জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডুমডুমাত হাজাৰ হাজাৰ লোকৰ সমদল, সকলো ধৰ্ম-সম্প্ৰদায়ৰ একত্ৰিত দাবী

Story by  Manoj Kumar Ojha | Posted by  Munni Begum • 3 h ago
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডুমডুমাত হাজাৰ হাজাৰ লোকৰ সমদল
জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ডুমডুমাত হাজাৰ হাজাৰ লোকৰ সমদল
 
মনোজ কুমাৰ ওজা / ডুমডুমা
 
অসমীয়া সংগীত জগতৰ প্ৰাণস্বৰূপ, জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি বৃহস্পতিবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ ডুমডুমাৰ ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক। ছিংগাপুৰত সংঘটিত শিল্পীগৰাকীৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত দোষী সাব্যস্ত হোৱা ব্যক্তিসকলক দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীত সকলো ধৰ্ম, জাতি-জনগোষ্ঠী আৰু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে একত্ৰিত হৈ এক বিশাল প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰে।
 
সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আয়োজিত এই সমদলত হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান, জৈন আৰু বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে। মহিলা, জ্যেষ্ঠ নাগৰিক, যুৱ প্ৰজন্মকে ধৰি সমাজৰ সকলো স্তৰৰ লোকৰ উপস্থিতিয়ে সমদলটোক এক অনন্য মাত্ৰা প্ৰদান কৰে। প্ৰিয় শিল্পীগৰাকীৰ প্ৰতি থকা গভীৰ ভালপোৱা আৰু ন্যায়ৰ দাবীত সকলোৰে ঐক্যবদ্ধ কণ্ঠই এক আৱেগঘন পৰিৱেশৰ সৃষ্টি কৰে।
 
 
ডুমডুমা নগৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই বিশাল সমদল নগৰখনৰ বিভিন্ন পথ পৰিভ্ৰমণ কৰি গান্ধী চকত সামৰণি পৰে। সমদলৰ সময়ছোৱাত জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়সংগত তদন্ত, দোষীৰ শাস্তি আৰু ঘটনাৰ সৈতে জড়িত সকলোৰে জবাবদিহিতা নিশ্চিত কৰাৰ দাবীত প্ৰতিবাদকাৰীসকলে বিভিন্ন শ্লোগানেৰে ডুমডুমাৰ আকাশ-বতাহ মুখৰিত কৰি তোলে।
 
সমবেত ৰাইজক সম্বোধন কৰি আছুৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰতিম নেওগে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাত দোষী সাব্যস্ত হোৱা প্ৰতিগৰাকী ব্যক্তিয়ে যাতে উপযুক্ত শাস্তি লাভ কৰে, সেয়া নিশ্চিত কৰিবলৈ অসম চৰকাৰৰ প্ৰতি আহ্বান জনায়। লগতে তেওঁ এই সংবেদনশীল ঘটনাটোক কোনো কাৰণতে নিৰ্বাচনী বিষয়লৈ ৰূপান্তৰিত নকৰিবলৈও সকীয়াই দিয়ে।
 
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সৈতে জড়িত গোচৰত বিচাৰাধীন সাতগৰাকী অভিযুক্তৰ ভিতৰত দুগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পিছতে বিষয়টোক লৈ পুনৰ ৰাইজৰ মাজত ব্যাপক চৰ্চা আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এনে পৰিস্থিতিতে ডুমডুমাত অনুষ্ঠিত এই বিশাল সমদলে শিল্পীগৰাকীৰ ন্যায়ৰ দাবীক পুনৰ শক্তিশালী ৰূপত তুলি ধৰে।
 
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। শিল্পীগৰাকীৰ অকাল বিয়োগে সমগ্ৰ অসমবাসীৰ হৃদয়ত সৃষ্টি কৰা গভীৰ শোক আজিও মাৰ যোৱা নাই। তেওঁৰ মৃত্যুৰ ঘটনাৰ ন্যায়সংগত নিষ্পত্তি আৰু দায়ী ব্যক্তিসকলৰ শাস্তিৰ দাবীত ৰাজ্যজুৰি অব্যাহত আছে ৰাইজৰ ঐক্যবদ্ধ আহ্বান।
 
ডুমডুমাৰ এই সমদলে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে, জুবিন গাৰ্গ কেৱল এগৰাকী শিল্পীয়েই নাছিল, তেওঁ আছিল জাতি-ধৰ্মৰ ঊৰ্ধ্বত অসমবাসীক একতাৰ এনাজৰীৰে বান্ধি ৰখা এক মৰমৰ নাম।


শেহতীয়া খবৰ