বৰপেটা
২৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ বৰপেটাত অনুষ্ঠিত হ’ব ৩২সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট সমাৰোহ। প্ৰবীণ অভিনেতা ৰঘুবীৰ যাদৱৰ নাটক ‘পিয়ানো’ আৰু কলম্বিয়াৰ নাট্যদল টিয়াট্ৰো লা মাস্কাৰাৰ প্ৰযোজনা হ’ব এইবাৰৰ সমাৰোহৰ মূল আকৰ্ষণ।
বৰপেটাৰ ৰংঘৰে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই চাৰিদিনীয়া সমাৰোহ কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত উৎসৰ্গা কৰা হ’ব।
২৮ নৱেম্বৰত কলম্বিয়াৰ কালি চহৰৰ নাট্যদল টিয়াট্ৰো লা মাস্কাৰাই মঞ্চস্থ কৰিব ‘দ্য বেণ্ডিট কুইন্ছ’। এই নাটকেৰে সমাৰোহৰ শুভাৰম্ভ হ’ব। দলটোৰ অংশগ্ৰহণে এইবাৰৰ কাৰ্যসূচীক এক আন্তঃৰাষ্ট্ৰীয় মাত্ৰা দিব।
১ ডিচেম্বৰত মুম্বাইৰ ৰাইৰা আৰ্টছ প্ৰাইভেট লিমিটেডৰ (RYRA Arts Pvt Ltd) প্ৰযোজনা ‘পিয়ানো’ৰে সমাৰোহৰ সামৰণি পৰিব। নাটকখনৰ পৰিকল্পনা, নাট্যৰূপ আৰু পৰিচালনা ৰঘুবীৰ যাদৱৰ। বলীউড আৰু টেলিভিছন জগতৰ এইগৰাকী প্ৰবীণ অভিনেতাৰ বিশেষ অভিনয়ো নাটকখনত দেখিবলৈ পোৱা যাব।
কলম্বিয়াৰ নাট্যদলটোৰ প্ৰযোজনাৰ উপৰি অসম, কলকাতা, ভুৱনেশ্বৰ, ডিমাপুৰ, মুম্বাইকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ নাট্যদলেও সমাৰোহত নাটক মঞ্চস্থ কৰিব।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু। বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে অংশ ল’ব।
দেশৰ বিভিন্ন প্ৰান্তৰ নাট্য প্ৰদৰ্শন আৰু কলম্বিয়াৰ নাট্য প্ৰযোজনাৰ জৰিয়তে সমাৰোহৰ এই ৩২সংখ্যক সংস্কৰণে ভিন্ন পটভূমিৰ শিল্পী আৰু নাট্যদলসমূহক একেখন মঞ্চত সমৱেত কৰাৰ লগতে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাব।