মনছুৰুদ্দিন ফৰিদী / নতুন দিল্লী
শিল্পকলাই কেৱল সৌন্দৰ্য সৃষ্টি কৰাই নহয়, ই সমাজলৈ এক ইতিবাচক বাৰ্তাও প্ৰেৰণ কৰিব লাগে। সেইবাবেই পেলনীয়া সামগ্ৰী বা আৱৰ্জনক অপূৰ্ব শিল্পকৰ্মলৈ ৰূপান্তৰিত কৰা কাৰ্যই পৰিৱেশ সজাগতা বৃদ্ধিৰ এক শক্তিশালী মাধ্যম হিচাপে কাম কৰিব পাৰে। ভূপালৰ বহুমুখী প্ৰতিভাসম্পন্ন যুৱ শিল্পী মহম্মদ কাশ্বিফৰ বাবে এই দৰ্শন কেৱল এক আকৰ্ষণীয় ধাৰণাই নহয়, ই হৈছে তেওঁৰ বাস্তৱ অভিজ্ঞতা, সৃষ্টিশীল অন্বেষণ আৰু উদ্ভাৱনৰ প্ৰতি থকা অদম্য হেঁপাহৰ এক সুন্দৰ প্ৰতিফলন।
পেছাত এগৰাকী মেকানিকেল ইঞ্জিনীয়াৰ যদিও মহম্মদ কাশ্বিফ বৰ্তমান এগৰাকী নিপুণ ভাস্কৰ্যশিল্পী, যি ধাতুৰে নিৰ্মিত বিশাল আৰু সুকীয়া ভাস্কৰ্য নিৰ্মাণত সিদ্ধহস্ত। তেওঁ ষ্টেইনলেছ ষ্টিল আৰু পিতলকে ধৰি বিভিন্ন সামগ্ৰীৰে কাম কৰে আৰু সেইবোৰক আচৰিত ধৰণৰ শিল্পকৰ্মলৈ ৰূপান্তৰ কৰে।
মহম্মদ কাছিফৰ সৃষ্টি - গ্ল'ব
মূল্যহীন যেন লগা পেলনীয়া সামগ্ৰীসমূহক দৃষ্টিনন্দন শিল্পলৈ সলনি কৰি কাশ্বিফে নিজৰ এক সুকীয়া পৰিচয় গঢ়ি তুলিছে। তেওঁৰ এই সৃষ্টিশীল প্ৰতিভাই কেৱল দৰ্শকক আচৰিত কৰাই নহয়, কলা আৰু অভিযান্ত্ৰিক ক্ষেত্ৰখনতো তেওঁলৈ কঢ়িয়াই আনিছে অপাৰ স্বীকৃতি আৰু প্ৰশংসা।
কাশ্বিফে মেকানিকেল ইঞ্জিনীয়াৰিং পঢ়িছিল যদিও নতুন আৰু ব্যতিক্ৰমী কিবা এটা কৰাৰ নিচাগ্ৰস্ততাই তেওঁক পৰম্পৰাগত অভিযান্ত্ৰিকবিদ্যাৰ সীমা অতিক্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিছিল। এই হেঁপাহেই অৱশেষত তেওঁক ভাস্কৰ্য শিল্পৰ জগতখনলৈ লৈ গৈছিল আৰু এগৰাকী সফল উদ্ভাৱক হিচাপে প্ৰতিষ্ঠা কৰিছিল। তেওঁ নিজৰ শৈল্পিক কল্পনাৰ সৈতে অভিযান্ত্ৰিক দক্ষতাক ইমানেই সুন্দৰকৈ সন্মিলিত কৰিছে যে যন্ত্ৰৰ পেলনীয়া অংশ আৰু নিৰ্জীৱ ধাতুৰ টুকুৰাবোৰো জীৱন্ত ভাস্কৰ্য আৰু অসাধাৰণ মেকানিকেল শিল্পলৈ ৰূপান্তৰিত হৈ পৰে। তেওঁৰ সৃষ্টিসমূহত শৈল্পিক সৌন্দৰ্য আৰু নিপুণ অভিযান্ত্ৰিক কৌশল- দুয়োটাৰে সুন্দৰ প্ৰতিফলন ঘটে, যাৰ বাবে তেওঁ ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৃত হৈছে।
