জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত উজনি অসমত হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ হাতত মমবাতি লৈ শান্তি সমদলৰ প্ৰস্তুতি

Story by  Manoj Kumar Ojha | Posted by  Munni Begum • 2 h ago
জুবিন গাৰ্গ
জুবিন গাৰ্গ
 
মনোজ কুমাৰ ওঝা / ডুমডুমা 

ধৰ্ম, জাতি আৰু ভাষাৰ সকলো সীমা অতিক্ৰম কৰি বৃহস্পতিবাৰে একতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিবলৈ সাজু হৈছে ডুমডুমাবাসী। অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত অনুষ্ঠিত হ’বলগীয়া এক বিশাল মমবাতি হতাত লৈ উলিওৱা শান্তি সমদলত হিন্দু, মুছলমান, শিখ, বৌদ্ধ, জৈন আৰু খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠী আৰু সম্প্ৰদায়ৰ ৰাইজে একেলগে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

কেৱল সংগীতৰ বাবেই নহয়, মানৱপ্ৰেম, উদাৰ চিন্তাধাৰা আৰু সামাজিক দায়বদ্ধতাৰ বাবেও মানুহৰ হৃদয়ত বিশেষ স্থান লাভ কৰা জুবিন গাৰ্গৰ প্ৰতি থকা অকৃত্ৰিম ভালপোৱা আৰু শ্ৰদ্ধাই এই শান্তি সমদলৰ মাজেৰে এক নতুন ৰূপ লাভ কৰিব বুলি আশা কৰা হৈছে।
 
সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক আহ্বানৰ প্ৰতি সঁহাৰি জনাই সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অহা ২৯ অক্টোবৰ, বৃহস্পতিবাৰে বিয়লি ৫ বজাৰ পৰা ডুমডুমা নগৰ খেলপথাৰৰ পৰা হাতত মমবাতি জ্বলাই এই শান্তি সমদল উলিওৱা হ’ব। সমদলত কিমানসংখ্যক লোকে অংশগ্ৰহণ কৰিব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই, যদিও জুবিনপ্ৰেমী ৰাইজৰ ব্যাপক উপস্থিতিৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
অসমৰ জনজীৱনত জুবিন গাৰ্গ কেৱল এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পীয়েই নাছিল, তেওঁ আছিল মানুহৰ হৃদয়ৰ আপোনজন। ধৰ্মীয় পৰিচয়ৰ ঊৰ্ধ্বত মানুহক মানুহ হিচাপে ভালপোৱাৰ যি মানৱীয় আদৰ্শ তেওঁ বহন কৰিছিল, সেই আদৰ্শই তেওঁক সকলো শ্ৰেণীৰ লোকৰ মাজত সমানেই আপোন কৰি তুলিছিল। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টানকে ধৰি বিভিন্ন ধৰ্মাৱলম্বী লোকৰ লগতে অসমৰ ভিন্ন ভাষা আৰু জনগোষ্ঠীৰ মানুহৰ হৃদয়ত তেওঁৰ বাবে আছিল এক সুকীয়া স্থান।   
 
সেয়েহে বৃহস্পতিবাৰৰ এই হাতত মমবাতি জ্বলাই উলিওৱা শান্তি সমদল কেৱল এগৰাকী প্ৰিয় শিল্পীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদনৰ অনুষ্ঠানতে সীমাবদ্ধ হৈ নাথাকি, ধৰ্মীয় সম্প্ৰীতি, মানৱতা আৰু ন্যায়ৰ দাবীত ৰাইজৰ এক উমৈহতীয়া কণ্ঠস্বৰ হৈ উঠিব পাৰে।  
 
উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে জড়িত গোচৰত অভিযুক্ত সাতগৰাকী ব্যক্তিৰ ভিতৰত দুগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰাৰ পিছতে বিষয়টোক কেন্দ্ৰ কৰি পুনৰ ৰাজহুৱা চৰ্চা বৃদ্ধি পাইছে। 
 
২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু হৈছিল। তেওঁৰ আকস্মিক মৃত্যুৱে সমগ্ৰ অসমতে শোকৰ ছাঁ পেলোৱাৰ লগতে মৃত্যুৰ ঘটনাৰ যথাযথ তদন্ত আৰু ন্যায়ৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদৰ সৃষ্টি কৰিছিল। 
 
