অসমৰ বনকৰ্মীলৈ ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামৰ বিশেষ উপহাৰ; ১০ হাজাৰ অস্থায়ী বনকৰ্মীৰ বাবে পাঁচ বছৰীয়া বীমা সুৰক্ষাৰ ঘোষণা

Story by  Munni Begum | Posted by  Munni Begum • 2 h ago
অসমৰ বনকৰ্মীলৈ ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামৰ বিশেষ উপহাৰ
অসমৰ বনকৰ্মীলৈ ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়ামৰ বিশেষ উপহাৰ
 
মুন্নী বেগম / গুৱাহাটী 
 
বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে দিনে-নিশাই বিপদসংকুল পৰিৱেশত কাম কৰি অহা অস্থায়ী বনকৰ্মীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স উইলিয়ামে। ভাৰত ভ্ৰমণৰ সামৰণি উপলক্ষে প্ৰিন্স অৱ ৱেলছ উইলিয়ামে তেওঁৰ ৰয়েল ফাউণ্ডেশ্যনৰ ‘ইউনাইটেড ফৰ ৱাইল্ডলাইফ’ৰ সহযোগত দেশৰ ৭ খন ৰাজ্যৰ ১০ হাজাৰ অস্থায়ী বনকৰ্মীৰ বাবে পাঁচ বছৰীয়া এক বিশেষ বীমা আঁচনি ঘোষণা কৰিছে। এই আঁচনিৰ অধীনত অসমৰ অস্থায়ী বনকৰ্মীসকলেও লাভ কৰিব বীমাৰ সুৰক্ষা।
 
শুকুৰবাৰে ঘোষণা কৰা এই বিশেষ আঁচনিখন ২০২৬ চনৰ ডিচেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ’ব। ইয়াৰ জৰিয়তে অসম, মধ্যপ্ৰদেশ, কৰ্ণাটক, উত্তৰাখণ্ড, মহাৰাষ্ট্ৰ, কেৰালা আৰু ৰাজস্থানৰ মুঠ ১০ হাজাৰ অস্থায়ী বনকৰ্মীক বীমাৰ আওঁতালৈ অনা হ’ব। কৰ্তব্যৰত অৱস্থাত দুৰ্ঘটনাৰ সন্মুখীন হোৱা বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক আৰ্থিক সুৰক্ষা প্ৰদান কৰাই হৈছে এই উদ্যোগৰ মূল উদ্দেশ্য।
 
২০২৬ চনৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰিন্স উইলিয়াম
 
এই আঁচনিৰ অধীনত বনকৰ্মীসকলক ব্যক্তিগত দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান কৰা হ’ব। বিশেষকৈ বন্যপ্ৰাণী আৰু বনাঞ্চল সংৰক্ষণৰ দায়িত্ব পালন কৰি থকা অৱস্থাত কোনো বনকৰ্মীৰ মৃত্যু হ’লে অথবা গুৰুতৰভাৱে আহত হ’লে তেওঁৰ পৰিয়ালে সন্মুখীন হ’বলগীয়া আৰ্থিক সংকট কিছু পৰিমাণে হলেও লাঘৱ কৰাত এই বীমাই সহায় কৰিব। এছিয়াৰ ভিতৰতে বনকৰ্মীসকলৰ বাবে গ্ৰহণ কৰা অন্যতম বৃহৎ বিশেষ বীমা কাৰ্যসূচী হিচাপে এই উদ্যোগক গণ্য কৰা হৈছে। 
 
ভাৰত ভ্ৰমণৰ সামৰণি মাৰি এই বিশেষ উদ্যোগৰ কথা ঘোষণা কৰি প্ৰিন্স উইলিয়ামে কয়, "ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত বনকৰ্মীসকলে দিনে-নিশাই আগশাৰীত থাকি দায়িত্ব পালন কৰি আহিছে। তেওঁলোকে দুৰ্গম বনাঞ্চলত পহৰা দিয়ে, প্ৰতিকূল পৰিস্থিতিৰ সৈতে মোকাবিলা কৰে আৰু বিভিন্ন বিপদৰ সন্মুখীন হয়। ভৱিষ্যৎ প্ৰজন্মৰ বাবে প্ৰকৃতিক সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যেই তেওঁলোকে এই গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি আহিছে।" 
 
