চানচান য়ুগলী
গ্রীক দার্শনিক প্লেটোৱে কৈছিল- 'Madness when comes from the God, it is better than sanity given by men.' অর্থাৎ, 'উন্মাদনা যদি ঈশ্বৰৰ দৰে হয় তেন্তে তেনে উন্মাদনা মানৱ স্বীকৃত মানসিক সুস্থতাতকৈ বহুগুণে শ্রেয়।' সেই তেনেধৰণৰ আছিল আমাৰ সকলোৰে মৰমৰ শিল্পী-সংগীতজ্ঞ জুবিন গাৰ্গ। যাৰ নামেই পৰিচয়। মানুহে কিমান ভাল পালে অসমৰ সকলোৰে মৰমৰ হার্টথ্র'ব হ'ব পাৰে সেই কথা আমি সকলোৱে জানো। গতিকে সকলোৰে প্ৰাণ আৰু গানত জুবিন সত্তাটো জীয়াই আছে।
অসমীয়া সংগীত জগতলৈ তেখেতৰ নতুন ধাৰাটোলৈ যদি চাওঁ অসমীয়া ঐতিহ্যময় সংগীত জগতখনৰ প্রতি গভীৰ শ্রদ্ধা আৰু আস্থা থকা জুবিন গার্গে এটা কথাত বিশ্বাস কৰিছিল যে, অসমীয়া সংগীত নতুন প্রজন্মৰ কাষলৈ লৈ যাবলৈ হ'লে পৰম্পৰাগত ধাৰণাসমূহলৈ পৰিবর্তন অনাটো নিতান্তই প্রয়োজনীয়। নতুন আৰু পুৰণিৰ সংমিশ্রণৰ মাজেৰেহে উপস্থাপনৰ এনে জটিল কর্ম সম্ভৱ। সেয়ে তেওঁ অসমীয়া থলুৱা সংগীত আৰু পশ্চিমীয়া সংগীতৰ ভিন্ন ধাৰাৰ বৈশিষ্ট্য একলগ কৰাৰ পৰিকল্পনা কৰি অসমীয়া সাংস্কৃতিক জগতটোক আগুৱাই নিয়াত যথেষ্ট অৱদান দি থৈ গ'ল।
পত্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে জুবিন গাৰ্গএ জন্মদিন উদযাপন কৰাৰ কিছু মূহুৰ্ত
জুবিন গাৰ্গৰ গীতসমূহক গৱেষণা দৃষ্টিভংগীৰে এনেদৰে চমু আলোচনা আগবঢ়াব পাৰি
জুবিন গাৰ্গৰ গীতত সামাজিক প্রেক্ষাপট নব্বৈৰ দশকত অসম যেতিয়া উগ্রপন্থী, গুপ্তহত্যা আদিৰ দৰে সমস্যাই দেখা দিছিল আৰু সামৰিক বাহিনীৰ অভিযানত জুৰুলা হৈছিল, সেই সময়তে ১৯৯৭ চনত জুবিন গার্গে 'মুক্তি' এলবামেৰে এক সাহসী পদক্ষেপ লৈছিল। এই এলবামৰ গীতকেইটা কেৱল গান নাছিল, ই আছিল গুলী-বাৰুদৰ ধোঁৱাৰ মাজত শ্বাসৰুদ্ধ হৈ পৰা অসমীয়া সমাজৰ জীয়া ছবি এখন দাঙি ধৰিছে।
'অন্ধ আকাশ, ৰুদ্ধ বতাহ / ত্ৰস্ত ৰাতিৰ স্তব্ধ জোনাক... / অন্ধ শাসন, ভণ্ড শাসক / অর্থ লোভৰ নগ্ন যুঁজত...।' মৃত্যু এতিয়া সহজ, মৃত্যু এই পংক্তিটোৱে মানৱতা যে, মানুহৰ মাজত নাই আঙুলিয়াই দিছে। যেতিয়া হত্যা আৰু হিংসা সমাজৰ দৈনন্দিন ঘটনা হৈ পৰে, তেতিয়া মৃত্যুও যেন এটা 'সুলভ' বস্তু হৈ পৰে। ই উগ্রপন্থীক গীতৰ যোগেদি কৰা তীব্ৰ কটাক্ষ। 'শান্তি দিয়া / সোণৰ অসম ৰচিবলৈ। / সেউজ দিয়া, শস্য দিয়া / চিৰকাল ফুলিবলে / গুলী বাৰুদ, ধোঁৱা উৰুৱাই।'
জুবিন গাৰ্গৰ গীতত জাতীয় চেতনা
অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলন, বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন (কা আইন) বিৰোধী আন্দোলনৰ সময়ত জুবিন গাৰ্গ কেৱল এজন গায়ক হৈ থকা নাছিল, সেই কথা আমি সকলোৱে দেখিছো। আনহাতে তেওঁ জাতি-মাটি আৰু খিলঞ্জীয়াৰ অধিকাৰক লৈ সৃষ্টি কৰা জোনাকী মন (২০০৮) নামৰ এলবামৰ 'হুৰ হুৰ হুৰাই দে' গীতটিয়ে আন্দোলনকাৰীৰ বুকুত এক অভূতপূর্ব শক্তিৰ ঢৌ আনি দিছিল।
সোণাপুৰ জুবিন ক্ষেত্ৰ
'হুৰ হুৰ হুৰ হুৰ হুৰ হুৰাই দে / আপোন পথাৰখন মোকলাই নে... / নমতা আলহী চোতাল ভৰিছে...।' এই গীতটিত জুবিন গাৰ্গৰ জাতীয়তাবাদী তথা খিলঞ্জীয়া প্ৰীতিৰ উগ্র আৰু স্পষ্ট ৰূপ দেখা যায়। 'নমতা আলহী চোতাল ভৰিছে' বুলি তেওঁ অসমলৈ হোৱা অবৈধ অনুপ্রৱেশকাৰীৰ সমস্যাক আঙুলিয়াই দিছে, যিয়ে থলুৱা লোকৰ ঘৰ-পথাৰ গ্রাস কৰিবলৈ বিচাৰিছে। কিন্তু জুবিন গাৰ্গৰ এই জাতীয়তাবাদ সংকীর্ণ নাছিল। তেওঁ কোচ, ভূঞা, আদিবাসী, পাহাৰীয়া অসমত থকা সকলো থলুৱা জনগোষ্ঠীক 'একেডাল জৰী' অর্থাৎ একতাৰ জৰীৰে বান্ধ খাই একত্রিত হ'বলৈ আহ্বান জনাইছে।
জুবিন গাৰ্গৰ গীতত আধুনিক যান্ত্রিকতা
জুবিন গার্গে সমাজৰ ধৰা-বন্ধা নিয়ম আৰু মধ্যবিত্তীয় মানসিকতাৰ ভণ্ডামিক চৰমভাৱে প্রত্যাখ্যান কৰিছিল। আধুনিক পুঁজিবাদী সমাজে মানুহক যি যান্ত্রিক সাঁচত গঢ়িব বিচাৰে, তাৰ বিৰুদ্ধে তেওঁৰ সংগীতত এক অস্তিত্ববাদী সংগ্রাম ফুটি উঠিছিল। তেওঁৰ বিখ্যাত 'ৰ'দ' আৰু 'যন্ত্র' গীতটি ইয়াৰ এক উদাহৰণ। 'ৰ'দ... ৰদ আজি কেনি পাওঁ / ৰ'দ... ৰদ আজি কেনি চাওঁ / খিৰিকী মেলি সন্মুখত, এন্ধাৰহে পাওঁ / কোঠালি এৰি বাহিৰত, পথ হেৰাওঁ...।'
ৰাতিপুৱা শুই উঠি/যাবৰে যে হয় স্কুললৈ / গধুৰ গধুৰ পঢ়াৰ বোজা / কঢ়িয়াওঁতে যায় দিন দূৰলৈ / স্কুলৰ শেষত টিউচন কৰি / ঘূৰি আহি একো নাপাও বিচাৰি / হোমৱৰ্ক কৰি ভাগৰি / বিছনাৰ কোলাকেই লওঁ সামৰি / আমি যেন যন্ত্র... / যন্ত্র / একো একোটা যন্ত্র / যন্ত্র / আমি আমি যেন যন্ত্র / যন্ত্র, / একো একোটা যন্ত্র।' এই গীতবোৰত ব্যক্তিৰ মনৰ ভিতৰৰ সংগ্ৰাম আৰু আধুনিক সমাজৰ যান্ত্রিকতাই কঢ়িয়াই অনা চৰম একাকীত্বৰ বিৰুদ্ধে কৈছে। সমাজৰ শিশুৰ পৰা বৃদ্ধালৈকে নিয়মে মানুহৰ অন্তর্নিহিত স্বাধীনতাক কাঢ়ি নি কেনেকৈ এটা যান্ত্রিকতালৈ পৰিণত কৰে, জুবিন গার্গে তাক অতি গভীৰভাৱে অনুভৱ কৰিছিল।
জুবিন গাৰ্গ
সেয়ে শেষত ক'ব বিচাৰো- জুবিন গাৰ্গ অসমীয়া সংগীত জগতৰ এজন সর্বকালৰ শ্রেষ্ঠ আৰু জনপ্রিয় কণ্ঠশিল্পী হৈ আমাৰ মাজত সদায় জীয়াই থাকিব।
(লেখক চাবুৱাৰ ডি ডি আৰ কলেজৰ সহকাৰী অধ্যাপিকা। আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে এই লেখাটি অসমীয়া প্ৰতিদিন কাকতৰ পৰা সংগ্ৰহ কৰা হৈছে।)