অসমৰ গৌৰৱ: ‘লিগেচী অৱ লিটেৰেচাৰ’ বঁটাৰে জিলিকিল ৰঙিয়াৰ তানাজ শইকীয়া

Story by  Ariful Islam | Posted by  [email protected] • 1 d ago
তানাজ শইকীয়া
তানাজ শইকীয়া
 
আৰিফুল ইছলাম / গুৱাহাটী
 
প্ৰতিভাৰ কোনো নিৰ্দিষ্ট বয়স বা ভৌগোলিক সীমা নাথাকে। কঠোৰ পৰিশ্ৰম, একাগ্ৰতা, দৃঢ় ইচ্ছা শক্তি আৰু সঠিক মাৰ্গদৰ্শন লাভ কৰিলে যে যিকোনো পৰিস্থিতিত সফলতা লাভ কৰিব পাৰি, সেয়া পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে কামৰূপ জিলাৰ ৰঙিয়াৰ এগৰাকী ১৫ বছৰীয়া মেধাৱী কিশোৰীয়ে। কামৰূপ (গ্ৰাম্য) জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত সাহান গাঁও নিবাসী তানাজ শইকীয়া নামৰ এই বহুমুখী প্ৰতিভাশালী কিশোৰীগৰাকীয়ে এতিয়া নিজৰ অসাধাৰণ সৃষ্টিশীলতাৰ জৰিয়তে সমগ্ৰ ৰঙিয়ালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
 
কিশোৰীগৰাকীয়ে নিজৰ অহোপুৰুষাৰ্থ আৰু সাহিত্যৰ প্ৰতি থকা ভালপোৱাৰ ফচল হিচাপে 'দ্য বাৰ্নিং লাইট' নামৰ এখন কবিতা পুথি প্ৰকাশ কৰি উলিয়াইছিল। এই কবিতা পুথিখনে সাহিত্য জগতত বিশেষ সমাদৰ লাভ কৰাৰ লগতে তানাজলৈ এক বৃহৎ স্বীকৃতি কঢ়িয়াই আনে। 'দ্য বাৰ্নিং লাইট' গ্ৰন্থখনৰ বাবে তানাজ শইকীয়াই শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ অতি সন্মানীয় ‘লিগেচী অৱ লিটেৰেচাৰ’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। স্কুলীয়া জীৱনতে, ইমান কম বয়সত এনে এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰাটো সঁচাকৈয়ে এক বিৰল আৰু প্ৰশংসনীয় কৃতিত্ব।

সাম্প্ৰতিক সময়ত ৰঙিয়াৰ মডাৰ্ন পাব্লিক স্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত মেধাৱী ছাত্ৰী তানাজ শইকীয়াৰ এই অনন্য সফলতাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰাৰ লগতে অঞ্চলটোলৈ আনন্দৰ জোৱাৰ আনিছে।
 
আৱাজ- দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তানাজ শইকীয়াই কয় যে; "মোৰ 'দ্য বাৰ্নিং লাইট' নামৰ কবিতা পুথিখন এবছৰ পূৰ্বে প্ৰকাশ কৰিছিলোঁ। তাত প্ৰায় ৫০ টা কবিতা আছে। শেহতীয়াকৈ লিটেৰেচাৰ টাইমছে অনুষ্ঠিত কৰা এই 'লিগেচি অৱ লিটেৰেচাৰ' বঁটাৰ বাবে অনলাইন ফৰ্ম জমা দিছিলোঁ। তাত মোৰ কবিতা পুথিখন মনোনীত হৈছিল আৰু অৱশেষত এই বঁটাটো পাবলৈ সক্ষম হৈছিলোঁ। মই ফৰ্ম জমা দিওঁতে ভবা নাছিলো যে মই পাম বুলি। এই বঁটাটোৱে মোক যথেষ্ট আত্মবিশ্বাস প্ৰদান কৰিছে আৰু ভৱিষ্যতে সাহিত্যৰ জগতখনত ভাল কাম কৰি যাবলৈ উৎসাহিত হৈছোঁ।
 
