মনোজ কুমাৰ ওঝা / ডুমডুমা
উজনি অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈৰ সমীপৱৰ্তী ১ নং টিংৰাই অসমীয়া গাঁৱত এহাল নাহৰফুটুকী বাঘৰ বিচৰণে স্থানীয় ৰাইজৰ মাজত কিছু উদ্বেগৰ সৃষ্টি কৰিলেও বন্যপ্ৰাণীৰ প্ৰতি গাঁওবাসীয়ে দেখুওৱা সহনশীলতা আৰু সংবেদনশীলতাই এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে। বিশেষকৈ বন্যপ্ৰাণীৰ সৈতে শান্তিপূৰ্ণ সহাৱস্থানৰ ক্ষেত্ৰত স্থানীয় মুছলমান সমাজৰ সজাগতা আৰু সহযোগিতাই প্ৰকৃতি সংৰক্ষণৰ এক উল্লেখযোগ্য নিদৰ্শন দাঙি ধৰিছে।
জানিব পৰা মতে, বিগত প্ৰায় এমাহ ধৰি এটা মতা আৰু এটা মাইকী নাহৰফুটুকী বাঘে ১ নং টিংৰাই অসমীয়া গাঁও আৰু ইয়াৰ আশে-পাশে বিচৰণ কৰি আছে। এই সময়ছোৱাত নাহৰফুটুকী বাঘৰ আক্ৰমণত গাঁওখনৰ দুটা পৰিয়ালৰ তিনিটাকৈ ছাগলীৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। তথাপিও নিজৰ পোহনীয়া জীৱ-জন্তু হেৰুৱাবলগীয়া হোৱাৰ পাছতো স্থানীয় বাসিন্দাসকলে নাহৰফুটুকী দুটাৰ প্ৰতি কোনো ক্ষোভ বা প্ৰতিশোধৰ মনোভাব প্ৰকাশ কৰা নাই।
বৰঞ্চ বন্যপ্ৰাণীৰ স্বাভাৱিক আচৰণ আৰু প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়োজনীয়তা উপলব্ধি কৰি গাঁওবাসীয়ে সংযম আৰু সহনশীলতাৰ পৰিচয় দিছে। মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত বৃদ্ধি পোৱা সময়ত স্থানীয় ৰাইজৰ এনে মনোভাবে বিশেষ তাৎপৰ্য বহন কৰিছে।
এই ঘটনাই বৃহত্তৰ অঞ্চলটোৰ মুছলমান সমাজৰ মাজতো বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰতি থকা সচেতনতা আৰু সংবেদনশীলতাৰ দিশটো পোহৰলৈ আনিছে। জানিব পৰামতে, অঞ্চলটোৰ বাসিন্দাসকলে কোনো বন্যপ্ৰাণী বিপদত পৰিলে বন বিভাগৰ কৰ্মচাৰী অথবা বন্যপ্ৰাণী উদ্ধাৰকাৰী দলক খবৰ দি সহযোগিতা আগবঢ়াই আহিছে।
বন্যপ্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ এনে সক্ৰিয় সহযোগিতা যথেষ্ট গুৰুত্বপূৰ্ণ। সময়মতে বন বিভাগক খবৰ দিয়াৰ ফলত বিপদত পৰা জীৱ-জন্তুক উদ্ধাৰ কৰাৰ লগতে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সৃষ্টি হ’ব পৰা অপ্ৰীতিকৰ পৰিস্থিতিও বহু পৰিমাণে ৰোধ কৰিব পৰা যায়।
উজনি অসমত বন্যপ্ৰাণী সংৰক্ষক ফাৰুক আলীয়ে উদ্ধাৰ কৰিলে এডাল সাপ
উল্লেখযোগ্য যে, ডিগবৈৰ বনাঞ্চল জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অত্যন্ত সমৃদ্ধ। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাজুৰি বিস্তৃত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানকে ধৰি এই অঞ্চলৰ বনাঞ্চলসমূহ বিভিন্ন প্ৰজাতিৰ বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থান।
দিহিং-পাটকাইৰ চিৰসেউজ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত নাহৰফুটুকী বাঘ, হাতী, বিভিন্ন প্ৰজাতিৰ বান্দৰকে ধৰি অসংখ্য বন্যপ্ৰাণীয়ে বাস কৰে। কিন্তু বনাঞ্চল ধ্বংস, মানুহৰ বসতি সম্প্ৰসাৰণ আৰু প্ৰাকৃতিক পৰিৱেশত বৃদ্ধি পোৱা মানৱীয় হস্তক্ষেপৰ ফলত বন্যপ্ৰাণীসমূহ ক্ৰমাৎ জনবসতিপূৰ্ণ অঞ্চলৰ কাষ চাপিবলৈ বাধ্য হৈছে।
