সুধাকণ্ঠৰ শতবৰ্ষৰ এই সামৰণী ক্ষণক চিৰস্মৰণীয় কৰি তুলিবলৈ দেশৰ ৰাজধানীত ব্যাপক প্ৰস্তুতি সম্পন্ন হৈছে। অসমৰ বিশিষ্ট কণ্ঠশিল্পী শান্তা উজিৰ, জনপ্ৰিয় শিল্পী তৃষ্ণা দেৱীৰ লগতে ৰাজ্যৰ বহুকেইগৰাকী শিল্পীয়ে এই বিৰল ঐতিহাসিক ক্ষণৰ অংশীদাৰ হ’বলৈ পাই নিজৰ আনন্দ ব্যক্ত কৰিছে।
এই বিশাল সাংস্কৃতিক আয়োজনক সৰ্বাংগসুন্দৰ ৰূপ দিবলৈ সুদূৰ মুম্বাইত অসম সন্তান তথা দেশৰ অন্যতম বিশিষ্ট সংগীত পৰিচালক অনুৰাগ শইকীয়াৰ নেতৃত্বত শিল্পী আৰু কলা-কুশলীসকলে দীঘলীয়া আখৰা সম্পূৰ্ণ কৰে। সামৰণী অনুষ্ঠানৰ প্ৰাক্-মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্বয়ং মুম্বাইত উপস্থিত হৈ শিল্পীসকলৰ সৈতে আন্তৰিক মত বিনিময় কৰে আৰু উৎসাহ যোগায়। চূড়ান্ত আখৰাৰ কেইবাটাও আৱেগিক তথা স্মৰণীয় মুহূৰ্ত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে ৰাইজৰ সৈতে শ্বেয়াৰ কৰে।
মুম্বাইৰ উক্ত আখৰাৰ এক বিশেষ তথা অন্যতম আকৰ্ষণ আছিল ভাৰতৰ স্বনামধন্য কণ্ঠশিল্পী কবিতা কৃষ্ণমূৰ্তিৰ উপস্থিতি। শতবৰ্ষৰ এই স্মৰণীয় সন্ধিয়াত কবিতা কৃষ্ণমূৰ্তিয়ে সুধাকণ্ঠৰ কালজয়ী সৃষ্টি ‘বিমূৰ্ত মোৰ নিশাটি’ৰ হিন্দী সংস্কৰণটি পৰিৱেশন কৰিব। আখৰাৰ সময়ত প্ৰসিদ্ধ গায়িকাগৰাকীৰ সুললিত কণ্ঠত এই গীতটি শুনি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে উপস্থিত সকলোৱে অভিভূত হৈ পৰে। অসমৰ হৃদয়ৰ সুৰক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সসন্মানে তুলি ধৰাৰ ক্ষেত্ৰত এই বিশাল অনুষ্ঠানে এক নতুন মাত্ৰা প্ৰদান কৰিব বুলি সৰ্বত্ৰে আশা প্ৰকাশ কৰা হৈছে।
ভাৰতৰ সাংস্কৃতিক আকাশৰ এই উজ্জ্বল নক্ষত্ৰটিৰ জন্ম হৈছিল ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াৰ এখন গাঁৱৰ এটি সম্ভ্ৰান্ত কৈৱৰ্ত পৰিয়ালত। তেওঁৰ পিতৃ আছিল নীলকান্ত হাজৰিকা আৰু মাতৃ আছিল শান্তিপ্ৰিয়া হাজৰিকা। নাজিৰাৰ আমোলাপট্টিত পিতৃ নীলকান্ত হাজৰিকাৰ আচল ঘৰ আছিল যদিও চাকৰিসূত্ৰে তেওঁ অসমৰ বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। ভাই-ভনী সকলো মিলি তেওঁলোকৰ পৰিয়ালত মুঠ দহোটা সন্তান আছিল, যাৰ ভিতৰত ভূপেন হাজৰিকা আছিল জ্যেষ্ঠ।
প্ৰতিনিধিত্বমূলক ছবি
শৈশৱতেই শিশু ভূপেনৰ অনন্য প্ৰতিভাৰ উমান পাইছিল খোদ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। দেউতাক নীলকান্ত হাজৰিকা কটন কলেজিয়েট হাইস্কুললৈ বদলি হৈ অহাৰ কেইদিনমানৰ পাছতেই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা অসমলৈ আহিছিল। অসমৰ পৰা পুনৰ ঘূৰি যোৱাৰ সময়ত তেওঁক কটন কলেজিয়েটৰ ছাত্ৰসকলৰ বাৰ্ষিক সন্মিলনলৈ সভাপতি হিচাপে আমন্ত্ৰণ জনোৱা হৈছিল। সেই দিনটো আছিল ১৯৩০ চনৰ ৩০ অক্টোবৰ। দেউতাক নীলকান্ত হাজৰিকাই সৰু চুৰিয়া আৰু পাটৰ কুৰ্তা এটা পিন্ধাই চাৰিবছৰীয়া শিশু ভূপেনক সেই সন্মিলনলৈ লৈ গৈছিল। তাতেই শিশু ভূপেনে মাহীয়েক ভৱপ্ৰিয়া দাসে শিকাই দিয়া এটি ধুনীয়া গীত পৰিৱেশন কৰিছিল-