আৱৰ্জনাৰ মাজত অমূল্য শিল্পৰ সন্ধান
‘আৱাজ -দ্য ভইচ’ৰ সৈতে হোৱা এক বাৰ্তালাপত মহম্মদ কাশ্বিফে কয় যে তেওঁৰ জীৱন দৰ্শন একেবাৰে সৰল। যদি কোনো বস্তু পুনৰ ব্যৱহাৰ কৰি ইয়াক ধুনীয়া আৰু অৰ্থপূৰ্ণ কিবা এটালৈ ৰূপান্তৰ কৰিব পাৰি, তেন্তে ইয়াক আৱৰ্জনা হিচাপে পেলাই দিয়াৰ কোনো অৰ্থ নাই।
এই বিশ্বাসৰ দ্বাৰা পৰিচালিত হৈয়েই তেওঁ পৰিৱেশ বহনক্ষমতাক নিজৰ শৈল্পিক যাত্ৰাৰ এক গুৰুত্বপূৰ্ণ অংশ কৰি তুলিছে। তেওঁৰ বহু সৃষ্টি প্ৰকৃতি আৰু পৰিৱেশৰ প্ৰত্যাহ্বানৰ দ্বাৰা অনুপ্ৰাণিত, আৰু ইয়াৰ জৰিয়তে তেওঁ পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা বিয়পাবলৈ চেষ্টা কৰে। কাশ্বিফৰ কাম কেৱল পৰম্পৰাগত ভাস্কৰ্যৰ মাজতে সীমাবদ্ধ নহয়। মেকানিকেল ইঞ্জিনীয়াৰিঙৰ জ্ঞানে তেওঁক কাৰিকৰী দৃষ্টিকোণৰ পৰা কলাক চাবলৈ আৰু জটিল ধাৰণাসমূহক বাস্তৱিক সৃষ্টিলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰিছে। অভিযান্ত্ৰিক দক্ষতা আৰু শৈল্পিক কল্পনাৰ অপূৰ্ব সংমিশ্ৰণেৰে পৰম্পৰাগত চিন্তাধাৰাক প্ৰত্যাহ্বান জনোৱা আৰু একেবাৰে ব্যতিক্ৰমী কিবা এটা আগবঢ়োৱাতেই তেওঁৰ আটাইতকৈ ডাঙৰ শক্তি নিহিত হৈ আছে।
শৈশৱৰ পুতলাৰ পৰা ৰবটিক্সলৈ
মহম্মদ কাশ্বিফে মনত পেলাই কয় যে তেওঁৰ সৃষ্টিশীল জিজ্ঞাসু মনটো শৈশৱতেই গঢ় লৈ উঠিছিল। পুতলাৰ প্ৰতি থকা আকৰ্ষণৰ যোগেদিয়েই ৰবটিক্সৰ প্ৰতি তেওঁৰ আগ্ৰহ জন্মিছিল। কেৱল পুতলাৰে খেলি থকা আন শিশুৰ বিপৰীতে কাশ্বিফে পুতলাবোৰৰ ভিতৰৰ মেকানিজমে কেনেকৈ কাম কৰে সেয়া বুজিবলৈ সেইবোৰ খুলি পেলাইছিল। তেওঁৰ পিতৃ-মাতৃয়ে এই কৌতূহলক উৎসাহিত কৰিছিল আৰু তেওঁৰ পৰীক্ষামূলক কামবোৰত সদায়েই সহায় কৰিছিল।
মহম্মদ কাছিফৰ শিল্পকৰ্ম
স্কুলীয়া দিনত চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কথাবোৰো তেওঁৰ আজিও মনত পৰে। এই প্ৰতিযোগিতাবোৰত জয়লাভ কৰাটো তেওঁৰ বাবে কেৱল পুৰস্কাৰ পোৱাতে আৱদ্ধ নাছিল, ই তেওঁক নিজৰ ভিতৰত থকা শিল্পীগৰাকীক চিনি পোৱাত সহায় কৰিছিল। স্কুলীয়া দিনত কাশ্বিফে প্ৰায়ে বিভিন্ন শিল্পকৰ্মৰ ফালে চাই ভাবিছিল যে তেওঁ এনেকুৱা কিবা