বঙাইগাঁৱত অসমৰ ১৫সংখ্যক চিকিৎসা মহাবিদ্যালয় উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

Story by  atv | Posted by   Imtiaz Ahmed • 1 h ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়
বঙাইগাঁও

অসমত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত বিগত সময়ছোৱাত ব্যাপক সম্প্ৰসাৰণ ঘটিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বঙাইগাঁৱত ৰাজ্যখনৰ ১৫সংখ্যক চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ কয় যে ২০১৬ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা ৰাজ্যত চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট সম্প্ৰসাৰণ ঘটিছে।

এই উপলক্ষে মুখ্যমন্ত্ৰীগৰাকীয়ে বঙাইগাঁও সংহত জিলা আয়ুক্তৰ কাৰ্যালয়ো উদ্বোধন কৰে। ইয়াৰ উপৰি তেওঁ ভাৰ্চুৱেলী অভয়াপুৰীৰ কচাৰীপাৰাত এখন আৰ্হি আৱাসিক বিদ্যালয়, তুলুঙীয়াৰ পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়ৰ উন্নীত আন্তঃগাঁথনি, শ্ৰীগ্ৰামৰ শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰৰ উন্নীত আন্তঃগাঁথনি আৰু বিৰঝৰা চাহ বাগিচাত এখন আৰ্হি মাধ্যমিক বিদ্যালয় মুকলি কৰে।

একেদৰে বঙাইগাঁও বিসৰ্জন ঘাটত মহাৰাজ নৰনাৰায়ণৰ প্ৰতিমূৰ্তিও ভাৰ্চুৱেলী উন্মোচন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

চিকিৎসা মহাবিদ্যালয়খনকে ধৰি মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰা এই বিভিন্ন প্ৰকল্পত মুঠ প্ৰায় ৭১১ কোটি টকা ব্যয় হৈছে।

বঙাইগাঁৱৰ মাজগাঁৱত অনুষ্ঠিত এখন ৰাজহুৱা সভাত ভাষণ দি শৰ্মাই কয় যে স্বাধীনতাৰ পাছৰ প্ৰায় ছয় দশকত অসমত মাত্ৰ তিনিখন চিকিৎসা মহাবিদ্যালয় আছিল।
২০০১ চনত অসম চৰকাৰৰ মন্ত্ৰী হিচাপে নিজৰ প্ৰথম কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ কয় যে সেই সময়ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্ত ভ্ৰমণ কৰিলেও নতুন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে তেওঁ কোনো আবেদন লাভ কৰা নাছিল।

পৰৱৰ্তী সময়ত ৰাজ্য চৰকাৰে যোৰহাট, তেজপুৰ আৰু বৰপেটাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰে বুলি তেওঁ উল্লেখ কৰে।

শৰ্মাই কয় যে ২০১৬ চনত বিজেপি নেতৃত্বাধীন চৰকাৰ অসমত শাসনলৈ অহাৰ পাছত পৰ্যায়ক্ৰমে প্ৰতিখন জিলাতে এখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই উদ্যোগৰ ফলতেই বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় স্থাপন কৰা হৈছে। প্ৰায় ৬১১ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা এই প্ৰতিষ্ঠানখনত ৪৩০খন বিচনাযুক্ত চিকিৎসালয়, শৈক্ষিক ভৱন, ছাত্ৰ-ছাত্ৰী আৰু নাৰ্ছৰ বাবে হোষ্টেল তথা অন্যান্য সহযোগী আন্তঃগাঁথনি আছে।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বৰ্তমান চৰাইদেউ, বিশ্বনাথ চাৰিআলি, গোলাঘাট, মৰিগাঁও, তামুলপুৰ, ধেমাজি, শিৱসাগৰ, শ্ৰীভূমি আৰু গোৱালপাৰাত চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ কাম চলি আছে।

ইয়াৰ উপৰি পৰ্যায়ক্ৰমে বজালী, হাইলাকান্দি, হোজাই আৰু মাজুলীতো চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে ৰাজ্য চৰকাৰে নীতিগত সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে।

চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধিৰ ফলত ৰাজ্যখনত এমবিবিএছৰ আসনৰ সংখ্যা ২,০০০ৰো অধিক হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

যোৱা বিধানসভা নিৰ্বাচনৰ সময়ত প্ৰতিখন জিলাতে এখনকৈ বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় আৰু অভিযান্ত্ৰিক মহাবিদ্যালয় স্থাপনৰ যি প্ৰতিশ্ৰুতি দিয়া হৈছিল, সেই প্ৰসংগত শৰ্মাই কয় যে বঙাইগাঁও মহাবিদ্যালয় ইতিমধ্যে বিশ্ববিদ্যালয়লৈ উন্নীত কৰা হৈছে। লগতে অঞ্চলটোৰ ৰাইজে অতি শীঘ্ৰে এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ো লাভ কৰিব বুলি তেওঁ কয়।

বঙাইগাঁৱৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

ইয়াৰ পূৰ্বে বঙাইগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰতিষ্ঠানখনত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বোধন কৰে।

তেওঁ কয় যে অহা পাঁচ বছৰত গড়ে প্ৰতি বছৰে দুখনকৈ নতুন চিকিৎসা মহাবিদ্যালয় কাৰ্যক্ষম হ’ব আৰু ২০৩২ চনৰ ভিতৰত ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা ৩০খনত উপনীত হ’ব।

এই সময়ছোৱাত অসমত ব্যক্তিগত খণ্ডৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰো যথেষ্ট সুযোগ আছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

শৰ্মাই লগতে কয় যে চিকিৎসা মহাবিদ্যালয়ত আসনৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালভাৱে গুণগত মানসম্পন্ন চিকিৎসক সৃষ্টি কৰাতো সমান গুৰুত্ব দিব লাগিব।

তেওঁ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি কয় যে প্ৰতিগৰাকী ৰোগীয়ে চিকিৎসকক ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ ক্ষেত্ৰত এক নতুন অভিজ্ঞতা প্ৰদান কৰে। সেয়েহে চিকিৎসা ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰাৰ লগতে চিকিৎসাৰ বাবে তেওঁলোকৰ ওচৰলৈ অহা প্ৰতিগৰাকী ৰোগীৰ স্বাস্থ্যজনিত সমস্যা গভীৰভাৱে বিশ্লেষণ কৰিব লাগে বুলি তেওঁ আহ্বান জনায়।