তাজমহলসহ চাৰিটা ঐতিহাসিক স্থান ভ্ৰমণৰ অনুমতি লাভ পাকিস্তানৰ মন্ত্ৰী মুছাদিক মালিকৰ

Story by  atv | Posted by  Munni Begum • 1 h ago
পাকিস্তানৰ মন্ত্ৰী মুছাদিক মালিক
পাকিস্তানৰ মন্ত্ৰী মুছাদিক মালিক
 
নতুন দিল্লী
 
নতুন দিল্লীত অনুষ্ঠিত এখন বহুপাক্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ অহা পাকিস্তানৰ জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মুছাদিক মালিকক আগ্ৰাৰ তাজমহল, দিল্লীৰ হুমায়ুনৰ সমাধিসৌধকে ধৰি চাৰিটা উল্লেখযোগ্য স্থান ভ্ৰমণৰ অনুমতি প্ৰদান কৰা হৈছে। অৱশ্যে নিৰাপত্তাজনিত কাৰণত তেওঁক হজৰত নিজামুদ্দিন দৰগাহ ভ্ৰমণৰ অনুমতি দিয়া হোৱা নাই  বুলি শুকুৰবাৰে চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে। 
 
উল্লেখযোগ্য যে, ২০ৰ পৰা ২২ নৱেম্বৰলৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা ছাংহাই সহযোগিতা সংস্থাৰ (SCO) সভ্যতা সংলাপ মঞ্চৰ উদ্বোধনী অনুষ্ঠানৰ বাহিৰে মালিকক আন কোনো কাৰ্যসূচীত অংশগ্ৰহণৰ অনুমতি দিয়া হোৱা নাই বুলি পূৰ্বে বাতৰি প্ৰকাশ পাইছিল। ইয়াৰ পাছতে তেওঁৰ ভ্ৰমণসূচীক লৈ এই নতুন তথ্য পোহৰলৈ আহিছে। 
 
ভাৰতস্থিত পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ে মালিকৰ বাবে আগ্ৰাৰ তাজমহল, দিল্লী হাট, হুমায়ুনৰ সমাধিসৌধ, কিলা ৰায় পিথোৰা আৰু হজৰত নিজামুদ্দিন দৰগাহ ভ্ৰমণৰ অনুমতি বিচাৰিছিল। সংশ্লিষ্ট কৰ্তৃপক্ষই নিৰাপত্তাৰ দিশসমূহ পৰ্যালোচনা কৰাৰ পাছত প্ৰথম চাৰিটা স্থান ভ্ৰমণৰ অনুমতি দিয়ে। কিন্তু নিৰাপত্তাজনিত কাৰণত নিজামুদ্দিন দৰগাহ ভ্ৰমণৰ আবেদন নাকচ কৰা হয়।
 
ভাৰতত উপস্থিত হোৱাৰ পাছতে মুছাদিক মালিকে এই ভ্ৰমণক সভ্যতা আৰু সংস্কৃতিৰ বিষয়ে বহুপাক্ষিক আলোচনাত অংশগ্ৰহণ কৰাৰ এক বিশেষ সুযোগ বুলি অভিহিত কৰে।
 
তেওঁ কয়, "মোৰ মতে, সংস্কৃতি আৰু সভ্যতাই দেশৰ সীমাৰেখা অতিক্ৰম কৰি মানুহক একেলগে সংযোগ কৰে। আমি ইয়াত উপস্থিত হৈ আমাৰ ইতিহাস, ভূগোল, সংস্কৃতি আৰু সভ্যতাৰ বিষয়ে আলোচনা কৰিব পাৰিছোঁ, এয়া সঁচাকৈয়ে এক আনন্দৰ কথা।"
 
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা বিভাগে জনাইছিল যে, মুছাদিক মালিকে এই মঞ্চত পাকিস্তানক প্ৰতিনিধিত্ব কৰিব আৰু বিভিন্ন সভ্যতাৰ মাজত আলোচনা তথা পাৰস্পৰিক বুজাবুজিৰ গুৰুত্ব সন্দৰ্ভত নিজৰ দেশৰ দৃষ্টিভংগী দাঙি ধৰিব।
 
পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা বিভাগে এক বিবৃতিত কয়, "ড০ মালিকে বিভিন্ন সভ্যতাৰ মাজত সংলাপৰ প্ৰয়োজনীয়তা আৰু এই ক্ষেত্ৰত পাকিস্তানে আগবঢ়োৱা অৱদানৰ বিষয়ে দেশখনৰ দৃষ্টিভংগী প্ৰকাশ কৰিব।" 
 
বিবৃতিটোত লগতে উল্লেখ কৰা হয় যে, মালিকে তেওঁৰ ভাষণত ছাংহাই সহযোগিতা সংস্থাত পাকিস্তানৰ ভূমিকা আৰু দেশখনৰ বৈচিত্ৰ্যপূৰ্ণ সভ্যতা, সংস্কৃতি তথা ঐতিহ্যৰ বিষয়েও আলোকপাত কৰিব। 
 
এই মঞ্চৰ বিভিন্ন বিষয়ভিত্তিক আলোচনা অনুষ্ঠানতো পাকিস্তানৰ প্ৰতিনিধি দলটোৱে অংশগ্ৰহণ কৰাৰ কথা। ইয়াৰ উপৰি অনুষ্ঠানৰ আজৰি সময়ত ছাংহাই সহযোগিতা সংস্থাৰ আন সদস্য ৰাষ্ট্ৰসমূহৰ প্ৰতিনিধিৰ সৈতেও তেওঁলোকে মত-বিনিময় কৰিব। 
 
উল্লেখযোগ্য যে, ২০২৬-২৭ বৰ্ষৰ বাবে পাকিস্তানে বৰ্তমান ছাংহাই সহযোগিতা সংস্থাৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব পালন কৰি আছে। এই দায়িত্বৰ অংশ হিচাপে দেশখনে অহা বছৰৰ শীৰ্ষ সন্মিলনৰ পূৰ্বে কেইবাখনো মন্ত্ৰী পৰ্যায়ৰ বৈঠক, বিশেষজ্ঞ গোটৰ আলোচনা আৰু অন্যান্য কাৰ্যসূচীৰ আয়োজন কৰিব। 
 
ছাংহাই সহযোগিতা সংস্থাৰ সভ্যতা সংলাপ মঞ্চৰ মূল উদ্দেশ্য হৈছে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন সভ্যতা আৰু সংস্কৃতিৰ পাৰস্পৰিক বুজাবুজি বৃদ্ধি কৰা, মত-বিনিময়ৰ পৰিৱেশ গঢ়ি তোলা আৰু সহযোগিতাৰ সম্পৰ্ক অধিক সুদৃঢ় কৰা। এই মঞ্চত সদস্য দেশসমূহৰ প্ৰতিনিধিসকলে সভ্যতাৰ মাজত সংলাপ আৰু সহযোগিতাৰ বিভিন্ন দিশক লৈ আলোচনা কৰে।