বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানত ৰক্তদান! দাম্পত্য জীৱনৰ প্ৰথমটো খোজতেই মানৱতাৰ অনন্য নিদৰ্শন মাছুদ-সোহানাৰ

Story by  atv | Posted by  Munni Begum • 1 d ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
তৰুণ নন্দী / কলকাতা
 
বিয়াৰ আনন্দ-উল্লাসৰ মাজতেই মানৱতাৰ এক সুন্দৰ বাৰ্তা বিয়পাই দিলে এহাল নৱদম্পতীয়ে। বৌভাত অৰ্থাৎ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানতেই তেওঁলোকে মানুহৰ জীৱন বচোৱাৰ শপত গ্ৰহণ কৰিলে। চাৰিওফালে আত্মীয়-স্বজনৰ ভিৰ আৰু ব্যস্ততাৰ মাজতো বিয়াঘৰৰ সেই চিৰাচৰিত ছবিখন সলনি কৰি পেলালে নদীয়া জিলাৰ চাপড়াৰ নৱদম্পতী মাছুদ মণ্ডল আৰু সোহানা মণ্ডলে। তেওঁলোকে নিজৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠানতেই আয়োজন কৰিলে এক ৰক্তদান শিবিৰৰ। 
 
তেওঁলোকৰ এই মহানুভৱতা দেখি উৎসাহিত হৈ শতাধিক লোকে তাত স্বেচ্ছাই ৰক্তদান কৰে। সকলোৱে একেমুখে স্বীকাৰ কৰিছে যে, ব্যক্তিগত জীৱনৰ আনন্দক সমাজসেৱাৰ সৈতে সাঙুৰি মানৱতাৰ এক অনন্য দৃষ্টান্ত দাঙি ধৰিলে মাছুদ আৰু সোহানাই। জীৱনৰ পথ পৰিক্ৰমাত সমাজৰ প্ৰতিও যে এক দায়বদ্ধতা থাকে, চাপড়াৰ এই নৱদম্পতীয়ে যেন সেই বাস্তৱকেই সকলোৰে আগত দাঙি ধৰিলে।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
সাধাৰণতে আন দহঘৰ মানুহৰ বৌভাতৰ অনুষ্ঠান মানেই অতিথি আপ্যায়ন, ভোজভাত আৰু আনন্দ-ফুৰ্তিৰ পৰিৱেশ। কিন্তু নদীয়া নিবাসী মাছুদ আৰু সোহানাৰ বাবে তেওঁলোকৰ জীৱনৰ এই বিশেষ দিনটো হৈ পৰিল মানুহৰ কাষত থিয় দিয়াৰ এক সুৱৰ্ণ সুযোগ। নতুন সংসাৰ আৰম্ভ কৰাৰ এই শুভক্ষণত তেওঁলোকে বিচাৰিলে যে তেওঁলোকৰ আনন্দৰ সমভাগী হওক সমাজৰ বহু লোক। সেয়েহে বিয়াৰ জাকজমকীয়া আয়োজনৰ সমান্তৰালভাৱে তেওঁলোকে গ্ৰহণ কৰিলে ৰক্তদান শিবিৰৰ এই প্ৰশংসনীয় পদক্ষেপ। নৱদম্পতীক শুভেচ্ছা জনাবলৈ অহা বহু আত্মীয় আৰু অতিথিয়ে তেওঁলোকৰ এই চিন্তাধাৰাৰ সৈতে একাত্ম হৈ জীৱন বচোৱাৰ এই মহৎ কৰ্মযজ্ঞত অংশগ্ৰহণ কৰে।
 
