৰ সক্ৰিয়তাৰ পৰিৱৰ্তনৰ মাজত থকা সম্ভাৱ্য সম্পৰ্কৰ বিষয়েও নতুন তথ্য পোহৰলৈ আহিছে।
বুধবাৰে বিষয়াসকলে জানিবলৈ দিয়া মতে, আইআইটি খড়গপুৰৰ যচনা বাৰ্মা আৰু অনিল কে গুপ্তা, আইআইএছইআৰ কলকাতাৰ প্ৰশান্ত সান্যালৰ নেতৃত্বত এই গৱেষণা সম্পন্ন কৰা হৈছে। গৱেষণাত প্ৰিয়ন্তন গুপ্তা, সোম দত্ত, পংকজ কুমাৰ আৰু অভিজিৎ মুখাৰ্জীয়েও সহযোগিতা আগবঢ়ায়।
গৱেষকসকলে প্ৰায় ১১,৮০৭ বছৰৰ পৰা ৫,৬২২ বছৰ পূৰ্বলৈকে ভাৰতীয় গ্ৰীষ্মকালীন মৌচুমী বতাহৰ (Indian Summer Monsoon) তীব্ৰতা আৰু ইয়াৰ পৰিৱৰ্তনৰ বিষয়ে অধ্যয়ন কৰে।
চলিত বৰ্ষৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় গৱেষণা আলোচনী "Palaeogeography, Palaeoclimatology, Palaeoecology"ত প্ৰকাশিত এই অধ্যয়নত প্ৰকাশ পাইছে যে, হোলোচিন যুগৰ প্ৰাৰম্ভিক সময়ছোৱাত মৌচুমী বতাহ যথেষ্ট শক্তিশালী আছিল। কিন্তু হোলোচিন যুগৰ মধ্যভাগত ইয়াৰ তীব্ৰতা ক্ৰমান্বয়ে হ্ৰাস পাবলৈ ধৰে।
উল্লেখযোগ্য যে, হোলোচিন হৈছে বৰ্তমান চলি থকা ভূতাত্ত্বিক যুগ, যাৰ আৰম্ভণি প্ৰায় ১১,৭০০ বছৰ পূৰ্বে শেষ হিমযুগৰ অন্ত পৰাৰ পিছত হৈছিল।
‘Deciphering Holocene Monsoon Dynamics in Northeastern India’ শীৰ্ষক এই গৱেষণা মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ শ্বিলঙৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দক্ষিণে অৱস্থিত মাওছমাই গুহাৰ পৰা সংগ্ৰহ কৰা এটা গুহাস্তম্ভৰ বিশ্লেষণৰ ওপৰত ভিত্তি কৰি সম্পন্ন কৰা হৈছে।
গৱেষকসকলে গুহাৰ ভিতৰত খনিজ পদাৰ্থ জমা হৈ গঠিত হোৱা এই স্তম্ভৰ অক্সিজেনৰ স্থিৰ সমস্থানিকৰ গঠন, শিলৰ সূক্ষ্ম গাঁথনি আৰু খনিজ বৈশিষ্ট্যসমূহ বিশ্লেষণ কৰে। ইয়াৰ সহায়ত প্ৰাচীন কালৰ বৰষুণৰ পৰিমাণ আৰু মৌচুমী বতাহৰ পৰিস্থিতি সম্পৰ্কে তথ্য পুনৰ নিৰ্ণয় কৰিবলৈ সক্ষম হয়।
গৱেষণাত প্ৰকাশ পোৱা তথ্য অনুসৰি, প্ৰায় ১১,৮০৭ বছৰৰ পৰা ৭,৭০০ বছৰ পূৰ্বলৈকে ভাৰতীয় গ্ৰীষ্মকালীন মৌচুমী বতাহ বিশেষভাৱে শক্তিশালী আছিল। সেই সময়ছোৱাত গুহাস্তম্ভত অক্সিজেনৰ সমস্থানিকৰ তুলনামূলকভাৱে কম মান পোৱা গৈছে, যিয়ে মৌচুমী বৰষুণৰ অধিক তীব্ৰতাৰ ইংগিত দিয়ে।
