মুৰ্ছিদাবাদত মানৱতাৰ অনন্য নিদৰ্শন: ধৰ্মৰ প্ৰাচীৰ নেওচি হিন্দু যুৱকৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান যুৱকে

Story by  atv | Posted by  Munni Begum • 1 h ago
মুৰ্ছিদাবাদত মানৱতাৰ অনন্য নিদৰ্শন: ধৰ্মৰ প্ৰাচীৰ নেওচি হিন্দু যুৱকৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান যুৱকে
মুৰ্ছিদাবাদত মানৱতাৰ অনন্য নিদৰ্শন: ধৰ্মৰ প্ৰাচীৰ নেওচি হিন্দু যুৱকৰ শেষকৃত্য সম্পন্ন কৰিলে মুছলমান যুৱকে
 
তৰুণ নন্দী / কলকাতা
 
গাঁৱৰ এজন হিন্দু সম্প্ৰদায়ৰ যুৱকৰ অকাল মৃত্যু ঘটে। এক অসহায় পৰিয়ালৰ এনে দুৰ্দিনত ধৰ্মৰ প্ৰাচীৰ নেওচি মানৱতাৰ হাত আগবঢ়ালে প্ৰতিৱেশীসকলে। হিন্দু যুৱকজনৰ মৃত্যুৰ পিছত তেওঁৰ শেষকৃত্য সম্পন্ন কৰিবলৈ আৰ্থিক সাহায্য লৈ আগবাঢ়ি আহিল অঞ্চলটোৰ মুছলমান যুৱকসকল। মুৰ্ছিদাবাদ জিলাৰ নৱগ্ৰামৰ বেলতলাৰ এই ঘটনাই সমাজক যেন পুনৰবাৰ সোঁৱৰাই দিলে যে, মানুহৰ আটাইতকৈ ডাঙৰ পৰিচয়টোৱেই হৈছে 'মানুহ'।
 
আপোনজনৰ মৃত্যুৰ খবৰে নিমিষতে নুমুৱাই পেলায় কত যে সপোন। চাৰিওফালৰ পৰা আৱৰি ধৰে এক অবুজ শূন্যতাই। কিন্তু শোকৰ সেই অন্ধকাৰৰ মাজতো নৱগ্ৰামত যেন জ্বলি উঠিল মানৱতাৰ এক উজ্জ্বল পোহৰ। ধৰ্মৰ বিভেদ আৰু সামাজিক দূৰত্ব অতিক্ৰম কৰি মানুহৰ কাষত থিয় দিলে মানুহ। মুৰ্ছিদাবাদৰ নৱগ্ৰামৰ নাৰিকলবাগান সংলগ্ন বেলতলাৰ এই ঘটনাই বংগত মানৱতাৰ এক হৃদয়স্পৰ্শী নজিৰ সৃষ্টি কৰিলে।
 
 
স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মাত্ৰ ২৩ বছৰ বয়সতেই চিৰবিদায় ল’লে টিংকু হাজৰাই। বহুদিনৰ পূৰ্বে তেওঁ এক বাইক দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। সেই দুৰ্ঘটনাৰ পিছৰে পৰা তেওঁ ঘৰতে আছিল। যোৱা কেইবাদিনো ধৰি তেওঁ পেটৰ অসুখত ভুগি আছিল। অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে গাঁৱৰ মানুহে তেওঁক মুৰ্ছিদাবাদ মেডিকেল কলেজ হাস্পাতালত ভৰ্তি কৰায়। তাতে চিকিৎসাধীন অৱস্থাত টিংকু হাজৰাৰ মৃত্যু হয়। এজন চফল ডেকাৰ এনে অকাল মৃত্যুত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে।
 
