‘আজমল ছুপাৰ ৪০’ৰ ঐতিহাসিক অভিলেখঃ নীট ২০২৬ত ৭৫১ শিক্ষাৰ্থীৰ চমকপ্ৰদ সাফল্য; কেৱল GMC-তেই ৯১ গৰাকীৰ নামভৰ্তি
আৱাজ - দ্য ভইচ অসম ব্যুৰ’
কঠোৰ সাধনা, অপৰিসীম একাগ্ৰতা আৰু সঠিক পথ প্ৰদৰ্শন যেতিয়া একেটা বিন্দুত মিলিত হয়, তেতিয়া অসাধ্যও সাধ্য হৈ পৰে আৰু আকাশলংঘী সপোনে লাভ কৰে এক দৃঢ় বাস্তৱ ৰূপ। শৈক্ষিক উৎকৰ্ষৰ সেই সোণালী অধ্যায়ক পুনৰবাৰ প্ৰতিপন্ন কৰি দেশজোৰা চিকিৎসা শিক্ষাৰ প্ৰৱেশ পৰীক্ষা ‘NEET 2026’ৰ ফলাফল তথা পৰৱৰ্তী নামভৰ্তি প্ৰক্ৰিয়াত ‘আজমল ছুপাৰ ৪০’-এ ৰচিলে এক অভূতপূৰ্ব আৰু গৌৰৱময় ইতিহাস। একাদিক্ৰমে মেধা, নিষ্ঠা আৰু প্ৰচেষ্টাৰ যুগলবন্দীৰে প্ৰতিষ্ঠানখনে উত্তৰ-পূব তথা সমগ্ৰ দেশৰ শৈক্ষিক ক্ষেত্ৰখনলৈ কঢ়িয়াই আনিলে এক বিপুল সম্ভাৰ।
চূড়ান্ত পৰ্যায়ৰ কাউঞ্চেলিং প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে প্ৰকাশ পাইছে আজমল ছুপাৰ ৪০ৰ এই ঈৰ্ষণীয় সাফল্যৰ খতিয়ান। প্ৰতিষ্ঠানখনৰ পৰা এইবাৰ সৰ্বমুঠ ৭৫১ গৰাকী কৃতী শিক্ষাৰ্থীয়ে সমগ্ৰ দেশৰ বিভিন্ন শীৰ্ষস্থানীয় আৰু আগশাৰীৰ চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ সুবৰ্ণ সুযোগ অৰ্জন কৰি নিজৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সক্ষম হৈছে। এই সংখ্যাই প্ৰমাণ কৰে যে সঠিক দিশনিৰ্ণয় আৰু নিয়মানুৱৰ্তিতা থাকিলে সপোন কেতিয়াও আধৰুৱা হৈ নাথাকে।
বিহংগম দৃষ্টিত ‘আজমল ছুপাৰ ৪০’ শিক্ষা প্ৰতিষ্ঠানখন
এই সামগ্ৰিক ঐতিহাসিক ফলাফলৰ ভিতৰত আটাইতকৈ আনন্দ আৰু বিশেষভাৱে উল্লেখনীয় দিশটো হ’ল ৰাজ্যৰ চিকিৎসা শিক্ষাৰ অন্যতম গৌৰৱোজ্জ্বল কেন্দ্ৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH)ত হোৱা অভূতপূৰ্ব নামভৰ্তি। কেৱল এইখন অগ্ৰণী প্ৰতিষ্ঠানতেই আজমল ছুপাৰ ৪০ৰ ৯১ গৰাকী প্ৰতিভাশালী শিক্ষাৰ্থীয়ে নিজৰ আসন নিশ্চিত কৰি নামভৰ্তিৰ গৌৰৱ অৰ্জন কৰিছে। একেখন প্ৰতিষ্ঠানৰ ইমানসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যৰ সৰ্বোচ্চ চিকিৎসা শিক্ষা কেন্দ্ৰটোত সুযোগ লাভ কৰাটো অসমৰ শৈক্ষিক ইতিহাসত এক বিৰল আৰু স্মৰণীয় দৃষ্টান্ত।
