স্বপ্না দাস
অসম এখন কৃষি প্ৰধান ৰাজ্য। সেইবাবেই অসমৰ বিভিন্ন উৎসৱ-পাৰ্বন, কৃষ্টি-সংস্কৃতি, লোকাচাৰ, পৰম্পৰা আদিও সাধাৰণতে ঋতুকেন্দ্ৰিক আৰু কৃষিৰ লগত জড়িত। অসমৰ জাতীয় জীৱনৰ এক অন্যতম প্ৰধান উৎসৱ বিহু প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণৰ উৎসৱ। ভিন্ন তিনি ঋতুৰ তিনিটি বিহু অসমীয়াৰ অস্তিত্বৰ পৰিচায়ক। প্ৰতিটো বিহুৰে আছে কৃষি কাৰ্যৰ সৈতে এক বিশেষ তাৎপৰ্য। আনন্দ আৰু ভোগৰ বাবে উদযাপিত বহাগ বিহু আৰু মাঘৰ বিহুৰ লেখিয়াকৈ কৃষিভিত্তিক কাতি বিহুকে ধৰী ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনাৰ বাবেও যেন উদযাপিত হয় প্ৰতিটো বিহু।
কাতি মাহ অসমীয়া জাতীয় জীৱনৰ বাবে এক পৱিত্ৰ মাহ হিচাপে গণ্য কৰি অহা হৈছে। শৰৎ ঋতুৰ এই আহিন-কাতি মাহৰ সংক্ৰান্তিৰ সময়ছোৱাত কৃষকসকলৰ সেউজীয়া সপোন পথাৰত লহপহকৈ বাঢ়িবলৈ ধৰে। বৰ্ষা ঋতুত বোকা-পানী গচকি কিম্বা শৰীৰ দেই পুৰি নিয়া প্ৰখৰ ৰ'দত কৃষকে পথাৰত ধানৰূপী সপোন ৰোৱে। ৰ'দ, বতাহ, বৰষুণ সকলো সহি লাহে লাহে সেই সপোনে সঁজাল ধৰে। পথাৰত বাঢ়িবলৈ লোৱা কৃষকসকলৰ এটি এটি সপোন সোণগুটি হৈ বাস্তৱলৈ ৰূপান্তৰৰ কামনাৰে সকলোৱে নেদেখাজনক প্রাৰ্থনা জনাই আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা পালন কৰে কাতি বিহু।
কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি জ্বলোৱা এক দৃশ্য
সিদিনা প্ৰতিগৰাকী অসমীয়াই ঘৰ-দুৱাৰ চাফ-চিকুণ কৰি তোলাৰ উপৰি আলি-পদূলিও সাৰি-মচি চিকুণাই লয়। পৰম্পৰা অনুসৰি কাতি বিহুৰ দিনা গৃহিণীসকলে গধূলিপৰত খেতিপথাৰলৈ গৈ মাটিৰ চাকি বা ঔ টেঙাৰ খোলাত মিঠাতেলৰ চাকি এগছি জ্বলাই লখিমী আইক সেৱা জনায়--- যাতে শইচ ৰূপত খেতিয়কৰ ভঁৰালত আই লক্ষ্মীৰ প্ৰৱেশ ঘটে। ভঁৰাল শঘৰৰ সন্মুখতো চাকি জ্বলোৱা হয়। তদুপৰি কাতি বিহুত বৰেৰ পুৱাতেই তুলসী পুলি ৰোপণ কৰি চাৰিওকাষ গোবৰ-মাটিৰে লেপে। তুলসীৰ তলতেঈ গধূলিৰ পৰত মাটিৰ চাকি জ্বলাই মাহ-প্ৰসাদ আগবঢ়াই ঘৰৰ সকলোৱে মিলি প্ৰাৰ্থনা কৰে আৰু পদূলিতো বন্তি জ্বলাই ঘৰৰ দশোদিশ পোহৰাই তোলে।
