তিনি প্ৰজন্মৰ সাহিত্য সাধনাঃ একেদিনাই মাতৃ চৈয়দা জুনেইনা আহমেদ-কন্যা নৌচিনৰ গ্ৰন্থ উন্মোচন
নিকুঞ্জ নাথ / গুৱাহাটী
সাহিত্যই যেতিয়া এটা প্ৰজন্মৰ হাতৰ পৰা আন এটা প্ৰজন্মৰ হাতলৈ নিৰৱচ্ছিন্নভাৱে প্ৰৱাহিত হয়, তেতিয়া সেয়া কেৱল শব্দৰ চৰ্চা হৈ নাথাকে- পৰিণত হয় এক সমৃদ্ধ সাংস্কৃতিক উত্তৰাধিকাৰত। অসমৰ সাহিত্য জগতত তেনে এক বিৰল আৰু হৃদয়স্পৰ্শী দৃশ্যৰ সাক্ষী হৈ ৰ’ল গুৱাহাটীৰ দিছপুৰ। আইতাক, মাতৃ আৰু কন্যা- একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মই নিৰলসভাৱে চলাই যোৱা সাহিত্য সাধনাই এক নতুন মাত্ৰা লাভ কৰিলে ১৮ নৱেম্বৰৰ দিনা। একেদিনাই, একেখন মঞ্চতে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আনুষ্ঠানিকভাৱে উন্মোচিত হ’ল বিশিষ্ট ঔপন্যাসিক চৈয়দা জুনেইনা আহমেদৰ তৃতীয়খন উপন্যাস ‘মাস্ক’ আৰু নৱপ্ৰজন্মৰ প্ৰতিভাৱান কবি তথা তেওঁৰ কন্যা নৌচিনৰ ইংৰাজী কাব্যগ্ৰন্থ ‘Starry Night’।
মাতৃ-কন্যাৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ এটি মুহূৰ্ত
বিশিষ্ট ঔপন্যাসিক চৈয়দা জুনেইনা আহমেদৰ সাহিত্য যাত্ৰাৰ আঁৰত আছে অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তি, প্ৰথিতযশা কথাশিল্পী হোমেন বৰগোহাঞিৰ অমূল্য অনুপ্ৰেৰণা। ২০১৪ চনত বিশিষ্ট সাহিত্যিকগৰাকীৰ নিৰ্দেশ তথা তাগিদাতে তেওঁ ৰচনা কৰি উলিয়াইছিল জীৱনৰ প্ৰথমখন উপন্যাস ‘আশ্ৰয়’। শ্ৰদ্ধাৰ কথা-সাহিত্যিকগৰাকীয়ে উপন্যাসখনৰ সকলোখিনি চাই দিয়াৰ লগতে ইয়াৰ পাতনিও লিখি দিছিল। সেয়েহে ‘আশ্ৰয়’ত হোমেন বৰগোহাঞিৰ পৰশ বিদ্যমান বুলি লেখিকাগৰাকীয়ে আজিও প্ৰায়ে শ্ৰদ্ধাসহকাৰে স্বীকাৰ কৰে।
নিজৰ সাহিত্যিক যাত্ৰা সুঁৱৰি তেওঁ কয়, “জীৱনৰ প্ৰথমখন উপন্যাস ‘আশ্ৰয়’ বিশিষ্ট কথাশিল্পী হোমেন বৰগোহাঞিৰ তাগিদাত লিখিছিলোঁ। তেওঁৰ পৰশ উপন্যাসখনত বিদ্যমান; তেওঁ উপন্যাসখনৰ সকলোখিনি চাই দিছিল আৰু পাতনিও লিখি দিছিল। ২০১৪ চনত শ্ৰদ্ধাৰ সাহিত্যিকগৰাকীৰ নিৰ্দেশ, তাগিদাত লিখি উলিয়াইছিলোঁ ‘আশ্ৰয়’। ইয়াৰ পাছত ২০২১ চনত ‘এলবাম’ নামৰ দ্বিতীয়খন উপন্যাস লিখি উলিয়াইছিলোঁ। আৰু আজি ২০২৬ চনত ‘মাস্ক’ মোৰ তৃতীয়খন উপন্যাস হিচাপে মুকলি হ’ল।”
কেৱল এগৰাকী সুদক্ষ ঔপন্যাসিক হিচাপেই নহয়, জুনেইনা আহমেদ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পীও। সেইবাবেই তেওঁৰ প্ৰতিখন গ্ৰন্থৰ বেটুপাত তেওঁ নিজেই প্ৰস্তুত কৰিছে। উল্লেখ্য যে এসময়ত নেডফি হাটত তেওঁৰ চিত্ৰশিল্পৰ প্ৰদৰ্শনী প্ৰায়েই অনুষ্ঠিত হৈছিল।