উল্লেখযোগ্য যে, ভাৰতৰ বিভিন্ন সংৰক্ষিত বনাঞ্চল আৰু ইয়াৰ আশে-পাশে হাজাৰ হাজাৰ অস্থায়ী বনকৰ্মীয়ে স্থায়ী চৰকাৰী বনকৰ্মীসকলৰ সৈতে একেলগে কাম কৰি আহিছে। বহু ক্ষেত্ৰত তেওঁলোকে স্থায়ী কৰ্মচাৰীসকলৰ দৰেই দায়িত্ব পালন কৰিবলগীয়া হয়। কিন্তু অস্থায়ী বনকৰ্মীসকলৰ এক বৃহৎ অংশই চৰকাৰী বীমা আঁচনিৰ সুবিধা লাভ নকৰে।  
 
কাজিৰঙাত কৰ্তব্যৰত মহিলা বনকৰ্মী
 
বিশেষকৈ দৈনিক মজুৰিৰ ভিত্তিত বনাঞ্চলত পহৰাদাৰ হিচাপে নিয়োজিত কৰ্মীসকল স্থায়ী চৰকাৰী বনকৰ্মীৰ বাবে উপলব্ধ বীমা সুৰক্ষাৰ পৰা বঞ্চিত হৈ আহিছে। ফলত কৰ্তব্যৰত অৱস্থাত কোনো অস্থায়ী বনকৰ্মী আহত হ’লে অথবা মৃত্যুবৰণ কৰিলে তেওঁৰ পৰিয়াল উপাৰ্জনৰ উৎস হেৰুৱাই আৰ্থিক সংকটত পৰিবলগীয়া হয়। বহু ক্ষেত্ৰত এনে পৰিয়ালে কোনো ক্ষতিপূৰণো লাভ নকৰে।
 
বন আৰু বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত এইসকল কৰ্মীৰ সুৰক্ষাৰ অভাৱ দূৰ কৰাৰ লক্ষ্যৰেই প্ৰিন্স উইলিয়ামৰ উদ্যোগত এই নতুন বীমা আঁচনিখন গ্ৰহণ কৰা হৈছে।
 
ইয়াৰ পূৰ্বেও প্ৰিন্স উইলিয়ামে বিশ্বৰ বিভিন্ন দেশৰ বনকৰ্মীসকলৰ কল্যাণৰ বাবে অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিছিল। যোৱা বছৰ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত তেওঁ এনে এক বীমা আঁচনি ঘোষণা কৰিছিল। তাৰ আগৰ বছৰ দক্ষিণ আফ্ৰিকাৰ কেপ টাউনতো অনুৰূপ উদ্যোগৰ কথা ঘোষণা কৰা হৈছিল।
 
আফ্ৰিকাত এই কাৰ্যসূচী আৰম্ভ হোৱাৰ পিছৰে পৰা ইতিমধ্যে সাত হাজাৰতকৈ অধিক বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালক বীমা সুৰক্ষা তথা কল্যাণমূলক সহায় আগবঢ়োৱা হৈছে।
 
কাজিৰঙা ভ্ৰমণৰ সময়ত প্ৰিন্স উইলিয়াম
 
‘ইউনাইটেড ফৰ ৱাইল্ডলাইফ’ৰ উদ্যোগত প্ৰস্তুত কৰা ভাৰতৰ এই বীমা কাৰ্যসূচী বন্যপ্ৰাণী সংৰক্ষণ, বীমা আৰু চৰকাৰী খণ্ডৰ অভিজ্ঞতা একত্ৰিত কৰি গঢ়ি তোলা এক বিশেষ অংশীদাৰিত্বমূলক প্ৰকল্প।
 
এই বীমা আঁচনিৰ ৰূপৰেখা প্ৰস্তুত কৰিছে কে এম দস্তুৰ এণ্ড কোম্পানীয়ে (KMD)। আনহাতে, ভেলুআৰ্থ কনজাৰ্ভেশ্যনৰ সহযোগত ৱাইল্ডলাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া (WTI) আৰু ডব্লিউ ডব্লিউ এফ ইণ্ডিয়াই (WWF-India) আঁচনিখন ৰূপায়ণ কৰিব।
 
প্ৰিন্স উইলিয়ামৰ এই উদ্যোগে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমৰ অস্থায়ী বনকৰ্মীসকলৰ বাবেও আৰ্থিক সুৰক্ষাৰ এক নতুন সুযোগ সৃষ্টি কৰিব। বিশেষকৈ বন্যপ্ৰাণী সংৰক্ষণৰ দৰে বিপদসংকুল কামত নিয়োজিত হৈও পৰ্যাপ্ত বীমা সুৰক্ষাৰ পৰা বঞ্চিত হৈ থকা বনকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে এই আঁচনি এক গুৰুত্বপূৰ্ণ সহায়ক ব্যৱস্থা হিচাপে বিবেচিত হৈছে।