'কি স’তে হিয়াৰে আমি
কওঁ তুমি যোৱাঁগৈ
কৰ্তব্যে মাতিছে যদি
যোৱাঁ তুমি যোৱাঁগৈ।'
কণমানি ভূপেনৰ কণ্ঠত এই গীতটি শুনি মুগ্ধ হৈ পৰা বেজবৰুৱাদেৱে তেওঁক মৰমতে চুমা এটা খাবলৈ আগবাঢ়িছিল। কিন্তু সেই সময়ত তেওঁৰ মুখত তামোল আছিল। সেয়েহে চুমাটো খোৱাৰ আগতে বেজবৰুৱাই আৱেগিক হৈ কৈ উঠিছিল- "মই পাপী মানুহ, ই বৰ পৱিত্ৰ ল'ৰা।" এইবুলি কৈ তেওঁ চৌকিদাৰৰ হতুৱাই পানী এগিলাচ অনাই মুখখন কুল কুল কৰি ধুই লৈহে শিশু ভূপেনৰ কপালত এটি আশীৰ্বাদৰ চুমা আঁকি দিয়ে আৰু ভৱিষ্যদ্বাণী কৰি কক- "খুব ডাঙৰ শিল্পী হ'বা তুমি।" উল্লেখ্য যে তাৰ পাছদিনাই বেজবৰুৱাই হাওড়ালৈ ৰাওনা হৈছিল আৰু সেইদিনাখনেই ‘সাদিনীয়া অসমীয়া’ কাকতত খবৰ প্ৰকাশ পাইছিল— "নীলকান্ত হাজৰিকাৰ ল'ৰা শ্ৰীমান ভূপেন হাজৰিকাই গান গালে।"
বাল্যকালতেই অসমৰ সাংস্কৃতিক জগতৰ দুই কাণ্ডাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সান্নিধ্য লাভ কৰি ভূপেন হাজৰিকাই শিল্প জগতত দৃঢ় খোজ পেলাইছিল। বিদ্যাৰ্থী জীৱনতো তেওঁ আছিল অতিশয় মেধাৱী। কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ যায় আৰু ১৯৫২ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা গণসংযোগ বিষয়ত ডক্টৰেট ডিগ্ৰী অৰ্জন কৰে। আমেৰিকাত থকা সেই কালছোৱাত বিশ্ববিখ্যাত কৃষ্ণাংগ শিল্পী পল ৰবছনৰ সৈতে হোৱা ঘনিষ্ঠ সান্নিধ্যই তেওঁৰ চিন্তাধাৰাক এক গভীৰ বিশ্বজনীন ৰূপ প্ৰদান কৰিছিল। এই সান্নিধ্য আৰু অনুপ্ৰেৰণাৰে অমৰ সাক্ষী হৈছে ‘বিস্তীৰ্ণ পাৰৰে’ৰ দৰে চিৰযুগমীয়া কালজয়ী গীত।
ড০ ভূপেন হাজৰিকা কেৱল এগৰাকী গায়ক বা সুৰকাৰেই নাছিল; তেওঁ আছিল একেধাৰে কবি, গীতিকাৰ, চলচ্চিত্ৰ নিৰ্মাতা, সাংবাদিক, সাহিত্যিক আৰু সমাজ সংস্কাৰক। তদুপৰি তেওঁ এগৰাকী সুদক্ষ চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক হিচাপেও নিজৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখি গৈছে। জীৱনৰ কিছুসময়ৰ বাবে তেওঁ সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত সংগীত ৰচনা আৰু কণ্ঠদান কৰি তেওঁ অসমীয়া, বাংলা আৰু হিন্দী সংগীত তথা চলচ্চিত্ৰ জগতক অমূল্য অৱদানেৰে সমৃদ্ধ কৰি তুলিছিল। অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ সীমা অতিক্ৰম কৰি সুধাকণ্ঠই চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী অত্যন্ত জনপ্ৰিয় শিল্পীৰূপে ব্যাপক খ্যাতি অৰ্জন কৰিছিল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জনপ্ৰিয় কণ্ঠশিল্পীসকল
