আলমআৰাই নিজে কাপোৰ নবয় যদিও ডিজাইন, ৰং, বিষয়বস্তু আৰু অসমীয়া পৰম্পৰাগত ডিজাইনক নতুন ৰূপত উপস্থাপন কৰাত বিশেষ গুৰুত্ব দিয়ে। তেওঁৰ নিজা সাতখন শাল আছে। পাট, মুগা, ট'ছ, নুনী, মাছৰাইজ আৰু কটনকে ধৰি বিভিন্ন ধৰণৰ কাপোৰৰ সৈতে তেওঁৰ ওচৰত উপলব্ধ। টছৰ পোচাকৰ মূল্য ৫ হাজাৰৰ পৰা ১২ হাজাৰ টকা, পাটৰ মূল্য ৭ হাজাৰৰ পৰা ৩০ হাজাৰ টকা, মাছৰাইজৰ মূল্য ২ হাজাৰৰ পৰা ২,৫০০ টকা আৰু কটনৰ মূল্য ১,৫০০ৰ পৰা ২,৫০০ টকাৰ ভিতৰত থাকে।
আলমআৰাই ডিজাইন সন্দৰ্ভত উল্লেখ কৰি কয় যে, গছবুটা আৰু কিংখাপৰ ডিজাইন তেওঁৰ গ্ৰাহকৰ মাজত যথেষ্ট জনপ্ৰিয়। অৱশ্যে জোনবিৰি তেওঁৰ আটাইতকৈ চৰ্চিত ডিজাইনসমূহৰ ভিতৰত অন্যতম। জোনবিৰি আৰু ষ্ট্ৰাইপৰ সংমিশ্ৰণেৰে তেওঁ গ’ল্ডেন আৰু ছিলভাৰ ৰঙৰ এক বিশেষ ডিজাইন প্ৰস্তুত কৰিছিল। এই ডিজাইনৰ বাবে তেওঁ বিপুল পৰিমাণৰ বুকিং লাভ কৰিছিল। আনকি এগৰাকী গ্ৰাহকে নিজৰ কন্যাৰ বিয়াৰ বাবে সেই কাপোৰেৰে লেহেংগা প্ৰস্তুত কৰোৱাইছিল।
আলমআৰা বৰভুঞাৰ বুটিকছ 'AB Assamese Ethnic' আৰু তেওঁ প্ৰস্তুত কৰা কাপোৰ
বৰ্তমান টছৰ কাপোৰৰ ওপৰত বিশেষভাৱে কাম কৰাৰ লগতে পাট আৰু বেডশ্বীটৰ ডিজাইনৰ পৰাও অনুপ্ৰাণিত হৈ নতুন ডিজাইন প্ৰস্তুত কৰিছে আলমআৰাই। তেওঁ পূজাৰ বাবে জোনবিৰি আৰু সৰু বুটা ডিজাইনৰ কাপোৰো উলিয়াইছিল। গ্ৰাহকৰ ক্ৰয় ক্ষমতাৰ কথা বিবেচনা কৰি একে ডিজাইনৰ কাপোৰ তুলনামূলক কম দামতো গ্ৰাহকক যোগান ধৰিছিল।
আলমআৰাই সামগ্ৰীৰ গুণগত মানৰ ক্ষেত্ৰত তেওঁ কোনোধৰনৰ আপোচ কৰিব নিবিচাৰে। তেওঁ কয়, "প্ৰকৃত টছৰ কাপোৰ যোগান ধৰাৰ ক্ষেত্ৰত লেব-টেষ্ট কৰা প্ৰমাণপত্ৰ থকা সামগ্ৰীহে গ্ৰাহকক যোগান ধৰি আহিছো। কোনো সামগ্ৰী নকল বুলি প্ৰমাণিত হ’লে ১০০ শতাংশ ধন ঘূৰাই দিয়াৰ নিশ্চয়তাও মই গ্ৰাহকক প্ৰদান কৰো। মই গুৱাহাটী আৰু শুৱালকুছিৰ পৰা অনলাইনযোগে উন্নতমানৰ সামগ্ৰী ক্ৰয় কৰো। বৰ্তমান এই ব্যৱসায়টোৰ পৰা মই মাহিলি আনুমানিক এক লাখ টকা উপাৰ্জন কৰি আহিছো।"