১৮ নৱেম্বৰত দিছপুৰস্থিত লোকনিৰ্মাণ প্ৰেক্ষাগৃহত বনফুল প্ৰকাশনৰ উদ্যোগত প্ৰকাশিত মাতৃ-কন্যাৰ গ্ৰন্থ দুখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। ময়ূৰী দত্তই সুচাৰুৰূপে পৰিচালনা কৰা এই ব্যতিক্ৰমী অনুষ্ঠানটিত অনুবাদক তথা সাহিত্য অকাডেমি বঁটা বিজেতা বিপুল দেউৰী, ড০ মনোৰমা শৰ্মা, ময়ূৰ বৰা, ড০ আয়েছা আশ্ৰফ আহমেদ, জ্যোৎস্না দেৱী ভাগৱতী আৰু প্ৰকাশক বিনু দেউৰী বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটিত সশৰীৰে উপস্থিত থাকিব নোৱাৰিলেও জুনেইনা আহমেদৰ ভাতৃ তথা নৌচিনৰ মোমায়েক বিশিষ্ট সাংবাদিক ৱাজবিৰ হুছেইনে এক ভিডিঅ’ বাৰ্তাযোগে দুয়োগৰাকী লেখিকালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত ৰাইজৰ একাংশ
মন কৰিবলগীয়া যে দুবছৰ পূৰ্বে জুনেইনা আহমেদৰ মাতৃ চৈয়দা ৰছিদা বেগমৰ ‘আমেৰিকাৰ চিঠি’ নামৰ গ্ৰন্থখন প্ৰকাশ পাইছিল। এইদৰে আইতাক, মাতৃ আৰু কন্যা- একেটা পৰিয়ালৰে তিনিটা প্ৰজন্মৰ নিৰৱচ্ছিন্ন সাহিত্য চৰ্চাই উপস্থিত সুধীসমাজৰ দৃষ্টি আকৰ্ষণ কৰে।
কোভিড-১৯ৰ পটভূমিত ৰচিত উপন্যাস ‘মাস্ক’ সন্দৰ্ভত লেখিকা জুনেইনা আহমেদে নিজৰ অনুভৱ ব্যক্ত কৰি কয়, “কোভিড মহামাৰীৰ সময়ত আমি যিসমূহ সমস্যাৰ সন্মুখীন হৈছিলোঁ আৰু মহামাৰী অতিক্ৰম কৰি আমি যিসকল মানুহ আজি বাছি থাকিলোঁ- আমি সকলো সাক্ষী সেই সময়ত কি ঘটিছিল। সমগ্ৰ বিশ্বখন যেন একেবাৰে সৰু হৈ গৈছিল। সেই সংকটৰ সময়ত আমাৰ জীৱন ৰক্ষা কৰা প্ৰথম আহিলা হৈ পৰিছিল মাস্ক। আমি কেনেদৰে মাস্ক ব্যৱহাৰ কৰিছিলোঁ, সেই সময়ত প্ৰতিষেধক কেনেধৰণে ব্যৱহাৰ কৰিছিলোঁ- সেই সকলো কথা মই ‘মাস্ক’ত এশ শতাংশ দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। উপন্যাসখন লিখি থাকোঁতে মহামাৰীৰ সময়ৰ ভয়, আতংকই অনবৰতে আমাক খুন্দিয়াই আছিল; মই যেনেদৰে সেইবোৰ অনুভৱ কৰিছিলোঁ, মোৰ বিশ্বাস উপন্যাসখন পঢ়ি পাঠকসকলেও সেয়া অনুভৱ কৰিব। কোভিডে আমাক শিকাইছিল যে জীৱনত ধনী-দুখীয়া কোনো কথাই প্ৰভাৱ পেলাব নোৱাৰে, কেৱল যাৰ ওচৰত এশ শতাংশ অক্সিজেন থাকে সেইজন মানুহহে চহকী।”
মঞ্চত ভাষণৰত অৱস্থাত ঔপন্যাসিক চৈয়দা জুনেইনা আহমেদ
কন্যা নৌচিনৰ কাব্যগ্ৰন্থ ‘Starry Night’ সন্দৰ্ভত আৱেগিক হৈ তেওঁ কয়, “আজি আমাৰ দুখন গ্ৰন্থ উন্মোচন হ’ল। কিন্তু আটাইতকৈ ডাঙৰ কথা হ’ল মোৰ লগত মোৰ ছোৱালীৰ কাব্যসংকলন ‘Starry Night’ উন্মোচন হৈছে। তাইৰ প্ৰতিটো কবিতাৰ মই প্ৰথম পাঠক। তাইৰ কবিতাই মোক ইমান গভীৰভাৱে আকৰ্ষিত কৰিছিল যে ‘Starry Night’ৰ কবিতাৰ জৰিয়তেই মই অনুবাদ সাহিত্যত ভৰি দিছোঁ। মোৰ দৰেই মোৰ ছোৱালীও যাতে লিখা-মেলাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰে, তাকেই মই মনেপ্ৰাণে কামনা কৰিছোঁ।”