ব্যতিক্ৰমী সৃষ্টি কৰিব পাৰিবনে, যিয়ে মানুহক ৰৈ চাবলৈ আৰু ভাবিবলৈ বাধ্য কৰাব। তেওঁ ঘৰতে পেলনীয়া সামগ্ৰী আৰু দৈনন্দিন ব্যৱহাৰ্য বস্তুবোৰ লৈ পৰীক্ষা-নিৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছিল। মানুহে সাধাৰণতে অদৰকাৰী বুলি পেলাই দিয়া বস্তুবোৰৰ প্ৰতি তেওঁ বিশেষভাৱে আকৰ্ষিত হৈছিল। এই প্ৰাৰম্ভিক পৰীক্ষাবোৰেই লাহে লাহে তেওঁৰ শৈল্পিক যাত্ৰাৰ ভেটি হৈ পৰিছিল।
সমালোচনাৰ মাজতো অব্যাহত সৃষ্টিশীল যাত্ৰা
কলাৰ জগতখনত প্ৰৱেশ কৰাটো মহম্মদ কাশ্বিফৰ বাবে ইমান সহজ নাছিল। একাংশ লোকে তেওঁৰ শিল্পকৰ্মক সময়ৰ অপচয় বুলি উলাই কৰিছিল, আনকি কিছুমানে তেওঁৰ প্ৰচেষ্টাক লৈ ঠাট্টা-মস্কৰাও কৰিছিল। পিছে তেওঁ কোনো ধৰণৰ সমালোচনাক নিজৰ মনোভাৱ দুৰ্বল কৰিবলৈ দিয়া নাছিল।
মহাবিদ্যালয়ত পঢ়ি থকা সময়ত তেওঁ নিজৰ শৈল্পিক ক্ষমতাক প্ৰথম অৱস্থাত আনৰ পৰা লুকুৱাই ৰাখিছিল। ইঞ্জিনীয়াৰিং ডিগ্ৰী গ্ৰহণ কৰাৰ সমান্তৰালকৈ তেওঁ মনে মনে নিজৰ সৃষ্টিশীল ধাৰণাবোৰৰ ওপৰত কাম কৰি গৈছিল। কাশ্বিফৰ মতে, ইঞ্জিনীয়াৰিং অধ্যয়নে তেওঁৰ এই ইচ্ছাক অধিক শক্তিশালী কৰি তুলিছিল। যন্ত্ৰৰ কাৰ্যপ্ৰণালী বুজি পোৱাৰ ফলত কেৱল তেওঁৰ কাৰিকৰী জ্ঞানেই বৃদ্ধি পোৱা নাছিল, লগতে নতুন ধাৰণাৰে পৰীক্ষা-নিৰীক্ষা কৰাৰ আত্মবিশ্বাসো গঢ় লৈ উঠিছিল।
তেওঁৰ জীৱনৰ এক ডাঙৰ টাৰ্নিং পইণ্ট আহিছিল স্নাতক দ্বিতীয় বৰ্ষত পঢ়ি থকা সময়ত, যেতিয়া তেওঁ নাৰিকল গছৰ এটা অসাধাৰণ ভাস্কৰ্য নিৰ্মাণ কৰিছিল। প্ৰথমতে কাশ্বিফে নিজৰ কাম ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিবলৈ সংকোচ কৰিছিল। এখন প্ৰদৰ্শনীত ভাস্কৰ্যটো ৰখাৰ পিছত মানুহে তেওঁৰ সৃষ্টিক লৈ উপহাস কৰিব বুলি ভয় খাই তেওঁ নিজৰ ষ্টলৰ পৰা আঁতৰি গৈছিল। কিন্তু দৰ্শকৰ সঁহাৰি আছিল সম্পূৰ্ণ অপ্রত্যাশিত। প্ৰদৰ্শনীলৈ অহা লোকসকল ভাস্কৰ্যটো দেখি অভিভূত হৈছিল আৰু অতি সোনকালেই ইয়াৰ ফটোগ্ৰাফসমূহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল। কেইদিনমানৰ ভিতৰতে তেওঁৰ সৃষ্টিশীল প্ৰতিভাই ব্যাপক চৰ্চা আৰু প্ৰশংসা লাভ কৰিবলৈ আৰম্ভ কৰিছিল। এই অভিজ্ঞতাই তেওঁৰ আত্মবিশ্বাস ঘূৰাই আনিছিল আৰু শিল্পকলাক অধিক গুৰুত্বসহকাৰে আগবঢ়াই নিবলৈ অনুপ্ৰাণিত কৰিছিল।