তেওঁৰ গীতসমূহত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, সামাজিক অন্যায় আৰু দুৰ্নীতি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেওঁৰ বিশাল কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ সৰ্বাংগীণ উন্নয়ন সাধন কৰাৰ উপৰি অসম তথা ভাৰতক বিশ্বদৰবাৰত গৌৰৱেৰে প্ৰতিষ্ঠিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। সংগীত, সাহিত্য, পৰিৱেশ্য কলা আৰু চলচ্চিত্ৰ বিষয়ক বিভিন্ন আন্তৰ্জাতিক অধ্যয়নচক্ৰ তথা সাংস্কৃতিক উৎসৱত অংশগ্ৰহণ কৰি তেওঁ বেলজিয়াম, কংগো, চমৰখন্দ, আমেৰিকা, ইউৰোপ, কানাডা, দক্ষিণ-পূব এছিয়া, জাপান, অষ্ট্ৰেলিয়া আদি বিশ্বৰ বহু দেশ ভ্ৰমণ কৰিছিল।
অসমীয়া চলচ্চিত্ৰ জগতলৈও ড০ হাজৰিকাৰ অৱদান অনস্বীকাৰ্য। তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ‘এৰা বাটৰ সুৰ’ ১৯৫৬ চনত মুক্তি লাভ কৰে। এই ছবিখনত তেওঁ কেৱল পৰিচালনাই নহয়, কাহিনী, সংগীত আৰু গীতো স্বয়ং ৰচনা কৰিছিল। ইয়াৰ পাছত তেওঁৰ পৰিচালনাত মুক্তি পোৱা আন উল্লেখযোগ্য কালজয়ী ছবিসমূহ হৈছে—‘শকুন্তলা’ (১৯৬১), ‘প্ৰতিধ্বনি’ (১৯৬৪), ‘লটিঘটি’ (১৯৬৬), ‘চিকমিক বিজুলী’ (১৯৬৯) আৰু ‘ছিৰাজ’ (১৯৮৮)। চলচ্চিত্ৰ পৰিচালনাৰ সমান্তৰালকৈ তেওঁ অসমীয়া, বঙালী, হিন্দী তথা আন বহু ভাষাৰ ছবিত সংগীত পৰিচালনা কৰি দৰ্শক-শ্ৰোতাৰ হৃদয় জয় কৰিছিল। বিশেষকৈ আব্দুল মজিদ পৰিচালিত ১৯৭৫ চনৰ ছবি ‘চামেলি মেমচা'ব’ত কৰা অনন্য সংগীত পৰিচালনাৰ বাবে ড০ ভূপেন হাজৰিকাই শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।
বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী হিচাপে বন্দিত ড০ ভূপেন হাজৰিকাৰ সমগ্ৰ জীৱন-দৰ্শনৰ মূল আধাৰ আছিল মানৱতাবাদ। জাতি, ধৰ্ম, বৰ্ণ, ভাষা আৰু ভৌগোলিক সীমাৰ সংকীৰ্ণতাৰ ঊৰ্ধ্বত অৱস্থান কৰি তেওঁ সদায় মানুহক কেৱল মানুহ হিচাপে চাবলৈ শিকাইছিল। যেতিয়াই সমাজত সংঘাত, অসহিষ্ণুতা বা ভেদাভেদৰ জুই জ্বলি উঠিছিল, তেতিয়াই তেওঁৰ কণ্ঠত প্ৰতিবাদ আৰু প্ৰেমৰ সুৰ হৈ ধ্বনিত হৈছিল— “মানুহে মানুহৰ বাবে, যদিহে অকণো নাভাবে, ভাবিবো কোনেনো কোৱা সমনীয়া...”।
তেওঁৰ গীতসমূহ আছিল নিপীড়িত, শোষিত আৰু শ্ৰমজীৱী মানুহৰ হিয়াৰ ক্ৰন্দন তথা অধিকাৰৰ সংগ্ৰামৰ বলিষ্ঠ কণ্ঠস্বৰ। উত্তৰ-পূৰ্বাঞ্চলৰ পাহাৰ-ভৈয়ামৰ সাতামপুৰুষীয়া সম্প্ৰীতি আৰু একতাক তেওঁ নিজৰ সুৰৰ মালাৰে একত্ৰিত কৰি বান্ধি ৰাখিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, আজান ফকীৰ আৰু জ্যোতি-বিষ্ণুৰ মহান সমন্বয়ৰ আদৰ্শক আধুনিক যুগৰ সজীৱ ভাষাত জনমানসলৈ তুলি ধৰাটোৱেই আছিল তেওঁৰ সৃষ্টিশীল জীৱনৰ সৰ্বশ্ৰেষ্ঠ দিশ।
সংগীত সাধনা কৰি থকা অৱস্থাত ড০ ভূপেন হাজৰিকা
সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা জীৱনজোৰা অসামান্য অৱদানৰ বাবে ড০ ভূপেন হাজৰিকা অসমকে ধৰি দেশ-বিদেশত বহুলভাৱে সমাদৃত আৰু সন্মানিত হৈছে। তেওঁ ১৯৯৩ চনত শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিৱেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। ভাৰতৰ সাংস্কৃতিক জগতৰ অন্যতম উল্লেখনীয় সংগীত নাটক একাডেমী বঁটা লাভ কৰাৰ লগতে সংগীত নাটক একাডেমীৰ চেয়াৰমেন পদ লাভ কৰা তেৱেঁই আছিল প্ৰথমগৰাকী অসমীয়া ব্যক্তি।
শিল্প-সাহিত্যলৈ আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতিস্বৰূপে তেওঁক পদ্মশ্ৰী (১৯৭৭), দাদাচাহেব ফাল্কে বঁটা (১৯৯২), পদ্মভূষণ (২০০১), অসম ৰত্ন (২০০৯), মৰণোত্তৰভাৱে পদ্মবিভূষণ (২০১২) আৰু ২০১৯ চনত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘ভাৰতৰত্ন’ প্ৰদান কৰা হয়। ২০১১ চনৰ ৫ নৱেম্বৰত তেওঁ ইহসংসাৰ ত্যাগ কৰিলেও, তেওঁৰ সৃষ্টিৰাজি আজিও অমৰ।
আজিৰ এই দ্ৰুতগতিৰ ডিজিটেল যুগত, য’ত মানৱীয় সম্পৰ্কবোৰ ক্ৰমাৎ যান্ত্ৰিক আৰু আৱেগহীন হৈ পৰিছে তথা বিশ্বৰ বিভিন্ন প্ৰান্তত অসহিষ্ণুতা আৰু বিচ্ছিন্নতাই মূৰ দাঙি উঠিছে, তেনে সন্ধিক্ষণত ড০ ভূপেন হাজৰিকাৰ আদৰ্শ আগতকৈও অধিক প্ৰাসংগিক হৈ পৰিছে। বিশ্বায়নৰ প্ৰবল সোঁতত আজিৰ যুৱপ্ৰজন্মই আগবাঢ়ি যাওঁতে নিজৰ শিপা, মাতৃভাষা আৰু ঐতিহ্যময় সংস্কৃতিক কেনেকৈ বুকুত দৃঢ়ভাৱে বান্ধি ৰাখি এগৰাকী প্ৰকৃত বিশ্ব-নাগৰিক হ’ব পাৰি, তাৰ সৰ্বশ্ৰেষ্ঠ নিদৰ্শন হৈছে ড০ ভূপেন হাজৰিকা।
নতুন দিল্লীৰ ভাৰত মণ্ডপমৰ এই শতবৰ্ষৰ সামৰণী অনুষ্ঠান কোনো যাত্ৰাৰ সমাপ্তি নহয়; বৰং এয়া সুধাকণ্ঠৰ মানৱতাৰ জ্যোতি নতুন প্ৰজন্মৰ হাতত তুলি দিয়াৰ এক নতুন আৰম্ভণি।
সুধাকণ্ঠৰ গীতবোৰ কেৱল অতীতৰ স্মৃতিচাৰণ হৈ নাথাকি যদি বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ চিন্তা, কৰ্ম আৰু জীৱন-বোধত প্ৰতিফলিত হয়, তেন্তেই সেয়া হ’ব মহান শিল্পীগৰাকীৰ প্ৰতি প্ৰকৃত শ্ৰদ্ধাঞ্জলি। যেতিয়ালৈ লুইত বৈ থাকিব, যেতিয়ালৈ আকাশত জোন-বেলি থাকিব, সিমান দিনলৈ ড০ ভূপেন হাজৰিকাৰ সুৰ আৰু আদৰ্শই মানৱ জাতিক শান্তি, প্ৰেম আৰু সমন্বয়ৰ বাট দেখুৱাই থাকিব।