প্ৰথমখন কাব্যগ্ৰন্থ প্ৰকাশ হোৱাত অতিকৈ আনন্দিত নৌচিনে কয় যে এইক্ষেত্ৰত মাতৃয়েই তেওঁক অনবৰতে প্ৰেৰণা যোগাই আহিছে। নিজৰ মনৰ ভাব কেনেদৰে প্ৰকাশ কৰিব লাগে, সেয়া তেওঁ মাতৃৰ পৰাই শিকিছিল। সৰুৰে পৰা মাতৃক লিখি থকা দেখি আহিলেও প্ৰথমতে তেওঁ লিখিবলৈ চেষ্টা কৰা নাছিল। নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ত তেওঁ এনেয়েই লিখিবলৈ আৰম্ভ কৰে। কিন্তু পাছলৈ যেতিয়া জীৱনৰ সমস্যাসমূহ গভীৰভাৱে উপলব্ধি কৰিবলৈ ধৰিলে, তেতিয়া সেই অনুভৱসমূহ কবিতাৰ জৰিয়তে প্ৰকাশ কৰিবলৈ ল’লে। এইক্ষেত্ৰত পিতৃ-মাতৃ, পৰিয়ালৰ লগতে বন্ধু-বান্ধৱীসকলেও তেওঁক যথেষ্ট প্ৰেৰণা যোগাই আহিছে।
'Starry Night'ৰ শ্ৰষ্টা কবি নৌচিন
দিল্লী পাব্লিক স্কুলত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰি সমাজবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা নৌচিনৰ ‘Starry Night’ত মুঠ ৪২টা কবিতা সন্নিবিষ্ট কৰা হৈছে। কবিতাৰ উপৰি গ্ৰন্থখনত তেওঁৰ নিজৰ পেণ্টিং আৰু ফটোগ্ৰাফীয়েও স্থান লাভ কৰিছে। আজৰি সময়ত গীত গোৱা, পেণ্টিং আৰু এমব্ৰয়ডাৰী কৰি ভাল পোৱা নৌচিনৰ ভৱিষ্যতে এগৰাকী সুলেখক হোৱাৰ মন। দুয়োখন গ্ৰন্থ সন্দৰ্ভত মন্তব্য আগবঢ়াই সাহিত্য অকাডেমি বঁটা বিজেতা অনুবাদক বিপুল দেউৰীয়ে কয়, “আজি এখন উপন্যাস আৰু এখন কবিতাৰ কিতাপ উন্মোচন হ’ল। সৰু ছোৱালী নৌচিনে ইংৰাজীত অতি সুন্দৰ কবিতা চৰ্চা কৰিছে। সাম্প্ৰতিক সময়ত কবিতাৰ যি দুটা ধাৰা- এণ্টি পয়েট্ৰী আৰু ট্ৰেডিচনেল পয়েট্ৰী, এই দুয়োটা ধাৰাকে অনুসৰণ কৰি তেওঁ ‘Starry Night’ৰ কবিতাবোৰ লিখিছে। কবিতাবোৰ খুব ভাল হৈছে। আনহাতে, জুনেইনা আহমেদৰ ‘মাস্ক’ত কোভিড-১৯ৰ সময়ৰ পৰিস্থিতি আৰু সেই সময়ত আমাৰ সমাজ ব্যৱস্থাটো কেনে হৈ পৰিছিল, সেয়া উপন্যাসখনৰ চৰিত্ৰসমূহৰ মাজেৰে সুন্দৰকৈ দাঙি ধৰিছে। উপন্যাসখনত তেওঁ কাৰ্বি, মিছিং আদি জনজাতীয় ভাষা সুন্দৰকৈ ব্যৱহাৰ কৰিছে। তদুপৰি আমাৰ সাংস্কৃতিক বিনিময় আৰু হিন্দু-মুছলমানৰ সম্প্ৰীতিৰ দিশটোও ইয়াত সুন্দৰকৈ প্ৰতিফলিত হৈছে।”
এটা পৰিয়ালৰ তিনিটাকৈ প্ৰজন্মৰ সৃজনীশীল মনন আৰু একেদিনাই মাতৃ-কন্যাৰ দুখনকৈ ভিন্নস্বাদৰ গ্ৰন্থ প্ৰকাশ নিঃসন্দেহে অসমৰ বৌদ্ধিক জগতৰ বাবে এক আনন্দদায়ক খবৰ। কোভিড-১৯ৰ দৰে ভয়াৱহ সময়ৰ সামাজিক আৰু মানৱীয় দলিল ‘মাস্ক’ আৰু নৱপ্ৰজন্মৰ সংবেদনশীল হৃদয়ৰ স্পন্দন ‘Starry Night’- এই দুয়োখন গ্ৰন্থই যে পাঠক সমাজৰ বিপুল সমাদৰ লাভ কৰি সাহিত্যৰ পথাৰখন অধিক চহকী কৰি তুলিব, সেয়া নিশ্চিত।