বিশ্ব দৰবাৰত হিন্দুস্তানৰ প্ৰতিনিধিত্ব
তেওঁৰ কামৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাই আন্তঃৰাষ্ট্ৰীয় সুযোগৰ দুৱাৰ মুকলি কৰিছিল। ২০১৯ চনত মহম্মদ কাশ্বিফে ডুবাইত অনুষ্ঠিত এখন আন্তঃৰাষ্ট্ৰীয় কলা প্ৰদৰ্শনীত হিন্দুস্তানক প্ৰতিনিধিত্ব কৰাৰ আমন্ত্ৰণ লাভ কৰে, যিটো তেওঁৰ কেৰিয়াৰৰ আন এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি।
এই নিৰ্বাচন প্ৰক্ৰিয়া আছিল যথেষ্ট প্ৰতিযোগিতামূলক। প্ৰায় ৪০০ জন আবেদনকাৰীৰ ভিতৰত ৪০ জনক ভূপালৰ এখন প্ৰদৰ্শনীৰ বাবে বাছনি কৰা হৈছিল। ইয়াৰ পৰা কেৱল আঠগৰাকী শিল্পীক ডুবাইৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছিল আৰু কাশ্বিফ আছিল তাৰে মাজৰ এজন। এই অভিজ্ঞতাই তেওঁক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিতি আৰু স্বীকৃতি প্ৰদান কৰিছিল। সমালোচনাৰ ভয়ত যি প্ৰতিভাক তেওঁ এদিন লুকুৱাই ৰাখিছিল, সেয়াই এতিয়া তেওঁৰ আটাইতকৈ ডাঙৰ পৰিচয় হৈ পৰিছিল।
'ৱৰ্ল্ড আৰ্ট ডুবাই'ত অংশগ্ৰহণ কৰাৰ উপৰি মহম্মদ কাশ্বিফে এক আন্তঃৰাষ্ট্ৰীয় ৰবটিক্স প্ৰতিযোগিতাতো হিন্দুস্তানক প্ৰতিনিধিত্ব কৰিছে। তেওঁৰ উদ্ভাৱনী সৃষ্টিয়ে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় ৰেকৰ্ড বুকত স্থান লাভ কৰিছে, যিয়ে এগৰাকী শিল্পী আৰু উদ্ভাৱক হিচাপে তেওঁৰ মৰ্যাদা অধিক বৃদ্ধি কৰিছে।
মহম্মদ কাছিফৰ প্ৰদৰ্শনী
অভিযান্ত্ৰিকবিদ্যা আৰু কলাৰ এক অসাধাৰণ সংমিশ্ৰণ
‘আৱাজ - দ্য ভইচ’ৰ সৈতে কথা পাতি কাশ্বিফে কয় যে ইঞ্জিনীয়াৰিং আৰু কলা দুখন সুকীয়া জগত নহয়, বৰং দুয়ো দুয়োৰে পৰিপূৰক। তেওঁৰ মতে, ইঞ্জিনীয়াৰিঙে যিকোনো ধাৰণাক গাঁথনিগত শক্তি, নিখুঁততা আৰু বাস্তৱিক ৰূপ প্ৰদান কৰে, আনহাতে কলাই ইয়াক দিয়ে কল্পনা, সৌন্দৰ্য আৰু সৃষ্টিশীল প্ৰকাশ। এই দৰ্শনেই তেওঁক ধাতু, তীখা, কাঠ আৰু পেলনীয়া সামগ্ৰীৰে পৰীক্ষা-নিৰীক্ষা কৰি লগে লগে দৃষ্টি আকৰ্ষণ কৰিব পৰা শিল্পকৰ্মলৈ ৰূপান্তৰ কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