সাফল্যৰ এই ঈৰ্ষণীয় পৰিসংখ্যাৰ আঁৰত লুকাই আছে কোনো চমু পথ নহয়, অগণন নিঃস্বাৰ্থ সপোন, বৰ্ষজোৰা কঠোৰ ত্যাগ, নিষ্ঠা, অদম্য ধৈৰ্য্য আৰু এক সামূহিক ঐকান্তিক সাধনা। প্ৰতিভাশালী ছাত্ৰ-ছাত্ৰীসকলৰ অহোপুৰুষাৰ্থ অধ্যৱসায়, অভিভাৱক-অভিভাৱিকাসকলৰ অপৰিসীম বিশ্বাস আৰু ত্যাগ, শিক্ষাগুৰুসকলৰ নিৰলস মাৰ্গদৰ্শন তথা সমগ্ৰ পৰিচালনা সমিতিৰ নিখুঁত পৰিকল্পনাৰ সুসমন্বয়তেই এনে এক বৃহৎ আৰু অবিস্মৰণীয় সফলতা সম্ভৱ হৈ উঠিছে।
‘আজমল ছুপাৰ ৪০’ শিক্ষা প্ৰতিষ্ঠান
এই বিৰল গৌৰৱ অৰ্জন কৰা প্ৰতিষ্ঠানখনৰ প্ৰতিগৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰীলৈ আজমল ছুপাৰ ৪০ কৰ্তৃপক্ষই যাচিছে উষ্ম অভিনন্দন আৰু তেওঁলোকৰ ভৱিষ্যত জীৱনৰ বাবে শুভকামনা। ইয়াৰ সমান্তৰালকৈ প্ৰতিষ্ঠানখনৰ ন্যাসৰক্ষী (ট্ৰাষ্টী)সকল, কাৰ্যবাহী পৰিচালনা সমিতি, নিষ্ঠাবান শিক্ষাগুৰুসকল আৰু সমগ্ৰ আজমল ছুপাৰ ৪০ পৰিয়ালৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ তেওঁলোকৰ সুদূৰপ্ৰসাৰী দৃষ্টিভংগী, অনুপ্ৰেৰণা আৰু অহৰহ নিঃস্বাৰ্থ প্ৰচেষ্টাৰ বাবে গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰা হৈছে। একেদৰে, প্ৰতিষ্ঠানখনৰ শৈক্ষিক নীতি-নিয়মৰ প্ৰতি নিৰন্তৰ বিশ্বাস ৰাখি অকুণ্ঠ সমৰ্থন আগবঢ়াই অহাৰ বাবে অভিভাৱকসকললৈও কৰ্তৃপক্ষই বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
আজমল ছুপাৰ ৪০ৰ এই অভূতপূৰ্ব বিজয়যাত্ৰা কেৱল কোনো পৰিসংখ্যা বা সংখ্যাৰ খেল নহয়; এয়া হৈছে নতুন প্ৰজন্মৰ বুকুত জীয়াই থকা এক উমৈহতীয়া সপোন, সমাজৰ প্ৰতি থকা একাত্ম দায়বদ্ধতা আৰু নিখুঁত দলীয় কৰ্মপ্ৰচেষ্টাৰ এক উজ্জ্বল বাস্তৱ প্ৰতিফলন। চিকিৎসা বিজ্ঞানৰ পৱিত্ৰ ক্ষেত্ৰখনলৈ আগবাঢ়ি যোৱা এই ৭৫১ গৰাকী শিক্ষাৰ্থীৰ সফলতাই প্ৰতিপন্ন কৰিলে যে নিষ্ঠা আৰু উপযুক্ত প্লেটফৰ্ম পালে প্ৰতিভা সদায় উজলি উঠে আৰু এনে সফলতাই অনাগত দিনতো সমাজৰ প্ৰতিটো স্তৰৰ শিক্ষাৰ্থীক নিজৰ লক্ষ্যত উপনীত হ’বলৈ নিৰন্তৰ প্ৰেৰণা যোগাই যাব।