আনহাতে, প্ৰায় ৭,৭০০ বছৰৰ পৰা ৫,৬২২ বছৰ পূৰ্বলৈকে মৌচুমী বতাহৰ তীব্ৰতা ক্ৰমান্বয়ে হ্ৰাস পোৱা দেখা যায়। এই সময়ছোৱাৰ গুহাস্তম্ভত অক্সিজেনৰ সমস্থানিকৰ মান বৃদ্ধি পোৱাটোৱে সেই পৰিৱৰ্তনৰ প্ৰমাণ দাঙি ধৰে।
গৱেষণাত কেইবাশ বছৰজোৰা সময়ৰ ব্যৱধানত মৌচুমী বতাহৰ তীব্ৰতাৰ একাধিক উত্থান-পতনৰ তথ্যও পোৱা গৈছে। ইয়াৰ পৰা অনুমান কৰা হৈছে যে, উত্তৰ-পূৰ্বাঞ্চলৰ বৰষুণৰ ধৰণ কেৱল ভাৰতীয় উপমহাদেশৰ জলবায়ুৰ ওপৰতেই নিৰ্ভৰশীল নাছিল, বৰং বিশ্বৰ আন অঞ্চলত সংঘটিত জলবায়ু পৰিৱৰ্তনৰ সৈতেও ইয়াৰ সম্পৰ্ক আছিল।
বিশেষকৈ উত্তৰ আটলাণ্টিক মহাসাগৰীয় অঞ্চলত সংঘটিত ‘বণ্ড ইভেণ্ট’ নামেৰে পৰিচিত ৮, ৭, ৬, ৫বি, ৫এ আৰু ৪ নম্বৰ জলবায়ু পৰিঘটনাৰ সৈতে এই পৰিৱৰ্তনসমূহৰ মিল পোৱা গৈছে।
গৱেষকসকলৰ মতে, আটলাণ্টিক মহাসাগৰৰ সাগৰীয় সোঁতৰ এক গুৰুত্বপূৰ্ণ ব্যৱস্থা ‘আটলাণ্টিক মেৰিডিঅ'নেল অভাৰটাৰ্নিং চাৰ্কুলেচন’ (AMOC)ৰ পৰিৱৰ্তনৰ জৰিয়তে উত্তৰ আটলাণ্টিকৰ জলবায়ু আৰু ভাৰতীয় মৌচুমী বতাহৰ মাজত সম্পৰ্ক গঢ় লৈ উঠিব পাৰে। এই সাগৰীয় সোঁতৰ ব্যৱস্থাই আটলাণ্টিক মহাসাগৰৰ বিভিন্ন অঞ্চললৈ তাপ পৰিবহণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
ইয়াৰ উপৰি গুহাস্তম্ভটোত সংৰক্ষিত জলবায়ুৰ তথ্যত প্ৰায় ১১৮ বছৰ আৰু ১১০ বছৰৰ ব্যৱধানত পুনৰাবৃত্তি হোৱা কিছুমান বিশেষ পৰিৱৰ্তনৰ ধাৰাও চিনাক্ত কৰা হৈছে। এই পৰিৱৰ্তনসমূহ সূৰ্যৰ দীৰ্ঘম্যাদী সক্ৰিয়তাৰ সৈতে জড়িত ‘গ্লেইছবাৰ্গ সৌৰ চক্ৰ’ৰ সৈতে সামঞ্জস্যপূৰ্ণ বুলি গৱেষকসকলে উল্লেখ কৰিছে।
অধ্যয়ন অনুসৰি, সূৰ্যৰ সক্ৰিয়তাৰ পৰিৱৰ্তনৰ লগতে প্ৰশান্ত মহাসাগৰৰ দীৰ্ঘম্যাদী জলবায়ু চক্ৰ (Pacific Decadal Oscillation বা PDO), মহাসাগৰ আৰু বায়ুমণ্ডলৰ পাৰস্পৰিক ক্ৰিয়া তথা তিব্বত মালভূমি আৰু ভাৰত মহাসাগৰৰ মাজৰ উষ্ণতাৰ পাৰ্থক্যই সেই সময়ছোৱাত মৌচুমী বতাহৰ তীব্ৰতা নিয়ন্ত্ৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
