কলকাতা
দৰিদ্ৰতাৰ বাবে নিজে শিক্ষা গ্ৰহণৰ সুযোগ নাপালেও গাজী জালালুদ্দিনে সপোন দেখিছিল যে, অৰ্থৰ অভাৱত যাতে আন কোনো শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়। পেছাত এগৰাকী টেক্সিচালক জালালুদ্দিনে নিজৰ সেই সপোনক বাস্তৱ ৰূপ দিবলৈ সুন্দৰবন অঞ্চলৰ দৰিদ্ৰ শিশুসকলৰ বাবে তিনিখন বিদ্যালয় স্থাপন কৰিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত জালালুদ্দিনৰ মৃত্যু হোৱাৰ পাছত তেওঁৰ দুই পুত্ৰ ইছৰাফিল আৰু ইছমাইল গাজীয়ে পিতৃৰ এই মহান উদ্দেশ্যক আগুৱাই নিয়াৰ দায়িত্ব কান্ধ পাতি লয়।
আৰ্থিক সংকটে প্ৰতিনিয়ত জুৰুলা কৰিলেও দুই ভাতৃয়ে বিদ্যালয়কেইখন চলাই নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। দৰিদ্ৰতাই যাতে কোনো শিশুৰ শিক্ষাৰ পথত হেঙাৰ হৈ থিয় দিব নোৱাৰে, সেই পিতৃৰ আদৰ্শক সাৰোগত কৰিয়েই তেওঁলোক আগবাঢ়িছে। ব্যক্তিগত অভাৱ-অনাটনৰ ঊৰ্ধ্বত উঠি এক মহান উদ্দেশ্যৰ প্ৰতি সমৰ্পিত এই পৰিয়ালটোৰ সংগ্ৰাম এতিয়া এক অনুপ্ৰেৰণাৰ কাহিনী হৈ পৰিছে।
স্কুলৰ এটা ক্লাছ ৰুমৰ এক দৃশ্য
কলকাতাৰ মাজমজিয়াত টেক্সি চলাই জীৱিকা নিৰ্বাহ কৰা জালালুদ্দিনৰ সপোন আছিল বহু ডাঙৰ এগৰাকী ব্যক্তিত্ব হোৱাৰ। সেই সপোনৰ অংশ হিচাপেই তেওঁ তিনিখনকৈ বিদ্যালয় স্থাপন কৰিছিল। ইয়াৰে দুখন সুন্দৰবনৰ সমীপত আৰু আনখন নৰেন্দ্ৰপুৰত অৱস্থিত। জনপ্ৰিয় টেলিভিছন অনুষ্ঠান ‘কৌন বনেগা কৰোড়পতি’ (কেবিচি)ত অংশগ্ৰহণ কৰি জালালুদ্দিনে ২৫ লাখ টকা লাভ কৰিছিল। সেই ধনেৰে তেওঁ দক্ষিণ ২৪ পৰগনা জিলাৰ উত্তৰ পূৰ্ব ঠাকুৰচক গাঁৱত দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এখন মহাবিদ্যালয় স্থাপনৰ পৰিকল্পনাও কৰিছিল।
জালালুদ্দিনৰ পুত্ৰ ইছৰাফিলে ১৯৯৯ চনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পাছত ২০০০ চনৰ পৰা তেওঁ পিতৃৰ সৈতে এখন বিনামূলীয়া প্ৰাথমিক বিদ্যালয় পৰিচালনাৰ কামত জড়িত হৈ পৰে। পৰৱৰ্তী সময়ত তেওঁ বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ লগে লগে তেওঁ পৰিয়ালটোৰ উচ্চশিক্ষা গ্ৰহণ কৰা প্ৰথমজন সদস্য হিচাপেও পৰিচিত হয়।
পৰিয়ালটোৱে প্ৰথমে ঠাকুৰচকত থকা নিজৰ পৈতৃক ঘৰত এখন বিদ্যালয় আৰম্ভ কৰিছিল। বিদ্যালয়খনৰ নাম ৰখা হৈছিল ‘ইছমাইলপুৰ আইৰন ফাউণ্ডেশ্যন প্ৰাইমাৰী স্কুল’ (আইআইএফপি)। ২০০৬ চনত এক টেক্সিযাত্ৰাৰ সময়ত জালালুদ্দিনৰ সৈতে সমাজকৰ্মী অজিত কুমাৰ সাহা আৰু দীপংকৰ ঘোষৰ পৰিচয় হয়। পাছত দুয়োজনে বিদ্যালয়খন পৰিদৰ্শন কৰি এই মহৎ প্ৰচেষ্টাত সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লৈছিল।