টিংকুৰ মৃত্যুৰ শোকৰ সমান্তৰালকৈ পৰিয়ালটো মুখামুখি হয় এক কঠিন বাস্তৱৰ। টিংকুৰ পিতৃ নাই, সংসাৰত আছে কেৱল তেওঁৰ মাতৃ। অতি সীমিত সামৰ্থ্যৰে কোনোমতে চলিছিল তেওঁলোকৰ দিনবোৰ। যিজন পুত্ৰক কেন্দ্ৰ কৰি হয়তো জীয়াই থকাৰ শেষ আশাকণ সাঙোৰ খাই আছিল, সেই পুত্ৰৰ নিথৰ দেহৰ সন্মুখত থিয় হৈ থকা এগৰাকী অসহায় মাতৃৰ মনৰ অৱস্থা কল্পনা কৰাও কঠিন। শোকৰ এই সময়ত আৰ্থিক অনাটনৰ বোজাই যেন তেওঁৰ কষ্ট আৰু অধিক বঢ়াই তুলিছিল।
 
মুছলমান চুবুৰীয়াই হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰে
 
অভাৱৰ সংসাৰত ধনৰ বাবে যেতিয়া শেষকৃত্যৰ আয়োজন স্তব্ধ হৈ পৰাৰ উপক্ৰম হৈছিল, ঠিক তেনে সময়তে মানৱতাৰ হাত আগবঢ়াই দিলে অঞ্চলটোৰ মুছলমান যুৱকসকলে। তেওঁলোকেই গাঁৱত চান্দা তুলি টিংকুৰ শেষকৃত্যৰ আয়োজন কৰিলে। সকলোৰে এনে উদাৰ মনোভাৱ দেখি এই অসহায় পৰিয়ালটোৱে যেন কঠিন সময়ত লাভ কৰিলে অকণমান স্বস্তিৰ নিশ্বাস। কাৰণ, দুৰ্দিনত কাষত থিয় দিয়াৰ অৰ্থই হ'ল এই কঠিন সময়ত তেওঁলোক অকলশৰীয়া নহয়।
 
ধৰ্ম বেলেগ হ'ব পাৰে, প্ৰাৰ্থনাৰ ভাষাও বেলেগ হ'ব পাৰে, কিন্তু চকুলো আৰু আপোনজনক হেৰুওৱাৰ যন্ত্ৰণা কেতিয়াও বেলেগ নহয়। টিংকুৰ শেষযাত্ৰাক কেন্দ্ৰ কৰি নৱগ্ৰামৰ এই ঘটনাই সেই চিৰন্তন সত্যটোক যেন আকৌ এবাৰ সকলোৰে আগত দাঙি ধৰিলে। আজি যেতিয়া বিভিন্ন ঘটনাত ধৰ্মৰ পৰিচয়ক আগত ৰাখি বিভেদৰ প্ৰাচীৰ গঢ়ি তোলাৰ ছবি দেখিবলৈ পোৱা যায়, তেতিয়া বেলতলাৰ এই মানৱীয় পদক্ষেপে সমাজলৈ এক অনন্য বাৰ্তা প্ৰেৰণ কৰে।
 
মুছলমান চুবুৰীয়াই হিন্দু যুৱকৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে ধন সংগ্ৰহ কৰে
 
বিপদৰ সময়ত আগবাঢ়ি অহা হাতখনেই হ’ল সম্প্ৰীতি। সেইজনেই প্ৰকৃত প্ৰতিৱেশী, যি আনৰ দুখক নিজৰ দুখ বুলি অনুভৱ কৰে। সেইসকল প্ৰকৃত মানুহ, যিয়ে কোনো প্ৰতিদানৰ আশা নকৰাকৈ অসহায় পৰিয়ালৰ কাষত থিয় দিয়ে। টিংকু হাজৰা আৰু কেতিয়াও ঘূৰি নাহে সঁচা, কিন্তু এই দুৰ্দিনত ধৰ্মৰ দোহাই নিদি প্ৰতিৱেশীসকল যিদৰে আগবাঢ়ি আহিল, তাৰ জৰিয়তে এগৰাকী অসহায় মাতৃক এই বাৰ্তাই দিয়া হ'ল যে পুত্ৰক হেৰুৱালেও তেওঁ একেবাৰে অকলশৰীয়া নহয়, তেওঁৰ কাষত অঞ্চলটোৰ সকলো মানুহ ছাঁৰ দৰে থিয় দি আছে।