এই গোচৰত অভিযুক্ত কণ্ঠশিল্পী অমৃতপ্ৰভা মহন্তই ৯ অক্টোবৰত জামিন লাভ কৰাৰ পিছত ১৬ অক্টোবৰত জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ তথা নিলম্বিত আৰক্ষী বিষয়া সন্দীপন গাৰ্গেও জামিন লাভ কৰে। 
 
ইয়াৰ পিছতে ১৮ অক্টোবৰত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগৰ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাই এই জামিনৰ নিৰ্দেশৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ কথা ঘোষণা কৰে।
 
ইয়াৰ পূৰ্বে ২৬ মে’ত এখন বিশেষ ফাষ্ট ট্ৰেক আদালতে গোচৰটোৰ সাতোগৰাকী অভিযুক্তৰ বিৰুদ্ধে অভিযোগ গঠন কৰিছিল। ইয়াৰে চাৰিগৰাকীৰ বিৰুদ্ধে হত্যাৰ অভিযোগো অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে অভিযুক্তসকলৰ বিৰুদ্ধে এতিয়াও দোষী সাব্যস্ত হোৱা নাই আৰু অভিযোগসমূহৰ চূড়ান্ত নিষ্পত্তি ন্যায়িক প্ৰক্ৰিয়াৰ জৰিয়তেহে হ’ব। 
 
প্ৰতিনিধিত্বমূলক ছবি
 
আনহাতে, ২০২৬ চনৰ ২৫ মাৰ্চত ছিংগাপুৰৰ ষ্টেট কৰ’নাৰে জুবিন গাৰ্গৰ মৃত্যু দুৰ্ঘটনাবশতঃ পানীত ডুবি হোৱা বুলি ৰায় দিয়াৰ লগতে ঘটনাত কোনো অপৰাধমূলক কাৰ্যৰ প্ৰমাণ পোৱা নগ’ল বুলি উল্লেখ কৰিছিল। ইয়াৰ বিপৰীতে অসমত চলি থকা ফৌজদাৰী গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া অব্যাহত আছে।
 
এনে এক পৰিস্থিতিত ডুমডুমাত অনুষ্ঠিত হ’বলগীয়া মমবাতি হাতত লৈ কৰা এই শান্তি সমদলে বিশেষ তাৎপৰ্য বহন কৰিছে। ভিন্ন ধৰ্ম, ভাষা আৰু জনগোষ্ঠীৰ মানুহে একেখন আকাশৰ তলত, একেটা উদ্দেশ্য লৈ হাতে হাতে মমবাতি জ্বলাই সমবেত হোৱাটো সাম্প্ৰদায়িক সম্প্ৰীতি আৰু সামাজিক একতাৰ এক সুন্দৰ নিদৰ্শন হৈ উঠিব পাৰে।
 
এই শান্তি সমদলৰ মাজেৰে ৰাইজে জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁৰ মৃত্যুৰ ঘটনাৰ ক্ষেত্ৰত সত্য উদ্ঘাটন, ন্যায়সংগত বিচাৰ আৰু আইনী প্ৰক্ৰিয়াৰ স্বচ্ছতা নিশ্চিত কৰাৰ দাবীও উত্থাপন কৰিব বুলি আশা কৰা হৈছে।  
 
জুবিন গাৰ্গে জীৱনজুৰি নিজৰ গীত, সুৰ আৰু মানৱীয় চিন্তাৰে মানুহৰ মাজত ভালপোৱাৰ সেতু গঢ়িবলৈ চেষ্টা কৰিছিল। সেই ভালপোৱাৰ বন্ধনেই যেন আজি ধৰ্ম আৰু সম্প্ৰদায়ৰ সকলো বিভেদ পাহৰাই পুনৰ মানুহক একত্ৰিত কৰিছে।
 
বৃহস্পতিবাৰে সন্ধিয়া ডুমডুমাৰ ৰাজপথত জ্বলি উঠিবলগীয়া অসংখ্য মমবাতিৰ পোহৰে কেৱল এগৰাকী প্ৰিয় শিল্পীৰ স্মৃতিয়েই সোঁৱৰাই নিদিয়ে; সেই পোহৰ হৈ উঠিব পাৰে সামূহিক শোক, মানৱীয় সংহতি, সামাজিক বিবেক আৰু ন্যায়ৰ প্ৰতি ৰাইজৰ অটল আকাংক্ষাৰ এক নীৰৱ অথচ শক্তিশালী প্ৰতীক।  


শেহতীয়া খবৰ