গুৱাহাটী
বিশ্ববিখ্যাত ৰক বেণ্ড ‘গানছ এন’ ৰ'জেছ’ৰ আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া বহু প্ৰতীক্ষিত মেগা কনচাৰ্টৰ বিশাল জনসমাগমৰ প্ৰতি লক্ষ্য ৰাখি যাতায়াত সুচল কৰিবলৈ গুৱাহাটী যান-বাহন আৰক্ষীয়ে এক বিস্তৃত পৰিকল্পনা আৰু নিৰ্দেশনা জাৰি কৰিছে।
যান-বাহন চলাচলৰ নিয়ন্ত্ৰণ আৰু পথৰ নিষেধাজ্ঞা
বিয়লি ২ বজাৰ পৰা বিশেষ নিয়ন্ত্ৰণ: আজি বিয়লি ২ বজাৰ পৰা জি এছ ৰোডৰ প্ৰিজন গেট পইণ্টৰ পৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কইনাধৰা পইণ্টলৈ, কেন্দ্ৰীয় বিদ্যালয় খানাপাৰাৰ পৰা এ পি এছ চি পইণ্টলৈ আৰু কইনাধৰাৰ পৰা খানাপাৰা ৰটাৰীলৈ চাৰ্ভিচ লেনত যান-বাহনৰ চলাচল বিশেষভাৱে নিয়ন্ত্ৰণ কৰা হ’ব।
বাণিজ্যিক বাহনৰ চলাচলত সম্পূৰ্ণ নিষেধাজ্ঞা: বিয়লি ৩ বজাৰ পৰা কনচাৰ্টৰ সামৰণি নপৰালৈকে জি এছ ৰোড, বেলতলা তিনিআলিৰ পৰা জয়নগৰ চাৰিআলি আৰু এ পি এছ চি পইণ্টলৈ সকলো ধৰণৰ বাণিজ্যিক মালবাহী আৰু লেহেমীয়া যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব।
‘ন-পাৰ্কিং’ জ’ন
যান-জঁট প্ৰতিৰোধৰ বাবে তলত উল্লিখিত স্থানসমূহৰ পথৰ দুয়োকাষে বাহন ৰখোৱাত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে:
ছয়মাইল উৰণ সেতুৰ তলৰ পৰা খানাপাৰা ৰটাৰীলৈ।
ছয়মাইলৰ পৰা জয়নগৰ চাৰিআলি আৰু জয়নগৰৰ পৰা ত্ৰিপুৰা গলি/বালুঘাটলৈ।
জয়নগৰৰ পৰা এ পি এছ চি পইণ্টলৈ।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালুঘাটৰ পৰা গ্ৰীণউড ৰিজৰ্টলৈ।
দৰ্শকৰ সুবিধার্থে নিৰ্ধাৰিত পাৰ্কিং স্থানসমূহ
জি এছ ৰোডৰ ফালৰ পৰা অহা দৰ্শকৰ বাবে: কৃষি ভৱন, জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰ, পশু চিকিৎসা ফাৰ্ম গেট, অসম চুক্তি ক্ষেত্ৰ, পশু চিকিৎসা মহাবিদ্যালয় চৌহদ আৰু অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় চৌহদ।
উজনি অসম আৰু মেঘালয়ৰ পৰা অহা দৰ্শকৰ বাবে: খানাপাৰাস্থিত মুকুট পাৰ্কিং, দেবাশীষ পাৰ্কিং, পিংকু পাৰ্কিং আৰু বশিষ্ঠ মন্দিৰ পথ।
নামনি অসম আৰু বেলতলাৰ ফালৰ পৰা অহা দৰ্শকৰ বাবে: ত্ৰিপুৰা গলি (বালুঘাট), লীলা টাৱাৰৰ সমীপৰ পাৰ্কিং আৰু কে ভি খানাপাৰা।
দুচকীয়া বাহনৰ বাবে সুকীয়া পাৰ্কিং: বেলতলা বিহুতলী ফিল্ড, জি এম চি পাৰ্কিং খানাপাৰা আৰু মিনি আই এছ বি টি খানাপাৰা।
টিকটৰ শ্ৰেণী অনুসৰি নিৰ্ধাৰিত প্ৰৱেশদ্বাৰ আৰু ড্ৰপ-অফ পইণ্ট
Silver টিকটধাৰী: পুৰণি চি পি কাৰ্যালয় পথত থকা ৫, ৬, ৭, ৮ আৰু ৯ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব।
Gold টিকটধাৰী: এ পি এছ চিৰ সন্মুখৰ ৱাকিং জ’নত থকা ১১ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব।
(বি.দ্ৰ.: Silver আৰু Gold টিকটধাৰী দৰ্শকৰ বাবে জি এছ ৰোডৰ ফালে এ পি এছ চি পইণ্ট আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ফালে কইনাধৰা পইণ্টত ড্ৰপ-অফ নিৰ্ধাৰণ কৰা হৈছে।)
Platinum Lounge টিকটধাৰী: ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাৰ্ভিচ ৰোডত থকা অসম কৃষি বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অতিথিশালা (ৰোহিকা)-ৰ সমীপৰ ৪ নং গেটেৰে প্ৰৱেশ কৰিব লাগিব।
কেব ব্যৱহাৰকাৰীৰ বাবে: জি এছ ৰোডেৰে অহা কেবসমূহে জ্যোতি বিষ্ণু কলামন্দিৰৰ ১ নং গেটত আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা কেবসমূহে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সন্মুখত যাত্ৰী নমাব বা উঠাব পাৰিব।
এই যাতায়াত নিষেধাজ্ঞাই এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ বাহন, জীৱনদায়িনী ঔষধ বা অক্সিজেন কঢ়িওৱা বাহন, বিদ্যালয়ৰ বাছ, গাখীৰৰ ভান আৰু স্থানীয় বাসিন্দাসকলৰ যাতায়াতত কোনো ধৰণৰ বাধা প্ৰদান নকৰে।
অনুষ্ঠানস্থলীৰ আশে-পাশে পাৰ্কিং ব্যৱস্থা সীমিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি যান-জঁটৰ পৰা হাত সাৰিবলৈ দৰ্শকসকলক ব্যক্তিগত বাহনৰ পৰিৱৰ্তে ৰাজহুৱা পৰিবহণ বা কেব সেৱা ব্যৱহাৰ কৰিবলৈ গুৱাহাটী যান-বাহন আৰক্ষীয়ে বিশেষভাৱে আহ্বান জনাইছে।