তেওঁলোকে প্ৰথম বিদ্যালয়খনৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত এডোখৰ মাটি ক্ৰয় কৰি শিক্ষানুষ্ঠানখনক দান কৰিছিল। লগতে সেই মাটিত এটা বিদ্যালয় ভৱনো নিৰ্মাণ কৰি দিছিল। ২০০৯ চনৰ পৰা সেই নতুন ভৱনটোত পাঠদান আৰম্ভ কৰা হৈছিল। নতুন শিক্ষানুষ্ঠানখনৰ নাম ৰখা হয় ‘সুন্দৰবন শিক্ষায়তন’। বৰ্তমান ইয়াত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ মুঠ ১৩৪গৰাকী শিক্ষাৰ্থীয়ে অধ্যয়ন কৰি আছে। বিদ্যালয়খনত আছে ৮ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী।
নিজৰ বিদ্যালয়ত পুৰস্কাৰ বিতৰণ কৰি থকা জালালুদ্দিন
'সুন্দৰবন শিক্ষায়তন' নামৰ এখন সমিতিয়ে শিক্ষানুষ্ঠানখন পৰিচালনা কৰি আহিছিল। জালালুদ্দিন আছিল সমিতিখনৰ প্ৰতিষ্ঠাপক সম্পাদক। আনহাতে, অজিত কুমাৰ সাহাই সভাপতি আৰু দীপংকৰ ঘোষে উপ-সভাপতিৰ দায়িত্ব পালন কৰিছিল। ২০১৯ চনত আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিদ্যালয়খনৰ পৰিচালনাৰ দায়িত্ব জালালুদ্দিনৰ পৰিয়ালক অৰ্পণ কৰা হয়। সেই সময়ত সম্পাদিত আইনী দলিলত বিদ্যালয়খনে শিশুসকলক বিনামূলীয়া শিক্ষা প্ৰদান কৰি যাব লাগিব বুলি স্পষ্টভাৱে উল্লেখ কৰা হৈছিল।
বৰ্তমান বিদ্যালয় দুখন পৃথক ন্যাসৰ অধীনত পৰিচালিত হৈ আছে। ইছৰাফিলে জনোৱা মতে, পূৰ্বৰ সমিতিখনৰ বাৰ্ষিক নৱীকৰণ আৰু হিচাপ-নিকাচৰ নিৰীক্ষণৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি হৈছিল। সেইবাবেই তেওঁ ২০২৩ চনৰ ৩ নৱেম্বৰত ‘সুন্দৰবন শিক্ষায়তন ট্ৰাষ্ট’ গঠন কৰিছিল। ইছমাইলপুৰ আইৰন ফাউণ্ডেশ্যন প্ৰাইমাৰী স্কুলখন বৰ্তমান পৰিয়ালটোৰ পৈতৃক ঘৰৰ প্ৰথম মহলাৰ তিনিটা কোঠাত চলি আছে। ঘৰটোৰ তলৰ মহলাত পৰিয়ালটোৱে বসবাস কৰে।
এই বিদ্যালয়খনত চতুৰ্থ শ্ৰেণীলৈ পাঠদান কৰা হয়। বৰ্তমান ইয়াত ৯৫গৰাকী শিক্ষাৰ্থী আৰু পাঁচগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে। কিন্তু বিদ্যালয়খনত শিশুসকলৰ খেলা-ধূলাৰ বাবে পৰ্যাপ্ত মুকলি ঠাই নথকাৰ বাবে এতিয়াও চৰকাৰী স্বীকৃতি লাভ কৰিব পৰা নাই। আনহাতে, প্ৰায় পাঁচ কিলোমিটাৰ দূৰত অৱস্থিত সুন্দৰবন শিক্ষায়তনত বিদ্যালয়ৰ বাবে চৰকাৰী নিয়ম অনুসৰি প্ৰয়োজনীয় মুকলি ঠাই আছে।