"মই পঞ্চম শ্ৰেণীৰ পৰা কবিতা লিখিছিলো। প্ৰথমতে মই মোৰ দাদাৰ পৰা অনুপ্ৰেৰণা পাইছিলোঁ। দাদাই কবিতা লিখে, দাদাক দেখি ময়ো তেনেকৈ লিখা আৰম্ভ কৰিলোঁ। মই মোৰ মনৰ কথা কবিতাৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ দৰে ল’ৰা-ছোৱালীয়ে নিজৰ বহু কথাই আনৰ আগত ব্যক্ত কৰিব নোৱাৰে। গতিকে মই মোৰ মনৰ সেই অব্যক্ত চিন্তাধাৰা কবিতাৰ যোগেদি প্ৰকাশ কৰাৰ চেষ্টা কৰা আৰম্ভ কৰিলোঁ। বৰ্তমানলৈ মই ২০০ ৰো অধিক কবিতা লিখিছোঁ। ৫০ টা কবিতা ইতিমধ্যে মই প্ৰকাশ কৰিছোঁ আৰু বাকী থকা ১৫০ কবিতাৰ ভিতৰত বহুখিনি কবিতা প্ৰকাশ কৰাৰ ইচ্ছা আছে।", তানাজে কয়।
 
পিতৃৰ সৈতে তানাজ শইকীয়া
 
তানাজৰ প্ৰতিভা কেৱল এটা নিৰ্দিষ্ট দিশতে আৱদ্ধ নহয়। সৰুৰে পৰাই সাহিত্য আৰু সংস্কৃতিৰ জগতখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত তানাজে বিশেষকৈ ইংৰাজী ভাষাত অতি সুন্দৰ কবিতা ৰচনা কৰে। তেওঁৰ কবিতাত জীৱনৰ বাস্তৱতা, প্ৰকৃতিৰ সৌন্দৰ্য আৰু মানৱীয় আৱেগ-অনুভূতিৰ সুন্দৰ প্ৰতিফলন ঘটিছে, যিয়ে পঢ়ুৱৈৰ মন অনায়াসে চুই যাব পাৰে।
 
সাহিত্যৰ সমান্তৰালভাৱে সংগীত আৰু কলাৰ ক্ষেত্ৰখনতো তানাজৰ আছে বিশেষ দখল। কবিতা লিখি মনৰ ভাব প্ৰকাশ কৰাৰ উপৰি তেওঁ এগৰাকী সুগায়িকা আৰু বাদ্যযন্ত্ৰী। বৰ্তমান তেওঁ নিজৰ কণ্ঠৰ সাধনা অব্যাহত ৰাখি সংগীতৰ আনুষ্ঠানিক প্ৰশিক্ষণো গ্ৰহণ কৰি আছে। কেৱল গীতেই নহয়, বাদ্যযন্ত্ৰ বজোৱাতো তানাজে নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। আজৰি সময়ত গীটাৰ আৰু হাৰমনিয়াম বজাই তেওঁ এক সুকীয়া আত্মিক আনন্দ লাভ কৰে।
 
গীটাৰ বজাই থকা মুহূৰ্তত তানাজ
 
"নিজে গান লিখি, সুৰ আৰু কণ্ঠদান নিজেই কৰাৰ মন আছে মোৰ। তেনেকৈ ভৱিষ্যতলৈ এলবাম মুকলি কৰাৰো হেঁপাহ আছে। বৰ্তমান মই গানৰ প্ৰশিক্ষণ লৈ আছোঁ আৰু ভালকৈ প্ৰশিক্ষণ লৈ ভৱিষ্যতলৈ পাৰিম বুলি বিশ্বাস আছে মনত", তানাজে কয়।
 
উল্লেখ্য যে, কবিতা, গীত আৰু বাদ্যযন্ত্ৰই তানাজক মনত আনন্দ দিয়ে। যাৰ ফলত কিশোৰীগৰাকীৰ পাঠ্যক্ৰমৰ পঢ়া-শুনাৰ ক্ষেত্ৰত ইতিবাচক প্ৰভাৱ পৰে। "এই সকলোবোৰে মোক মানসিকভাৱে শান্ত কৰি ৰাখে আৰু পঢ়াৰ ক্ষেত্ৰত মনোযোগ বৃদ্ধি কৰে। যাৰ ফলত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বাবে মই ভালদৰে পঢ়া-শুনা কৰিব পাৰো", তানাজে কয়।
 