এই গৱেষণাৰ ফলাফলে স্পষ্ট কৰি তুলিছে যে, ভাৰতীয় গ্ৰীষ্মকালীন মৌচুমী বতাহৰ ওপৰত আঞ্চলিক জলবায়ুৰ লগতে বিশ্বব্যাপী জলবায়ু পৰিৱৰ্তনেও প্ৰভাৱ পেলায়। দক্ষিণ এছিয়াৰ জলসম্পদ, কৃষি আৰু কোটি কোটি লোকৰ জীৱিকা নিৰ্বাহৰ ক্ষেত্ৰত মৌচুমী বৰষুণৰ গুৰুত্ব অপৰিসীম।
গৱেষকসকলৰ মতে, ভৌগোলিক অৱস্থান আৰু জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰতি সংবেদনশীলতাৰ বাবে উত্তৰ-পূৰ্বাঞ্চল মৌচুমী বতাহৰ গতিবিধি বুজিবলৈ এক বিশেষ গুৰুত্বপূৰ্ণ অঞ্চল।
ইয়াৰ পূৰ্বেও গুহাত জমা হোৱা খনিজ পদাৰ্থ আৰু অন্যান্য ভূতাত্ত্বিক তথ্যৰ সহায়ত প্ৰাচীন কালৰ মৌচুমী বৰষুণৰ ইতিহাস অধ্যয়ন কৰা হৈছে। কিন্তু এইবাৰৰ গৱেষণাত পৰম্পৰাগত ভূ-ৰাসায়নিক তথ্যৰ লগতে গুহাস্তম্ভৰ সূক্ষ্ম গাঁথনিৰ বিশ্লেষণ সংযোজন কৰাত অঞ্চলটোৰ প্ৰাগৈতিহাসিক জলবায়ু সম্পৰ্কে অধিক বিস্তৃত ধাৰণা লাভ কৰা সম্ভৱ হৈছে বুলি গৱেষকসকলে উল্লেখ কৰে।
উল্লেখযোগ্য যে, গৱেষণাৰ বাবে ব্যৱহাৰ কৰা গুহাস্তম্ভটোৰ দৈৰ্ঘ্য আছিল ১১ চেণ্টিমিটাৰ। মাওছমাই গুহাৰ প্ৰৱেশদ্বাৰৰ পৰা প্ৰায় ৩০০ মিটাৰ ভিতৰত অৱস্থিত এটা কক্ষৰ পৰা ইয়াক সংগ্ৰহ কৰা হৈছিল। সেই স্থানত বায়ুৰ আপেক্ষিক আৰ্দ্ৰতা ৯৫ শতাংশতকৈও অধিক আছিল।
গৱেষণাৰ ক্ষেত্ৰভিত্তিক কাম-কাজত সহযোগিতা আগবঢ়োৱাৰ বাবে গৱেষকসকলে বি ডি খাৰপান ডালীৰ নেতৃত্বত মেঘালয়ান এডভেঞ্চাৰ এছ'চিয়েচনৰ লগতে ক্সান কুপাৰ মাওলং আৰু কিৰমেন স্কেম্ভা ৰানীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে।
গৱেষকসকলে জনোৱা মতে, কলকাতাস্থিত আইআইএছইআৰে সমস্থানিক বিশ্লেষণৰ বাবে প্ৰয়োজনীয় সুবিধা আগবঢ়োৱাৰ বিপৰীতে আইআইটি খড়গপুৰে গুহাস্তম্ভৰ সূক্ষ্ম গাঁথনি বিশ্লেষণৰ বাবে গৱেষণাগাৰৰ সুবিধা প্ৰদান কৰে।
উত্তৰ-পূৰ্বাঞ্চলৰ হাজাৰ হাজাৰ বছৰ পূৰ্বৰ জলবায়ুৰ ইতিহাস বুজাৰ ক্ষেত্ৰত এই গৱেষণাই এক গুৰুত্বপূৰ্ণ সংযোজন ঘটোৱাৰ লগতে ভাৰতীয় মৌচুমী বতাহৰ দীৰ্ঘম্যাদী পৰিৱৰ্তন সম্পৰ্কে নতুন দিশ উন্মোচন কৰিছে।