আলমআৰা বৰভুঞাই প্ৰস্তুত কৰা টছ আৰু পাটৰ কাপোৰ
বৰ্তমান আলমআৰাৰ ব্যৱসায়ৰ সৈতে প্ৰায় ৮ গৰাকী মহিলা জড়িত হৈ আছে। এমাজনৰ অৰ্ডাৰ পেকিং, কাপোৰৰ কাম, টেইলৰিং, দোকান পৰিচালনা, মেনেজমেণ্ট আৰু মডেলিং আদি বিভিন্ন ক্ষেত্ৰত তেওঁলোকে কাম কৰে। ইয়াৰে এগৰাকী কৰ্মীয়ে প্ৰায় সাত বছৰ ধৰি তেওঁৰ সৈতে কাম কৰি আহিছে। অধিকাংশ অৰ্ডাৰ অনলাইনযোগে লাভ কৰে আৰু গ্ৰাহকৰ প্ৰয়োজন অনুসৰি কাষ্টমাইজড কাপোৰো তেওঁলোকে প্ৰস্তুত কৰি দিয়ে।
ব্যৱসায়ৰ এই সফলতাৰ পথ আলমআৰাৰ বাবে অৱশ্যে সহজ নাছিল। এগৰাকী মহিলা হিচাপে নিজাকৈ ব্যৱসায় কৰাৰ বাবে আলমাৰাই বহু সময়ত সামাজৰ পৰা কটু মন্তব্যৰ সন্মুখীন হ’বলগীয়া হৈছিল। ‘স্বামীৰ টকা আছে, তুমি কিয় কাম কৰিব লাগে?’ বুলিও বহুতে প্ৰশ্ন কৰিছিল। সামাজিক মাধ্যমত মুছলমান মহিলা হৈ অসমীয়া সাজ-পোছাকৰ ব্যৱসায় কৰাৰ বাবেও বিভিন্ন বিতৰ্কিত মন্তব্যৰো সন্মুখীন হবলগীয়া হৈছিল তেওঁ।
আলমআৰা বৰভুঞাই পৰা কাপোৰ ক্ৰয় কৰা গ্ৰাহকৰ প্ৰতিক্ৰিয়া
এই সন্দৰ্ভত আলমআৰাই কয়, “মই অসমত জন্মগ্ৰহণ কৰিছোঁ, অসমীয়া মাধ্যমত পঢ়িছোঁ। মোৰ জীৱন-যাপন, খাদ্য আৰু সংস্কৃতি অসমীয়া। মুছলমান হোৱা বাবে মই অসমীয়া নহ’ম নেকি? মই মোৰ পৰিচয়ক লৈ গৌৰৱ অনুভৱ কৰোঁ।”
এই যাত্ৰাত স্বামীৰ সমৰ্থন তেওঁৰ বাবে অন্যতম শক্তি হৈ আহিছে। পেছাত এগৰাকী ব্যৱসায়ী আলমআৰাৰ স্বামীয়ে প্ৰতিটো কঠিন সময়তে তেওঁক উৎসাহ যোগাই আহিছে। সামাজিক মাধ্যমৰ নেতিবাচক মন্তব্য বা আনৰ কথাত মন বেয়া হ’লে স্বামীয়ে তেওঁক কয়, "কোনে কি কৈছে শুনিব নালাগে, মইতো আছোঁ; তুমি তোমাৰ কাম কৰি যোৱা।"
