উল্লেখযোগ্য যে, বিষ্ণুপুৰ বিমলা নগৰ সাৰ্বজনীন দুৰ্গাপূজাৰ থিম হিচাপে লোৱা 'কিষ্কিন্ধা' হৈছে ৰামায়ণৰ যুগৰ এখন ঐতিহাসিক নগৰী। মহাকাব্য ৰামায়ণৰ মতে কিষ্কিন্ধা আছিল বানৰসকলৰ ৰজা বালি আৰু তেওঁৰ ভাতৃ সুগ্ৰীৱৰ ৰাজধানী তথা ঐতিহাসিক নগৰী।
'কিষ্কিন্ধা' নগৰী
আৱাজ-দ্য ভইচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পদ্মশ্ৰী নুৰুদ্দিন আহমেদে কয়; "এইবাৰ আমাৰ থিম হৈছে 'কিষ্কিন্ধা'। বালি আৰু সুগ্ৰীৱৰ যি যুদ্ধ হৈছিল আৰু বান্দৰ সেনানিয়ে শ্ৰী ৰাম চন্দ্ৰক যিদৰে সহায় কৰিছিল সেইটোৰ ওপৰত এইবাৰ আমি কৰিছোঁ। বান্দৰেও যে মানুহক সহায় কৰিব পাৰে, সেইটো দেখুৱাব বিচাৰিছোঁ। মণ্ডপৰ ভিতৰত আমি ৰাজসভাসমূহ দেখুৱাব চেষ্টা কৰিছোঁ। ভিতৰত গুহা আছে, গুহাত কেনেকৈ বন্দী কৰি ৰখা হৈছিল, সেইটোও দেখুৱাব চেষ্টা কৰিছোঁ। প্ৰত্যেক বছৰে আমি ভাল থিম লৈ কাম কৰোঁ। যাতে নতুন প্ৰজন্মই পূজাখনত আহি সভ্যতাৰ আৰু সংস্কৃতিৰ কথা অলপ হ'লেও শিকি যাব পাৰে। এইবাৰৰ থিমটো যথেষ্ট টান থিম, গতিকে আমি প্ৰায় দুমাহ পূৰ্বৰে পৰা কাম কৰি আছোঁ।"
উল্লেখযোগ্য যে, শিল্পী নুৰুদ্দিন আহমেদৰ তত্বাৱধানত প্ৰায় ৪০ জন লোকে এই কিষ্কিন্ধা নগৰী নিৰ্মাণৰ কাম কৰিছে আৰু সকলোবোৰ কৰ্মচাৰীয়ে থলুৱা অসমীয়া শিল্পী। "অসমীয়া শিল্পীসকলক লৈয়ে মই প্ৰায় ২২ বছৰ পূজাৰ কাম কৰিছোঁ। বহু ডাঙৰ ডাঙৰ মণ্ডপৰ বাবে বাহিৰৰ পৰা শিল্পী আমন্ত্ৰণ কৰা হয়। কিন্তু থলুৱা অসমীয়া শিল্পী লগত লৈ অসমত ডাঙৰ পূজাৰ কাম কৰা আমিয়ে। বহুতে ইচ্ছা কৰে যদিও সাহস নকৰে।"
আহমেদে লগতে কয়, ‘‘সামগ্ৰী হিচাপে পেৰিছ আৰু ফাইভাৰ ব্যৱহাৰ কৰা হৈছে। লগতে মাটিৰো কাম হৈছে। প্লাইব’ৰ্ডৰ ব্যৱহাৰ বেছিকৈ কৰা হৈছে। এই থীমটো নতুন আৰু যথেষ্ট কঠিন। ৰামায়ণত বান্দৰ সেনাৰ ভূমিকা ইয়াত দৰ্শকে দেখিবলৈ পাব। মণ্ডপত গুহাৰ ভিতৰত ৰাজপ্ৰসাদ থাকিব। বাহিৰত গছ-গছনিৰে ভৰা এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাব। দৰ্শকে এক অনন্য অভিজ্ঞতা লাভ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছো।’’
'কিষ্কিন্ধা' নগৰী
উল্লেখযোগ্য যে, পূজাখনৰ এইবাৰৰ বাজেট প্ৰায় ৩৫-৪০ লাখ টকা। বাজেটৰ অধিকাংশই পেণ্ডেলতে খৰচ হ'ব। "আমাৰ ইয়াত পূজা চাবলৈ অভাৱনীয় সমাগম হয়। প্ৰতি দিনেই ৭০-৮০ হাজাৰ দৰ্শনাৰ্থীৰ সমাগম ঘটে। এক কথাত নিয়ন্ত্রণ কৰাটো আমাৰ বাবে সমস্যা হয়। প্ৰশাসনিক গাইডলাইনখিনি আমি সম্পূৰ্ণকৈ মানি চলি পূজাখন সুচাৰুৰূপে চলাই নিবলৈ সম্পূৰ্ণ যত্ন কৰিম", বিকি ৰয়ে কয়।
উল্লেখযোগ্য যে, দুৰ্গাপূজাৰ মণ্ডপৰ সমান্তৰালভাৱে পদ্মশ্ৰী নুৰুদ্দিন আহমেদৰ বিভিন্ন কাম চলি আছে। "নৱগ্ৰহ মন্দিৰৰ কাম বৰ্তমান আমি কৰি আছো। বটদ্ৰৱা থানৰ কিছু কাম বাকী আছে, সেয়াও কৰি থকা হৈছে। বৰপেটা সত্ৰৰ কাম এটাও আমি কৰি আছো", নুৰুদ্দিন আহমেদে কয়।