পৰিশ্ৰমৰ ফলপ্ৰাপ্তিৰ বাবেই যেন পালন কৰা হয় কাতি বিহু। অসমৰ জাতীয় উৎসৱ উদযাপনৰ পৰম্পৰা অতীজৰে পৰা প্ৰচলিত হৈ আহিছে যদিও এই উৎসৱসমূহ পালনৰ ক্ষেত্ৰত কিন্তু অতীজৰে পৰা বৈজ্ঞানিক দৃষ্টিভংগীও সম্পৃক্ত হৈ আছে। কাতি মাহ--- শৰৎ ঋতু। এই ঋতুত বৰষুণ-ধুমুহা আদিৰ অন্ত পৰি প্ৰকৃতি শান্ত হৈ পৰে। সকলো জীৱৰ বাবে অনুকূল পৰিবেশ সৃষ্টি কৰে প্ৰকৃতিয়ে। প্ৰকৃতিৰ বুকুত জীৱকুলে আনন্দত বিচৰণ কৰি ফুৰে। সেউজীয়া বৰণ লোৱা ধাননিদৰাৰো গাখীৰতী ধানৰ গোন্ধত আকৰ্ষিত হয় নানাধৰণৰ পোক-পৰুৱা, যিবোৰে গেৰধৰা ধানৰ যথেষ্ট অনিষ্ট সাধন কৰে। কাতি বিহুৰ দিনা পথাৰত জ্বলোৱা বন্তিৰ জুইত অনেক কীট-পতংগ জাহ যায়।
অতীজৰে পৰা শস্য অনিষ্টকাৰী পোক-পৰুৱা বা আন জীৱক খেদি পঠিয়াই শস্যক সুৰক্ষিত কৰাৰ বাবে জুইৰ ব্যৱহাৰ কৰা হৈছিল। তেনে উদ্দেশ্যৰেই কাতি বিহুত ধাননি পথাৰত কৰা বন্তি প্ৰজ্জ্বলনৰ সৈতে যেন ধৰ্মীয় পৰম্পৰাৰ লগতে লোক-বিজ্ঞানো জড়িত হৈ আছে। পবিত্ৰ কাতি বিহুৰ দিনা তুলসীৰ তলত বন্তি জ্বলাই মাহ-প্ৰসাদ আগবঢ়াই সেৱা জনোৱা হয় আৰু সমগ্ৰ কাতি মাহটোৱেই তুলসীৰ তলত বন্তি জ্বলোৱাৰ এক সুন্দৰ পৰম্পৰা অতীজৰে পৰা আজিও প্ৰচলিত হৈ আছে। বিজ্ঞানৰ মতে তুলসী গছে অধিক বিশুদ্ধ অক্সিজেন প্ৰদান কৰাৰ উপৰি আছে অনেক কীটনাশক গুণ। ঘৰৰ কাষত তুলসী গছ থাকিলে তেনে ঘৰত মহ-দাহৰ উৎপাতো কম হয়। তুলসীৰ আছে অনেক ঔষধি গুণো।
প্ৰতিনিধিত্বমূলক ছবি
বিজ্ঞানৰ উদ্ভাৱন নোহোৱা দিনৰে পৰা বৈজ্ঞানিক যুক্তি-যুক্ততাৰে জ্ঞান দিব নোৱাৰিলেও তুলসীৰ লাভালাভৰ বিষয়ে মানুহে জানিছিল আৰু পৰপৰাৰ মাজেৰে প্ৰকাৰান্তৰে তাৰেই যেন বহিঃপ্ৰকাশ কৰিছিল। একেদৰে তুলসীৰ তলত বন্তি জ্বলাই ঘৰৰ সৰু-বৰ সকলোৱে মিলি প্ৰাৰ্থনা কৰা সময়খিনিকে ধৰি অন্য সময়তো ই প্ৰচুৰ পৰিমাণে বিশুদ্ধ অক্সিজেন যোগান ধৰি আমাৰ শৰীৰক সুস্থতা প্ৰদান কৰে।ইতিহাসে ঢুকি নোপোৱা দিনৰে পৰা পৰম্পৰা হিচাপে পালন কৰা এনে আচাৰৰ প্ৰয়োজনীয়তা আজিৰ বিজ্ঞানেও স্বীকাৰ কৰে। গতিকে অন্য বিভিন্ন প্ৰথাৰ দৰেই কাতি বিহু উপলক্ষে পালন কৰি অহা প্ৰায় প্ৰতিটো ৰীতি-নীতি, পৰম্পৰাৰ সৈতেও আওপকীয়াকৈ লোকববিজ্ঞান জড়িত হৈ আছে।
কাতি বিহুত সপোনৰ সেউজীয়া পথাৰত তিৰবিৰাই জ্বলি থকা বন্তিৰ আলোকত আমাৰ সকলোৰে ওঁঠত ওপঙি ফুৰে মিঠা হাঁহি। আঘোণৰ সোণগুটিৰ সোপান কঢ়িয়াই সেই হাঁহি ওঁঠে ওঁঠে বিয়পি পৰে একেটাই মনোভাৱেৰে--- শইচৰ ফুল দুলে, আলোকত ধানে হাঁহে, সোণগুটিৰ সপোন হাতবাউলি মাতে...।
(স্বপ্না দাস এগৰাকী স্বতন্ত্ৰ লেখক)