বিদ্যালয়কেইখনৰ পৰিচালনা মূলতঃ ৰাইজৰ দান-বৰঙণিৰ ওপৰত নিৰ্ভৰশীল। শিক্ষক-শিক্ষয়িত্ৰীসকলকো নিয়মীয়া দৰমহাৰ পৰিৱৰ্তে সামান্য মাননিহে দিয়া হয়। বহু বছৰ ধৰি জালালুদ্দিনৰ টেক্সিখনেই আছিল বিদ্যালয়কেইখনৰ আৰ্থিক সহায়ৰ অন্যতম প্ৰধান উৎস।
কলকাতাৰ ৰাজপথত টেক্সি চলোৱাৰ সময়ত তেওঁ যাত্ৰীসকলৰ লগতে আন লোকৰ ওচৰতো বিদ্যালয়ৰ বাবে সহায় বিচাৰিছিল। এইদৰে সংগ্ৰহ কৰা ধনেৰে শিক্ষকসকলৰ মাননি, শিশুসকলৰ মধ্যাহ্ন ভোজনকে ধৰি বিভিন্ন খৰচ বহন কৰা হৈছিল। কিন্তু জালালুদ্দিনৰ মৃত্যুৰ পাছত এই দান-বৰঙণিৰ ধাৰা অব্যাহত ৰখাটো তেওঁৰ দুই পুত্ৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। পিতৃৰ সময়ৰ দাতাসকলৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখাটোও এতিয়া কঠিন হৈ পৰিছে।
কেবিচিৰ চেটত আমিৰ খান আৰু অমিতাভ বচ্চনৰ সৈতে গাজী জালালুদ্দিন
ইছৰাফিলে কয় যে, তেওঁৰ পিতৃয়ে টেক্সিৰ যাত্ৰীসকলৰ পৰা বিদ্যালয়ৰ বাবে দান-বৰঙণি সংগ্ৰহ কৰিছিল। বৰ্তমান সেই দায়িত্ব তেওঁৰ জ্যেষ্ঠ ভাতৃ ইছমাইলে পালন কৰি আছে। কিন্তু আগৰ দৰে এতিয়া নিয়মীয়াকৈ আৰ্থিক সাহায্য পোৱা নাযায়। তেওঁৰ মতে, বিদ্যালয়কেইখন জীয়াই ৰাখিবলৈ চৰকাৰৰ লগতে সাধাৰণ ৰাইজৰ সহযোগিতাও অত্যন্ত প্ৰয়োজনীয়।
এসময়ত দান-বৰঙণিৰ সহায়ত চলি থকা শিশুসকলৰ মধ্যাহ্ন ভোজনৰ ব্যৱস্থাও এতিয়া বন্ধ হৈ পৰিছে। শিক্ষক-শিক্ষয়িত্ৰীসকলে লাভ কৰা সামান্য মাননিক নিয়মীয়া দৰমহা বুলি কোৱাটোও কঠিন বুলি ইছৰাফিলে আক্ষেপ প্ৰকাশ কৰে। বিদ্যালয়কেইখনত অধ্যয়ন কৰা অধিকাংশ শিশুৱেই আৰ্থিকভাৱে পিছপৰা পৰিয়ালৰ। তেওঁলোকৰ পিতৃসকলৰ বহুতে ৰিক্সা চলায়, দৰ্জীৰ কাম কৰে অথবা সৰু-সুৰা বৃত্তিৰে পৰিয়াল পোহপাল দিয়ে।
নামভৰ্তিৰ সময়ত বছৰি প্ৰায় ২,৭০০ টকাৰ মাচুল নিৰ্ধাৰণ কৰা হয় যদিও অভিভাৱকসকলে নিজৰ সুবিধা আৰু সামৰ্থ্য অনুসৰি সেই ধন কিস্তিত পৰিশোধ কৰাৰ সুযোগ পায়। ইছৰাফিলৰ মতে, ওচৰে-পাজৰে চৰকাৰী বিদ্যালয় থাকিলেও তাৰ বহুতোত প্ৰয়োজনীয় মৌলিক সা-সুবিধা আৰু পৰ্যাপ্ত শিক্ষক-শিক্ষয়িত্ৰীৰ অভাৱ আছে।
সংবাদ সংস্থাৰ প্ৰতিনিধিয়ে সুন্দৰবন শিক্ষায়তন পৰিদৰ্শন কৰাৰ সময়ত শিক্ষাৰ্থীসকল চাৰুকলাৰ পৰীক্ষাত ব্যস্ত আছিল। বিদ্যালয়খনত ছটা শ্ৰেণীকোঠাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ বাবে এটা পৃথক কোঠা আছে। সেউজীয়া পৰিৱেশেৰে আগুৰা বিদ্যালয় চৌহদত শিশুসকলৰ বাবে দোলনা, পুথিভঁৰাল আৰু বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাও আছে। ইয়াৰ বিপৰীতে আইআইএফপি বিদ্যালয়খনত আছে মাত্ৰ চাৰিটা শ্ৰেণীকোঠা। বিদ্যালয়খনৰ ছাদত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়।