জানিব পৰা মতে, মাছুদ মণ্ডলৰ বাবে অৱশ্যে সমাজসেৱা বা মানৱসেৱা কোনো নতুন কথা নহয়। দীৰ্ঘদিন ধৰি তেওঁ পেছাগত কাৰণত এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠনৰ সৈতে জড়িত হৈ আছে। তেজৰ প্ৰয়োজন হোৱাৰ কথা শুনিলেই ৰোগীৰ পৰিয়ালৰ কাষত থিয় দিয়া বা চিকিৎসালয়লৈ গৈ নিজেই ৰক্তদান কৰি মানুহৰ বিপদৰ সময়ত সহায়ৰ হাত আগবঢ়োৱাই হৈছে তেওঁৰ মানৱতাৰ অন্যতম পৰিচয়। দৰাচলতে মাছুদে অতি কাষৰ পৰা দেখিছে তেজৰ অভাৱত ৰোগীৰ চিকিৎসা বাধাগ্ৰস্ত হোৱাৰ কৰুণ ছবিখন। তেজৰ সংকটৰ সময়ত ৰোগীৰ পৰিয়াল কিমান অসহায় হৈ পৰে, সেয়া মাছুদে ভালদৰেই জানে। সেই অভিজ্ঞতাৰ পৰাই তেওঁ ৰক্তদানৰ গুৰুত্ব গভীৰভাৱে উপলব্ধি কৰিছে। সেয়েহে নিজৰ জীৱনৰ অন্যতম গুৰুত্বপূৰ্ণ দিনটোতো পত্নী সোহানাক লগত লৈ মানৱসেৱাৰ পৰিসৰ আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়াস কৰিলে তেওঁ। নতুন সংসাৰ গঢ়াৰ আৰম্ভণিতেই নৱদম্পতীয়ে নিজৰ আনন্দৰ সৈতে আনৰ জীৱন বচোৱাৰ সংকল্পক সাঙুৰি ল'লে।
 
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হোৱা ৰোগী বা জৰুৰীকালীন চিকিৎসাত সময়মতে তেজ পোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰে। ঠিক সেই প্ৰয়োজনৰ মুহূৰ্তত তেজৰ যোগাৰ কৰিবলৈ গৈ বহুতে ভয়ংকৰ সমস্যাৰ সন্মুখীন হয়। সেই বাস্তৱক উপলব্ধি কৰি স্বেচ্ছাই ৰক্তদানৰ জৰিয়তে বিপদাপন্ন মানুহৰ কাষত থিয় দিয়াটো এক অতি গুৰুত্বপূৰ্ণ সমাজসেৱা। চাপড়াৰ এই বৌভাতৰ অনুষ্ঠানটোৱে কাৰ্যতঃ সেই বাৰ্তাকেই বহু মানুহৰ কাষলৈ লৈ গ'ল।
 
প্ৰতিনিধিত্বমূলক ছবি 
 
নিজৰ মনৰ ভাব ব্যক্ত কৰি মাছুদ মণ্ডলে কয়, "জীৱনৰ নতুন অধ্যায়ৰ প্ৰথমটো দিনতেই ৰক্তদানৰ জৰিয়তে আমাৰ পথ পৰিক্ৰমা আৰম্ভ কৰিছোঁ। আমাৰ প্ৰচেষ্টা সদায় এটাই থাকিব, যাতে জীৱনৰ প্ৰতিটো দিনেই মানুহৰ কাষত থিয় দিব পাৰোঁ। আগন্তুক দিনবোৰত মই আৰু মোৰ পত্নী দুয়োজনে মিলি মানুহৰ বিপদৰ সময়ত তেজ দি কাষত থিয় দিব বিচাৰোঁ। মানুহৰ জীৱন বচোৱাতকৈ ডাঙৰ মানৱীয় কাম আৰু কি হ'ব পাৰে! আমাৰ এই সৰু প্ৰয়াসটোৱে যদি আৰু অধিক মানুহক ৰক্তদানৰ বাবে উৎসাহিত কৰে, তেন্তে আমাৰ এই প্ৰচেষ্টা সাৰ্থক হ'ব।"
 
উপস্থিত থকা অতিথিসকলেও কয়, "মাছুদ আৰু সোহানাৰ এই চিন্তাধাৰা সমগ্ৰ সমাজৰ বাবেই এক ইতিবাচক বাৰ্তা। বিয়াৰ সাজ-পোছাক পিন্ধিও ৰক্তদানৰ জৰিয়তে মানুহৰ জীৱন বচোৱাৰ যি আহ্বান তেওঁলোকে বিয়পাই দিলে, তাৰ গুৰুত্ব সমাজত বহু দিনলৈ থাকি যাব।"
 
চাপড়াৰ এই নৱদম্পতীয়ে নিজৰ এই মানৱীয় কাৰ্যৰ জৰিয়তে সমাজত এক সুন্দৰ বাৰ্তা বিয়পাই দিলে। বিপদৰ সময়ত আনৰ জীৱনত আশাৰ চাকিগছি জ্বলোৱাটোৱেই জীৱনৰ নতুন ইনিংছ আৰম্ভ কৰাৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত হ'ব পাৰে। তেওঁলোকৰ এই বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান সঁচাকৈয়ে সমগ্ৰ সমাজৰ বাবে বিপদৰ সময়ত মানুহৰ কাষত থিয় দিয়াৰ এক জীৱন্ত দৃষ্টান্ত হৈ পৰিছে।


শেহতীয়া খবৰ