তানাজৰ এই সফলতাৰ আঁৰত আটাইতকৈ ডাঙৰ অৱদান আৰু ত্যাগ নিহিত হৈ আছে তেওঁৰ পিতৃ-মাতৃৰ। এখন সাধাৰণ গাঁৱৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত জিলিকি উঠাৰ এই যাত্ৰাপথ তানাজৰ বাবে ইমান সহজ নাছিল। কিন্তু পিতৃ-মাতৃৰ অহৰহ প্ৰচেষ্টা, অপৰিসীম কষ্ট আৰু সীমাহীন মানসিক সমৰ্থনৰ বাবেই তানাজে নিজৰ সপোনবোৰক বাস্তৱ ৰূপ দিবলৈ সক্ষম হৈছে। তেওঁলোকে নিজৰ কন্যাক প্ৰতিটো খোজতে সাহস যোগাই আহিছে আৰু প্ৰতিভা বিকাশৰ বাবে প্ৰয়োজনীয় সকলো সা-সুবিধা প্ৰদান কৰিছে। পিতৃ-মাতৃৰ এই নিঃস্বাৰ্থ ত্যাগ আৰু অনুপ্ৰেৰণাই হৈছে তানাজৰ জীৱনৰ আটাইতকৈ ডাঙৰ চালিকাশক্তি।
 
তানাজৰ কবিতা পুথি 'দ্য বাৰ্নিং লাইট' আৰু 'লিগেচী অৱ লিটেৰেচাৰ' বঁটা
 
তানাজ শইকীয়াৰ পিতৃ ড০ আব্দুল চালামে কয়; "অভিভাৱক হিচাপে আমি যথেষ্ট সুখী। তানাজে যেতিয়া লিখা আৰম্ভ কৰিছিল, তেতিয়া আমি ভাবিছিলোঁ কবিতা লিখি তাইৰ ভাল লাগে কাৰণে লিখি আছে। আমি আৰম্ভণিতে গুৰুত্ব দিয়া নাছিলোঁ। কিন্তু পখিলা খেদি ফুৰা বয়সত তাই যি স্বীকৃতি পাইছে, মই ভাবো ভৱিষ্যতে তাই বহু আগুৱাই যাব।"
 
"মই যেতিয়া তাইৰ কবিতা পঢ়োঁ, মই ভালদৰে বুজিয়ে নাপাওঁ। যিকোনো কবিতা এটা পঢ়ি মই তাইক কিছুমান শব্দৰ অৰ্থ সুধিবলগীয়া হয়। তাইৰ কবিতাৰ লিখনি যথেষ্ট গভীৰ আৰু অৰ্থপূৰ্ণ। মোৰ এটা কথা ভাল লাগে যে, এইটো বয়সতে তাইৰ কবিতাত যিটো গভীৰতা আছে। ভৱিষ্যতে নিশ্চিতভাৱে তাই বহু আগুৱাই যাব পাৰিব। আমি আচলতে এটা নিৰ্দিষ্ট সীমাৰ মাজত থাকি আমাৰ ল’ৰা-ছোৱালীক ডাঙৰ কৰিব বিচাৰো। সেইটো আচলতে ভাল কথা নহয়। আমাৰ সমাজখনে আমাৰ ল’ৰা-ছোৱালীবোৰক এটা সীমাৰ মাজত ৰাখি আহিছে। তেনে কৰা উচিত নহয়। বহু ল’ৰা-ছোৱালীয়ে পিতৃ-মাতৃৰ আগত নিজৰ মনৰ কথা ক'ব নোৱাৰাৰ বাবে বহু প্ৰতিভা কলিতে মৰহি যায়", তেওঁ কয়।
 
ভৱিষ্যতৰ লক্ষ্য আৰু সপোন সন্দৰ্ভত তানাজে জনায় যে তেওঁ ডাঙৰ হৈ এগৰাকী প্ৰতিষ্ঠিত আৰু সু-লেখিকা হোৱাৰ সপোন পুহি ৰাখিছে। নিজৰ লেখনিৰ জৰিয়তে সমাজত এক ইতিবাচক প্ৰভাৱ পেলোৱাৰ লগতে সাহিত্য জগতলৈ উল্লেখনীয় বৰঙণি যোগোৱাৰ হেঁপাহ আছে কিশোৰীগৰাকীৰ। তানাজ শইকীয়াৰ এই যাত্ৰা অৱশ্যেই আন বহু নৱপ্ৰজন্মৰ বাবে এক শক্তিশালী অনুপ্ৰেৰণা।