জন্মদিনত জুবিন গাৰ্গক সশ্ৰদ্ধ স্মৰণ অসমবাসীৰ; জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন

Story by  atv | Posted by  Munni Begum • 2 h ago
জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন অসম চৰকাৰৰ
জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামৰ বাবে ১৫ কোটি টকা অনুমোদন অসম চৰকাৰৰ
 
গুৱাহাটী
 
অসমৰ অতি মৰমৰ শিল্পী, জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক জুবিন গাৰ্গৰ জন্মদিন উপলক্ষে বুধবাৰে ৰাজ্যজুৰি অনুৰাগী, বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকলে তেওঁক গভীৰ শ্ৰদ্ধা আৰু ভালপোৱাৰে স্মৰণ কৰে। প্ৰিয় শিল্পীগৰাকীৰ গীত গাই, কেক কাটি আৰু বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি সকলোৱে তেওঁৰ স্মৃতি সজীৱ কৰি তোলে।
 
এই বিশেষ দিনটোতে অসম চৰকাৰে গুৱাহাটীৰ সমীপস্থ সোণাপুৰত অৱস্থিত জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াস্থলী 'জুবিন ক্ষেত্ৰ'ৰ প্ৰথম পৰ্যায়ৰ উন্নয়নমূলক কামৰ বাবে ১৫ কোটি টকা অনুমোদন জনায়। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰি কয়, "আমাৰ সকলোৰে মৰমৰ জুবিনৰ জন্মদিনত জুবিন ক্ষেত্ৰৰ প্ৰথম পৰ্যায়ৰ কামত অনুমোদন জনালোঁ। এই স্থানেই আগন্তুক প্ৰজন্মৰ বাবে জুবিনৰ স্মৃতি আৰু তেওঁৰ অমূল্য অৱদান চিৰযুগমীয়া কৰি ৰাখিব।"  
 
উল্লেখযোগ্য যে, যোৱা বছৰৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত সাগৰত সাঁতুৰি থকা অৱস্থাত ৰহস্যজনক পৰিস্থিতিত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ (NEIF) চতুৰ্থ সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁ ছিংগাপুৰলৈ গৈছিল। ১৯৭২ চনত মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে।
 
শিল্পীগৰাকীৰ ৫৩ সংখ্যক জন্মদিন উপলক্ষে মুখ্যমন্ত্ৰী শৰ্মাই কয়,  "আজি অসমে কেৱল এগৰাকী কিংবদন্তি শিল্পীকেই স্মৰণ কৰা নাই, স্মৰণ কৰিছো এনে এজন মানুহক, যিয়ে নিজৰ সংগীতৰ জৰিয়তে লাখ লাখ মানুহৰ পৰিয়ালৰ এজন হৈ পৰিছিল। জুবিনৰ প্ৰতি অসমবাসীৰ এই মৰম আৰু ভালপোৱা আমাৰ ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে চিৰদিন প্ৰতিধ্বনিত হৈ থাকিব।" 
 
ইফালে, জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে মুম্বাইস্থিত তেওঁলোকৰ বাসগৃহত নাম-প্ৰসংগৰ আয়োজন কৰে। এই অনুষ্ঠানত শিল্পীগৰাকীৰ বন্ধু-বান্ধৱ আৰু অনুৰাগীসকলে অংশগ্ৰহণ কৰি তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে। গুৱাহাটীৰ কাহিলীপাৰাস্থিত জুবিন গাৰ্গৰ বাসগৃহ থকা এপাৰ্টমেণ্টতো আৱেগঘন পৰিৱেশত পালন কৰা হয় শিল্পীগৰাকীৰ জন্মদিন। আবাসীসকলৰ লগতে আন বহু লোক একত্ৰিত হৈ কেক কাটি তেওঁক স্মৰণ কৰে। এই অনুষ্ঠানত জুবিনৰ পিতৃও উপস্থিত থাকে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত এপাৰ্টমেণ্ট চৌহদত স্থাপন কৰা তেওঁৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অৰ্পণ কৰি সকলোৱে শ্ৰদ্ধা নিবেদন কৰে।
 
আনহাতে, মঙলবাৰে নিশাৰ পৰাই সোণাপুৰৰ জুবিন ক্ষেত্ৰত ভিৰ কৰে অসংখ্য অনুৰাগীয়ে। কোনোবাই কেক কাটি, কোনোবাই জুবিনৰ প্ৰিয় গীত গাই শিল্পীগৰাকীৰ স্মৃতি ৰোমন্থন কৰে। প্ৰিয় শিল্পীজন শাৰীৰিকভাৱে কাষত নাথাকিলেও তেওঁৰ গীত আৰু স্মৃতিৰ মাজেৰেই যেন সকলোৱে পুনৰ অনুভৱ কৰে জুবিনৰ উপস্থিতি।
 
