দশমীৰ শুভক্ষণত দ্বিতীয় কন্যাৰ নাম প্ৰকাশ বলীউডৰ জনপ্ৰিয় তাৰকা দীপিকা-ৰণবীৰৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
দশমীৰ শুভক্ষণত দ্বিতীয় কন্যাৰ নাম প্ৰকাশ বলীউডৰ জনপ্ৰিয় তাৰকা দীপিকা-ৰণবীৰৰ
দশমীৰ শুভক্ষণত দ্বিতীয় কন্যাৰ নাম প্ৰকাশ বলীউডৰ জনপ্ৰিয় তাৰকা দীপিকা-ৰণবীৰৰ
 
মুম্বাই 
 
দশমীৰ শুভক্ষণ উপলক্ষে বলীউডৰ জনপ্ৰিয় তাৰকা দম্পতী দীপিকা পাডুকন আৰু ৰণবীৰ সিঙে তেওঁলোকৰ দ্বিতীয় কন্যাৰ নাম প্ৰকাশ কৰে। তেওঁলোকে কণমানিজনীৰ নাম ৰাখিছে 'দেৱী'। এই সুখবৰ অনুৰাগীসকলৰ সৈতে ভাগ-বতৰা কৰিবলৈ দম্পতীহালে সামাজিক মাধ্যমত এখন মৰমলগা পাৰিবাৰিক ফটো শ্বেয়াৰ কৰিছে। ফটোখনত দীপিকা-ৰণবীৰৰ সৈতে দেখা গৈছে তেওঁলোকৰ দুই কন্যা দুৱা আৰু দেৱীক। 
 
সামাজিক মাধ্যমত প্ৰকাশ কৰা ফটোখনত ৰণবীৰৰ কোলাত দেখা গৈছে জ্যেষ্ঠ কন্যা দুৱাক। কণমানি দুৱাই পৰম মৰমেৰে নৱজাত ভগ্নী দেৱীক চুমা খাই আছে। আনহাতে, কনিষ্ঠ কন্যা দেৱীক কোলাত লৈ হাঁহিমুখে দেখা গৈছে দীপিকাক। পৰিয়ালটোৰ এই মৰমসনা মুহূৰ্তই সকলোৰে হৃদয় স্পৰ্শ কৰিছে। 
 
 
ফটোখনৰ সৈতে দীপিকাই লিখিছে, “Of Love & Abundance Devi Padukone Singh”, অৰ্থাৎ মৰম আৰু প্ৰাচুৰ্যৰে ভৰা এক আশীৰ্বাদস্বৰূপ ‘দেৱী পাডুকন সিং’।
 
দশমীৰ দৰে এক শুভ দিনত পৰিয়ালৰ নতুন সদস্যগৰাকীক সকলোৰে সৈতে চিনাকি কৰাই দিয়াটো দীপিকা আৰু ৰণবীৰৰ বাবে এক বিশেষ আনন্দৰ মুহূৰ্ত। তেওঁলোকৰ এই মৰমলগা পাৰিবাৰিক ছবিখনে সামাজিক মাধ্যমতো বিশেষ চৰ্চা লাভ কৰিছে।
 
উল্লেখ্য যে, যোৱা ১৯ ছেপ্টেম্বৰত দীপিকা আৰু ৰণবীৰৰ জীৱনলৈ আহিছিল দ্বিতীয় কন্যা সন্তান। এই সুখবৰো দুয়োজনে সামাজিক মাধ্যমৰ জৰিয়তে অনুৰাগীসকলক জনাইছিল। প্ৰথম সন্তানৰ জন্মৰ সময়ৰ দৰেই এইবাৰো অতি সহজ আৰু মৰমভৰা ভাষাৰে তেওঁলোকে নতুন অতিথিগৰাকীক আদৰণি জনাইছিল।
 
যুটিটোৱে ইনষ্টাগ্ৰামত একেলগে কৰা পোষ্টত লিখিছিল, “Welcome baby girl”, অৰ্থাৎ ‘স্বাগতম, আমাৰ কণমানি ৰাজকুঁৱৰী’। লগতে তেওঁলোকে সংযোজন কৰিছিল এটা নজৰ নলগাৰ প্ৰতীক। ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ এপ্ৰিল মাহত দীপিকা আৰু ৰণবীৰে দ্বিতীয়বাৰৰ বাবে পিতৃ-মাতৃ হ’বলৈ ওলোৱাৰ সুখবৰ প্ৰকাশ কৰিছিল।
 
প্ৰসংগক্ৰমে, ২০২৪ চনৰ ৮ ছেপ্টেম্বৰত দম্পতীহালৰ জীৱনলৈ আহিছিল প্ৰথম কন্যা সন্তান দুৱা। সেই সময়তো তেওঁলোকে এক চমু অথচ হৃদয়স্পৰ্শী বাৰ্তাৰে কন্যাৰ আগমনৰ কথা জনাইছিল। প্ৰায় দুবছৰৰ ব্যৱধানত পুনৰ এগৰাকী কণমানি কন্যাৰ আগমনে তেওঁলোকৰ সংসাৰখন মৰম আৰু আনন্দৰে ভৰাই তুলিছে। এতিয়া দুৱাৰ সৈতে ভগ্নী দেৱীৰ আগমনে পৰিয়ালটোৰ সুখ যেন দুগুণে বঢ়াইছে।
 
ইফালে, দীপিকা আৰু ৰণবীৰৰ প্ৰেম কাহিনীও কোনো চিনেমাৰ কাহিনীতকৈ কম নহয়। ২০১৩ চনত ‘গোলিয়োঁ কি ৰাসলীলা ৰাম-লীলা’ ছবিৰ দৃশ্যগ্ৰহণৰ সময়তে আৰম্ভ হৈছিল দুয়োৰে চিনাকি। ছবিখনত একেলগে কাম কৰাৰ পৰাই গঢ় লৈ উঠা বন্ধুত্বই লাহে লাহে প্ৰেমৰ ৰূপ লৈছিল।
 
দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্কৰ অন্তত ২০১৮ চনৰ ১৪ নৱেম্বৰত ইটালীৰ মনোমোহা লেক কোমোত বিবাহপাশত আবদ্ধ হৈছিল দীপিকা আৰু ৰণবীৰ। দুয়োটা পৰিয়ালৰ পৰম্পৰাক সন্মান জনাই তেওঁলোকে কোংকণী আৰু সিন্ধী ৰীতি-নীতিৰে দুটাকৈ বিবাহ অনুষ্ঠান সম্পন্ন কৰিছিল।
 
বিয়াৰ পাছৰে পৰা জীৱনৰ প্ৰতিটো বিশেষ মুহূৰ্ত একেলগে উদযাপন কৰি অহা তাৰকা দম্পতীহালৰ সংসাৰখন এতিয়া দুই কণমানি কন্যাৰ হাঁহি আৰু মৰমেৰে ভৰি পৰিছে। দশমীৰ শুভক্ষণত দেৱীক সকলোৰে সৈতে চিনাকি কৰাই দিয়াৰ এই মধুৰ মুহূৰ্তই তেওঁলোকৰ পাৰিবাৰিক জীৱনত যোগ কৰিলে আন এক স্মৰণীয় অধ্যায়।