২০১৭ চনত মহম্মদ কাশ্বিফে ‘আৰ্টিষ্টিক ইঞ্জিনিয়াৰিং’ নামৰ নিজৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠা কৰে, যিয়ে কলা আৰু ইঞ্জিনীয়াৰিঙক একেখন মজিয়ালৈ লৈ আহে। তেওঁৰ কোম্পানীটোৱে ইণ্টেৰিয়ৰ আৰু এক্সটেৰিয়ৰ ডিজাইন, মেটেল আৰ্ট, ষ্টীল ফেব্ৰিকেচন, কাষ্টমাইজড ফাউণ্টেইন, অট’মেটেড গেট আৰু বিভিন্ন স্থাপত্য তথা সজ্জাগত প্ৰজেক্টৰ ওপৰত কাম কৰে। এক দক্ষ কাৰিকৰৰ দলেও তেওঁৰ সৈতে মিলি এই প্ৰকল্পবোৰ বাস্তৱায়িত কৰিবলৈ কাম কৰে।
কাশ্বিফৰ বাবে প্ৰতিটো প্ৰজেক্ট কেৱল এক ভৌতিক গাঁথনি নিৰ্মাণ কৰাতেই সীমাবদ্ধ নহয়। ই হৈছে এটা ধাৰণাক সৌন্দৰ্য, কাৰ্যকাৰিতা আৰু দীৰ্ঘায়ুৰ সংমিশ্ৰণেৰে গঢ় দিয়াৰ এক সুযোগ। তেওঁৰ কাম কৰাৰ শৈলীয়ে প্ৰমাণ কৰে যে কাৰিকৰী দক্ষতা আৰু শৈল্পিক সৃষ্টিশীলতাই একেলগে কাম কৰি কেনেদৰে উদ্ভাৱনীমূলক আৰু বাস্তৱিক ডিজাইন সৃষ্টি কৰিব পাৰে।
কাশ্বিফৰ কেইটামান চমকপ্ৰদ শৈল্পিক সৃষ্টি
মহম্মদ কাশ্বিফৰ আটাইতকৈ উল্লেখযোগ্য সৃষ্টিসমূহৰ ভিতৰত এটা হৈছে ‘প্লাষ্টিক বটল গ্ল’ব’, যিটো ১৫,০০০ ব্যৱহৃত প্লাষ্টিকৰ বটলৰে নিৰ্মাণ কৰি ভূপালৰ লেক ভিউ এলেকাত স্থাপন কৰা হৈছে। এই ভাস্কৰ্যটোৱে ৰিচাইক্লিং আৰু পৰিৱেশ সজাগতাৰ প্ৰতি তেওঁৰ উদ্ভাৱনী দৃষ্টিভংগীক প্ৰতিফলিত কৰে। বলীউডৰ অভিনেত্ৰী ভূমি পেডনেকাৰে ইয়াৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি প্ৰকল্পটো আৰু ইয়াৰ পাৰিপাৰ্শ্বিক বাৰ্তালৈ অধিক দৃষ্টি আকৰ্ষণ কৰিছিল।
কাশ্বিফৰ প'ৰ্টফলিঅ'ত ২০ ফুট ওখ ষ্টীলৰ গ্ল’বৰ পৰা আৰম্ভ কৰি বিক্ৰমাদিত্য বৈদিক ঘড়ী আৰু গ্ল’বেল ইনভেষ্টৰছ ছামিটৰ সৈতে জড়িত প্ৰকল্পলৈকে বহুতো আকৰ্ষণীয় সৃষ্টি অন্তৰ্ভুক্ত আছে। তেওঁৰ আলোকিত ভাস্কৰ্য আৰু বৃহৎ আকাৰৰ ইনষ্টলেচনসমূহে জটিল অভিযান্ত্ৰিকবিদ্যাৰ সৈতে সৃষ্টিশীল কল্পনাক একত্ৰিত কৰাৰ ক্ষমতা প্ৰদৰ্শন কৰে।