ডিব্ৰুগড়তো জুবিন গাৰ্গ ফেন ক্লাবৰ উদ্যোগত শিল্পীগৰাকীৰ স্মৃতিত এক সংগীতানুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত জুবিনৰ বহু ঘনিষ্ঠ সহযোগী উপস্থিত থাকি গীতে-মাতেৰে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰে।
 
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও জুবিন গাৰ্গৰ জন্মদিনত সামাজিক মাধ্যমযোগে তেওঁক স্মৰণ কৰে। তেওঁ লিখিছে, "জুবিন দা, আপুনি অসমবাসীক হাঁহিবলৈ শিকাইছিল, কন্দুৱাইছিল, নচুৱাইছিল, সপোন দেখুৱাইছিল আৰু নিজৰ মনৰ গভীৰলৈ জুমি চাবলৈ অনুপ্ৰাণিত কৰিছিল। ক্লান্ত মনবোৰৰ বাবে আপুনি আছিল এক নিৰ্ভৰযোগ্য কান্ধ। আপুনি আছিল সেই মেঘ, যাক স্পৰ্শ কৰাৰ সপোন সকলোৱে দেখিছিল। আজি আপুনি আমাৰ মাজত নাই। কিন্তু আপুনি য'তেই আছে, তাতেই হয়তো নিজৰ সুৰ গুণগুণাই আগৰ দৰেই এগৰাকী ৰকষ্টাৰ হৈ আছে বুলি আশা কৰোঁ।"
 
ইফালে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ চলি থকা তদন্ত আৰু আইনী প্ৰক্ৰিয়াও সমান্তৰালভাৱে অব্যাহত আছে। শিল্পীগৰাকীৰ মৃত্যুৰ পাছত সমগ্ৰ অসমত ৬০খনতকৈও অধিক এজাহাৰ দাখিল কৰা হৈছিল। ইয়াৰ ভিত্তিত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ (CID) অধীনত গঠন কৰা বিশেষ তদন্তকাৰী দলে (SIT) ঘটনাটোৰ তদন্ত চলায়। 
 
তদন্তৰ অন্তত ডিচেম্বৰ মাহত গুৱাহাটীৰ এখন স্থানীয় আদালতত সাতজন অভিযুক্তৰ নাম উল্লেখ কৰি অভিযোগনামা দাখিল কৰা হয়। ইয়াৰে চাৰিজনৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰা হৈছে। 
 
অভিযোগনামাত নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত, জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা, বেণ্ডৰ সদস্য অমৃতপ্ৰভা মহন্ত আৰু শেখৰজ্যোতি গোস্বামী, জুবিনৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত ডি এছ পি সন্দীপন গাৰ্গ আৰু ব্যক্তিগত নিৰাপত্তাৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। 
 
আনহাতে, ছিংগাপুৰ আৰক্ষীয়েও শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ পৃথক তদন্ত চলাইছিল। সেই তদন্তত কোনো ধৰণৰ অপৰাধমূলক কাৰ্যৰ প্ৰমাণ পোৱা নগ'ল বুলি উল্লেখ কৰা হয়। ছিংগাপুৰৰ আদালতত প্ৰকাশ পোৱা তথ্য অনুসৰি, মৃত্যুৰ সময়ত জুবিন গাৰ্গ অত্যধিক সুৰাসক্ত অৱস্থাত আছিল। লাইফ জেকেট পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ পাছত লেজাৰাছ দ্বীপৰ সমীপৰ সাগৰত ডুবি তেওঁৰ মৃত্যু হোৱা বুলি আদালতত উল্লেখ কৰা হয়।
 
অৱশ্যে ছিংগাপুৰ আৰক্ষীৰ তদন্তৰ ফলাফলে অসমত চলি থকা গোচৰটোৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি অসম চৰকাৰে স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত জুবিন গাৰ্গৰ মৃত্যুক "এয়া পোনপটীয়াকৈ এক হত্যাকাণ্ড" বুলি অভিহিত কৰিছিল।
 
জুবিন গাৰ্গ আজি শাৰীৰিকভাৱে অসমবাসীৰ মাজত নাথাকিলেও তেওঁৰ কণ্ঠ, সংগীত আৰু অসংখ্য স্মৃতি প্ৰতিজন অনুৰাগীৰ হৃদয়ত সজীৱ হৈ আছে। জন্মদিনৰ এই বিশেষ ক্ষণত ৰাজ্যজুৰি দেখা পোৱা শ্ৰদ্ধা আৰু ভালপোৱাই পুনৰবাৰ প্ৰমাণ কৰিলে যে, জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পী নাছিল, তেওঁ আছিল অসমবাসীৰ হৃদয়ৰ এক অবিচ্ছেদ্য অংশ।