মেখেলা-চাদৰৰ ব্যৱসায়ৰ উপৰি ৰন্ধন আৰু হস্তশিল্পতো আগ্ৰহ আছে আলমআৰাৰ। পিজ্জা, বিভিন্ন প্ৰকাৰৰ ব্ৰেড, কেক আৰু নতুন নতুন খাদ্য প্ৰস্তুত কৰি বিক্ৰী কৰাৰ অভিজ্ঞতাও আছে তেওঁৰ। চকলেট-ভেনিলা কেক, চিকেন ব্ৰেড, ভেজিটেবল ব্ৰেড আৰু ষ্টাফড ব্ৰেড তেওঁৰ বিশেষত্ব আছিল। তেওঁৰ প্ৰস্তুত কৰা পিজ্জা দোকানত ৰখাৰ মাত্ৰ দুই ঘণ্টাৰ ভিতৰতে বিক্ৰী হৈ যোৱাৰ ঘটনাও ঘটিছে। আনহাতে, চিলাইৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নোলোৱাকৈ ইউটিউব চাই কাটিং আৰু চিলাই শিকাৰ লগতে এম্ব্ৰইডাৰী নাজানিও বেডশ্বীটত বিভিন্ন কাম কৰিছে আলমাৰাই।
নিজৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি তেওঁ কয়, “হাতৰ কাম জনা মানুহ কেতিয়াও দুখীয়া হ’ব নোৱাৰে। মহিলাসকলে নিজৰ প্ৰতিভাক চিনাক্ত কৰি সেই প্ৰতিভাক উপাৰ্জনৰ মাধ্যম হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিব লাগে। কিয়নো বৰ্তমানৰ ডিজিটেল যুগত হাতত থকা এটি মোবাইল ফোন আৰু ছ’চিয়েল মিডিয়াৰ জৰিয়তেই নিজৰ কাম আৰু প্ৰতিভা বৃহৎ পৰিসৰত মানুহৰ মাজলৈ লৈ যাব পাৰি।"
আলমআৰা বৰভুঞাই প্ৰস্তুত কৰা কাপোৰ
আগন্তুক দিনত নিজৰ ডিজাইনৰ ওপৰত আধাৰিত এখন ফেশ্বন শ্ব’ আয়োজন কৰাৰ পৰিকল্পনা কৰিছে আলমআৰাই। প্ৰথমে ভাৰতীয় পৰ্যায়ত নিজৰ ব্ৰেণ্ডক অধিক পৰিচিত কৰাৰ লগতে অসমীয়া পৰম্পৰাগত সাজ-পোছাকক বৃহত্তৰ বজাৰলৈ নিয়াৰো সপোন দেখিছে তেওঁ। ইমানখিনি সফলতাৰ পিছতো নিজকে এতিয়াও এগৰাকী ‘নতুন শিকাৰু’ বুলিয়েই ভাবে আলমৰাই। তেওঁ কয়, “মই এতিয়াও মোৰ কামক লৈ আত্মসন্তুষ্ট নহয়। কিয়নো আগলৈ মোৰ আৰু বহুত কাম কৰিবলৈ বাকী আছে।”
মাত্ৰ ৫ হাজাৰ টকাৰ পৰা আৰম্ভ কৰা ব্যৱসায়ে আজি মাহিলি এক লাখ টকাৰ উপাৰ্জন আৰু আঠগৰাকী মহিলাৰ কৰ্মসংস্থাপনৰ পথ মুকলি কৰিছে। নিজৰ প্ৰতিভা, পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ জৰিয়তে আলমআৰা বৰভুঞাই অসমীয়া পৰম্পৰাগত সাজ-পোছাকৰ ব্যৱসায়ত নিজৰ এক সুকীয়া স্থান গঢ়ি তোলাৰ লগতে আন মহিলাসকলৰ বাবেও এক ইতিবাচক উদাহৰণ দাঙি ধৰিছে।