গুৱাহাটী
অসম-অৰুণাচলৰ আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াটো ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ লক্ষ্যৰে বৃহস্পতিবাৰে শদিয়াত দুয়োখন ৰাজ্যৰ প্ৰতিনিধিৰ মাজত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আনহাতে, 'চাৰ্ভে অৱ ইণ্ডিয়া'ই প্ৰস্তাৱিত জৰীপৰ আনুষ্ঠানিক কচৰৎ আৰম্ভ কৰাৰ পূৰ্বে নামছাইৰ গোল্ডেন পাগোডাতো চুক্তিবদ্ধ সীমান্তৰ জৰীপ আৰু সীমা নিৰ্ধাৰণৰ সন্দৰ্ভত এক বিশেষ প্ৰস্তুতিমূলক বৈঠক সম্পন্ন হৈ যায়।
এই বৈঠকত তিনিচুকীয়া জিলাৰ আয়ুক্ত সুমিত সত্তাৱান, শদিয়া সম-জিলাৰ আয়ুক্ত সিন্ধু এন ৰাঘৱনৰ লগতে অসম আৰু অৰুণাচল প্ৰদেশৰ জ্যেষ্ঠ আৰক্ষী বিষয়া তথা অন্যান্য উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে। প্ৰকাশিত আংশিক সময়সূচী অনুসৰি, চাৰ্ভে অৱ ইণ্ডিয়াই প্ৰথম পৰ্যায়ত তিনিচুকীয়া জিলাৰ অন্তৰ্গত তিনিটা সুনিৰ্দিষ্ট চুক্তিবদ্ধ অংশত জৰীপ আৰু সীমা নিৰ্ধাৰণৰ কাম হাতত ল’ব। এই তিনিটা গুৰুত্বপূৰ্ণ অংশ হৈছে— নামচাই–তিনিচুকীয়া, নামনি দিবাং উপত্যকা–তিনিচুকীয়া আৰু লোহিত–তিনিচুকীয়া খণ্ড।
জৰীপ প্ৰক্ৰিয়াটো যাতে কোনো ধৰণৰ অথন্তৰ নোহোৱাকৈ সুচাৰুৰূপে সম্পন্ন হয়, তাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনিক, লজিষ্টিক আৰু নিৰাপত্তা ব্যৱস্থাৰ ওপৰতো বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। দুয়োখন ৰাজ্যৰ জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিভাগসমূহৰ মাজত এক সমন্বিত প্ৰচেষ্টা গঢ়ি তোলাৰ স্বাৰ্থত অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়া, ভূমি ৰাজহ সহায়ক, জি আই এছ সহায়ক আৰু বন বিষয়াসকলক নিয়োগ কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
ইয়াৰ উপৰিও জৰীপৰ স্থানসমূহ সঠিকভাৱে চিনাক্ত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট গাঁওৰ গাঁওপ্ৰধান আৰু স্থানীয় জনপ্ৰতিনিধিসকলৰ অংশগ্ৰহণ আৰু সহযোগিতা নিশ্চিত কৰা হ’ব। জৰীপৰ কামত নিয়োজিত দলসমূহৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰয়োজনসাপেক্ষে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ লগতে পৰ্যাপ্ত পৰিমাণৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ’ব। জিলা প্ৰশাসনে চাৰ্ভে অৱ ইণ্ডিয়াৰ দলটোক থকা-মেলাৰ সুবিধাৰ পৰা আৰম্ভ কৰি ক্ষেত্ৰ পৰ্যায়ৰ সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য আগবঢ়াব।
প্ৰশাসনে নিৰ্ধাৰণ কৰা লক্ষ্য অনুসৰি, চিনাক্তকৃত খণ্ডসমূহৰ জৰীপৰ কাম ২০২৬ চনৰ ২৫ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব। এই জৰীপ সম্পূৰ্ণ হোৱাৰ লগে লগে সীমাত স্থায়ী খুঁটা স্থাপনৰ কাম হাতত লোৱা হ’ব, যিটো ২০২৭ চনৰ ৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।
সীমান্ত নিৰ্ধাৰণৰ এই তৎপৰতাৰ মাজতেই অহা ২১ আৰু ২২ নৱেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত তেওঁ ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ লগতে বৃহৎ উন্নয়নমূলক প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব।