ছলমান খানৰ কণ্ঠত নতুন গান তেৰী ছেক্সী বিউটী মুকলি

Story by  atv | Posted by  Munni Begum • 1 h ago
ছলমান খানৰ কণ্ঠত নতুন গান তেৰী ছেক্সী বিউটী মুকলি
ছলমান খানৰ কণ্ঠত নতুন গান তেৰী ছেক্সী বিউটী মুকলি
 
মুম্বাই 
 
'তেৰী ছেক্সী বিউটী' ছলমান খানৰ কণ্ঠত এটা নতুন গান৷ হয় আপুনি ঠিকেই পঢ়িছে৷ ছলমানেই এই শিৰোনামৰ এটা গানত কণ্ঠদান কৰিছে ৷ গানটো তেওঁৰ আগন্তুক ছবি 'মাতৃভূমি'ৰ৷ 
 
বুধবাৰে পুৱা ৫:১২ বজাতে গানটো মুকলি কৰি অনুৰাগীক চমক দিলে ছলমান খানে৷ এই গানটোত ছলমান খানে মোহময়ী অভিনেত্ৰী চিত্ৰাংগদা সিঙৰ সৈতে প্ৰেমৰ অভিনয় কৰা দেখা গৈছে৷ স্ক্ৰীণত দুই তাৰকাক ৰোমাঞ্চ কৰা দেখি অনুৰাগীৰ চকু কপালত উঠিছে৷ ছলমান খানে ইনষ্টাগ্ৰামত আপলোড কৰা ভিডিঅ’টোত মন্তব্য শাখাটো ভাইজান ভাইজান বুলি উপচি পৰিছে৷  
 
'মাতৃভূমি' চিনেমাখন যুদ্ধৰ ওপৰত আধাৰিত চিনেমা, কিন্তু এই গানটোত ৰোমাণ্টিক স্পৰ্শহে আছে৷ লগত আছে অলপ ধেমালি আৰু উন্মাদনা৷  ছ'চিয়েল মিডিয়াত গীতটো শ্বেয়াৰ কৰি ছলমান খানে লিখিছে, "প্ৰস্থানৰ সময় পুৱা ৫:১২ বজাত.... সময়মতে উৰাজাহাজত, ২টা পেগ মাৰিলোঁ, তেৰী ছেক্সী বিউটীৰ সৈতে উৰিবলৈ সাজু... নাজানো ক’ত নামিম।" 
 
 
অভিনেতাগৰাকীয়ে নিজৰ ছ'চিয়েল মিডিয়া একাউণ্টত এই ট্ৰেকটো মুক্তিৰ কথা ঘোষণা কৰে৷ এই গানটোত মুস্কানৰ সৈতে ছলমান খানে কণ্ঠদান কৰিছে। অতিৰিক্ত কণ্ঠদান কৰিছে ছাজিদ খানে৷
 
ভিডিঅ' ক্লিপটোত ছলমানে ৰেকৰ্ডিং ষ্টুডিঅ’ত প্ৰৱেশ কৰি নিজৰ ষ্টাইলত গানটো গোৱা দেখা গৈছে। গানটোৰ পোষ্টাৰত অভিনেতাজনে হেডফোন পিন্ধি ট্ৰেকটো শুনি হাঁহি থকা দেখা গৈছে। 
 
কাৰোবাৰ সৌন্দৰ্যই সম্পূৰ্ণৰূপে মোহিত কৰাৰ অনুভৱক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ৰোমাণ্টিক ট্ৰেক 'তেৰী ছেক্সী বিউটী'। ট্ৰেকটোৰ ইউটিউব বৰ্ণনাত ইয়াক প্ৰেম, দেমালি আৰু অলপ উন্মাদনাৰ সংমিশ্ৰণ বুলিও কোৱা হৈছে। ট্ৰেকটোত চিজাৰ গনছালভেছৰ নৃত্য প্ৰদৰ্শন কৰা হৈছে।
 
ছলমানে ইয়াৰ পূৰ্বেও বহুতো গানত কণ্ঠদান কৰিছে৷ ‘হেল্ল’ ব্রাদাৰ’ৰ ‘চান্দী কী ডাল পাৰ’ গানটো তেওঁৰ প্ৰাৰম্ভিক গায়কীৰ ভিতৰত অন্যতম। ইয়াৰ পিছত তেওঁ ‘ৱাণ্টেড’ৰ ‘মষ্ট ৱাণ্টেড ট্ৰেক’, ‘হেংগ’ভাৰ’, ‘তু হি তু’ আৰু ‘কিক’ৰ ‘হে য়েহি জিন্দাগী’ও গাইছিল। তেওঁৰ আন জনপ্ৰিয় গানসমূহৰ ভিতৰত ‘হিৰো’ (২০১৫)ৰ ‘মে হুঁ হিৰো তেৰা’, আৰু ‘ছুলতান’ৰ ‘বেবী কো বেছ পছন্দ হে’ আৰু ‘জগ ঘুমেয়া’ উল্লেখ কৰিব পাৰি। 
 
ছলমান খান ফিল্মছৰ বেনাৰত ছলমান খানে প্ৰযোজনা কৰা এই চিনেমাখনৰ পৰিচালনা কৰিছে অপূৰ্ব লাখিয়াই। ইয়াত চিত্ৰাংগদা সিঙকো এক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখিবলৈ পোৱা যাব। যদিও চিনেমাখন প্ৰথমতে এপ্ৰিল মাহত মুক্তি পোৱাৰ কথা আছিল, পৰৱৰ্তী সময়ত ইয়াক পিছুৱাই দিয়া হয়। নিৰ্মাতাসকলে বৰ্তমানলৈকে চিনেমাখনৰ মুক্তিৰ নতুন তাৰিখ ঘোষণা কৰা নাই। 
 
এই ছবিখনত ২০২০ চনত গালৱান উপত্যকাত ভাৰত-চীন সীমান্তৰ সংঘৰ্ষৰ বিষয়ে উপস্থাপন কৰা হৈছে, য’ত সংঘৰ্ষৰ সময়ত ভাৰতীয় জোৱানৰ সাহস আৰু ত্যাগক চিত্ৰিত কৰা হৈছে।