১৩ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই পৃথক হোৱাৰ সিদ্ধান্ত পৱন কল্যাণ আৰু পত্নী আন্না কনিডালাৰ

Story by  atv | Posted by  Munni Begum • 8 h ago
পৱন কল্যাণ আৰু পত্নী আন্না কনিডালা
পৱন কল্যাণ আৰু পত্নী আন্না কনিডালা
 
নতুন দিল্লী  
 
১৩ বছৰীয়া বৈবাহিক সম্পৰ্কৰ অন্ত পেলাই পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেতা তথা অন্ধ্ৰপ্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ আৰু তেওঁৰ পত্নী আন্না কনিডালাই। পাৰস্পৰিক বুজাবুজি আৰু সন্মান বজাই ৰাখি দুয়োগৰাকীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি এক যৌথ বিবৃতিত উল্লেখ কৰিছে। অৱশ্যে বৈবাহিক সম্পৰ্কৰ অন্ত পৰিলেও সন্তানৰ লালন-পালনৰ দায়িত্ব দুয়োগৰাকীয়ে একেলগে পালন কৰি যাব।
 
সোমবাৰে নিশা জনসংযোগ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এক যৌথ বিবৃতিত দম্পতীহালে তেওঁলোকৰ এই ব্যক্তিগত সিদ্ধান্তৰ কথা সদৰী কৰে। বিবৃতিটো পৱন কল্যাণৰ ৰাজনৈতিক দল জনসেনাইও প্ৰকাশ কৰে। 
 
বিবৃতিটোত তেওঁলোকে উল্লেখ কৰে যে, জীৱনৰ এক দীঘলীয়া সময় একেলগে কটোৱাৰ পিছত পাৰস্পৰিক বুজাবুজি আৰু সন্মানৰ ভিত্তিত দুয়োগৰাকীয়ে পৃথক হোৱাৰ সিদ্ধান্ত লৈছে। বৈবাহিক সম্পৰ্কৰ অন্ত পৰিলেও তেওঁলোকৰ মাজত বন্ধুত্বৰ সম্পৰ্ক অটুট থাকিব।
 
লগতে তেওঁলোকে স্পষ্ট কৰি দিয়ে যে, সন্তানসকলৰ সুখ, সুৰক্ষা আৰু সুস্থ জীৱনেই তেওঁলোকৰ বাবে সদায় সৰ্বাধিক গুৰুত্বপূৰ্ণ হৈ থাকিব। স্বামী-স্ত্ৰী হিচাপে একেলগে নাথাকিলেও পিতৃ-মাতৃ হিচাপে সন্তানৰ প্ৰতি থকা দায়িত্ব দুয়োগৰাকীয়ে পালন কৰি যাব।
 
এই ব্যক্তিগত পৰিৱৰ্তনৰ সময়ছোৱাত তেওঁলোকৰ সিদ্ধান্তক সন্মান জনোৱাৰ লগতে ব্যক্তিগত জীৱনৰ গোপনীয়তা বজাই ৰাখিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে দম্পতীহালে। একেদৰে জীৱনৰ বিভিন্ন সময়ত তেওঁলোকৰ কাষত থিয় দিয়া সকলো অনুৰাগী আৰু শুভাকাংক্ষীৰ প্ৰতিও আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছে।
 
অৱশ্যে কি কাৰণত দুয়োগৰাকীয়ে পৃথক হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে, সেই সন্দৰ্ভত পৱন কল্যাণ অথবা আন্না কনিডালাই কোনো কথা প্ৰকাশ কৰা নাই। তেওঁলোকৰ যৌথ বিবৃতিত বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়া অথবা সন্তানৰ তত্ত্বাৱধান সম্পৰ্কীয় ব্যৱস্থাৰ বিষয়েও কোনো উল্লেখ নাই।
 
উল্লেখযোগ্য যে, ৰাছিয়াৰ নাগৰিক আন্না কনিডালাৰ সৈতে পৱন কল্যাণে ২০১৩ চনত বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ দুটি সন্তান আছে। কন্যা সন্তানৰ নাম পোলেনা অঞ্জনা পৱনোভা আৰু পুত্ৰৰ নাম মাৰ্ক শংকৰ পৱনোভিচ।
 
এই পৃথক হোৱাৰ সিদ্ধান্তৰ লগে লগে পৱন কল্যাণৰ তৃতীয় বৈবাহিক সম্পৰ্কৰো অন্ত পৰিল। ইয়াৰ পূৰ্বে ১৯৯৭ চনত পৱন কল্যাণে নন্দিনীৰ সৈতে প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হৈছিল। কিন্তু ১৯৯৯ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে।
 
পৰৱৰ্তী সময়ত ২০০৯ চনত অভিনেত্ৰী ৰেণু দেশাইৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় পৱন কল্যাণ। তেওঁলোকৰ আকিৰা নন্দন নামৰ এটি পুত্ৰ আৰু আদ্যা নামৰ এগৰাকী কন্যা সন্তান আছে। অৱশ্যে ২০১২ চনত তেওঁলোকৰ বৈবাহিক সম্পৰ্কৰো বিবাহ বিচ্ছেদৰ জৰিয়তে অন্ত পৰে।
 
এতিয়া তৃতীয় পত্নী আন্না কনিডালাৰ সৈতেও পৃথক হোৱাৰ সিদ্ধান্তৰ খবৰ প্ৰকাশ পোৱাৰ পিছত পৱন কল্যাণৰ ব্যক্তিগত জীৱন পুনৰ চৰ্চালৈ আহিছে।


শেহতীয়া খবৰ