১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষা

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
নতুন দিল্লী
 
কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চিবিএছই) দশম আৰু দ্বাদশ শ্ৰেণীৰ ২০২৭ বৰ্ষৰ ব’ৰ্ড পৰীক্ষা অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব। শুকুৰবাৰে এই কথা ঘোষণা কৰিছে চিবিএছই কৰ্তৃপক্ষই।
 
ঘোষিত সময়সূচী অনুসৰি, দশম শ্ৰেণীৰ পৰীক্ষা ৯ মাৰ্চত সামৰণি পৰাৰ বিপৰীতে দ্বাদশ শ্ৰেণীৰ পৰীক্ষা ৯ এপ্ৰিলত অন্ত পৰিব।
 
চিবিএছইৰ পৰীক্ষা নিয়ন্ত্ৰক সংযম ভৰদ্বাজে জানিবলৈ দিয়া মতে, এইবাৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে মুঠ ৮৩টা বিষয়ত আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে ১২১টা বিষয়ত পৰীক্ষাত অৱতীৰ্ণ হ’ব। পৰীক্ষা আৰম্ভ হোৱাৰ ১০১ দিন পূৰ্বেই সময়সূচী প্ৰকাশ কৰা হৈছে।
 
তেওঁ লগতে কয় যে, দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে সাধাৰণতে একেলগে বাছনি কৰা বিষয়সমূহৰ পৰীক্ষাৰ মাজত পৰ্যাপ্ত সময়ৰ ব্যৱধান ৰখা হৈছে, যাতে শিক্ষাৰ্থীসকলে প্ৰতিটো বিষয়ৰ বাবে ভালদৰে প্ৰস্তুতি চলাব পাৰে।
 
ভৰদ্বাজে লগতে উল্লেখ কৰে যে, দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বিভিন্ন গুৰুত্বপূৰ্ণ প্ৰৱেশ পৰীক্ষাৰ সম্ভাব্য সময়সূচীৰ প্ৰতিও লক্ষ্য ৰখা হৈছে। শিক্ষাৰ্থীসকলে যাতে প্ৰৱেশ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পৰ্যাপ্ত সময় লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি সেই পৰীক্ষাসমূহ আৰম্ভ হোৱাৰ পূৰ্বেই ব’ৰ্ড পৰীক্ষা সম্পূৰ্ণ কৰাৰ বাবে বিশেষ গুৰুত্ব দিয়া হৈছে। 
 
উল্লেখযোগ্য যে, ২০২৭ বৰ্ষৰ চিবিএছইৰ ব'ৰ্ড পৰীক্ষাৰ বাবে দ্বাদশ শ্ৰেণীৰ ১৯.৮ লাখৰো অধিক আৰু দশম শ্ৰেণীৰ ২৬.৫ লাখৰো অধিক শিক্ষাৰ্থীয়ে নাম পঞ্জীয়ন কৰিছে।
 
ইফালে, ১৬ ফেব্ৰুৱাৰীত পৰীক্ষাৰ প্ৰথম দিনাই দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলে চিত্ৰকলা আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলে পদাৰ্থ বিজ্ঞান বিষয়ৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব।


শেহতীয়া খবৰ