এই সন্দৰ্ভত বন্যপ্ৰাণী সংৰক্ষণকৰ্মী দেৱজিৎ মৰাণে কয়, "মানুহ আৰু বন্যপ্ৰাণীৰ মাজত সংঘাত সৃষ্টিৰ প্ৰকৃত কাৰণসমূহ বুজি পোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ লগতে বন্যপ্ৰাণীৰ স্বাভাৱিক আচৰণৰ বিষয়েও ৰাইজ সচেতন হ’ব লাগিব। বৰ্তমান আমাৰ গাঁওসমূহত মানুহ আৰু বন্যপ্ৰাণীৰ মুখামুখি হোৱাৰ ঘটনা বৃদ্ধি পাইছে। সেয়েহে মানুহ আৰু বন্যপ্ৰাণী উভয়ৰে সুৰক্ষাৰ বাবে সজাগতা আৰু সাৱধানতা অতি জৰুৰী।"
মৰাণৰ মতে, বনাঞ্চল ধ্বংস আৰু প্ৰকৃতিৰ ওপৰত মানুহৰ অত্যধিক হস্তক্ষেপেই বন্যপ্ৰাণীক জনবসতিৰ ওচৰলৈ আহিবলৈ বাধ্য কৰাইছে। এনে পৰিস্থিতিত বন্যপ্ৰাণীক শত্ৰু হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে প্ৰকৃতিৰ এক অবিচ্ছেদ্য অংশ হিচাপে গ্ৰহণ কৰাটো অধিক প্ৰয়োজনীয়।
প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সকলোকে দায়িত্বশীল হ'বলৈ আহ্বান জনাই তেওঁ কয়, "মানুহে প্ৰকৃতিৰ পৰা ইমানবোৰ সম্পদ আহৰণ কৰিছে যে, এতিয়া প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কিবা এটা ঘূৰাই দিয়াটোও আমাৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব।"
আনহাতে, বন্যপ্ৰাণী সংৰক্ষণৰ সৈতে জড়িত লোকসকলে এই কথাও স্পষ্ট কৰিছে যে, বন্যপ্ৰাণীৰ প্ৰতি সহনশীলতা দেখুওৱাৰ লগতে নিজৰ সুৰক্ষাৰ ক্ষেত্ৰতো সাৱধানতা অৱলম্বন কৰাটো সমানেই প্ৰয়োজনীয়।
বিশেষকৈ নাহৰফুটুকী বাঘৰ উপস্থিতি লক্ষ্য কৰিলে ইয়াৰ ওচৰলৈ যোৱা, খেদি পঠিয়াবলৈ চেষ্টা কৰা অথবা কোনো ধৰণে সিহঁতক উত্তেজিত কৰাৰ পৰা বিৰত থাকিব লাগে। লগতে সম্ভৱপৰ ক্ষেত্ৰত পোহনীয়া জীৱ-জন্তুক সুৰক্ষিত স্থানত ৰখা আৰু নাহৰফুটুকীৰ বিচৰণৰ বিষয়ে তৎক্ষণাত বন বিভাগক অৱগত কৰাটো জৰুৰী।
প্ৰতিনিধিত্বমূলক ছবি
টিংৰাই গাঁওবাসীৰ অভিজ্ঞতাই দেখুৱাইছে যে, বন্যপ্ৰাণী সংৰক্ষণ কেৱল বন বিভাগৰ দায়িত্ব নহয়। ইয়াৰ বাবে স্থানীয় ৰাইজৰ সচেতনতা, সহানুভূতি আৰু সক্ৰিয় অংশগ্ৰহণৰো বিশেষ প্ৰয়োজন আছে। বিশেষকৈ মানুহ আৰু বন্যপ্ৰাণীয়ে একে পৰিৱেশত বসবাস কৰিবলগীয়া হোৱা উজনি অসমৰ দৰে অঞ্চলত এনে সহযোগিতাই সুস্থ সহাৱস্থানৰ পথ প্ৰশস্ত কৰিব পাৰে।
টিংৰাইৰ স্থানীয় বাসিন্দাসকলে, বিশেষকৈ বৃহত্তৰ অঞ্চলটোৰ মুছলমান সমাজে বন্যপ্ৰাণীৰ প্ৰতি দেখুওৱা সংবেদনশীলতাই প্ৰমাণ কৰিছে যে, প্ৰকৃতি আৰু জীৱজগতৰ সুৰক্ষাৰ ক্ষেত্ৰত মানৱীয়তা, সহনশীলতা আৰু সচেতনতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।
বনাঞ্চল সুৰক্ষিত ৰখাৰ লগতে স্থানীয় সমাজ আৰু বন বিভাগৰ মাজত পাৰস্পৰিক সহযোগিতা গঢ়ি তুলিব পাৰিলেহে মানুহ আৰু বন্যপ্ৰাণীৰ মাজত এক নিৰাপদ আৰু শান্তিপূৰ্ণ সহাৱস্থান নিশ্চিত কৰাৰ দিশত আগবাঢ়িব পৰা যাব।