পিতৃৰ দৰেই ইছমাইল গাজীয়েও এতিয়া কলকাতাত টেক্সি চলাই জীৱিকা নিৰ্বাহ কৰে। টেক্সিৰ যাত্ৰীসকলৰ পৰা সংগ্ৰহ কৰা দান-বৰঙণিৰে তেওঁ বিদ্যালয়কেইখনৰ আৰ্থিক প্ৰয়োজন পূৰণৰ চেষ্টা কৰি আহিছে। ইয়াৰ উপৰি নৰেন্দ্ৰপুৰত থকা আনখন বিদ্যালয়ৰ তদাৰকো তেওঁ কৰে। সেই বিদ্যালয়খনত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ পাঠদান কৰা হয়।
ইছমাইলে কয় যে, টেক্সিত যাত্ৰী কঢ়িয়াই নিয়াৰ সময়ত যিমান পাৰে সিমান দান-বৰঙণি সংগ্ৰহ কৰি বিদ্যালয়লৈ লৈ যোৱাটোৱেই তেওঁৰ অন্যতম দায়িত্ব। শিশুসকলে যাতে উন্নত পৰিৱেশত পঢ়া-শুনা অব্যাহত ৰাখিব পাৰে, তাৰ বাবে তেওঁ ৰাইজক কিতাপ-পত্ৰ আৰু মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰাত সহায় কৰিবলৈ আহ্বান জনাইছে।
গাজী জালালুদ্দিনৰ পৰিয়াল
দুই ভাতৃৰ সন্মুখত বৰ্তমান আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হৈছে বিদ্যালয়কেইখনৰ সেৱা অগন্তুক দিনলৈ সুচাৰুৰূপে অব্যহত ৰখা। এফালে ইছমাইলে টেক্সি চলাই বিদ্যালয়ৰ বাবে ধন সংগ্ৰহ কৰে, আনফালে ইছৰাফিলে পাঠদানৰ ব্যৱস্থা আৰু প্ৰশাসনিক কাম-কাজ চোৱা-চিতা কৰে।
বিদ্যালয়খনৰ শিক্ষক বিজন কুমাৰ হালদাৰেও ৰাইজৰ সহায়-সহযোগিতা বিচাৰিছে। তেওঁ পশ্চিমবংগৰ লগতে দেশ-বিদেশৰ সুহৃদয়বান লোকসকলক শিক্ষানুষ্ঠানখনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। তেওঁৰ মতে, বিদ্যালয়খনক এই মুহূৰ্তত আৰ্থিক আৰু অন্যান্য সহায়ৰ অত্যন্ত প্ৰয়োজন।
ইছৰাফিলেও উপলব্ধি কৰিছে যে, কেৱল ৰাইজৰ দান-বৰঙণিৰ ওপৰত নিৰ্ভৰ কৰি পিতৃৰ সপোন দীৰ্ঘদিনলৈ জীয়াই ৰখাটো সহজ নহ'ব। তেওঁৰ বিশ্বাস, বিদ্যালয়কেইখনে চৰকাৰী স্বীকৃতি লাভ কৰিলে শিক্ষানুষ্ঠানসমূহৰ লগতে ইয়াত অধ্যয়ন কৰা শিশুসকলৰ ভৱিষ্যৎ অধিক সুৰক্ষিত হ'ব।
সেয়েহে দীৰ্ঘদিনীয়া আৰ্থিক সংকটৰ পৰা বিদ্যালয়কেইখনক মুক্ত কৰিবলৈ দুই ভাতৃয়ে এতিয়া চৰকাৰী স্বীকৃতিৰ আশাত বাট চাই আছে। তথাপি নানা প্ৰতিকূলতাৰ মাজতো তেওঁলোক থমকি ৰোৱা নাই। যিগৰাকী পিতৃয়ে এদিন টেক্সিৰ ষ্টিয়াৰিঙত হাত ৰাখি দৰিদ্ৰ শিশুসকলৰ বাবে শিক্ষাৰ সপোন দেখিছিল, সেই সপোনক জীয়াই ৰখাৰ বাবে আজিও সংগ্ৰাম কৰি আছে তেওঁৰ দুই পুত্ৰই। পিতৃয়ে এৰি যোৱা আদৰ্শই তেওঁলোকৰ পথৰ প্ৰেৰণা যে, 'অৰ্থৰ অভাৱত যাতে কোনো শিশুৰ শিক্ষাৰ দুৱাৰ বন্ধ হৈ নাযায়'।