মেটেল আমব্ৰেলা, বাটাৰফ্লাই স্কাল্পচাৰ, গোল্ডেন স্ফিয়েৰ, কিনেটিক উইণ্ড স্পিনাৰ, স্ক্ৰেপ ৰবটিক্স স্কাল্পচাৰ আৰু ইনভিজিবল কোৱাণ্টাম স্কাল্পচাৰ হৈছে তেওঁৰ কেইটামান ব্যতিক্ৰমী সৃষ্টি। ইয়াৰ প্ৰতিটো কামতে তেওঁৰ অগতানুগতিক শৈল্পিক দৃষ্টিভংগী আৰু ভাস্কৰ্য তথা ডিজাইনৰ ক্ষেত্ৰত নতুন সম্ভাৱনা অন্বেষণ কৰাৰ দৃঢ়তা প্ৰতিফলিত হয়। পেলনীয়া ধাতুৰে কাম কৰাই হওক বা কাৰিকৰীভাৱে অত্যাধুনিক ইনষ্টলেচন গঢ়ি তোলাই হওক, কাশ্বিফে সদায় এনেকুৱা কিবা এটা সৃষ্টি কৰিবলৈ চেষ্টা কৰে যি দেখিবলৈ আকৰ্ষণীয় হোৱাৰ লগতে বৌদ্ধিকভাৱেও চিন্তনশীল হয়।
অভিযন্তা মহম্মদ কাশ্বিফে বঁটা গ্ৰহণ কৰাৰ কিছু মূহুৰ্ত
বঁটা আৰু স্বীকৃতি
মহম্মদ কাশ্বিফৰ শৈল্পিক সাফল্যই তেওঁলৈ কঢ়িয়াই আনিছে কেইবাটাও সন্মানীয় বঁটা আৰু স্বীকৃতি। মুম্বাইৰ তাজ লেণ্ডছ এণ্ডত অনুষ্ঠিত 'লাক্সাৰী লাইফষ্টাইল এণ্ড বিজনেছ এৱাৰ্ডছ ২০২৬'ত তেওঁ 'ইনোভেটিভ আৰ্টিষ্ট এণ্ড স্কাল্পটৰ অৱ দ্য ইয়েৰ' (মধ্যপ্ৰদেশ) বঁটা লাভ কৰে। ধাতুৰ ভাস্কৰ্য আৰু শৈল্পিক অভিযান্ত্ৰিকবিদ্যাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে বলীউডৰ অভিনেত্ৰী কিয়াৰা আদৱানীয়ে তেওঁক এই বঁটা প্ৰদান কৰে।
নিজৰ ব্ৰেণ্ড ‘আৰ্টিষ্টিক ইঞ্জিনীয়াৰিং’ৰ অধীনত কাশ্বিফে ধাতু আৰু পেলনীয়া সামগ্ৰী ব্যৱহাৰ কৰি অনন্য শিল্পকৰ্ম সৃষ্টি কৰা অব্যাহত ৰাখিছে। ২০২৫ চনৰ আগষ্ট মাহত নয়ডাত অনুষ্ঠিত 'বাজ এক্সপ’ এণ্ড এৱাৰ্ডছ'ত তেওঁক বৰ্ষশ্ৰেষ্ঠ শিল্পীৰ বঁটাৰে সন্মানিত কৰা হৈছিল। এই বঁটাই মেটেল ভাস্কৰ্যৰ ক্ষেত্ৰত তেওঁৰ অসাধাৰণ সৃষ্টিশীলতা আৰু অৱদানক স্বীকৃতি দিছিল।
ইয়াৰ পূৰ্বে ২০২২ চনৰ ‘লিডাৰশ্বিপ এক্সেলেন্স এৱাৰ্ডছ’ত শিল্প আৰু অভিযান্ত্ৰিকবিদ্যাৰ উদ্ভাৱনীমূলক কামৰ বাবে কাশ্বিফে বৰ্ষটোৰ ‘ইয়ং ক্ৰিয়েটিভ অণ্ট্ৰপ্ৰেনিয়ৰ’ বঁটা লাভ কৰিছিল। বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাই তেওঁক এই সন্মানেৰে বিভূষিত কৰিছিল।
আন এক বৃহৎ সাফল্য আছিল ভূপালৰ ব'ট ক্লাবত ১৫,০০০ পেলনীয়া প্লাষ্টিকৰ বটল ব্যৱহাৰ কৰি ৫০০ কিলোগ্ৰাম ওজনৰ গ্ল’ব নিৰ্মাণ কৰাটো। এবাৰ ব্যৱহাৰ কৰা প্লাষ্টিকৰ ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ আৰু মানুহক পৰিৱেশৰ প্ৰতি দায়িত্বশীল অভ্যাস গঢ়ি তুলিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যেই এই ইনষ্টলেচনটো ডিজাইন কৰা হৈছিল, যিটো অভিনেত্ৰী ভূমি পেডনেকাৰে উদ্বোধন কৰিছিল। এই লেখত ল'বলগীয়া সৃষ্টিয়ে ‘এছিয়া বুক অৱ ৰেকৰ্ডছ’ আৰু ‘ইণ্টাৰনেচনেল বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছ’ত স্থান লাভ কৰি কাশ্বিফৰ শৈল্পিক কেৰিয়াৰত আন এক সফলতাৰ সংযোজন ঘটায়।
বহুমুখী প্ৰতিভাৰ অধিকাৰী মহম্মদ কাশ্বিফ
ইঞ্জিনীয়াৰিং আৰু ভাস্কৰ্য শিল্পৰ সাফল্যৰ সমান্তৰালকৈ মহম্মদ কাশ্বিফৰ ক্ৰীড়াৰ প্ৰতিও গভীৰ আগ্ৰহ আছে। শৈশৱৰ পৰাই ক্ৰিকেট আৰু ফুটবলৰ প্ৰতি আকৰ্ষিত কাশ্বিফে বিভিন্ন পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। ৰাইফল শ্বুটিঙতো তেওঁৰ বিশেষ ৰাপ আছে আৰু ৰাজ্যিক পৰ্যায়ৰ শ্বুটিং প্ৰতিযোগিতাতো তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। ক্ৰীড়াৰ সৈতে তেওঁৰ এই সম্পৰ্কই তেওঁৰ বহুমুখী ব্যক্তিত্বৰ আন এটা দিশ আৰু বিভিন্ন ক্ষেত্ৰ অন্বেষণ কৰাৰ উৎসাহক প্ৰতিফলিত কৰে।
নিজৰ সপোনৰ প্ৰকল্পৰ কথা উল্লেখ কৰি কাশ্বিফে কয় যে তেওঁ এনে এক শিল্পকৰ্ম সৃষ্টি কৰিব বিচাৰে যিটো বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ হ’ব, দেখিবলৈ চমকপ্ৰদ হ’ব আৰু গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হোৱাৰ যোগ্যতা অৰ্জন কৰিব। তেওঁৰ এই লক্ষ্য কেৱল ব্যক্তিগত স্বীকৃতি লাভ কৰাই নহয়, বৰং এক অসাধাৰণ শৈল্পিক কৃতিত্বৰ জৰিয়তে নিজৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনাটোহে।
তেওঁৰ কাহিনীয়ে প্ৰমাণ কৰে যে উদ্ভাৱনে সমাজৰ এক বৃহৎ উদ্দেশ্য সাধন কৰিব পাৰে। আৱৰ্জনাবোৰক এক নতুন জীৱন দি কাশ্বিফে কেৱল অসাধাৰণ ভাস্কৰ্য নিৰ্মাণ কৰাই নহয়, লগতে বহনক্ষমতা আৰু পৰিৱেশৰ প্ৰতি থকা আমাৰ দায়িত্ববোধৰো এক গভীৰ বাৰ্তা বিলাই দিছে। তেওঁৰ চকুত প্ৰতিটো আৱৰ্জনা বা পেলনীয়া সামগ্ৰীয়েই হৈছে একোটা সুন্দৰ, অৰ্থপূৰ্ণ আৰু অসাধাৰণ শিল্পলৈ ৰূপান্তৰিত হোৱাৰ এক সুপ্ত সম্ভাৱনা!